জেছি অ'ৱেন্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেছি অ’ৱেন্স

১৯৩৬ চনৰ অলিম্পিকত জেছি অ'ৱেন্স
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম জেম্ছ ক্লিভেলণ্ড অ’ৱেন্স
ৰাষ্ট্ৰীয়তা আমেৰিকান
জন্ম ১২ ছেপ্টেম্বৰ, ১৯১৩
অক’ভিল্লে, আলবামা, ইউ এচ
মৃত্যু ৩১ মাৰ্চ, ১৯৮০ (৬৬ বছৰ)
টুষ্কন, আৰিজানা, ইউ এচ
উচ্চতা 5 ফুট সাঁচ:Convert/and/fra1 ইঞ্চি (180 cm)[1]
ওজন 165 পাউণ্ড (৭৫ কেজি)
ক্ৰীড়া
ক্ৰীড়া ট্ৰেক এণ্ড ফিল্ড
শিতান স্প্ৰিণ্ট, লং জাম্প

জেম্ছ ক্লিভেলণ্ড ‘জেছি’ অ’ৱেন্স (ইংৰাজী: James Cleveland "Jesse" Owens) (১২ ছেপ্টেম্বৰ, ১৯১৩ – ৩১ মাৰ্চ, ১৯৮০) এগৰাকী আমেৰিকান ট্ৰেক এণ্ড ফিল্ড এথলিট আৰু চাৰিটা সোণৰ পদক বিজয়ী অলিম্পিয়ান। অ’ৱেন্সে মূলতে দৌৰ আৰু লং জাম্প খেলত ভাগ লৈছিল আৰু তেখেতক ‘সম্ভৱত: ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ আটাইতকৈ মহান আৰু খ্যাতিমান এথলিট’ আখ্যা দিয়া হয়।[2] ১৯৩৫ চনত তেখেতে ‘বিগ টেন ইভেণ্ট’-ত এঘণ্টাতকৈ কম সময়ৰ ভিতৰতে তিনিটা বেলেগ বেলেগ খেলত বিশ্ব ৰেকৰ্ড কৰাৰ ঘটনাটোক ‘খেলজগতৰ শ্ৰেষ্ঠতম ৪৫ মিনিট’ বুলি কোৱা হয়।[3] এনে কীৰ্তিমান পাছলৈ কোনেও লভিবলৈ সক্ষম হোৱা নাই। ১৯৩৬ চনত জাৰ্মানীবাৰ্লিনত অনুষ্ঠিত হোৱা অলিম্পিক খেলত অ’ৱেন্সে চাৰিটা সোণৰ পদক লাভ কৰিছিল। খেলসমূহ আছিল ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, লং জাম্প আৰু ৪x১০০ মিটাৰ দৌৰ। এই অলিম্পিকত তেখেত আছিল অত্যন্ত সফল খেলুৱৈ আৰু তেখেতে হিটলাৰে বিশ্বাস কৰা 'আৰ্য্য উচ্চাত্মিকাবাদ'ত তীব্ৰ আঘাত হানিছিল।[4]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেক এণ্ড ফিল্ড শিতানৰ সৰ্ব্বোচ্চ সন্মানক তেখেতৰ নামেৰে জেছি অ’ৱেন্স পুৰস্কাৰ বোলা হয়। ESPN চেনেলৰ দ্বাৰা প্ৰচাৰিত এক অনুষ্ঠানত তেখেতক বিংশ শতিকাৰ উত্তৰ আমেৰিকাৰ ষষ্ঠতম শীৰ্ষ খেলুৱৈ হিচাপে স্থান দিয়া হৈছে। এথলেটিক্ছত তেখেতৰ স্থান আছিল শীৰ্ষত।[5]

জন্ম আৰু শৈশৱ[সম্পাদনা কৰক]

১৯১৩ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলাবামা ৰাজ্যৰ এখন সৰু চহৰত জন্ম লৈছিল জেছি অ’ৱেন্সৰ জন্ম হৈছিল। পিতৃ হেন্ৰি ক্লিভলেণ্ড অ’ৱেন্স আৰু মাতৃ মেৰী এমা ফিটজেৰাল্ড আছিল কপাহ পামৰ কৰ্মচাৰী। জেছিৰ সৈতে পৰিয়ালটোৰ সতি-সন্ততি আছিল দহটা। সাত বছৰ বয়সত জেছিয়েকপাহ তোলাৰ কাম লৈছিল। দিনটোত এশ পাউণ্ড কপাহ তুলি দিয়াটো আছিল বাধ্যতামূলক।

