সমললৈ যাওক

মহেশ ভূপতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহেশ ভূপতি

২০০৯ ইউএছ অপেনত মহেশ ভূপতি
সম্পূৰ্ণ নাম মহেশ শ্ৰীনিবাস ভূপতি
দেশ  ভাৰত
জন্ম ৭ জুন, ১৯৭৪ (৫১ বছৰ)
Chennai, India
উচ্চতা 1.85 মিটাৰ (U=ft}})
মহাবিদ্যালয় Ole Miss
পেচা গ্ৰহণ 1995
অৱসৰ গ্ৰহণ 2016
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি $6,665,907[1]
একক
কেৰিয়াৰৰ অভিলেখ 10–28
কেৰিয়াৰৰ খিতাপ 0
সৰ্ব্বোচ্চ ৰেংকিং No. 217 (2 February 1998)
গ্ৰেণ্ড শ্লাম একক পৰিসংখ্যা
অষ্ট্ৰেলিয়ান অ'পেন Q2 (1998)
ফ্ৰেন্স অ'পেন Q3 (1996, 1999)
উইম্বলডন 1R (1997, 1998, 2000)
ইউ এছ অ’পেন 1R (1995)
দ্বৈত
কেৰিয়াৰৰ অভিলেখ 687–364
কেৰিয়াৰৰ খিতাপ 52
সৰ্ব্বোচ্চ ৰেংকিং No. 1 (26 April 1999)
গ্ৰেণ্ড শ্লাম দ্বৈত পৰিসংখ্যা
অষ্ট্ৰেলিয়ান অ'পেন F (1999, 2009, 2011)
ফ্ৰেন্স অ'পেন W (1999, 2001)
উইম্বলডন W (1999)
ইউ এছ অ’পেন W (2002)
আন দ্বৈত প্ৰতিযোগিতা
এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলচ্‌ F (1997, 1999, 2000, 2010, 2012)
অলিম্পিক SF – 4th (2004)
মিক্সড্ ডাবলচ্‌
কেৰিয়াৰ অভিলেখ 115–53
কেৰিয়াৰ খিটাপ 8
গ্ৰেণ্ড শ্লাম মিক্সড্ ডাবলচ্‌ পৰিসংখ্যা
অষ্ট্ৰেলিয়ান অ'পেন W (2006, 2009)
ফ্ৰেন্স অ'পেন W (1997, 2012)
উইম্বলডন W (2002, 2005)
ইউ এছ অ’পেন W (1999, 2005)
14 November 2016ত শেষবাৰ আপডেট কৰা হৈছে।

মহেশ শ্ৰীনিবাস ভূপতি (ইংৰাজী: Mahesh Shrinivas Bhupathi; জন্ম: ৭ জুন ১৯৭৪) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় পেছাদাৰী টেনিছ খেলুৱৈ। ১৯৯৭ চনত, তেওঁ গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট (ৰিকা হীৰাকীৰ সৈতে) জয় কৰা প্ৰথম ভাৰতীয়। ২০০৬ চনত অষ্ট্ৰেলিয়ান অপেন মিক্সড ডাবলছত জয়লাভ কৰাৰ লগে লগে তেওঁ মিক্সড ডাবলছত কেৰিয়াৰ গ্ৰেণ্ড শ্লেম অৰ্জন কৰা আঠজন টেনিছ খেলুৱৈৰ অভিজাত গোটত যোগদান কৰে। তেওঁ আন্তৰ্জাতিক প্ৰিমিয়াৰ টেনিছ লীগৰ প্ৰতিষ্ঠাপক। ২০১৬ চনৰ ডিচেম্বৰত, ভূপতিক ভাৰতৰ পৰৱৰ্তী অ-খেলুৱৈ ডেভিছ কাপৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৭ চনৰ ফেব্ৰুৱাৰীত তেওঁ আনন্দ অমৃতৰাজৰ পৰা শাসনভাৰ গ্ৰহণ কৰে।[2] নাডালৰ মতে, তেওঁৰ শক্তিশালী বেকহেণ্ডে তেওঁক এড ক'ৰ্টখেলুৱৈৰ বাবে সৰ্বশ্ৰেষ্ঠ কৰি তোলে। ৰ'জাৰ ফেডেৰাৰৰে তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে প্ৰশংসা কৰে।[3]

লিয়েণ্ডাৰ পেজৰ সৈতে ভূপতিৰ অংশগ্ৰহণৰ ইতিহাস

[সম্পাদনা কৰক]
ভূপতি (সোঁ হাতে) আৰু লিয়েণ্ডাৰ পেজ

২০০৮ চনত বেইজিংত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত ভুপতি আৰু লিয়েণ্ডাৰ পেজ একেলগে ডাবলচ পাৰ্টনাৰ হিচাপে অংশগ্ৰহণ কৰিছিল, কিন্তু কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছিল।[4] ছুইজাৰলেণ্ডৰ ৰ'জাৰ ফেডেৰাৰ আৰু ষ্টেনিস্লাছ ৱাৱৰিঙ্কাই সেই খেলত সোণৰ পদক জিকিছিল।[5] লিয়েণ্ডাৰ পেজ আৰু ভূপতিয়ে অষ্ট্ৰেলিয়ান অপেন ২০১১ত পুনৰ দলবদ্ধ হোৱাৰ সিদ্ধান্ত লয়, যাৰ ফলত এটিপিত তেওঁলোকৰ ন বছৰৰ পৃথক্কৰণ সমাপ্ত হয়। তেওঁলোকে ইভেণ্টৰ ফাইনেলত উপনীত হৈছিল,[6][7] কিন্তু আমেৰিকান যমজ ভাতৃদ্বয় বব আৰু মাইক ব্ৰাইনৰ হাতত পৰাজিত হৈছিল।[8] লিয়েণ্ডাৰ পেজ সেই সময়ত কৈছিল যে তেওঁলোকৰ বন্ধুত্ব ঘূৰাই পোৱাটোৱেই সৰ্বশ্ৰেষ্ঠ কথা।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০১ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। ভূপতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিচিপি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। তেওঁ গ্লোবোস্পোৰ্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক যিটো তেওঁ ২০০২ চনত ক্ৰীড়া আৰু মনোৰঞ্জন সংস্থা হিচাপে আৰম্ভ কৰিছিল।[10]

