সমললৈ যাওক

আতিশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আতিশী মাৰ্লেনা
আতিশী মাৰ্লেনা
২০১৭ চনত আতিশী
দিল্লীৰ অষ্টম মুখ্যমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২১ ছেপ্টেম্বৰ ২০২৪
উপ ৰাজ্যপাল বিনয় কুমাৰ সাক্সেনা
পূৰ্বসূৰী অৰবিন্দ কেজৰিৱাল
কেবিনেট মন্ত্ৰী, দিল্লী চৰকাৰ
কাৰ্যকাল
৯ মাৰ্চ ২০২৩  ১৭ ছেপ্টেম্বৰ ২০২৪
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
মন্ত্ৰণালয় আৰু বিভাগসমূহ
  • শিক্ষা
  • মহিলা আৰু শিশু কল্যাণ
  • সংস্কৃতি
  • পৰ্যটন
  • জনকল্যাণ
পূৰ্বসূৰী মণীষ সিসোদিয়া
দিল্লী বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১২ ফেব্ৰুৱাৰী ২০২০
পূৰ্বসূৰী অৱতাৰ সিং
সমষ্টি কাল্কাজী
ব্যক্তিগত তথ্য
জন্ম ৮ জুন, ১৯৮১ (৪৫ বছৰ)
দিল্লী, ভাৰত
ৰাজনৈতিক দল আম আদমি পাৰ্টি
দাম্পত্যসঙ্গী প্ৰৱীণ সিং[1]
শিক্ষা
  • দিল্লী বিশ্ববিদ্যালয় (স্নাতক)
  • অক্সফ’ৰ্ড বিশ্ববিদ্যালয় (স্নাতকোত্তৰ)
পেচা ৰাজনীতিবিদ
কেবিনেট আতিশী মন্ত্ৰীসভা


আতিশী মাৰ্লেনা সিং[2] (ইংৰাজী: Atishi, জন্ম: ৮ জুন ১৯৮১) এগৰাকী শিক্ষাবিদ, ৰাজনৈতিক তথা দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী।[3][4] তেওঁ আতিশী মাৰ্লেনা নামেৰে পৰিচিত। তেওঁ আম আদমি পাৰ্টীৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ সদস্য। আতিশী- এ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ উপদেষ্টা হিচাপেও ২০১৫ চনৰ জুলাই মাহৰ পৰা ১৭ এপ্ৰিল,২০১৮ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিছিল।[5]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

আতিশীৰ জন্ম হয় ৮ জুন,১৯৮১ ত এটা পাঞ্জাৱী ৰাজপুত[6] পৰিয়ালত। তেওঁৰ পিতৃ আছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক বিজয় সিং আৰু মাতৃ তৃপ্তা ৱাহি। মাক- দেউতাকে মাৰ্ক্স আৰু লেনিনৰ নাম মিশ্ৰিত কৰি আতিশীক মধ্য নাম "মাৰ্লিনা" দিছিল। ডাঙৰ হৈ অহাৰ পিছত তেওঁ নিজৰ সম্পূৰ্ণ নাম এৰি আতিশী নাম লয়। দিল্লীত ডাঙৰ দীঘল হৈ আৰু Springdales School ৰ পৰা হাইস্কুলীয়া শিক্ষা[7] গ্ৰহণ কৰাৰ পাছত ছেইণ্ট ষ্টিফেন কলেজ, দিল্লী-ৰ পৰা ২০০১ চনত স্নাতক ডিগ্ৰী লয়। পৰৱৰ্তী পৰ্যায়ত ২০০৩ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা "ইতিহাস" বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ২০০৫ চনত আতিশী অক্সফৰ্ডৰ মাগডালেন কলেজলৈ ৰোডছ স্কলাৰ হিচাপে যায়। মাৰ্লিনাই অন্ধ্ৰপ্ৰদেশৰ ঋষি ভেলী একাডেমিত কিছু দিন শিক্ষকতা কৰে। ২০০৬ চনত ভূপালৰ এখন সৰু গাঁৱত তেওঁ জৈৱিক পদ্ধতিৰ খেতি আৰু শিক্ষাৰ বিকাশৰ কামত জড়িত হৈ পৰিছিল।" Sambhavana Institute of Public Policy" নামৰ এটা স্বেচ্ছাসেৱী সংস্থাটো তেওঁ কিছুদিন কাম কৰিছিল।[8]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০১১ চনত যেতিয়া আম আদমি পাৰ্টী- এ যেতিয়া ৰাজধানী দিল্লীত দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰিছিল, তেতিয়া আতিশী আম আদমি পাৰ্টীৰ প্ৰতি আকৰ্ষিত হয়। ২০১৩ চনত তেওঁ বৰ্তমানৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত পাৰ্টীৰ বিভিন্ন নীতি প্ৰস্তুত কৰিছিল আৰু একে বছৰতে তেওঁক দলৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছিল।[9]

