| অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন। |
চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান (ইংৰাজী: Champaner-Pavagadh Archaeological Park) গুজৰাট ৰাজ্যৰ পাঁচমহল জিলাত অৱস্থিত। ২০০৪ চনত প্ৰাকৃতিক ক্ষেত্ৰ হিচাপে ই ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে। ইয়াত অনেক অখননকৃত পুৰাতাত্বিক, ঐতিহাসিক আৰু জীৱ-সাংস্কৃতিক ঐতিহ্য সম্পত্তি আছে। এই মনোৰম প্ৰাকৃতিক পৰিবেশত বহুতো প্ৰাগৈতিহাসিক স্থান আছে। তদুপৰি ইয়াত প্ৰাচীন হিন্দু ৰজধানী দুৰ্গনগৰ আৰু ষোড়শ শতাব্দীৰ গুজৰাটৰ ৰাজধানী, অষ্টম-চতুৰ্দশ শতাব্দীৰ মধ্যৱৰ্তী পৰ্যায়ত নিৰ্মিত অনেক অন্যান্য ধ্বংসাৱশেষ, দুৰ্গ, প্ৰাসাদ, ধৰ্মীয় স্থাপনা, ধ্বংসপ্ৰাপ্ত আবাসস্থল, কৃষি স্থাপনা, পানীৰ উৎস ইত্যাদি আছে। পাৱাগড় পাহাৰৰ চূড়াত কালিকামাতা মন্দিৰ এটা গুৰুত্বপূৰ্ণ আৰাধনা ক্ষেত্ৰ। ইয়াত বছৰৰ সকলো সময়তে দৰ্শনাৰ্থীৰ পয়োভৰ থাকে। এই প্ৰত্নতাত্বিক অঞ্চলটিয়ে প্ৰাচীন মোগল সাম্ৰাজ্যৰ এক অবিকৃত ছবি দাঙি ধৰে।[1][2]
স্থানাংক: 22°29′00″N 73°32′00″E / 22.4833333°N 73.5333333°E / 22.4833333; 73.5333333