য়ামী গৌতম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
য়ামী গৌতম
Yami Gautam

২০২২ চনত গৌতম
জন্ম ২৮ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ)
বিলাশপুৰ, হিমাচল প্ৰদেশ, ভাৰত
পেচা
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমান
দাম্পত্যসঙ্গী আদিত্য ধৰ (বি. ২০২১)
আত্মীয়-স্বজন সুৰিলী গৌতম (কনিষ্ঠ ভগ্নী)

য়ামী গৌতম ধৰ (ইংৰাজী: Yami Gautam Dhar, ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনয়-শিল্পী।[1] তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে,[2][3] আৰু টেলিভিছনৰ ছ'প অপেৰা যেনে: চান্দ কে পাৰ চালো (২০০৮–২০০৯) আৰু য়েহ প্যাৰ না হোগা কাম (২০০৯–২০১০)ত অভিনয় কৰে। ২০১২ চনত অভিনয় কৰা কমেডী-ড্ৰামা ভিকি ড'নাৰ হৈছে তেওঁৰ প্ৰথম হিন্দী ছবি, যাৰ ফলত তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেককাৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।[4][5]

ইয়াৰ পিছত গৌতমে থ্ৰিলাৰ ছবি বদলাপুৰ (২০১৫) আৰু কাবিল (২০১৭)ত অভিনয় কৰে৷ পৰৱৰ্তী সময়ত তেওঁ যুদ্ধকেন্দ্ৰিক ছবি উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক আৰু ব্যংগধৰ্মী ছবি বালা (দুয়োখন ২০১৯)ত অভিনয় কৰি অধিক সফলতা লাভ কৰে। ইয়াৰ পিছত তেওঁ এ থাৰ্ছডে (২০২২), দাসৱী (২০২২) আৰু চোৰ নিকল কে ভগা (২০২৩)ত অভিনয় কৰে। তেওঁৰ শেহতীয়া ছবি হৈছে অএমজি-২ (মুক্তিলাভ: আগষ্ট ২০২৩)

প্ৰাথমিক জীৱন আৰু পৰিয়াল-পৰিচয়[সম্পাদনা কৰক]

হিমাচল প্ৰদেশৰ বিলাসপুৰ[6] হিন্দু ব্ৰাহ্মণ[2]পৰিয়ালত জন্মগ্ৰহণ কৰা য়ামী গৌতম ডাঙৰ-দীঘল হৈছিল চণ্ডীগড়ত।[7][8]তেওঁৰ পিতৃ মুকেশ গৌতম এজন পাঞ্জাবী চলচ্চিত্ৰ পৰিচালক।[9]তেওঁ পিটিচি নেটৱৰ্কৰ উপ-সঞ্চালক।[11] তেওঁৰ মাতৃৰ নাম অঞ্জলি গৌতম।[10][11] তেওঁৰ এগৰাকী কনিষ্ঠ ভগ্নী চুৰিলি গৌতমে পাঞ্জাবী ছবি পাৱাৰ কাটৰ জৰিয়তে ডাঙৰ পৰ্দাত অভিষেক ঘটায়।[12][13][14] য়ামী গৌতমে নিয়মীয়া স্কুলীয়া শিক্ষা লাভ কৰিছিল, আৰু পিছলৈ আইনত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ কলেজত ভৰ্তি হৈছিল। তেওঁ সৰুতে ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ত যোগদান কৰাৰ আকাংক্ষা প্ৰকাশ কৰিছিল যদিও ২০ বছৰ বয়সত তেওঁ অভিনয়ৰ জগতত যোগদান কৰাৰ সিদ্ধান্ত লয়।[15][16] তেওঁ আইনত অনাৰ্ছ লৈ পঢ়া-শুনা কৰি আছিল যদিও অভিনয়ৰ বাবে পূৰ্ণকালীন অধ্যয়ন এৰি দিয়ে। শেহতীয়াকৈ তেওঁ মুম্বাইত অংশকালীন স্নাতক ডিগ্ৰীৰ বাবে পঢ়া-শুনা কৰি আছে৷[17][18] তেওঁ অধ্যয়ন, অভ্যন্তৰীণ সজ্জা আৰু সংগীত শুনি ভাল পায়।[19][20]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

২০১৫ চনত চনম ৰেৰ চিত্ৰগ্ৰহণৰ সময়ত পুলকিত সম্ৰাটৰ লগত তেওঁৰ প্ৰণয়পাশত আবদ্ধ হয়। তেওঁ এই বিষয়ে কেতিয়াও মুকলিলৈ একো কোৱা নাছিল যদিও তেওঁলোকৰ মাজত থকা সম্পৰ্কটোক সম্ৰাটৰ পত্নীয়ে নিশ্চিত কৰিছিল।[21]অৱশেষত ২০১৮ চনত তেওঁলোকৰ (সম্ৰাট আৰু য়ামীৰ) বিচ্ছেদ ঘটে।[22]