জেছিৰ ন বছৰ বয়সত পিতৃ হেন্ৰি ক্লিভলেণ্ডে ‘বিশাল প্ৰব্ৰজন’ৰ অংশ ৰূপে আমেৰিকাৰ অহায়ো ৰাজ্যৰ ক্লিভলেণ্ড চহৰলৈ গুচি আহিছিল আৰু তীখা কাৰখানাত শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ক্লিভলেণ্ড চহৰতে জেছিক স্কুলত ভৰ্তি কৰি দিয়া হৈছিল। ককায়েকহঁতে তীখা কাৰখানাত চাকৰি লৈছিল।

স্কুলত নাম-ভৰ্তিৰ সময়ত শিক্ষয়িত্ৰীয়ে নামটো সোধোঁতে, জেছিয়ে পিতৃ-মাতৃ প্ৰদত্ত নাম জেম্ছ ক্লিভলেণ্ড অ’ৱেন্স, চমুকৈ জে. চি. অ’ৱেন্স বুলি কৈছিল। কিন্তু শিক্ষয়িত্ৰী গৰাকীয়ে জেম্ছৰ উচ্চাৰণ ভালকৈ বুজিব নোৱাৰি স্কুলৰ বহীত জেছি অ’ৱেন্স বুলি নাম লিখে।

কিশোৰ জেছিয়ে পঢ়া-শুনাৰ মাজতে সময় উলিয়াই কেতিয়াবা জোতা মেৰামতি, কেতিয়াবা মাল টনা শ্ৰমিকৰ কাম কৰি দুপইচা উপাৰ্জন কৰিছিল। স্কুলত পঢ়ি থকা কালতেই খেলত জেছিৰ প্ৰতিভা প্ৰশিক্ষক চাৰ্লচ ৰাইলী-ৰ চকুত পৰে, আৰু জেছিক প্ৰশিক্ষণৰ বাবে সুবিধা কৰি দিয়ে।

খেলুৱৈ জীৱন[সম্পাদনা কৰক]

স্কুলত পঢ়া কালতেই জেছিয়ে বিভিন্ন আন্তৰাজ্যিক প্ৰতিযোগিতাত এথলেটিকছ্ত অংশ লৈ তেওঁ বিজয়ী হৈছিল। এথ্লেটিক্ছ ক্ৰীড়াৰ প্ৰায়ভাগ ইভেণ্টতে অংশগ্ৰহণ কৰিলেও জেছিৰ প্ৰিয় আছিল দৌৰ। ক্ষিপ্ৰ গতিৰ বাবে জেছিৰ তুলনা কৰা হৈছিল বন্দুকৰ গুলীৰ সতে, আৰু তেখেতক ‘বাকআইড বুলেট’ বুলি জনা গৈছিল। হাইস্কুলীয়া কালতে জেছিয়ে ৰাষ্ট্ৰীয় হাইস্কুল প্ৰতিযোগিতা-ত ১০০ মিটাৰ দৌৰৰ বিশ্ব-ৰেকৰ্ডৰ সমতা স্থাপন কৰিছিল।

Owens performing the long jump at the Olympics.

খেলুৱৈ হিচাপে জেছিয়ে অহায়’ বিশ্ববিদ্যালয়ত পঢ়িবলৈ সুযোগ পায়। অৱশ্যে কৃষ্ণাংগ হোৱাৰ বাবে তেখেতে বিশ্ববিদ্যালয় চৌহদত থাকিবলৈ সুবিধা পোৱা নাছিল, লগতে খেলৰ বাবে থকা বৃত্তিও তেওঁ পোৱা নাছিল। কিন্তু ৰাষ্ট্ৰীয় কলেজ এথ্লেটিক্ছ খেল-ত জেছিয়ে ক্ৰমান্বয়ে দুটা বছৰত মুঠতে আঠোটা পদক লভি এক সুদীৰ্ঘ ৰেকৰ্ড স্থাপন কৰিছিল। এই ৰেকৰ্ড ২০০৬ চনতহে ভংগ হৈছিল।

