সমললৈ যাওক

মৰিছাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰিছাছ প্ৰজাতন্ত্ৰ
Flag of মৰিছাছ
Flag
Coat of arms of মৰিছাছ
Coat of arms
Motto: Stella Clavisque Maris Indici (Latin)
"ভাৰত মহাসাগৰৰ তৰা আৰু চাবি"[1]
Anthem: "মাদাৰলেণ্ড"
মৰিছাছ প্ৰজাতন্ত্ৰৰ দ্বীপসমূহ
মৰিছাছ প্ৰজাতন্ত্ৰৰ দ্বীপসমূহ
* মৰিছাছৰ দ্বীপসমূহ (কালোত দৰ্শোৱা)। * ট্ৰ’মেলিন দ্বীপ (ফৰাচী দক্ষিণ আৰু আন্টাৰ্কটিক অঞ্চলৰ অংশ, মৰিছাছে দাবী কৰিছে)। * চাগোছ দ্বীপপুঞ্জ (ব্ৰিটিছ ইণ্ডিয়ান মহাসাগৰীয় অঞ্চল) ২০২৫ চনত মৰিছাছলৈ হস্তান্তৰ হ'ব বুলি স্থিৰ হৈছে।[2]
ৰাজধানী
and largest city
পৰ্ট লুই
20°12′S 57°30′E / 20.2°S 57.5°E / -20.2; 57.5স্থানাংক: 20°12′S 57°30′E / 20.2°S 57.5°E / -20.2; 57.5
Official languagesনাই (আইনত স্বীকৃত নহয়)
(ব্যৱহাৰিক ৰূপত)[3]
যোগাযোগৰ ভাষামৰিছাছীয় ক্ৰিঅ’ল
ঘৰত কোৱা ভাষা (২০২২)[4]
Ethnic groups
ধৰ্ম
(২০২২)[6]
Demonymমৰিছাছবাসী
Governmentএকক সাংসদীয় প্ৰজাতন্ত্ৰ
Dharam Gokhool
Robert Hungley
Navin Ramgoolam
Paul Bérenger
Shirin Aumeeruddy-Cziffra
Legislatureমৰিছাছৰ ৰাষ্ট্ৰীয় সভা
স্বাধীনতা 
১২ মাৰ্চ ১৯৬৮
• প্ৰজাতন্ত্ৰ ঘোষণা
১২ মাৰ্চ ১৯৯২
Area
• Total
2,040 বৰ্গ কি.মি. (790 বৰ্গ মাইল) (১৬৯তম)
• Water (%)
০.০৭
Population
• ২০২২ census
১২,৩৫,২৬০[7][8][4]
• Density
605.5 /কিমি (1,568.2 /বৰ্গ মাইল)
GDP (PPP)estimate
• Total
বৃদ্ধি $৪২.৮১০ বিলিয়ন[9]
• Per capita
বৃদ্ধি $৩৩,৯৫৪
GDP (nominal)estimate
• Total
বৃদ্ধি $১৬.৫১৫ বিলিয়ন
• Per capita
বৃদ্ধি $১৩,০৯৯
Gini৩৬.৮[10]
Error: Invalid Gini value
HDI (২০২৩)০.৮০৬[11]
Error: Invalid HDI value
Currencyমৰিছাছীয় ৰুপি (MUR)
Time zoneUTC+৪ (MUT)
Date formatdd/mm/yyyy (ই.চ.)
Calling code+230
Internet TLD.mu

মৰিছাছ (ইংৰাজী: Mauritius) আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ সম্পূৰ্ণ নাম ৰিপাব্লিক অৱ মৰিছাছ। দেশৰ ৰাজধানী প’ৰ্ট লুইছ, যি দেশৰ প্ৰধান সাগৰীয় বন্দৰ। ভাৰত মহাসাগৰৰ পশ্চিম অংশত আফ্ৰিকাৰ মূল ভূখণ্ডৰ পৰা ২০০০ কিলোমিটাৰ পূবে আৰু দ্বীপ ৰাষ্ট্ৰ মাদাগাস্কাৰৰ পৰা ৮০০ কিলোমিটাৰ পূবে অৱস্থিত এই দ্বীপটো।[12]