২০২১ চনৰ ৪ জুনত য়ামী গৌতমে আদিত্য ধৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[23][24] বিয়াৰ পিছত তেওঁ নিজৰ নাম সলনি কৰি য়ামী গৌতম ধৰ কৰে।[25]

কৰ্মজীৱন[সম্পাদনা কৰক]

টেলিভিছন কেৰিয়াৰ (২০০৮–২০১০)[সম্পাদনা কৰক]

য়ামী গৌতমে ২০ বছৰ বয়সত চিনেমাত কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ গমন কৰিছিল।[26] তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে চান্দ কে পাৰ চালোৰ জৰিয়তে।[27][28] সমান্তৰালভাৱে তেওঁ ৰাজকুমাৰ আৰ্য়ানত মুখ্য চৰিত্ৰত অভিনয় কৰি থাকিল। ইয়াৰ পিছত তেওঁ টেলিভিছনত তেওঁৰ আটাইতকৈ উল্লেখযোগ্য ভূমিকা পালন কৰে, য়েহ পিয়াৰ না হোগা কাম[29] যিখন সম্প্ৰচাৰিত হৈছিল কালাৰছত৷ [30] ইয়াৰ উপৰি তেওঁ ৰিয়েলিটি শ্ব' মীথি চৌৰী নং ১ আৰু কিচেন চেম্পিয়ন ছিজন ১ত অংশগ্ৰহণ কৰিছে।[31]

চলচ্চিত্ৰৰ আত্মপ্ৰকাশ আৰু প্ৰাৰম্ভিক কাম (২০০৯–২০১৮)[সম্পাদনা কৰক]

২০১২ চনত ভিকি ড'নাৰৰ এক অনুষ্ঠানত য়ামী গৌতম

২০০৯ চনত কানাড়া ভাষাৰ উল্লাছা উৎসাহ নামৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পিছত গৌতমে শ্বুজিত ছিৰকাৰৰ ৰোমাণ্টিক কমেডী ছবি ভিকি ড’নাৰ (২০১২)ত মুখ্য চৰিত্ৰত অভিনয় কৰি বলিউডত অভিষেক ঘটায়। অভিষেক ঘটোৱা আয়ুষ্মান খুৰানা, অনু কাপুৰ আৰু ডলী আহলুৱালিয়াৰ বিপৰীতে অভিনয় কৰা আছিমা ৰয় নামৰ এগৰাকী বাঙালী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে যি শীৰ্ষ চৰিত্ৰটোৰ প্ৰেমত পৰে৷ তেওঁৰ প্ৰেমিক আছিল অৰোৰা পৰিয়ালৰ এজন পাঞ্জাবী ল’ৰা৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ বিয়া হয় আৰু বিবাহৰ পাছত তেওঁ ল'ৰাজনৰ অতীতৰ বিষয়ে জানিব পাৰে৷ [32] বলীউডৰ অভিনেতা জন আব্ৰাহামৰ প্ৰযোজনাত আত্মপ্ৰকাশ কৰা ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে বিশ্বজুৰি ৬৪৫ মিলিয়ন (৩.৯ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি বছৰৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়। অভিষেককাৰী অভিনয়ৰ বাবে গৌতমে সমালোচকৰ প্ৰশংসাৰ লগতে কেইবাটাও বঁটা আৰু মনোনয়ন লাভ কৰে, যাৰ ভিতৰত জি চিনে বঁটাৰ শ্ৰেষ্ঠ মহিলা নৱাগতৰ বঁটা (বৰফিৰ বাবে ইলিয়ানা ডি'ক্ৰুজৰ সৈতে যুটীয়াভাৱে) আৰু একেটা শ্ৰেণীৰ অধীনত তেওঁ ৫৮ সংখ্যক ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।[33]

দুবছৰ ধৰি বলিউডৰ পৰা অনুপস্থিত থকাৰ পিছত ২০১৪ চনত গৌতমে ঘূৰি আহি দুখন ছবিত অভিনয় কৰে, য’ত প্ৰথমখন ছবি আছিল ঈশ্বৰ নিভাছৰ ৰোমাণ্টিক কমেডী ছবি টোটাল ছিয়াপ্পা আৰু দ্বিতীয়খন আছিল প্ৰভু দেৱৰ একচন থ্ৰিলাৰ একচন জেকচন, য’ত অজয় দেৱগনে দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে গৌতম আৰু সোনাক্ষী সিনহাক তেওঁৰ প্ৰেম-প্ৰত্যাশিনী হিচাপে প্ৰক্ষেপ কৰা হৈছিল। ছবি দুখনৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল৷ [34][35][36][37]