মাৰ্লিনা মধ্য প্ৰদেশৰ খাণ্ডৱা জিলাৰ জল সত্যাগ্ৰহৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল আৰু ঐতিহাসিক প্ৰতিবাদৰ সময়ত অলক আগৰৱালাৰ অভিযানৰ নেতৃত্ব দিয়া আপ নেতা আৰু কৰ্মীসকলক, লগতে ইয়াৰ পিছত হোৱা আইনী যুঁজৰ সময়ত সমৰ্থন আগবঢ়াইছিল। ২০২০ চনৰ নিৰ্বাচনৰ পিছত, তেওঁক গোৱাৰ "আপ"ৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল।

২০১৯ লোকসভা নিৰ্বাচন

[সম্পাদনা কৰক]

আতিশীক ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বাবে পূৱ দিল্লীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্ত কৰা হৈছিল।[10]তেওঁ ২০১৯ চনৰ নিৰ্বাচনত আম আদমি পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ বিজেপিৰ প্ৰাৰ্থী গৌতম গম্ভীৰৰ হাতত ৪.৭৭ লাখ ভোটৰ ব্যৱধানত পৰাজিত হয় আৰু তৃতীয় স্থানতে সন্তুষ্ট থাকে।

আতিশী বৰ্তমান দিল্লী বিধানসভা-ৰ এগৰাকী সদস্য। তেওঁ দক্ষিণ দিল্লীৰ কালকাজি সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। তেওঁ বিজেপিৰ ধৰ্মবীৰ সিংক ১১,৪২২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Election of India - Affidavit". Archived from the original on 23 April 2019. https://web.archive.org/web/20190423195642/https://suvidha.eci.gov.in/uploads/affidavit/2019/PC/U05/3/U0520190423073246.pdf আহৰণ কৰা হৈছে: 6 October 2023.
  2. "AAP's atishi has a surname again". Archived from the original on 17 August 2021. https://web.archive.org/web/20210817101447/https://suvidha.eci.gov.in/uploads1/acaffidavit/E8/2020/AC/U05/51/U05_1271_39_202001210815201579617920.pdf আহৰণ কৰা হৈছে: 22 April 2022.
  3. "The Aam Aadmi of AAP: 5 personal stories of sacrifice, triumph and validation". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/the-aam-aadmi-of-aap-5-personal-stories-of-sacrifice-triumph-and-validation/articleshow/27232375.cms?from=mdr আহৰণ কৰা হৈছে: 2024-09-21.
  4. "Who is Atishi and her journey to the top: From an activist-advisor and AAP’s force to the next CM of Delhi". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/who-is-atishi-and-her-journey-to-the-top-from-an-activist-advisor-and-aaps-force-to-the-next-cm-of-delhi/articleshow/113415196.cms?from=mdr আহৰণ কৰা হৈছে: 2024-09-21.
  5. "Home ministry sacks 9 advisors to AAP ministers". https://www.news18.com/news/politics/home-ministry-sacks-9-advisers-to-aap-govt-including-atishi-marlena-raghav-chadha-1721267.html আহৰণ কৰা হৈছে: 22 April 2022.
  6. "AAP leader Atishi drops her second name Marlena, denies caste angle". https://www.hindustantimes.com/delhi-news/atishi-drops-second-name-marlena-denies-caste-angle/story-kb7ecS6K5pPPGTMT3XaSOM.html আহৰণ কৰা হৈছে: 22 April 2022.
  7. "Meet the young leaders hoping to infuse vitality into our democracy". https://www.hindustantimes.com/brunch/meet-the-young-leaders-hoping-to-infuse-vitality-into-our-democracy/story-SyA7nCwFMzc7BhQxWiyXDJ.html আহৰণ কৰা হৈছে: 22 April 2022.
  8. "Meet Atishi Marlena, Education Reformer Who Won for AAP In Delhi Elections". https://www.shethepeople.tv/news/meet-atishi-marlena-education-crusader-aap-delhi-elections আহৰণ কৰা হৈছে: 22 April 2022.
  9. "Times now news". https://www.timesnownews.com/elections/article/atishi-role-in-delhi-politics-and-elections-about-atishi-from-aap-political-career-and-history/414493 আহৰণ কৰা হৈছে: 22 April 2022.
  10. "Dna India report". http://www.dnaindia.com/delhi/report-aam-aadmi-party-appoints-lok-sabha-in-charges-for-five-seats-2621250 আহৰণ কৰা হৈছে: 22 April 2022.
  11. "Delhi elections: ‘People voted for politics of development,’ says Kejriwal as AAP wins big". https://scroll.in/latest/952782/delhi-elections-counting-of-votes-begins-aap-looks-to-retain-power আহৰণ কৰা হৈছে: 22 April 2022.