জেছিৰ ক্ৰীড়া জীৱনৰ আটাইতকৈ সফল দিনটো আছিল ১৯৩৫ চনৰ ২৫ মে। মিচিগান ৰাজ্যৰ এন এৰ্বৰ-ত অনুষ্ঠিত ‘বিগ টেন’ ক্ৰীড়া অনুষ্ঠানত জেছিয়ে লাভ কৰিছিল চাৰিটা সোণৰ পদক। তাৰে তিনিটাই প্ৰতিস্থিত বিশ্ব ৰেকৰ্ড ভংগ কৰিছিল আৰু চতুৰ্থটোৱে বিশ্ব-ৰেকৰ্ড স্পৰ্শ কৰিছিল। লং জাম্প, ২২০ য়াৰ্ড দৌৰ, আৰু ২২০ য়াৰ্ড ল’ হাৰ্ডলছ দৌৰত জেছিয়ে বিশ্ব-ৰেকৰ্ড স্থাপন কৰিছিল। ১০০ য়াৰ্ড দৌৰত তেওঁ স্পৰ্শ কৰিছিল ইতিপূৰ্বে স্থাপিত ৰেকৰ্ড। এই সকলোখিনি হৈছিল ৪৫ মিনিটৰ ভিতৰতে। এই্ ৪৫ মিনিট সময়ক এথ্লেটিক্ছৰ ইতিহাসৰ আটাইতকৈ আকৰ্ষণীয় সাফল্য বুলি অভিহিত কৰা হৈছে।

১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকলৈ জেছি নিৰ্বাচিত হয়। কিন্তু, ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিক খেলক লৈ আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া। জাৰ্মানীৰ শাসক হিটলাৰে অলিম্পিক খেলৰ যোগেদি আৰ্যসকল যে সকলো দিশতে আন জাতিতকৈ উৰ্ধত তাকে বুজাব খুজিছিল।

বাৰ্লিন অলিম্পিকত জেছিয়ে ১০০ মিটাৰ দৌৰত ১০.৩ মিনিটেৰে প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছিল। চাৰি আগষ্টত ২৬ ফুট ৫ ইঞ্চিৰ সুদীৰ্ঘ জাঁপেৰে লং-জাম্পত জেছিয়ে সোণৰ পদক অৰ্জন কৰিছিল। পাঁচ আগষ্টত সোণৰ পদক লাভ কৰিছিল ২০০ মিটাৰ দৌৰত বিজয়ী হৈ। ন আগষ্টৰ দিনা ১x১০০ মিটাৰ ৰিলে দৌৰৰ বাবে দলীয় ভাৱে জেছিয়ে চতুৰ্থটো সোণৰ পদক লাভ কৰে।

Jesse Owens on the podium after winning the long jump at the 1936 Summer Olympics. L-R, Naoto Tajima, Owens, Luz Long.

অলিম্পিকৰ ঠিক আগে আগে প্ৰখ্যাত খেল-সামগ্ৰী নিৰ্মাণ কোম্পানী এডিডাছ-ৰ মালিকে আহি জেছিক খেলৰ বাবে এডিডাছৰ জোতা পিন্ধিবলৈ সৈমান কৰিছিল। কৃষ্ণাংগ খেলুৱৈ হিচাপে জেছিয়েও প্ৰথম কোনো কোম্পানীৰ স্পনছৰ লাভ কৰিছিল।

হিটলাৰ আৰু জেছি[সম্পাদনা কৰক]