২০১৫ চনত গৌতমে বৰুণ ধাৱান আৰু নৱাজুদ্দিন ছিদ্দিকিৰ সৈতে শ্ৰীৰাম ৰাঘৱনৰ একচন থ্ৰিলাৰ বদলাপুৰত অভিনয় কৰে।[38] ১৫ বছৰৰ ভিতৰত পত্নী মিছা আৰু পুত্ৰৰ হত্যাৰ প্ৰতিশোধ লোৱা ৰঘু নামৰ এজন ব্যক্তিৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখনে সমালোচনাত্মক আৰু ব্যৱসায়িক সফলতা হিচাপে আত্মপ্ৰকাশ কৰি ₹৭৭ কোটি (১১ মিলিয়ন মাৰ্কিন ডলাৰ) সংগ্ৰহ কৰে। বিশ্বজুৰি য়ামী গৌতমৰ অভিনয়ে প্ৰশংসা লাভ কৰে।[39]

২০১৬ চনত গৌতমে পুলকিত সম্ৰাটৰ লগত চনম ৰে আৰু বিবেক অগ্নিহোত্ৰী পৰিচালিত জুনুনিয়াতত অভিনয় কৰে।[40][41] ছবি দুখনে সফলতা লাভ নকৰিলে৷ [42]

পিছৰ বছৰত গৌতমে ঋত্বিক ৰোশনৰ সৈতে সঞ্জয় গুপ্তাৰ প্ৰতিশোধমূলক ৰোমাণ্টিক থ্ৰিলাৰ কাবিল (২০১৭)ত অভিনয় কৰে। ছবিখনৰ লগতে তেওঁৰ অভিনয়েও মিশ্ৰিত ইতিবাচক সমালোচনা লাভ কৰে আৰু ছবিখনে বিশ্বজুৰি ১.৯৬ বিলিয়ন ₹ (২৮ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে। [43][44][45]

অগ্ৰগতি আৰু সফলতা (২০১৯-বৰ্তমান)[সম্পাদনা কৰক]

২০১৯ চনত য়ামী গৌতম

২০১৯ চনত আদিত্য ধৰৰ মিলিটাৰী একচন থ্ৰিলাৰ উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইকত য়ামী গৌতমে বিকি কৌশল, পৰেশ ৰাৱাল, মোহিত ৰাইনা, আৰু কীৰ্তি কুলহাৰীৰ সৈতে অভিনয় কৰিছিল৷[46] ছবিখন বছৰটোৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে পৰিচিত হয় আৰু বিশ্বজুৰি ৩.৪২ বিলিয়ন (৪৪ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈ অধিক ধন উপাৰ্জন কৰে।[47] ইয়াৰ পিছত ২০১৯ চনৰ ৭ নৱেম্বৰত মুক্তি পোৱা অমৰ কৌশিকৰ কমেডী-ড্ৰামা বালাত আয়ুষ্মান খুৰানাৰ সৈতে য়ামীক পুনৰ দেখা যায়। ছবিখনে বিশ্বজুৰি ১.৭ বিলিয়ন ₹ (২২ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ব্যৱসায়িক দিশৰ পৰা সফল বিবেচিত হয়।[48]

২০২০ চনত অভিষেককাৰী পুনীত খান্নাৰ পৰিচালনা আৰু বিনোদ বচ্চনৰ প্ৰযোজনাত নিৰ্মিত গিনী ৱেডছ ছানী ছবিখনত গিনীৰ চৰিত্ৰত য়ামীয়ে অভিনেতা বিক্ৰান্ত মেছিৰ সৈতে অভিনয় কৰে। মুক্তিৰ লগে লগে ছবিখনে মিশ্ৰিত সমালোচনা লাভ কৰে। [49]

২০২২ চনত য়ামী গৌতমৰ প্ৰথমখন ছবি আছিল বেহজাদ খাম্বাটাৰ থ্ৰিলাৰ এ থাৰ্ছডে, য'ত তেওঁ নেহা ধূপিয়া আৰু অতুল কুলকাৰ্ণীৰ সৈতে সহ অভিনয় কৰিছিল।[50] ১৬টা শিশুক পণবন্দী কৰি লোৱা প্লেস্কুলৰ শিক্ষয়িত্ৰী নাইনা জয়ছৱালৰ মুখ্য চৰিত্ৰত য়ামীয়ে অভিনয় কৰিছিল। ২০২২ চনৰ ১৭ ফেব্ৰুৱাৰীত ডিজনী+ হটষ্টাৰত ছবিখনৰ প্ৰিমিয়াৰ হয়।[51] মুক্তিৰ লগে লগে ছবিখনে মিশ্ৰিত আৰু পৰ্যায়ক্ৰমে ইতিবাচক সমালোচনা লাভ কৰে৷ বিশেষকৈ গৌতমে তেওঁৰ অভিনয়ৰ বাবে ইতিবাচক সমালোচনা লাভ কৰে। চিএনবিচি টিভি১৮ৰ স্নেহা বেংগালে ছবিখনক তেওঁৰ "কেৰিয়াৰৰ শ্ৰেষ্ঠ অভিনয়" বুলি বিবেচনা কৰে।[52]

