মীৰা কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীৰা কুমাৰ
লোকসভাৰ পঞ্চদশ অধ্যক্ষ
কাৰ্যকাল
৪ জুন ২০০৯ – ১৮ মে ২০১৪
সহকাৰী কাৰীয়া মুণ্ডা
পূৰ্বসূৰী সোমনাথ চট্টোপাধ্যায়
উত্তৰসূৰী সুমিত্ৰা মহাজন
জলসম্পদ মন্ত্ৰী
কাৰ্যকাল
২২ মে ২০০৯ – ২৫ মে ২০০৯
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী ছাইফুদ্দিন চজ
উত্তৰসূৰী পৱন কুমাৰ বংশল
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী
কাৰ্যকাল
২২ মে ২০০৪ – ২২ মে ২০০৯
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী সত্যনাৰায়ণ জাতীয়া
উত্তৰসূৰী চেলজা কুমাৰী
চাচাৰাম লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সংসদ
কাৰ্যকাল
২০০৪ – ২০১৪
পূৰ্বসূৰী মুনি লাল
উত্তৰসূৰী চেদি পাচৱান
কাৰল বাগ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সংসদ
কাৰ্যকাল
১৯৯৬ – ১৯৯৯
পূৰ্বসূৰী কল্ক দাস
উত্তৰসূৰী অনিতা আৰ্য
বিজনৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সংসদ
কাৰ্যকাল
১৯৮৫ – ১৯৮৯
পূৰ্বসূৰী চৌধুৰী গীৰধাৰী লাল
উত্তৰসূৰী মায়াৱতী
ব্যক্তিগত তথ্য
জন্ম ৩১ মাৰ্চ, ১৯৪৫ (৭৮ বছৰ)
পাটনা, বিহাৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
আন ৰাজনৈতিক
সম্পৰ্ক
সংযুক্ত প্ৰগতিশীল মিত্ৰগোট
দাম্পত্যসঙ্গী মঞ্জুল কুমাৰ
সন্তান অংশুল কুমাৰ
দেৱাংগনা কুমাৰ
স্বাতী কুমাৰ
পিতৃ জগজীৱন ৰাম
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়

মীৰা কুমাৰ (ইংৰাজী: Meira Kumar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পাঁচবাৰৰ বাবে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য মীৰা কুমাৰ ২০১৭ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মিত্ৰগোটৰ মনোনীত প্ৰাৰ্থী আছিল।[1] ২০০৯ চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ লোকসভাৰ পঞ্চদশ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ লোকসভাৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ।[2][3] তেওঁ অষ্টম, একাদশ, দ্বাদশ, চতুৰ্দশ আৰু পঞ্চদশ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০০৪ চনৰ পৰা ২০০৯ চনলৈ মনমোহন সিঙৰ মন্ত্ৰীসভাত তেওঁ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ বিপক্ষ দলৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰগোটৰ সমৰ্থিত প্ৰাৰ্থী ৰাম নাথ কোৱিন্দৰ হাতত পৰাজয় বৰণ কৰে। কিন্তু এই নিৰ্বাচনত তেওঁ ৩,৬৭,৩১৪ মূল্যৰ ভোট লাভ কৰি সৰ্বোচ্চ ভোট লাভ কৰা পৰাজিত প্ৰাৰ্থী হৈ পৰে।[4][1] ইয়াৰ লগতে তেওঁ এগৰাকী অধিবক্তা আৰু ভূতপূৰ্ব কূটনীতিবিদ আছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৪৫ চনৰ ৩১ মাৰ্চ তাৰিখে বিহাৰৰ আৰাহ জিলাত মীৰা কুমাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জগজীৱন ৰাম আৰু মাতৃ ইন্দ্ৰানী দেৱী। তেওঁৰ পিতৃ এগৰাকী স্বাধীনতা সংগ্ৰামী, দলিত নেতা আৰু ভাৰতৰ ভূতপূৰ্ব উপপ্ৰধানমন্ত্ৰী আছিল।[5]

তেওঁ প্ৰথমে ডেহৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুল আৰু পিছলৈ জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱী পাব্লিক স্কুলত শিক্ষা লাভ কৰে। কিছুসময়ৰ বাবে তেওঁ বনস্থলী বিদ্যাপীঠতো শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইন্দ্ৰপ্ৰস্থ কলেজ ৰ পৰা কলাৰ স্নাতকোত্তৰ আৰু মিৰাণ্ডা হাউচৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ২০১০ চনত বনস্থলী বিদ্যাপীঠে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়ায়।[6][7]

কৰ্মজীৱন[সম্পাদনা কৰক]

বৈদেশিক সেৱা[সম্পাদনা কৰক]

১৯৭৩ চনত মীৰা কুমাৰে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে[8] আৰু স্পেইন, যুক্তৰাজ্য আৰু মৰিছাছৰ ভাৰতীয় দূতাৱাসত সেৱা আগবঢ়াইছিল।[9] ১৯৮৫ চনত তেওঁ ভাৰতীয় বৈদেশিক সেৱাৰ চাকৰি এৰি দিয়ে আৰু সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰে।[10] একেবছৰে তেওঁ বিজনৰ লোকসভা সমষ্টিৰ পৰা দুই প্ৰভাৱশালী দলিত নেতা ৰাম বিলাস পাছৱান আৰু মায়াৱতীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