হিটলাৰে কৃষ্ণাংগ খেলুৱৈ এজনে সকলোকে পৰাজিত কৰাটো পছন্দ কৰা নাছিল। হিটলাৰে জেছিক সৌহাৰ্দসূচক কোনো অভিনন্দন জনোৱা নাছিল। জেছিক পদক দিয়াৰ আগে আগেই হিটলাৰে দৰ্শক আসন এৰি গৈছিল। কিন্তু জেছিৰ মন্তব্য অনুসৰি, হিটলাৰে সদায় এক নিৰ্দিষ্ট সময়ৰ বাবেহে ষ্টেডিয়ামলৈ আহিছিল। পদক প্ৰদানৰ আগে আগে হিটলাৰ যোৱাৰ সময় হোৱা বাবেহে তেওঁ ওলাই গৈছিল। জেছিয়ে আৰু কৈছিল যে এবাৰ ষ্টেডিয়ামৰ দুৱাৰমুখত জেছিক দেখি হিটলাৰে দূৰৰপৰাই হাত জোঁকাৰি অভিনন্দন জনাইছিল। ছিফ্ৰিড মিছনাৰ নামৰ এগৰাকী জাৰ্মান সাংবাদিকে দাবী কৰা মতে হিটলাৰে পদক মঞ্চৰ পাছফালে জেছিক অভিনন্দন জনাই কৰমৰ্দন কৰিছিল। জেছিৰ হাতত সেই মুহূৰ্তৰ এখন ফটোগ্ৰাফো আছিল। জেছিয়ে নিজেই তেখেতক সেই ছবিখন দেখুৱাই প্ৰকৃত কথাটো পোহৰলৈ অনাৰ বাবে চেষ্টাও কৰিছিল। এগৰাকী সন্মানীয় আমেৰিকান পাইলটেও পাছত হিটলাৰে জেছিক কৰমৰ্দন কৰা দেখা বুলি জনাইছিল। বাল্টিম’ৰ ছান কাকতত ১৯৩৬ চনত প্ৰকাশিত এক লেখাত হিটলাৰে জেছিলৈ সন্মানসূচকভাৱে নিজৰ ছবি এখন প্ৰেৰণ কৰাৰো বতৰা আছে। জেছিৰ অনবদ্য ক্ৰীড়া-শৈলীক হয়তো হিটলাৰৰ অহংকাৰী মনটোৱেও সন্মান জনাইছিল।

অলিম্পিকৰ পাছৰ জীৱন[সম্পাদনা কৰক]

অলিম্পিকৰ ঠিক পাছতে অলিম্পিকৰ সকলো তাৰকা খেলুৱৈক লৈ আমেৰিকাৰ অলিম্পিক সমিতিয়ে ইউৰোপৰ বিভিন্ন স্থানত প্ৰদৰ্শনীমূলক ক্ৰীড়াত ভাগ লোৱাৰ পৰিকল্পনা কৰিছিল। অলিম্পিকৰ প্ৰশিক্ষণ আৰু ভ্ৰমণত ব্যয় হোৱা ধন এনে প্ৰদৰ্শনীমূলক খেলৰপৰা আহৰণ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছিল। কিন্তু জেছিয়ে এনে খেলত অংশ ল’বলৈ অমান্তি হৈছিল। তেখেতে বিচাৰিছিল অলিম্পিকত লাভ কৰা জনপ্ৰিয়তাৰে নিজ দেশলৈ উভতি গৈ খেলত অংশ লৈ নিজৰ বাবে কিছু আৰ্থিক উপাৰ্জন কৰি লোৱাটো। অলিম্পিক

Jesse Owens on a 1971 UAE stamp

কিন্তু, অলিম্পিক সন্থাৰ অধীনত খেলিবলৈ অমান্তি হোৱাৰ দোষত আমেৰিকাৰ ক্ৰীড়া প্ৰাধিকৰণে জেছিৰ অপেচাদাৰী খেলুৱৈৰ অনুজ্ঞা পত্ৰ বাতিল কৰিছিল। ইয়াৰ বাবে জেছিৰ খেলুৱৈ জীৱনৰ পৰিসমাপ্তি হয়। বিভিন্ন আমোদ দৌৰত অংশ লৈ জেছিয়ে পইচা সংগ্ৰহ কৰিবলগীয়া হৈছিল। কোনো এখন ঠাইৰ দৌৰবিদ সকলৰ লগত তেওঁ ১০ গজ পিছত থাকি দৌৰিছিল প্ৰথম হৈছিল, কেতিয়াবা ঘোঁৰাৰ বিপৰীতে, বা কেতিয়াবা গাড়ীৰ বিপৰীতে দৌৰ প্ৰতিযোগিতাত অংশ লৈ জেছিয়ে পৰিয়াল চলাইছিল।