মৰিচাছৰ আদিম তথ্য প্ৰায় দশম শতিকাৰ আৰম্ভণিৰ আৰু দ্ৰাবিড় (তামিল) আৰু অষ্ট্ৰনেছিয়ান নাৱিকৰ উল্লেখৰ পৰা পোৱা গৈছে। পৰ্তুগীজ নাৱিকসকলে প্ৰথমে ১৫০৭ চনত ইয়ালৈ আহি এই জনবসতিহীন দ্বীপটোত ভ্ৰমণ ঘাটি স্থাপন কৰিছিল আৰু তাৰ পিছত দ্বীপটো এৰি থৈ গৈছিল। ১৫৯৮ চনত স্পাইচ দ্বীপলৈ যাত্ৰা কৰিবলৈ যোৱা হলণ্ডৰ পৰা তিনিখন জাহাজে ঘূৰ্ণীবতাহৰ সময়ত বিচৰণ কৰি ইয়ালৈ আহিছিল। তেওঁ নাছাউৰ ক্ৰাউন প্ৰিন্স মৰিছৰ সন্মানত এই দ্বীপটোৰ নাম মৰিচাছ ৰাখিছিল। ১৬৩৮ চনত ডাচসকলে ইয়াত প্ৰথম স্থায়ী বসতি স্থাপন কৰে। ঘূৰ্ণীবতাহৰ সৈতে কঠোৰ জলবায়ু আৰু বসতিস্থলটোৰ সঘনাই ক্ষতিৰ বাবে ডাচসকলে কেইটামান দশকৰ পিছত এই দ্বীপটো পৰিত্যাগ কৰে। ইতিমধ্যে চুবুৰীয়া দ্বীপ বোৰ্বন (বৰ্তমান ৰিইউনিয়ন) দ্বীপৰ ওপৰত নিয়ন্ত্ৰণ থকা ফ্ৰান্সে ১৭১৫ চনত মৰিচাছক নিজৰ অন্তৰ্ভুক্ত কৰি আইল ডি ফ্ৰান্স (ফ্ৰান্স দ্বীপ) নামেৰে নামাকৰণ কৰে। ফৰাচী শাসনৰ অধীনত এই দ্বীপটোৱে চেনি উৎপাদনৰ ওপৰত ভিত্তি কৰি এক সমৃদ্ধিশালী অৰ্থনীতি গঢ়ি তুলিছিল। এই অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল গৱৰ্ণৰ (গৱৰ্ণৰ) ফ্ৰান্সোৱা মাহে ডি লেবাৰডনেইছে।

মৰিছাছ দ্বীপত দদ' নামৰ এবিধ চৰাই আছিল। মৰিছাছ দ্বীপলৈ অহা জাহাজৰ নাবিকবোৰে এই দৌৰিব নোৱাৰা চৰাইবোৰ ধৰি ধৰি খাবলৈ ল'লে। মাৰিবলৈ সহজ বাবে নাবিকবোৰে প্ৰয়োজনতকৈ বেছিকৈ চৰাই মাৰিবলৈ ধৰাৰ ফলত কিছু বছৰৰ ভিতৰত দদ' চৰাই মৰিছাছ দ্বীপৰ পৰা সম্পূৰ্ন লোপ পালে।[13]

ভাষা, জাতীয়তা আৰু ধৰ্ম

[সম্পাদনা কৰক]

ঘৰত কোৱা ভাষা (২০২২)

[সম্পাদনা কৰক]
ভাষা শতাংশ
মাউৰিচিয়ান ক্ৰিঅ’ল ৯০.০%
ভোজপুৰী ৫.১%
ফৰাচী ৪.৪%
ইংৰাজী ০.৬%

জাতিগত গোট

[সম্পাদনা কৰক]
জাতি শতাংশ
ভাৰতীয় ৬৭%
ক্ৰিঅ’ল ২৮%
চীনা ৩%
ফৰাচী ২%

ধৰ্ম (২০২২)

