গৌৰীশংকৰ কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌৰীশংকৰ কলিতা
জন্ম ১৯৫৫
সৰুপথাৰ
পেচা সাংবাদিক, বাতৰি কাকতৰ সম্পাদক
ৰাষ্ট্ৰীয়তা ভাৰতীয়

গৌৰীশংকৰ কলিতা অসমৰ এজন বিশিষ্ট সাংবাদিক আৰু কেইবাখনো বাতৰি কাকতৰ সম্পাদক আছিল৷ অসমীয়া আৰু ইংৰাজী উভয় সংবাদ-পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই ১৯৯০ চনতে ইংৰাজী ছেণ্টিনেল কাকতত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছত ক্ৰমে ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰে৷ মৃত্যুৰ সময়লৈকে তেওঁ ছেণ্টিনেল কাকতৰ মেঘালয় আৰু অৰুণাচল প্ৰদেশ সংস্কৰণৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই আছিল৷ ইয়াৰ আগতে তেওঁ নৰ্থ-ইষ্ট টাইমছ কাকতৰ কাৰ্যবাহী সম্পাদক, কনছালটিংৱ এডিটৰ আৰু জনসাধাৰণ কাকতৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷

গৌৰীশংকৰ কলিতাৰ কৰ্মৰাজি[সম্পাদনা কৰক]

১৯৭৫ চনত কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়৷ সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰাৰ আগতে তেওঁ অসম ৰাজ্যিক পণ্যাগাৰ বিভাগত কিছু কাল চাকৰি কৰিছিল৷

মৃত্যু[সম্পাদনা কৰক]

২০১০ চনৰ ৮ জুন তাৰিখে গুৱাহাটীৰ শান্তিপুৰৰ নিজা বাসভৱনত হৃদৰোগত আক্ৰান্তহৈ তেখেতৰ মৃত্যু হয়৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [1] Archived 2016-03-04 at the Wayback Machineআমাৰ অসম ৯ জুন ২০১০