অলিম্পিকৰ পাছৰ দহটা বছৰ জেছিয়ে এনেদৰে বিভিন্ন কাম কৰি নিজৰ আৰু পৰিয়ালৰ পেট প্ৰৱৰ্তাব লাগিছিল। বিভিন্ন সৰু-বৰ কামৰ মাজত আছিল ড্ৰাই ক্লিনিঙৰ ব্যৱসায়, পেট্ৰ’ল (গেছ) ষ্টেচনত সহায়কাৰী ইত্যাদি। তেওঁ মাজতে কৃষ্ণাংগ খেলুৱৈৰে এটা বাস্কেট বল ফ্ৰেঞ্চাইছীও খুলিছিল যদিও দুমাহতে সেইটো বন্ধ হৈ যায়। তেখেতে এখন যৌন-শিক্ষা বিষয়ক চিনেমা Mom and Dad-ৰ প্ৰচাৰক হিচাপেও কাম কৰিছিল।

জেছিয়ে ১৯৩৬ চনত ৰিপাব্লিকান পাৰ্টিত যোগদান কৰে, আৰু সেই পাৰ্টিৰ হৈ এল্ফ লণ্ডনৰ বাবে কৃষ্ণাংগসকলৰ মাজত প্ৰচাৰ চলায়। কিন্তু যেনেকৈয়ে নহওক, জেছিয়ে পৰিয়ালৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰাব পৰা নাছিল। বাৰ্লিক অলিম্পিকত লাভ কৰা ধনৰ আয়কৰ দিবলৈও তেওঁ অসমৰ্থ হৈছিল, আৰু কৰ-ফাঁকিৰ গোচৰত পৰিবলগীয়া হয়। ১৯৩৯ চনত জেছিয়ে নিজকে দেউলীয়া ঘোষণা কৰে। ১৯৫৯ চনটো জেছিৰ ওপৰত কৰ-ফাঁকিৰ গোচৰ চলে।

পাছলৈ জেছিয়ে আফ্ৰিকান-আমেৰিকান যুৱ আৰু কিশোৰৰ শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিৰ বাবে বিদ্যালয় আদিত বক্তৃতা দিবলৈ আৰম্ভ কৰে। পাছৰ জীৱনত জেছি অ’ৱেন্স-ৰ মূল জীৱিকা আছিল বক্তৃতা প্ৰদান। ১৯৬০ চনৰ বৰ্ণ-বৈষম্যতা আৰু পৃথক্কৰণ সম্পূৰ্ণৰূপে অবৈধ হোৱাৰ পাছত অ’ৱেন্সে আমেৰিকান চৰকাৰৰ হৈ বিভিন্ন কোম্পানী, আৰু দেশতো বৰ্ণ-বৈষম্যতাৰ বিৰূদ্ধে বক্তৃতা দিবলৈ যায়।

১৯৭৬ চনত তেখেতক আমেৰিকাৰ সৰ্ব্বোচ্চ অসামৰিক অসন্মান ‘ৰাষ্ট্ৰপতিৰ স্বাধীনতাৰ মেডেল’ প্ৰদান কৰা হয়। ১৯৯০ চনত তেখেতক মৰণোত্তৰভাৱে আমেৰিকাৰ আন এটা সৰ্ব্বোচ্চ অসামৰিক সন্মান ‘কংগ্ৰেছনেল গ’ল্ড মেডেল’ প্ৰদান কৰা হয়। ১৯৮১ চনৰপৰা আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ ট্ৰেক এণ্ড ফিল্ড খেলুৱৈক দিয়া সন্মানৰ নাম ৰখা হয় ‘জেছি অৱেনছ এৱাৰ্ড। ’

মৃত্যু[সম্পাদনা কৰক]

১৯৭৯ চনৰ ৩১ মাৰ্চ তাৰিখে এৰিজ’নাৰ টাস্কান চহৰত হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগি থকা জেছি অ’ৱেন্সৰ মৃত্যু হয়। জেছি অ’ৱেন্সে প্ৰায় ৩৬ বছৰ ধৰি নিয়মিত চিগাৰেট সেৱন কৰিছিল। মৃত্যুৰ সময়ত তেওঁ ৪৯ বছৰৰ দাম্পত্য সংগী, পত্নী মিনি ৰুথ ছ’ল’ম’ন আৰু তিনিগৰাকী জীয়ৰী এৰি থৈ যায়।

বৰ্ণ বৈষম্য[সম্পাদনা কৰক]

