ভ্লেডিমিৰ লেনিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
LeninEnSuizaMarzo1916--barbaroussovietr00mcbr.png

ভ্লেডিমিৰ আয়িচ উল্যানৱ,{{efn|ৰাছিয়ান: Владимир Ильич Ульянов, জনপ্ৰিয়ভাৱে লেনিন [1](২২ এপ্ৰিল [পুৰণি প্ৰণালী ১০ এপ্ৰিল] ১৮৭০ - ২১ জানুৱাৰী ১৯২৪) এগৰাকী ৰুছ সাম্যবাদী বিপ্লৱী, ৰাজনীতিবিদ আৰু ৰাজনৈতিক সূত্ৰবাদী। তেওঁ ১৯১৭ৰপৰা ১৯১৮লৈ ৰুছ গণৰাজ্যৰ, ১৯১৮ৰপৰা ১৯২৪লৈ ৰুছ ছ'ভিয়েট যুক্তৰাজ্যিক সমাজবাদী গণৰাজ্যৰ আৰু ১৯২২ৰপৰা ১৯৯২৪লৈ ছ'ভিয়েট সংঘৰ চৰকাৰৰ মুৰব্বী আছিল। তেওঁৰ শাসনত ৰুছ আৰু পাছলৈ বহল ছ'ভিয়েট সংঘ এক এক-দলীয় সাম্যবাদী ৰাজ্য হ'ল, ৰুছ কমিউনিষ্ট পাৰ্টীৰ দ্বাৰা শাসিত। মাৰ্ক্সবাদী ভাৱধাৰাৰ লেনিনে লিনিনবাদ নামে জনাজাত ৰাজনৈতিক সূত্ৰ বিকশিত কৰিলে।

আগ জীৱন[সম্পাদনা কৰক]

ধনী মধ্য-বৃত্ত ঘৰত চিম্বিৰ্চকত জন্ম গ্ৰহণ কৰা[2] লেনিনে নিজৰ ভাতৃৰ মৃত্যুৰ পাছত[3] বিপ্লৱী সমাজবাদী ৰাজনীতিত মন বান্ধিলে ১৮৮৭ত। ৰুছৰ জাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে কাজান ইম্পিৰিয়েল বিশ্ববিদ্যালয়ৰপৰা বৰ্খাস্ত হোৱা লেনিনে আইনী শিক্ষাত মনোনিবেশ কৰিলে। তেওঁ চেইণ্ট পিটাৰ্ছবাৰ্গ গ'ল আৰু ৰাছিয়ান চ'চিয়েল ডেমক্ৰেটিক লেবাৰ পাৰ্টিৰ (RSDLP) মুখ্য সদস্যৰ অন্যতম হ'ল। ১৮৯৭ত তেওক গ্ৰেপ্তাৰ কৰি[4] চুচেনস্য'ক পঠিওৱা হ'ল। তাতেই ৩ বছৰ থকা কালত তেও নেডেঝা ক্ৰুপ্স্কায়াক বিয়া কৰালে। পাছলৈ পশ্চিম ইউৰোপ গৈ তেওঁ এক মুখ্য পাৰ্টি সূত্ৰবাদী হ'ল। ১৯০৩ত তেওঁ RSDLPৰ বোলছেভিক আৰু মেন্সেভিকৰ মাজত বিভক্ত হোৱাত মুখ্য ভূমিকা পালন কৰিলে। ৰুছৰ বিফল ১৯০৫ বিপ্লৱৰ সময়ত তেওঁ প্ৰথম বিশ্ব যুদ্ধক এক সৰ্ব-ইউৰোপীয় সৰ্বহাৰা যুদ্ধলৈ ৰূপান্তৰিত কৰাৰ হকে মাত মাতিছিল, যিয়ে এজন মাৰ্ক্সবাদী হিচাপে তেওঁ বিশ্বাস কৰিছিল যে ইউৰোপত পুঁজিবাদৰ পতন ঘটাব আৰু এক সমাজবদী ব্যৱস্থাৰ সূচনা কৰিব।  ১৯১৭ ফেব্ৰুৱাৰী বিপ্লৱৰ পাছত ৰুছত জাৰৰ শাসনৰ অন্ত পৰিল আৰু অস্থায়ী চৰকাৰ গঠন হ'ল।[5] সেই সময়তেই অক্টোবৰ বিপ্লৱৰ কিছু দিন আগত ৰুছ পালেগৈ লেনিন।[6]  অক্টোবৰ বিপ্লৱত তেওঁ আৰু বোলছেভিকসকলে সক্ৰিয় ভূমিকা পালন কৰিলে।  অক্টোবৰ বিপ্লৱৰ পাছত তেওঁৰ নেতৃত্বত বোলছেভিকসকল ৰুছত ক্ষমতা লৈ আহিল।

শাসক লেনিন[সম্পাদনা কৰক]