১৯৮৫ চনত মীৰা কুমাৰৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়।[11] একেবছৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হৈ বিজনৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়। তেওঁ বিজনৰ লোকসভা সমষ্টিৰ পৰা অষ্টম লোকসভালৈ আৰু কাৰল বাগ সমষ্টিৰ পৰা একাদশ আৰু দ্বাদশ লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৬ চনত বিজেপিৰ ঢৌত তেওঁ প্ৰথম বাৰৰ বাবে লোকসভা নিৰ্বাচনত পৰাজিত হলেও তেওঁ ২০০৪ চনত চাচাৰাম সমষ্টিৰ পৰা পুনৰাই লোকসভালৈ নিৰ্বাচিত হয়। একে সমষ্টিৰ পৰা ২০০৯ চনত তেওঁ আকৌ লোকসভালৈ এবাৰ নিৰ্বাচিত হয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ চেদি পাছৱানৰ পৰা পৰাজিত হয়।[12]

২০০৪ চনৰ পৰা ২০০৯ চনলৈ মনমোহন সিঙৰ মন্ত্ৰীসভাত তেওঁ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ লোকসভাৰ পঞ্চদশ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ লোকসভাৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ।

২০১৭ ৰাষ্ট্ৰপতি নিৰ্বাচন[সম্পাদনা কৰক]

২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ বিপক্ষ দলৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰগোটৰ সমৰ্থিত প্ৰাৰ্থী ৰাম নাথ কোৱিন্দৰ হাতত পৰাজয় বৰণ কৰে। কিন্তু এই নিৰ্বাচনত তেওঁ ৩,৬৭,৩১৪ মূল্যৰ ভোট লাভ কৰি সৰ্বোচ্চ ভোট লাভ কৰা পৰাজিত প্ৰাৰ্থী হৈ পৰে।[4][1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Presidential Polls: Meira Kumar will challenge Ram Nath Kovind, BSP and SP go with Opposition choice" (en-US ভাষাত). The Indian Express. 2017-06-23. http://indianexpress.com/article/india/presidential-elections-meira-kumar-will-challenge-ram-nath-kovind-bsp-and-sp-go-with-opposition-choice-4717559/. 
  2. India: Woman Wins Post of Speaker New York Times, 4 June 2009.
  3. Meira Kumar brings Jagjivan to fore Archived 2013-05-24 at the Wayback Machine The Times of India, 4 June 2009.
  4. 4.0 4.1 Sunil Prabhu (July 21, 2017). "In Defeat, Opposition's Meira Kumar Breaks 50-Year-Old Record". NDTV. http://www.ndtv.com/india-news/in-defeat-too-oppositions-meira-kumar-breaks-50-year-old-record-1727452। আহৰণ কৰা হৈছে: 23 July 2017. 
  5. "Profile: Meira Kumar, first female Dalit Speaker". oneindia.in. 3 June 2009. Archived from the original on 22 February 2014. https://web.archive.org/web/20140222030615/http://news.oneindia.in/2009/06/03/profile-meira-kumar-first-woman-dalit-speaker.html। আহৰণ কৰা হৈছে: 10 February 2014. 
  6. "Banasthali created a force of empowered women - Times of India". http://timesofindia.indiatimes.com/city/jaipur/Banasthali-created-a-force-of-empowered-women/articleshow/16718163.cms. 
  7. "Biography [Lok Sabha"]. http://164.100.47.134/newls/Biography.aspx?mpsno=3066. 
  8. "Indian Foreign Service" (en ভাষাত). Wikipedia. 2018-01-02. https://en.wikipedia.org/w/index.php?title=Indian_Foreign_Service&oldid=818202170. 
  9. "Meira Kumar Age, Caste, Husband, Family, Biography & More | StarsUnfolded" (en-GB ভাষাত). starsunfolded.com. https://starsunfolded.com/meira-kumar/। আহৰণ কৰা হৈছে: 2018-01-17. 
  10. "Law, foreign service, politics: Know Oppn’s presidential candidate Meira Kumar" (en ভাষাত). hindustantimes.com/. 2017-06-22. http://www.hindustantimes.com/india-news/law-foreign-service-politics-all-about-oppn-s-presidential-candidate-meira-kumar/story-d4tkzWlzU6aXkUSL3uEvSI.html. 
  11. "Bijnor(Uttar Pradesh) Lok Sabha Election Results 2014 with Sitting MP and Party Name". www.elections.in. http://www.elections.in/uttar-pradesh/parliamentary-constituencies/bijnor.html. 
  12. "Eciresults.nic.in". eciresults.nic.in. http://eci.nic.in/eci_main/archiveofge2014/33%20-%20Constituency%20wise%20detailed%20result.pdf. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]