প্ৰজ্ঞাসুন্দৰী দেৱী
| প্ৰজ্ঞাসুন্দৰী দেৱী | |||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|
প্ৰজ্ঞাসুন্দৰী দেৱী, প্ৰায় ১৯২০ | |||||||||||
| স্থানীয় নাম | Pragyasundari Devi | ||||||||||
| জন্ম | প্ৰায় ১৮৭০ জোৰাসাঁকো ঠাকুৰবাৰী, কলিকতা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান পশ্চিমবংগ, ভাৰত) | ||||||||||
| মৃত্যু | ১৯৫০ অসম, ভাৰত | ||||||||||
| অন্য নাম | প্ৰজ্ঞাসুন্দৰী বেজবৰুৱা | ||||||||||
| নাগৰিকত্ব |
| ||||||||||
| পেচা |
| ||||||||||
| সক্ৰিয় হৈ থকা সময় | ১৮৯৭–১৯৫০ | ||||||||||
| দাম্পত্যসঙ্গী | লক্ষ্মীনাথ বেজবৰুৱা (বি. ১৮৯১; মৃ. ১৯৩৮) | ||||||||||
| সন্তান | ৪ | ||||||||||
| আত্মীয়-স্বজন |
| ||||||||||
| |||||||||||
| স্বাক্ষৰ | |||||||||||
প্ৰজ্ঞাসুন্দৰী দেৱী[টোকা 1] (বঙালী pronunciation: [pɾoɡːaʃund̪ɔɾi d̪ebi]; প্ৰায় ১৮৭০ – ১৯৫০) এগৰাকী ভাৰতীয় ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থ লেখিকা আৰু আলোচনী সম্পাদক আছিল। ১৯০২ চনত প্ৰকাশিত তেওঁৰ আমিষ ও নিৰামিষ বঙালী সাহিত্যৰ এখন তাৎপৰ্যপূৰ্ণ ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থ।[1][2] ১৮৯৭ চনৰ আৰম্ভণিৰ পৰা প্ৰজ্ঞাসুন্দৰীয়ে পূণ্য নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]প্ৰজ্ঞাসুন্দৰী দেৱী বিজ্ঞানী হেমেন্দ্ৰনাথ ঠাকুৰ তথা নীপময়ী/নৃপময়ী দেৱীৰ জীয়ৰী। তেওঁৰ ককাদেউতাক দেবেন্দ্ৰনাথ ঠাকুৰ আছিল এজন দাৰ্শনিক আৰু আজো-ককাদেউতাক দ্বাৰকানাথ ঠাকুৰ আছিল এজন উদ্যোগপতি। ন'বেল বঁটা বিজয়ী সাহিত্যিক তথা কবি ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল তেওঁৰ খুৰাক।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৮৯১ চনত প্ৰজ্ঞাসুন্দৰী দেৱী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোক চাৰিগৰাকী সন্তানৰ পিতৃ-মাতৃ আছিল যদিও এজন বহু কম বয়সতে ঢুকায়। উল্লেখযোগ্য যে লক্ষ্মীনাথ বেজবৰুৱায়ে প্ৰজ্ঞাসুন্দৰী দেৱীক তেওঁৰ ৰন্ধন প্ৰণালীবোৰ কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছিল।[5] ১৯৫০ চনত প্ৰজ্ঞাসুন্দৰী দেৱীয়ে ইহলীলা সম্বৰণ কৰে।
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]ৰন্ধন পুথি
[সম্পাদনা কৰক]আলোচনী
[সম্পাদনা কৰক]- পুণ্য (১৮৯৭)
লগতে চাওক
[সম্পাদনা কৰক]টোকা
[সম্পাদনা কৰক]- ↑ বঙালী pronunciation: [pɾoɡːaʃund̪ɔɾi d̪ebi]; Assamese pronunciation: [pɹɔɡjãxundɔɹi dɛwi]।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Utsa Ray, Culinary Culture in Colonial India (Cambridge University Press 2015): 63.
- ↑ Pragyasundari Devi, Amish O Niramish Ahar (1902), via Archive.org

- ↑ Utsa Ray, "Aestheticizing Labour: An affective discourse of cooking in colonial Bengal" South Asian History and Culture 1(1)(January 2010): 60-70.
- ↑ Devapriya Roy, "Cooking with Pragyasundari: A woman of the Tagore household tells you how to make bhapa ilish" The Indian Express (October 8, 2017).
- ↑ Chitra Deb, Women of the Tagore Household (Penguin UK 2010)