২০২৩ চনত য়ামী গৌতমে অক্ষয় কুমাৰ আৰু পংকজ ত্ৰিপাঠীৰ সৈতে অ'এমজি ২ সম্পূৰ্ণ কৰিছে।[53][54][55]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

বৰ্ষ বঁ‌টা শিতান বোলছবি ফলাফল Ref.
২০১২ পঞ্চম বোৰোপ্লাছ ছয়ছ এৱাৰ্ড টিভিৰ উত্থিত তাৰকা ভিকি ড'নাৰ বিজয়ী [56]
ভাস্কৰ বলিউড বঁটা বৰ্ষটোৰ নৱাগতা মনোনীত [57]
পিপল'ছ ছয়ছ বঁটা প্ৰিয় নৱাগত অভিনয়-শিল্পী (পুৰুষ/মহিলা) মনোনীত [58]
বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা শ্ৰেষ্ঠ নৱাগত মনোৰঞ্জনকাৰী শিল্পী বিজয়ী [59]
২০১৩ ইটিচি বলিউদ বিজিনেছ বঁটা শ্ৰেষ্ঠ লাভজনক অভিষেক মনোনীত [60]
ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ মহিলা নৱাগত মনোনীত [61]
স্ক্ৰীন বঁটা শ্ৰেষ্ঠ প্ৰতিশ্ৰুতিসম্পন্ন নৱাগতা মনোনীত [62]
জি চিনে বঁটা শ্ৰেষ্ঠ নৱাগতা বিজয়ী [63]
ষ্টাৰডাষ্ট বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [64]
ভৱিষ্যতৰ মহাতাৰকা (মহিলা) মনোনীত [64]
ষ্টাৰ গীল্ড বঁটা শ্ৰেষ্ঠ নৱাগতা মনোনীত [65]
টাইমছ অৱ ইণ্ডিয়া ফিল্ম বঁটা শ্ৰেষ্ঠ নৱাগতা মনোনীত [66]
আইফা বঁটা বৰ্ষটোৰ তাৰকা নৱাগতা বিজয়ী [67]
২০২০ স্ক্ৰীণ বঁটা শ্ৰেষ্ঠ কমেডিয়ান বালা বিজয়ী [68]
আইফা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মনোনীত [69][70]
২০২২ ফিল্মফেয়াৰ অটিটি বঁটা ৱেব মৌলিক ছবিত শ্ৰেষ্ঠ অভিনয়-শিল্পী এ থাৰ্ছডে মনোনীত [71]
আইফা বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [72]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Busy Birthday for Yami". 28 November 2012. http://en-maktoob.news.yahoo.com/busy-birthday-yami-gautam-055616875.html. 
  2. 2.0 2.1 Gupta, Priya (9 February 2014). "I have had no affair in my life so far: Yaami Gautam". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/I-have-had-no-affair-in-my-life-so-far-Yaami-Gautam/articleshow/30049082.cms. 
  3. "Yami Gautam looks like a dream at Kaabil promotion". The Indian Express. 5 January 2017. https://indianexpress.com/article/lifestyle/fashion/yami-gautam-looks-like-a-dream-at-kaabil-promotion-4459079/. 
  4. "Vicky Donor actress Yami Gautam believes in 'breaking the mould' of a Hindi film heroine". India Today. 31 December 2018. https://www.indiatoday.in/movies/bollywood/story/vicky-donor-actress-yami-gautam-believes-in-breaking-the-mould-of-a-hindi-film-heroine-1420050-2018-12-31। আহৰণ কৰা হৈছে: 14 February 2019. 
  5. "Vicky Donor is a HIT" Indicine. 2012. Retrieved 26 January 2013
  6. "Total Siyapaa: Ali Zafar and Yami Gautam at Screen Preview" (en-US ভাষাত). The Financial Express. 8 March 2014. https://www.financialexpress.com/archive/total-siyapaa-ali-zafar-and-yami-gautam-at-screen-preview/1232197/। আহৰণ কৰা হৈছে: 29 August 2020. 
  7. "Yami Gautam to promote 'Sanam Re' at her college in Chandigarh" (en ভাষাত). The Indian Express. 23 January 2016. https://indianexpress.com/article/entertainment/bollywood/yami-gautam-to-promote-sanam-re-at-her-college-in-chandigarh/. 
  8. "Yami Gautam excited to revisit her Chandigarh college - Times of India" (en ভাষাত). The Times of India. 27 January 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/yami-gautam-excited-to-revisit-her-chandigarh-college/articleshow/50704063.cms. 
  9. Singh, Jasmine (14 October 2010). "The Tribune, Chandigarh, India - The Tribune Lifestyle". The Tribune India. https://www.tribuneindia.com/2010/20101014/ttlife1.htm. 
  10. "Family and friends bid adieu to comedy king Jaspal Bhatti". Hindustan Times. Archived from the original on 28 October 2012. https://web.archive.org/web/20121028075028/http://www.hindustantimes.com/Punjab/Chandigarh/Family-and-friends-bid-adieu-to-comedy-king-Jaspal-Bhatti/SP-Article1-949756.aspx। আহৰণ কৰা হৈছে: 17 February 2013. 
  11. "Mother day". 8 May 2016. http://www.mid-day.com/articles/mothers-day-special-meet-the-star-moms-of-bollywood/17209164. 
