শৰালি হাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰালি হাঁহ
(Lesser Whistling Duck)
জাৰ্মানীত এটা শৰালি হাঁহ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
উপপৰিয়াল: Dendrocygninae
গণ: Dendrocygna
প্ৰজাতি: D. javanica
বৈজ্ঞানিক নাম
Dendrocygna javanica
(Horsfield, 1821)
Resident range in green and summer range in blue

শৰালি (ইংৰাজী: Lesser Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna javanica) ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি। ইহঁত সাধাৰণতে নিশাচৰ আৰু দিনৰ ভাগত বৃহৎ গোটত হ্ৰদ বা জলপূৰ্ণ খেতি-পথাৰত থকা দেখা যায়। ই গছৰ খোৰোঙত কেতিয়াবা বাহ সজা দেখা যায়। এই দীঘল ডিঙিৰ চৰাইবিধে উৰিলে বহল ডেউকা দুখনে হুইছেলৰ দৰে এটা শব্দ কৰে। ইয়াৰ বুকুখন ৰঙচুৱা যিয়ে ইয়াক একেধৰণৰ প্ৰজাতি বৰ-শৰালিৰ পৰা পৃথক কৰে।

বিৱৰণ[সম্পাদনা কৰক]

Sylvan Heights Waterfowl Park ত এটা শৰালি হাঁহ

এই ৰঙচুৱা মুগা হাঁহবিধ কেৱল বৰশৰালিৰ পৰা পৃথক কৈ চিনাক্তকৰণতহে অসুবিধা হ'ব পাৰে। কিন্তু ইয়াৰ পাৰ্থক্য স্পষ্টকৈ দেখুউৱা বৈশিষ্ট্যসমূহ হৈছে শৰালিৰ নেজত ৰঙচুৱা বৰণ আছে কিন্তু বৰশৰালিৰ নেজৰ বৰণ ক্ৰীম বা বগা ৰঙৰ হোৱা দেখা যায়। উৰন্ত অৱস্থাত ইয়াৰ মূৰ দেহতকৈ কিছু তললৈ হালি থাকে। মতা-মাইকী উভয়ে দেখাত একে হয়। ইহঁতে লাহে লাহে উৰে কিন্তু ডেউকা ঘনকৈ কোবায় যাৰ ফলত শব্দৰ সৃষ্টি হয়। ইহঁত প্ৰায়ে নিশাচৰ হয় আৰু দিনৰ ভাগত জিৰণি লৈ থাকে।[2][3][4][5]

বিতৰণ[সম্পাদনা কৰক]

উৰন্ত অৱস্থাত হুইছেলৰ দৰে শব্দৰ সৃষ্টি কৰা বাহিৰৰ প্ৰাইমেৰী পাখিৰ আকৃতি

শৰালি প্ৰধানকৈ এবিধ স্থানীয় হাঁহৰ প্ৰজাতি। ই ভাৰত উপমহাদেশ তথা দক্ষিণ-পূব এছিয়াৰ জলাশয় সমূহত বহুলভাৱে বিস্তৃত হৈ আছে। ইয়াক প্ৰধানকৈ ভাৰত, নেপাল, শ্ৰীলংকা, মালয়েছিয়া, চিংগাপুৰ, ইণ্ডোনেছিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত দেখা পোৱা যায়। তদুপৰি ইহঁত আন্দামান, নিকোবৰ, মালদ্বীপকে ধৰি ভালেমান দ্বীপ-পূঞ্জত বিস্তৃত হৈ আছে।[6] ইহঁতে কেতিয়াবা স্থানীয় বতৰৰ পৰিৱৰ্তনৰ বাবে আৰু পানীৰ সহজলভ্যতাৰ প্ৰভাৱত দক্ষিণৰ ফালে পৰিভ্ৰমণ কৰে।

বাসস্থান[সম্পাদনা কৰক]

শৰালি হাঁহ প্ৰধানকৈ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখা যায়। দিনৰ ভাগত ই পাৰত জিৰণি লয়।[3] আনকি নগৰ অঞ্চলৰ জলাশয় সমূহতো বহতো শৰালি হাঁহ চৰি থকা অৱস্থাত দেখা যায়। উদাহৰণস্বৰূপে কলকাতা, গোৱা আদিত শীতকালত এই হাঁহবিধ দেখা যায়।[7][8][9]

আচৰণ[সম্পাদনা কৰক]

কলকাতাত এজাক শৰালি

শৰালিয়ে সাধাৰণতে বৃহৎ জাকত বাস কৰে। ইহঁতে প্ৰধানকৈ জলজ উদ্ভিদ আৰু খেতি পথাৰৰ ধান, সৰু মাছ, ভেকুলী আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী সমূহ খাই জীয়াই থাকে।[10] ই প্ৰায়ভাগ সময় পানীত চৰি কটায়।[11]