[সম্পাদনা কৰক]
ধৰ্ম শতাংশ
হিন্দু ৪৭.৯%
খ্ৰীষ্টান ৩২.৩%
ইছলাম ১৮.২%
অন্যান্য / কোনো ধৰ্ম নাই ১.৬%

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Government Information Service – Coat of Arms". govmu.org. Archived from the original on 12 June 2020. https://web.archive.org/web/20200612094501/http://gis.govmu.org/English/About%20Mauritius/Pages/Coats-of-Arms.aspx। আহৰণ কৰা হৈছে: 29 July 2019. 
  2. "2025 treaty on the British Indian Ocean Territory/Chagos Archipelago". Parliament of the United Kingdom. 30 May 2025. https://commonslibrary.parliament.uk/research-briefings/cbp-10273/. 
  3. মৰিছাছৰ সংবিধানত কোনো অধিকাৰিক ভাষা উল্লেখ কৰা হোৱা নাই। কেৱল সংসদৰ ভাষা হিচাপে ইংৰাজী উল্লেখ কৰা হৈছে, যদিও সদস্যসকলে ফৰাচীতো বক্তব্য দিব পাৰে।
  4. 4.0 4.1 "Economic and Social Indicators". Statistics Mauritius. 18 November 2022. https://statsmauritius.govmu.org/Documents/Statistics/ESI/2022/EI1687/2022%20Population%20Census_Main%20Results_18112022.pdf। আহৰণ কৰা হৈছে: 22 April 2025. 
  5. "Africa: Mauritius". CIA. https://www.cia.gov/the-world-factbook/countries/mauritius/। আহৰণ কৰা হৈছে: 19 November 2023. 
  6. "2022 Housing and Population Census". Republic of Mauritius. May 2024. https://statsmauritius.govmu.org/Documents/Census_and_Surveys/Census2022/HPC_TR_Vol2_Demography_Yr22.pdf। আহৰণ কৰা হৈছে: 5 June 2024. :136–138
  7. "2022 Census". Statistics Mauritius. https://statsmauritius.govmu.org/Pages/Censuses%20and%20Surveys/Census/census_2022.aspx। আহৰণ কৰা হৈছে: 22 April 2025. 
  8. "2022 Population Census – Main Results". Statistics Mauritius. https://statsmauritius.govmu.org/Pages/Censuses%20and%20Surveys/Census/2022_Population_census_Main_results.aspx। আহৰণ কৰা হৈছে: 22 April 2025. 
  9. "World Economic Outlook Database, October 2024 Edition. (Mauritius)". International Monetary FundIMF.org. 10 October 2024. https://www.imf.org/en/Publications/WEO/weo-database/2024/October/weo-report?c=684,&s=NGDPD,PPPGDP,NGDPDPC,PPPPC,&sy=2022&ey=2029&ssm=0&scsm=1&scc=0&ssd=1&ssc=0&sic=0&sort=country&ds=.&br=1। আহৰণ কৰা হৈছে: 24 February 2025. 
  10. "GINI index (World Bank estimate) – Mauritius". World Bank. https://data.worldbank.org/indicator/SI.POV.GINI?locations=MU। আহৰণ কৰা হৈছে: 1 July 2020. 
  11. "Human Development Report 2025" (en ভাষাত). United Nations Development Programme. 6 May 2025. https://hdr.undp.org/system/files/documents/global-report-document/hdr2025reporten.pdf। আহৰণ কৰা হৈছে: 6 May 2025. 
  12. "মৰিছাছ: সাগৰৰ বুকুত ক্ষুদ্ৰ ভাৰত". nilacharai.com. Archived from the original on 2022-02-25. https://web.archive.org/web/20220225054402/https://nilacharai.com/mauritius-sagarar-bukut-khyudra-bharat/. 
  13. "সম্পদৰ সংৰক্ষন". dailyassam.com. https://www.dailyassam.com/2020/11/blog-post_19.html.