অসমৰ বয়ন শিল্প
অসমৰ বয়ন শিল্প বা হস্ততাঁত শিল্প অসমৰ এক গুৰুত্বপূৰ্ণ কুটিৰ শিল্প। অসমৰ বাবে গৌৰৱৰ কথা যে ভাৰতৰ মুঠ ২৮ লাখ তাঁতশালৰ ১৩ লাখ তাঁতশাল অসমতে আছে। বেছিভাগ তাঁতশালেই ভৰিৰে চলোৱা হয়। বাণিজ্যিকভাৱে বস্ত্ৰ উৎপাদন কৰা শুৱালকুছিৰ একাংশ তাঁতশালহে যন্ত্ৰচালিত।[1]
ইতিহাস
[সম্পাদনা কৰক]প্ৰাচীন কালৰে পৰা ই অসমৰ এক পৰম্পৰাগত উদ্যোগ হিচাপে পৰিগণিত হৈ আহিছে। পূৰ্বতে অসমৰ মহিলাসকলে বয়ন শিল্পক তেওঁলোকৰ ঘৰুৱা জীৱনৰ অন্তৰ্গত এক কাম হিচাপে ধৰি লৈছিল। এই বয়ন শিল্পৰ যোগেদিয়েই অসমৰ নাৰীসকল ভাৰতৰ আন ঠাইতো বিখ্যাত হৈছিল। অসমৰ প্ৰতিঘৰত, বিশেষকৈ, গ্ৰাম্য অঞ্চলৰ ঘৰত একোখন হ'লেও তাঁতশাল থাকেই। কোনো মহিলাই ঘৰুৱা কামৰ পৰা খন্তেক আজৰি হ'লেই তাঁতশালত বহেগৈ আৰু পৰম্পৰাগত কাপোৰ বৈ উলিয়ায়।
বাণিজ্যিক দৃষ্টিকোণ
[সম্পাদনা কৰক]বয়নশিল্পৰ এক বৃহৎ বাণিজ্যিক ক্ষেত্ৰ আছে। কিন্তু অসমৰ হাতে বোৱা বস্ত্ৰশিল্প এই ৰাজ্যৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্কিত হৈ থাকিলেও, এই উদ্যোগ বাণিজ্যিক দিশত উপযুক্তভাৱে বিকশিত হৈ উঠা নাই। বৰ্তমান মাত্ৰ ২.৮০ লাখ তাঁতশালহে কাপোৰৰ বাণিজ্যিক উৎপাদনৰ লগত জড়িত হৈ আছে। আনহাতে আন প্ৰায় ৫.৭০ লাখ তাঁতশাল অৰ্ধ বাণিজ্যিকৰূপে নিয়োজিত। বাকীবোৰ হ'ল ঘৰুৱা তাঁতশাল আৰু ঘৰুৱা চাহিদা পূৰণ কৰিবৰ বাবেহে সেইবোৰ ব্যৱহাৰ কৰা হয়।
বিভিন্ন সঁজুলিসমূহ
[সম্পাদনা কৰক]তাঁতশালত ব্যৱহৃত সঁজুলিসমূহ এনেধৰণৰ-
- উঘা(আজিকালি সাধাৰণতে ববিন ব্যৱহাৰ কৰে)
- ববিন ফ্ৰেম
- চেৰেকী
- লেটাই
- মাকো
- টোলোঠা
- চিৰি
- হলি
- খুঁটি
- ৰাঁচ
- ৰাঁচভৰা
- দোৰপতি
- নাচনী
- কাণত দিয়া
- পুতল
- ফুলৰ কাঠি
- ফুল বছা কাঠি
- দাঙি মাৰি
- ৰছী (বান্ধোনবোৰ দিবলৈ ব্যৱহৃত)
প্ৰকাৰ
[সম্পাদনা কৰক]তাঁতশাল দুই প্ৰকাৰৰ।
- তাঁতীশাল
- মাটিশাল
তাঁতীশাল
[সম্পাদনা কৰক]তাঁতীশালত মাকো হাতেৰে চলাবলগীয়া নহয়। সেইবাবে বোৱনত সোনকালে হয়। লগতে ৰাঁচখন ৰখাৰ ব্যৱস্থাটোও অলপ সুকীয়া। বাকী মাটিশালৰ সৈতে একেই। সাধাৰণতে কম সময়ত অধিক ববলৈ তাঁতীশাল বেছি উপযোগী।
মাটিশাল
[সম্পাদনা কৰক]গাঁৱৰ ঘৰে ঘৰে সততে পোৱা শালখনেই মাটিশাল। ইয়াত মাকো হাতেৰে মৰা হয় বাবে তাঁতীশালতকৈ অলপ সময় লাগে বোৱনত। শালখনৰ সজ্জাটোও তেনেই সাধাৰণ। সততে পোৱা সামগ্ৰীৰে ঘৰতে পাতি ল’ব পাৰি। ন শিকাৰুৰ বাবেও এইখন বেছি উপযোগী।
চিত্ৰভঁৰাল
[সম্পাদনা কৰক]
|
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ অসম ইয়েৰবুক, শান্তনু কৌশিক বৰুৱা