সেই সময়ত আমেৰিকাত প্ৰচলিত 'বৰ্ণ বৈষম্যতা'ৰ প্ৰভাৱ জেছিৰ জীৱনত পৰিছিল। কৃষ্ণাংগ হোৱা বাবেই অহায়' বিশ্ববিদ্যালয়ত তেখেতক চৌহদত থাকিবলৈ অনুমতি পোৱা নাছিল, লগতে বৃত্তিও লাভ কৰা নাছিল। অলিম্পিকত পদক জয় কৰি অহাৰ পাছতো জেছিয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। জেছিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও তেখেতক অৱজ্ঞা কৰিছিল বুলি পাছলৈ কৈ গৈছে। অৱশ্যে ১৯৬০ চনৰ সংবিধান সংস্কাৰৰ পাছত জেছিয়ে প্ৰাপ্য সন্মান ঘূৰাই পায়।

উত্তৰাধিকাৰ[সম্পাদনা কৰক]

জীৱনকালত একেবাৰে শেষ সময়তহে আমেৰিকাৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা জেছি অ’ৱেন্সক বৰ্তমান আমেৰিকাৰ এক মহান ব্যক্তিৰ স্থান দিয়া হৈছে। ১৯৭৬ চনত তেখেতক আমেৰিকাৰ সৰ্ব্বোচ্চ অসামৰিক অসন্মান ‘ৰাষ্ট্ৰপতিৰ স্বাধীনতাৰ মেডেল’ প্ৰদান কৰা হয়। ১৯৯০ চনত তেখেতক মৰণোত্তৰভাৱে আমেৰিকাৰ আন এটা সৰ্ব্বোচ্চ অসামৰিক সন্মান ‘কংগ্ৰেছনেল গ’ল্ড মেডেল’ প্ৰদান কৰা হয়। ১৯৮১ চনৰপৰা আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ ট্ৰেক এণ্ড ফিল্ড খেলুৱৈক দিয়া সন্মানৰ নাম ৰখা হয় ‘জেছি অৱেনছ এৱাৰ্ড। ’