তেওঁ ২০০২ চনত মডেল শ্বেতা জয়শংকৰক বিয়া কৰাইছিল কিন্তু বিবাহৰ সাত বছৰৰ পিছত ২০০৯ চনত দম্পত্তী হালৰ বিবাহ বিচ্ছেদ হৈছিল।[11] তাৰ পিছত তেওঁ মুম্বাইৰ বান্দ্ৰাত ১৬ ফেব্ৰুৱাৰী ২০১১ তাৰিখে এক অসামৰিক অনুষ্ঠানত মিছ ইউনিভাৰ্ছ ২০০০ লাৰা দত্তক বিয়া কৰায়।[12] ইয়াৰ পিছত ২০ ফেব্ৰুৱাৰী ২০১১ তাৰিখে গোৱাত খ্ৰীষ্টান নিয়মত বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়।[13]

১ আগষ্ট ২০১১ তাৰিখে, দত্তই নিশ্চিত কৰিছিল যে তেওঁ তেওঁলোকৰ প্ৰথম সন্তানৰ সৈতে গৰ্ভৱতী আছিল। তেওঁলোকৰ ছোৱালী চাইৰাৰ জন্ম ২০ জানুৱাৰী ২০১২ ত হৈছিল।[14] ২০১০ চনত দম্পতীহালে বিগ ডেডী প্ৰডাকচন ছৱি নিৰ্মাণ প্ৰতিষ্ঠান এটা আৰম্ভ কৰে।[15]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Mahesh Bhupathi". ATP World Tour. http://www.atpworldtour.com/Tennis/Players/Top-Players/Mahesh-Bhupathi.aspx আহৰণ কৰা হৈছে: 2012-06-21.
  2. "Mahesh Bhupathi named India's non-playing Davis Cup captain". The Indian Express. http://indianexpress.com/article/sports/tennis/mahesh-bhupathi-india-davis-cup-captain-anand-amritraj-440013/ আহৰণ কৰা হৈছে: 21 June 2017.
  3. twtpofficial (29 June 2012). "TWTP - DOUBLES SPECIALIST (Roger Federer talks about Mahesh Bhupathi)". https://www.youtube.com/watch?v=imdi0_BLz40 আহৰণ কৰা হৈছে: 30 November 2016.
  4. 2008 Ordina Open Men's Doubles Draw[সংযোগবিহীন উৎস]
  5. "Federer leads Swiss to doubles gold". http://www.rediff.com/sports/2008/aug/16swiss.htm আহৰণ কৰা হৈছে: 17 August 2008.
  6. "Doubles pair Paes, Bhupathi to reunite". Australian Broadcasting Corporation. http://www.abc.net.au/news/stories/2010/11/21/3072309.htm আহৰণ কৰা হৈছে: 29 October 2010.
  7. Buddell, James (20 November 2010). "Bhupathi-Paes To Reunite in 2011 in Bid To Complete Career Grand Slam". ATPWorldTour.com. http://www.atpworldtour.com/News/Tennis/2010/11/46/Finals-Paes-Bhupathi-To-Reunite-In–2011.aspx আহৰণ কৰা হৈছে: 9 December 2010.
  8. Clarey, Christopher (29 January 2011). "Bryans Win Doubles Again". The New York Times. https://www.nytimes.com/2011/01/30/sports/tennis/30doubles.html.
  9. ATP World Tour Finals interview
  10. "Globosport India Private Limited: Private Company Information - Bloomberg". bloomberg.com. https://www.bloomberg.com/research/stocks/private/snapshot.asp?privcapId=44300383 আহৰণ কৰা হৈছে: 2018-06-26.
  11. Sinhl, Gauri (2 September 2002). "Shvetha & Mahesh? Why knot!". The Times of India. TNN. http://timesofindia.indiatimes.com/city/delhi-times/Shvetha-Mahesh-Why-knot/articleshow/20992167.cms.
  12. "Mahesh Bhupathi-Lara Dutta exchange wedding vows". English.samaylive.com. 19 February 2011. http://english.samaylive.com/entertainment-news/676482721/lara-dutta-mahesh-bhupathi-church-wedding-on-saturday.html আহৰণ কৰা হৈছে: 24 June 2011.
  13. "Mahesh Bhupathi and Lara Dutta exchange wedding vows". The Times of India. 20 February 2011. Archived from the original on 5 November 2013. https://web.archive.org/web/20131105131059/http://articles.timesofindia.indiatimes.com/2011-02-20/off-the-field/28625396_1.
  14. "Lara Dutta is pregnant!". The Times of India. 1 August 2011. Archived from the original on 2013-11-05. https://web.archive.org/web/20131105094741/http://articles.timesofindia.indiatimes.com/2011-08-01/news-interviews/29838384_1_lara-dutta-marriage-front-miss-universe.
  15. Ganguly, Prithwish (21 December 2010). "Lara, Mahesh start working together". The Times of India. Archived from the original on 23 August 2011. https://web.archive.org/web/20110823144855/http://articles.timesofindia.indiatimes.com/2010-12-21/news-interviews/28261659_1_lara-dutta-mahesh-and-lara-film.