সমললৈ যাওক

জিঞাখাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিঞাখাটী (Blue-tailed Bee-eater)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Coraciiformes
পৰিয়াল: Meropidae
গণ: Merops
প্ৰজাতি: M. philippinus
বৈজ্ঞানিক নাম
Merops philippinus
Linnaeus, 1766

জিঞাখাটী (ইংৰাজী: Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷

সমগ্ৰ ভাৰত, ম্যানমাৰ, আৰু দক্ষিণ-পূব এছিয়াৰ কিছু অংশত এই প্ৰজাতিটোৰ প্ৰজননৰ বিস্তৃতি খণ্ডিতভাৱে সিঁচৰতি হৈ আছে৷[2] ভাৰতত ইহঁতে গোদাৱৰী, কাবেৰী, টুংগা বদৰা আৰু কৃষ্ণা নদীকে ধৰি কেইবাখনো নদী উপত্যকাত প্ৰজনন কৰে বুলি জনা যায়।[3] শ্ৰীলংকাৰ পূব অঞ্চলতো ইহঁতে বাহ সজাৰ তথ্য পোৱা গৈছে‍।[4][5]

জিঞাখাটী বহু ঠাইত ঋতুভিত্তিক আৰু টাঞ্জুং টুয়ান (পশ্চিম মালয়েছিয়া) আৰু প্ৰমছ্ৰি হিল[6] (দক্ষিণ থাইলেণ্ড)ৰ দৰে কিছুমান ঠাইত দিনৰ ভাগত সামূহিকভাৱে প্ৰব্ৰজন কৰা বুলি জনা যায়।[7] মালয়েছিয়া আৰু ভাৰতৰ কিছু অংশত ইহঁত শীতকালীন পৰিভ্ৰমী চৰাই৷[8] গুজৰাট[9] আৰু ভাৰতৰ পশ্চিম উপদ্বীপৰ কিছুমান অঞ্চলত নীলা গালযুক্ত জিঞাখাটী আৰু জিঞাখাটী অপ্ৰজনন পৰিসৰত দেখা যায়।[10]

নীলা নেজৰ সৈতে জিঞাখাটীৰ দেহৰ পিছফালৰ অংশ

জিঞাখাটীৰ দেহৰ বৰণ এই গোটৰ অন্য চৰাইবোৰৰ দৰেই খুবেই বৰ্ণময়৷ ইয়াৰ দেহটো মূলতঃ সেউজীয়া৷ ইয়াৰ মুখত নীলা দাগ আৰু চকুৰ কাষত ক'লা আঁচ থাকে৷ ইয়াৰ ডিঙি হালধীয়া আৰু মুগা বৰণৰ৷ জিঞাখাটীৰ নেজ নীলা, ঠোঁটৰ বৰণ আকৌ ক'লা৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৩-২৬ ছে: মি: পৰ্য্যন্ত হ'ব পাৰে৷ মতা আৰু মাইকীৰ বাহ্যিক গঠন প্ৰায় একে৷

জিঞাখাটীয়ে বিষুৱীয় অঞ্চলৰ মুকলি বাসস্থান যেনে খেতি-পথাৰ, উদ্যান আদিত প্ৰজনন কৰে৷ ইয়াক প্ৰায়ে জলাশয় সমূহৰ আশে পাশে দেখিবলৈ পোৱা যায়৷

এই গোটৰ অন্যান্য চৰাইৰ প্ৰজাতিৰ দৰেই ইও প্ৰধানকৈ পোক-পতংগ,জিঞা, বৰল আদি খাই জীয়াই থাকে৷ ই এই চিকাৰসমূহ বতাহতে ঠোঁটেৰে ধৰিব পাৰে৷ ধৰাৰ পিছত চিকাৰক জিৰণি লোৱা ঠাইত মৰিয়াই মাৰি পেলাই জিঞাখাটীয়ে ভক্ষণ কৰে৷

জিঞাখাটী সাধাৰণতে জাক পাতি বসবাস কৰা দেখা যায়৷ ইহঁতে নদীকাষৰীয়া বালিময় বা মুকলি খেতি পথাৰত ক'লনি গঠন কৰি বাহ সাজে৷ ই মাটিত দীঘলীবা সুৰংগ খান্দি তাৰ ভিতৰত পাঁচৰ পৰা সাতটাকৈ কণী পাৰে৷ মতা আৰু মাইকী দুয়ো কণীৰ যত্ন লয়৷

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. BirdLife International (2012). "Merops philippinus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001179। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Peters, James Lee (1945). Check-list of birds of the World. Volume 5. Harvard University Press. পৃষ্ঠা. 235. https://archive.org/details/checklistofbirds51945pete/page/235/mode/1up/. 
  3. Neelakantan, K. K. (1948). "On the breeding of the Blue-tailed Bee-eater (Merops superciliosus javanicus) in Rajahmundri, East Godavari district". Journal of the Bombay Natural History Society খণ্ড 47: 741–742. https://www.biodiversitylibrary.org/page/48201899. 
  4. Norris, C. E. (1963). "The Bluetailed Bee-eater Merops philippinus Linnaeus, nesting in Ceylon". Journal of the Bombay Natural History Society খণ্ড 60: 259. https://www.biodiversitylibrary.org/page/48053410. 
  5. Hewavithana, K.; Pieris, A.L.; Peries, T.N.; Wijesinghe, M.R. (2017). "Discovery of a large nesting colony of the blue-tailed bee-eater (Merops philippinus) in Oluvil, Amparad". Wildlanka খণ্ড 5 (1): 11–16. 
  6. DeCandido, Robert; Nualsri, Chukiat; Allen, Deborah (2010). "Mass northbound migration of Blue-tailed Merops philippinus and Blue-throated M. viridis Bee-eaters in southern Thailand, spring 2007–2008". Forktail খণ্ড 26: 42–48. https://www.orientalbirdclub.org/s/Candido-bee-eaters.pdf. 
  7. DeCandido, Robert; Allen, Deborah; Yosef, Reuven (2004). "Merops Migration at Tanjung Tuan, Malaysia: An Important Spring Bee-eater Migration Watchsite in South-east Asia". J. Yamashina Inst. Ornithol. খণ্ড 36: 15–21. doi:10.3312/jyio.36.15. https://www.jstage.jst.go.jp/article/jyio2003/36/1/36_1_15/_pdf. 
  8. Nisbet, I.C.T. (2013). "Seasonal occurrence, migrations and habitat relationships of blue-tailed and blue-throated bee-eaters Merops philippinus and M. viridis in Peninsular Malaysia". The Raffles Bulletin of Zoology খণ্ড 29: 219–223. http://lkcnhm.nus.edu.sg/app/uploads/2017/06/s29rbz219-223.pdf. 
  9. Dharmakumarsinhji, K. S. (1958). "Bluetailed Bee-eater Merops philippinus Linnaeus in western Saurashtra". Journal of the Bombay Natural History Society খণ্ড 55: 351–352. https://www.biodiversitylibrary.org/page/48068858. 
  10. Gosavi, P.; Mannar, H.; Sumesh, P. B.; Vinay, K. L.; Saleem, M. (2019). "Status of Blue-cheeked Bee-eater Merops persicus in south-western India". Indian Birds খণ্ড 15 (4): 117–119. http://indianbirds.in/pdfs/IB_15_4_GosaviETAL_BluecheekedBeeeater.pdf.