  12. "Yami Gautam's sister to make her debut". Mid-day.com. 1 October 2012. http://www.mid-day.com/entertainment/2012/oct/011012-Yami-Gautams-sister-to-make-her-debut.htm। আহৰণ কৰা হৈছে: 9 February 2014. 
  13. "Yami Gautam's sister to marry Jaspal Bhatti's son". The Times of India. 25 October 2012. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Yami-Gautams-sister-to-marry-Jaspal-Bhattis-son/articleshow/25830631.cms. 
  14. Subhash K Jha & VICKEY LALWANI 26 October 2012, 10.05AM IST (26 October 2012). "Jaspal Bhatti died a day before son's debut film release". The Times of India. Archived from the original on 30 June 2013. https://web.archive.org/web/20130630132441/http://articles.timesofindia.indiatimes.com/2012-10-26/news-interviews/34749228_1_jaspal-bhatti-savita-bhatti-jasraj. 
  15. Goyal, Shrinkhla (23 May 2022). "'Never grew up with the thought of being in an industry where you are expected to be the centre of attention: Yami Gautam" (en ভাষাত). The Indian Express. https://indianexpress.com/article/lifestyle/life-style/yami-gautam-dasvi-films-fashion-fitness-interview-7920474/. 
  16. "Did you know Yami Gautam aspired to become an IAS officer?" (en ভাষাত). Mid-Day. 7 November 2019. https://www.mid-day.com/entertainment/bollywood-news/photo/Did-you-know-Yami-Gautam-wanted-to-become-an-IAS-officer-67323/1. 
  17. "Yami Gautam of 'Nuvvila' fame turns 30: The Flawless Blend of Beauty & Talent" (en ভাষাত). The Times of India. 28 November 2018. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/yami-gautam-of-nuvvila-fame-turns-30-the-flawless-blend-of-beauty-amp-talent/photostory/66844386.cms. 
  18. "How shy Yami Gautam became the Romantic Queen of Bollywood? – Success Story". Suger Mint. 14 October 2021. https://sugermint.com/yami-gautam/. 
  19. "Yami Gautam finds Hrithik Roshan simple and inspiring - Times of India" (en ভাষাত). The Times of India. 12 January 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/yami-gautam-finds-hrithik-roshan-simple-and-inspiring/articleshow/56500057.cms. 
  20. "Yami Gautam" (en-IN ভাষাত). mensxp.com. 23 May 2014. https://www.mensxp.com/gallery/actresses/22783-yami-gautam.html. 
  21. "Yami Gautam and Pulkit Samrat's alleged relationship". Times of India. 29 January 2016. https://m.timesofindia.com/entertainment/hindi/bollywood/photo-features/yami-gautam-and-pulkit-samrats-alleged-relationship/photostory/50768592.cms. 
  22. "Yami Gautam-Pulkit Samrat's ugly split: Here's what exactly happened". DNA India. 23 March 2018. https://www.dnaindia.com/bollywood/report-yami-gautam-pulkit-samrat-s-ugly-split-here-s-what-exactly-happened-2596597. 
  23. "Yami Gautam ties the knot with Aditya Dhar". The Indian Express. 4 June 2021. https://indianexpress.com/article/entertainment/bollywood/yami-gautam-ties-the-knot-with-aditya-dhar-7344330/. 
  24. Keshri, Shweta (4 June 2021). "Yami Gautam marries Uri director Aditya Dhar in intimate wedding". India Today. https://www.indiatoday.in/amp/movies/celebrities/story/yami-gautam-marries-uri-director-aditya-dhar-in-intimate-wedding-see-first-pic-1810952-2021-06-04. 
  25. "Yami Gautam has changed her name post marriage to Aditya Dhar, here's what she chose". Hindustan Times. 17 August 2021. https://www.hindustantimes.com/entertainment/bollywood/yami-gautam-has-changed-her-name-post-marriage-to-aditya-dhar-here-s-what-she-chose-101629211763797.html। আহৰণ কৰা হৈছে: 18 August 2021. 
  26. Vivek Bhatia (20 June 2012). Yummylicious. Filmfare.
  27. "Yami Gautam Turns Into Makeup Artist for Her Sister, Shares Tutorial, Watch" (en ভাষাত). News18. 22 December 2022. https://www.news18.com/news/movies/yami-gautam-turns-into-makeup-artist-for-her-sister-shares-tutorial-watch-6674515.html. 