পদক আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৩৬ চনত চাৰিটা অক গছৰ পুলি জেছিৰ সন্মানত আমেৰিকাৰ চাৰি ঠাইত ৰোৱা হয়। ইয়াৰ এটা তেখেতৰ মাকৰ ঘৰত ৰোৱা হৈCiল।[6]
  • ১৯৭০, Alabama Sports Hall of Fame-ত অন্তৰ্ভুক্তি
  • ১৯৭৬, Presidential Medal of Freedom প্ৰদান
  • ১৯৭৬, ১৯৩৬-ৰ বাৰ্লিন অলিম্পিকত বৰ্ণ-বৈষম্যতাৰ বিৰূদ্ধে তেখেতে দাঙি ধৰা প্ৰদৰ্শনৰ বাবে অলিম্পিক অৰ্ডাৰ সন্মান দিয়া হয়।
  • ১৯৮০, Antonín Mrkos-ৰ দ্বাৰা আৱিষ্কৃত এক গ্ৰহখণ্ডৰ নাম তেখেতৰ নামেৰে 6758 Jesseowens ৰখা হয়।
  • ১৯৮১, USA Track and Field প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক প্ৰদান কৰা বঁটাক Jesse Owens Award নাম দিয়া হয়।
  • ১৯৮৪, তেখেতৰ জীৱন আধাৰিত The Jesse Owens Story নামৰ তথ্যচিত্ৰ খনে এমি সন্মান লাভ কৰে।
  • ১৯৮৪ বাৰ্লিন অলিম্পিক ষ্টেডিয়াম-ৰ কাষৰ এটা ৰাস্তাক Jesse-Owens-Allee হিচাপে নামকৰণ কৰা হয়
  • ১৯৯০, মৰণোত্তৰ ভাৱে Congressional Gold Medal প্ৰদান কৰা হয়।
  • ১৯৯০, ১৯৯৮ জেছি অ’ৱেন্সৰ স্মৃতিক দুটা ডাক টিকট প্ৰণয়ন কৰা হয়।
  • ১৯৯৬ চনত অ’ৱেন্সৰ জন্ম চহৰ অ'লভিল, এলাবামাৰ এখন পাৰ্ক Jesse Owens Memorial Park হিচাপে নামকৰণ কৰা হয়। তেখেতৰ সন্মানত একেটা বৰ্ষতে অলিম্পিক শিখা সেই ঠাইৰ মাজেৰে কঢ়িয়াই অনা হয়।
  • ২০০২, Molefi Kete Asante-ৰ দ্বাৰা প্ৰণীত তালিকাত জেছি অ’ৱেন্সক এশগৰাকী মহান আমেৰিকান-ৰ ভিতৰত ৰখা হয়।[7]
  • ২০০৯, বাৰ্লিনত অনুষ্ঠিত World Championships in Athletics-ত সকলো সদস্যই তেখেতৰ নামৰ প্ৰথম আখৰ খোদিত 'JO' বেজ পৰিধান কৰে।[8]
  • ২০০৯ চনত ফৰাচী ভাষাত ৰচিত এক উপন্যাসত জেছি অ’ৱেন্সৰ বাৰ্লিন অলিম্পিকৰ সময়ছোৱাক উপজীৱ্য হিচাপে লোৱা হয়। 'বাৰ্লিন৩৬' নামৰ এই উপন্যাসৰ ৰচয়িতা আলেক্সেণ্ডাৰ নাজ্জাৰ।
  • ২০১৪, জেছি অ’ৱেন্সৰ জীৱনৰ ওপৰত আধাৰিত কাহিনী চিত্ৰ Race-ৰ চিত্ৰগ্ৰহণ আৰম্ভ হয়। ছবিখনত চ্টিফেন জেম্ছে জেছিৰ ভূমিকাত অভিনয় কৰিছে।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Edmondson, Jacqueline (2007). Jesse Owens: A Biography. প্ৰকাশক USA: Greenwood Publishing Group. পৃষ্ঠা. 29. http://books.google.co.nz/books?id=ngxJ7XqMqTEC&printsec=frontcover#v=onepage&q&f=true। আহৰণ কৰা হৈছে: 6 September 2014. 
  2. Litsky, Frank (1980), Jesse Owens Dies Of Cancer at 66, প্ৰকাশক New York Times, http://www.nytimes.com/learning/general/onthisday/bday/0912.html, আহৰণ কৰা হৈছে: March 23, 2014 
  3. Rothschild, Richard (May 24, 2010). "Greatest 45 minutes ever in sports". Sports Illustrated.com. http://sportsillustrated.cnn.com/2010/more/05/24/owens.record.day/। আহৰণ কৰা হৈছে: March 23, 2014. 
  4. Schwartz, Larry (2000). "Owens Pierced A Myth". ESPN. ESPN Internet Ventures. Archived from the original on July 6, 2000. https://web.archive.org/web/20000706211910/http://espn.go.com/sportscentury/features/00016393.html। আহৰণ কৰা হৈছে: July 6, 2000. 
  5. "Top N. American athletes of the century". ESPN.com. https://espn.go.com/sportscentury/athletes.html। আহৰণ কৰা হৈছে: March 23, 2014. 
  6. Deitch, Linda (2011-10-07). "Did Jesse Owens plant a tree at OSU?". The Colombus Dispatch. Archived from the original on 2012-11-30. https://web.archive.org/web/20121130082333/http://www.dispatch.com/content/blogs/a-look-back/2011/10/did-jesse-owens-plant-a-tree-at-osu.html। আহৰণ কৰা হৈছে: 2013-08-05. 
  7. Asante, Molefi Kete (2002). 100 Greatest African Americans: A Biographical Encyclopedia. Amherst, New York. Prometheus Books. ISBN 1-57392-963-8.
  8. "12th IAAF World Championships in Athletics – Berlin 2009 – Owens and Long families to meet at Owens exhibition in Berlin". Berlin.iaaf.org. Archived from the original on November 5, 2010. https://web.archive.org/web/20101105140826/http://berlin.iaaf.org/news/kind%3D100/newsid%3D53668.html। আহৰণ কৰা হৈছে: June 15, 2010. 
  9. Kit, Borys (July 16, 2014). "Jason Sudeikis, Jeremy Irons Join Jesse Owens Drama 'Race'". hollywoodreporter.com. http://www.hollywoodreporter.com/news/jason-sudeikis-jeremy-irons-join-719042। আহৰণ কৰা হৈছে: July 28, 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]