এজাক শৰালী হাঁহ ৰ'দ পুৱাই থকাৰ দৃশ্য

প্ৰজনন কালত মতা শৰালিয়ে মাইকীজনীৰ সন্মুখত ঠোঁটটো তল-ওপৰ কৰি আৰু চাৰিওকাষে ঘূৰি মাইকীজনীক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে।[12][13]ইহঁতে বাৰিষা প্ৰজনন কৰে বুলি জনা যায় যদিওখাদ্যৰ সহজলভ্যতাৰ ওপৰত নিৰ্ভৰ কৰি ঠাইভেদে ইয়াৰ ব্যতিক্ৰম হোৱাও দেখা যায়। গছৰ খোৰোঙত ডালি আৰু ঘাঁহেৰে ইহঁতে বাহ সাজে। কেতিয়াবা চিলনী বা কণামুচৰিৰ পুৰণা বাহতো ইহঁতে কণী পৰা দেখা যায়। এবাৰত ৭-১২ টাকৈ কণী পাৰে। কণীৰ বৰণ বগা হয়। মতা-মাইকী উভয়ে উমনি দিয়ে।[14][15]। কণী পৰাৰ ২২-২৪ দিনৰ ভিতৰত কণী ফুটি পোৱালি জগে।[16][3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. BirdLife International (2009). "Dendrocygna javanica". IUCN Red List of Threatened Species. Version 3.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600351। আহৰণ কৰা হৈছে: 11 May 2006. 
  2. Heinroth, O. (1911). "Beitrage zur Biologie, namentlich Ethologie und Psychologie der Anatiden" (German ভাষাত). Proc. Fifth International Ornithological Congress, Berlin. Internation Ornithological Congress. পৃষ্ঠা. 589–702. http://www.archive.org/stream/proceedingsofint51910inte#page/673/mode/1up. 
  3. 3.0 3.1 3.2 Ali, Salim; Sidney Dillon Ripley (1978). Handbook of the Birds of India and Pakistan. Volume 1 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 138–139. 
  4. Rasmussen PC & JC Anderton (2005). Birds of South Asia. The Ripley Guide. Volume 2. প্ৰকাশক Washington DC and Barcelona: Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 68. 
  5. Phillips, John C. (1922). A natural history of the ducks. Volume 1. প্ৰকাশক Boston and New York: Houghton Mifflin Company. পৃষ্ঠা. 148–156. http://www.archive.org/stream/naturalhistoryof01phi#page/n235/mode/1up. 
  6. Anderson, R C & M Baldock (2001). "New records of birds from the Maldives, with notes on other species". Forktail খণ্ড 17: 67–73. http://www.orientalbirdclub.org/publications/forktail/17pdfs/Anderson-Maldives.pdf. 
  7. Abdulali, Humayun (1965). "Behaviour of Lesser Whistling Teal [Dendrocygna javanica (Horsfield)] in Alipore Zoo, Calcutta". J. Bombay Nat. Hist. Soc. খণ্ড 62 (2): 300–301. 
  8. Lainer, Heinz (2000). "Waterfowl of the Carambolim Lake". Newsletter for Birdwatchers খণ্ড 40 (5): 59–60. 
  9. Mazumdar S; P Ghosh and GK Saha (2005). "Diversity and behaviour of waterfowl in Santragachi Jheel, West Bengal, India, during winter season". Indian Birds খণ্ড 1 (3): 68–69. 
  10. Bolen, Eric G; Rylander, M Kent (1975). "Notes on the morphology and ecology of the Lesser Whistling Teal (Dendrocygna javanica)". J. Bombay Nat. Hist. Soc. খণ্ড 72 (3): 648–654. 
  11. Bharucha, EK (1990). "Common Myna as a campfollower of Lesser Whistling Teals". J. Bombay Nat. Hist. Soc. খণ্ড 86 (3): 450. 
  12. Johnsgard, Paul A. (1965). Handbook of Waterfowl Behavior. Cornell University Press. পৃষ্ঠা. 21. http://digitalcommons.unl.edu/bioscihandwaterfowl/10/. 
  13. Raj, M (1991). "Field observations on the behaviour of Lesser Whistling Teal in Assam". Newsletter for Birdwatchers খণ্ড 31 (5–6): 4–6. http://www.archive.org/stream/NLBW31_56#page/n5/mode/2up. 
  14. Aldrich, HC (1945). "Record clutch of eggs of the Whistling Teal [Dendrocygna javanica (Horsf.)]". J. Bombay Nat. Hist. Soc. খণ্ড 45 (4): 610. 
  15. Yom-Tov, Yoram (2001). "An updated list and some comments on the occurrence of intraspecific nest parasitism in birds". Ibis খণ্ড 143: 133–143. doi:10.1111/j.1474-919X.2001.tb04177.x. 
  16. Parsons, RE (1940). "Does the Common Whistling Teal have more than one brood in the year?". J. Bombay Nat. Hist. Soc. খণ্ড 41 (4): 901. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]