  28. "Yami Gautam shares pic from Jaisalmer where she shot her first scene 11 years ago: 'My heart brimmed with nostalgia'" (en ভাষাত). Hindustan Times. 19 January 2021. https://www.hindustantimes.com/entertainment/bollywood/yami-gautam-shares-pic-from-jaisalmer-where-she-shot-her-first-scene-11-years-ago-my-heart-brimmed-with-nostalgia-gratitude-101611026855896.html. 
  29. "First look: Chand Ke Paar Chalo". Rediff.com. 11 September 2008. http://inhome.rediff.com/movies/2008/sep/11look1.htm. 
  30. "Come, fall in love". Screen. 12 February 2010. http://www.screenindia.com/news/come-fall-in-love/577714/. 
  31. Lohumi, Bhanu P (26 October 2019). "Govt ropes in Yami Gautam as brand ambassador for global investors' meet" (en ভাষাত). The Tribune. https://www.tribuneindia.com/news/archive/himachal/news-detail-852877. 
  32. "Yami Gautam remembers bagging role in Vicky Donor: 'I knew it was going to be something special'". Hindustan Times. 21 April 2020. https://www.hindustantimes.com/bollywood/yami-gautam-remembers-bagging-role-in-vicky-donor-i-knew-it-was-going-to-be-something-special/story-5DyF0ZHn5ayXFm3Er7sxLI.html। আহৰণ কৰা হৈছে: 19 May 2020. 
  33. Hungama, Bollywood. "Bollywood News, Entertainment News, Movie Reviews, Ratings, Latest Videos, Box Office Collection - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. http://www.bollywoodhungama.com/celebritymicro/awards/id/93916। আহৰণ কৰা হৈছে: 4 December 2022. 
  34. "Yami Gautam relates to 'Total Siyapaa' character". Business Standard India. 24 February 2014. https://www.business-standard.com/article/news-ians/yami-gautam-relates-to-total-siyapaa-character-114022400520_1.html. 
  35. "Do you know how Total Siyapaa did at the Box Office?" (en-us ভাষাত). Cinestaan. Archived from the original on 4 December 2022. https://web.archive.org/web/20221204022358/https://www.cinestaan.com/movies/total-siyapaa-12358/box-office। আহৰণ কৰা হৈছে: 4 December 2022. 
  36. Hungama, Bollywood. "Ajay Devgn Hit Movies List | Ajay Devgn Box Office Collection - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/celebrity/ajay-devgn/box-office/#bh-micro-tab-content। আহৰণ কৰা হৈছে: 4 December 2022. 
  37. Hungama, Bollywood. "Ali Zafar Hit Movies List | Ali Zafar Box Office Collection - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/celebrity/ali-zafar/box-office/#bh-micro-tab-content। আহৰণ কৰা হৈছে: 4 December 2022. 
  38. Chakraborty, Saikat (29 November 2022). "Yami Gautam's top 7 performances in Hindi films you can watch online". Telegraph India. https://www.telegraphindia.com/entertainment/yami-gautams-top-7-performances-in-hindi-films-you-can-watch-online/cid/1900944. 
  39. "Yami Gautam to play Varun Dhawan's wife in 'Badlapur'". The Indian Express. 18 June 2014. https://indianexpress.com/article/entertainment/bollywood/yami-gautam-to-play-varun-dhawans-wife-in-badlapur/। আহৰণ কৰা হৈছে: 19 May 2020. 
  40. Pillai, Pooja (12 February 2016). "Sanam Re review: Yami Gautam, Pulkit Samrat's film is cliche-ridden" (en ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/movie-review/sanam-re-movie-review-yami-gautam-pulkit-samrat/. 1/5 star
  41. Ghosh, Sankhayan (25 June 2016). "'Junooniyat' review: Rotten wine in a plastic bottle" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/features/cinema/Junooniyat-review-Rotten-wine-in-a-plastic-bottle/article14401729.ece. 
  42. "Yami Gautam tells why Junooniyat is not Sanam Re 2!". The Statesman. 25 May 2016. https://www.thestatesman.com/entertainment/yami-gautam-tells-why-junooniyat-is-not-sanam-re-2-144461.html। আহৰণ কৰা হৈছে: 19 May 2020. 
  43. Shiksha, Shruti (7 February 2018). "Here's How Yami Gautam Is Prepping For Batti Gul Meter Chalu". NDTV. https://www.ndtv.com/entertainment/heres-how-yami-gautam-is-prepping-for-batti-gul-meter-chalu-1809930. 
  44. Srivastava, Abhishek (20 September 2018). "Yami Gautam on Batti Gul Meter Chalu, her favourite legal drama, and Bollywood's #MeToo moment-Entertainment News , Firstpost" (en ভাষাত). Firstpost. https://www.firstpost.com/entertainment/yami-gautam-on-batti-gul-meter-chalu-her-favourite-legal-drama-and-bollywoods-metoo-moment-5220521.html. 
  45. "Yami Gautam lawyers up for 'Batti Gul Meter Chalu'" (en ভাষাত). Gulf News. 15 September 2018. https://gulfnews.com/entertainment/bollywood/yami-gautam-lawyers-up-for-batti-gul-meter-chalu-1.2278492. 
  46. Ajaz, Mahwash (12 January 2019). "We asked a Pakistani Bollywood buff to review Uri & she has a request for Indian directors". ThePrint. https://theprint.in/opinion/we-asked-a-pakistani-bollywood-buff-to-review-uri-she-has-a-request-for-indian-directors/176916/. 
  47. Hungama, Bollywood. "Worldwide Highest Grossing Bollywood Movies on 2019 - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/box-office-collections/worldwide/। আহৰণ কৰা হৈছে: 18 July 2022. 
  48. "A different Yami Gautam in Bala" (en ভাষাত). The Indian Express. 12 November 2019. https://indianexpress.com/article/entertainment/opinion-entertainment/a-different-yami-gautam-in-bala-tik-tok-ayushmann-khurrana-6114585/। আহৰণ কৰা হৈছে: 17 July 2022. 
  49. Sharma, Priyanka (20 September 2020). "Netflix film Ginny Weds Sunny to premiere on October 9". The Indian Express. https://indianexpress.com/article/entertainment/web-series/ginny-weds-sunny-to-stream-on-netflix-from-october-9-6603451/. 
  50. "A Thursday: Yami Gautam shares first look as the 'mastermind'. See photo" (en ভাষাত). The Indian Express. 30 March 2021. https://indianexpress.com/article/entertainment/bollywood/a-thursday-yami-gautam-first-look-the-mastermind-7251435/। আহৰণ কৰা হৈছে: 21 May 2021. 
  51. Srivastava, Samriddhi (10 February 2022). "Yami Gautam as terrorist in A Thursday will hook you. Disney+ Hotstar film to release on Feb 17" (en ভাষাত). India Today. https://www.indiatoday.in/movies/bollywood/story/yami-gautam-as-terrorist-in-a-thursday-will-hook-you-disney-hotstar-film-to-release-on-feb-17-1911117-2022-02-10। আহৰণ কৰা হৈছে: 18 July 2022. 
  52. Bengani, Sneha (17 February 2022). "A Thursday movie review: Yami Gautam delivers her best performance in this taut thriller" (en ভাষাত). CNBC TV18. https://www.cnbctv18.com/entertainment/a-thursday-movie-review-yami-gautam-delivers-her-best-performance-in-this-taut-thriller-12531332.htm. 
  53. "Yami Gautam's 'Lost' to release directly on ZEE5" (en-IN ভাষাত). The Hindu. PTI. 28 November 2022. https://www.thehindu.com/entertainment/movies/yami-gautams-lost-to-release-directly-on-zee5/article66194867.ece. 
  54. "Yami Or Samantha? Who Did A Better Job With Daring Green Gown?". Woman's Era. 23 March 2022. Archived from the original on 4 December 2022. https://web.archive.org/web/20221204012224/https://www.womansera.com/yami-or-samantha-who-did-a-better-job-with-daring-green-gown/. 
  55. "Akshay Kumar, Yami Gautam dance their hearts out in new ad ahead of OMG 2, fans say 'no logic but its fun'. Watch" (en ভাষাত). Hindustan Times. 5 November 2022. https://www.hindustantimes.com/entertainment/bollywood/akshay-kumar-yami-gautam-dance-their-hearts-out-in-new-ad-101667627278490.html. 
  56. "Ayushmann Khurrana, Yami of VICKY DONOR bag Gold Awards". http://www.glamsham.com/movies/scoops/12/aug/10-news-ayushmann-khurrana-yami-of-vicky-donor-bag-gold-awards-081210.asp। আহৰণ কৰা হৈছে: 26 January 2012. 
  57. "Newcomers Nominations: Fresh Entry of the Year". Archived from the original on 23 September 2015. https://web.archive.org/web/20150923220219/http://www.bhaskar.com/bollywood-awards/nominations/fresh-entry-of-the-year?msg=622282। আহৰণ কৰা হৈছে: 26 January 2012. 
  58. Kumar, Ravi. "People's Choice Awards 2012 Nominees". Archived from the original on 30 November 2012. https://web.archive.org/web/20121130085546/http://indialistnew.com/peoples-choice-awards-2012-nominees-list-for-movies-tv-music-and-sports/। আহৰণ কৰা হৈছে: 27 January 2012. 
  59. "3rd Annual BIG Star Entertainment Awards Nominations". Archived from the original on 15 September 2018. https://web.archive.org/web/20180915081459/https://www.pinkvilla.com/entertainmenttags/sridevi/3rd-annual-big-star-entertainment-awards-nominations। আহৰণ কৰা হৈছে: 17 December 2012. 
  60. "ETC Bollywood Business Awards 2012 / 2013 – Nominations". http://www.indicine.com/movies/bollywood/etc-bollywood-business-awards-2012-2013-nominations/। আহৰণ কৰা হৈছে: 26 January 2012. 
  61. "Yaami Gautam—Awards". Bollywood Hungama. http://www.bollywoodhungama.com/celebritymicro/awards/id/93916। আহৰণ কৰা হৈছে: 14 October 2013. 
  62. "Nominations for 19th Annual Colors Screen Awards". http://screen.indianexpress.com/screenawards2013/nominations.php। আহৰণ কৰা হৈছে: 22 January 2012. 
  63. "Zee Cine Awards 2013: Team 'Barfi!', Vidya Balan, Salman Khan bag big honours". Archived from the original on 2013-01-21. https://web.archive.org/web/20130121023304/http://ibnlive.in.com/news/zee-cine-awards-2013-team-barfi--vidya-balan-salman-khan-bag-big-honours/316837-8-66.html। আহৰণ কৰা হৈছে: 21 January 2013. 
  64. 64.0 64.1 "Nominations for Stardust Awards 2013" Retrieved 27 January 2013
  65. Hungama, Bollywood. "Yami Gautam Dhar Awards & Nominations - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/celebrity/yami-gautam/awards/nominated/। আহৰণ কৰা হৈছে: 21 November 2022. 
  66. "TOIFA 2013 nominations". The Times of India. 7 February 2013. Archived from the original on 29 April 2013. https://web.archive.org/web/20130429174448/http://articles.timesofindia.indiatimes.com/2013-02-07/news-interviews/36971358_1_wasseypur-barfi-vicky-donor. 
  67. "IIFA Awards 2013: The winners are finally here!". http://zeenews.india.com/entertainment/iifa-2013/iifa-awards-2013-the-winners-are-finally-here_138502.htm। আহৰণ কৰা হৈছে: 7 July 2013. 
  68. "Star Screen Awards: Deepika Padukone, Ananya Panday add glam as Alia Bhatt, Ranveer Singh win top awards. Read complete winners list" (en ভাষাত). Hindustan Times. 9 December 2019. https://www.hindustantimes.com/bollywood/star-screen-awards-deepika-padukone-ananya-panday-add-glam-as-alia-bhatt-ranveer-singh-win-top-awards-read-complete-winners-list/story-wxcAy5E1LqYOcCwJkB6OtM.html। আহৰণ কৰা হৈছে: 20 January 2020. 
  69. "IIFA Awards 2020 nominations are out". International Indian Film Academy Awards. https://www.iifa.com/blog/Xl-zhxEAACIAaNIf/iifa-awards-2020-here-are-the-nominations। আহৰণ কৰা হৈছে: 2 December 2022. 
  70. "IIFA 2020 postponed amid fears over Coronavirus outbreak". The Statesman. 6 March 2020. https://www.thestatesman.com/entertainment/bollywood/iifa-2020-postponed-amid-fears-coronavirus-outbreak-1502863257.html. 
  71. "Danube Properties Filmfare OTT Awards 2022: Complete Nominations List - Times of India" (en ভাষাত). https://timesofindia.indiatimes.com/web-series/news/hindi/filmfare-ott-awards-2022-complete-nominations-list/articleshow/96390952.cms. 
  72. "IIFA 2023 nominations announced: Brahmastra, Gangubai Kathiawadi and Bhool Bhulaiyaa 2 lead the list" (en ভাষাত). The Indian Express. 27 December 2022. https://indianexpress.com/article/entertainment/bollywood/iifa-2023-nominations-announced-brahmastra-gangubai-kathiawadi-bhool-bhulaiyaa-2-lead-the-list-8345858/। আহৰণ কৰা হৈছে: 27 December 2022.