লেনিনৰ চৰকাৰত ন-কৈ কমিউনিষ্ট পাৰ্টি নাম লোৱা[7] বোলছেভিকসকলে অগ্ৰাধিকাৰ ল'লে। তেওঁ কনষ্টিটুৱেণ্ট এচেম্ব্লিৰ বাবে নিৰ্বাচন আয়োজন কৰি পাছত তাক বৰ্জন কৰিলে। কেন্দ্ৰীয় শক্তিসমূহৰ লগত চুক্তি স্বাক্ষৰ কৰি তেওঁ প্ৰথম বিশ্ব যুদ্ধত ৰুছৰ ভূমিকাৰ অৱসান ঘটালে। ৰুছৰ শাসনত থকা অনা-ৰুছ জাতিসমূহক তেওঁ স্বাধীনতা প্ৰদান কৰিলে।[8] সংবাদ মাধ্যমৰ ওপৰত কিছু বাধা আহি পৰিল, যদিও আন কোনো কোনো বলছেভিকেও এনে কৰাক সমৰ্থন কৰা নাছিল।[9] লেনিনৰ চৰকাৰে কৃষকৰ মাজত ভূমি পুনৰ বিতৰিত কৰিলে[10] আৰু বেংক আৰু বৃহত্‌ উদ্যোঅসমূহ ৰাষ্ট্ৰীয়কৃত কৰিলে। বিৰোধী সকলক ৰঙা ভয়ত (ৰেড টেৰৰত) দমন কৰা হ'ল। দহো সহস্ৰ সহস্ৰজনক হত্যা কৰা হ'ল আৰু বহুতক কন্সেণ্ট্ৰেচন কেম্পলৈ প্ৰেৰণ কৰা হ'ল। ১৯১৭ৰপৰা ১৯২২লৈ সোপন্থী আৰু বাম্পন্থী উভয়ে গঠন কৰা বলছেভিক বিৰোধী সেনাসমূহক ৰুছ গৃহযুদ্ধত পৰাজিত কৰা হ'ল। যুদ্ধৰ বাবে অহা দুৰ্যোগ, খাদ্যাভাৱ আৰু জনপ্ৰিয় অভ্যুত্থানৰ প্ৰতি লক্ষ ৰাখি তেওঁ মিশ্ৰিত অৰ্থনৈতিক ব্যৱস্থাৰে অৰ্থনৈতিক উন্নয়ন আনিব বিচাৰিলে। বিশ্ব বিপ্লৱ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে লেনিনৰ চৰকাৰে কমিউনিষ্ট ইণ্টাৰ্ণেচনেল গঠন কৰিলে,[11] পলিচ-ছ'ভিয়েট যুদ্ধত যোগদান কৰিলে আৰু ৰুছক চুবুৰীয়া দেশসমূহৰ লগত সংঘবদ্ধ কৰি ১৯২২ত ছ'ভিয়েট সংঘ গঠন কৰিলে। বাঢ় অহা অসুখীয়া অৱস্থাত মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ গৰ্কী ভৱনত তেওৰ উত্তৰঊৰি জ'ছেফ ষ্টেলিনৰ বৰ্দ্ধমান শক্তিৰ বিৰোধিতা কৰিছিল।

প্ৰভাৱ[সম্পাদনা কৰক]

বিংশ শতিকাৰ এগৰাকী অতিকৈ প্ৰভাৱশালী আৰু উল্লেখনীয় ব্যক্তি হিচাপে, তেওঁৰ মৃত্যুৰ পাছত ১৯৯১ত ভংগ হোৱালৈকে ছ'ভিয়তেট সংঘত তেওঁক বিৰোধহীনভাৱে মহান প্ৰতিপন্ন কৰা হ'ল। তেওঁ মাৰ্ক্সবাদ-লেনিনবাদৰ আৰৰ মানুহজন হিচাপে আন্তৰ্জাতিক সাম্যবাদী আন্দোলনত ভালেমান প্ৰভাৱ বিস্তাৰ কৰিছে। বিশ্বৰ মাৰ্ক্সবাদী-লেনিনবাদীসকলৰ মতে এই ব্যক্তি সমাজবাদৰ আৰু কৰ্মী বৰ্গৰ এজন বিজেতা আৰু সমালোচকসকলৰ মতে তেও এনে কেন্দ্ৰীভূত একনায়কী শাসনৰ স্ৰষ্টা যি বৃহৎ মাত্ৰাত মানৱাধিকাৰ উলংঘনৰ বাবে দায়ী।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Lenin". http://dictionary.reference.com/browse/lenin। আহৰণ কৰা হৈছে: 7 May 2016. 
  2. Fischer 1964, p. 6; Rice 1990, pp. 12, 14; Service 2000, pp. 13, 25; White 2001, pp. 19–20; Read 2005, p. 4; Lih 2011, pp. 21, 22.
  3. Fischer 1964, pp. 10–17; Rice 1990, pp. 20, 22–24; Service 2000, pp. 52–58; White 2001, pp. 21–28; Read 2005, p. 10; Lih 2011, pp. 23–25.
  4. Fischer 1964, p. 31; Pipes 1990, p. 355; Rice 1990, p. 48; White 2001, p. 38; Read 2005, p. 26.
  5. Rice 1990, pp. 136–138; Service 2000, p. 253
  6. Pipes 1990, pp. 473, 482; Rice 1990, p. 152; Service 2000, pp. 302–303; Read 2005, p. 179.
  7. Fischer 1964, pp. 219, 256, 379; Shub 1966, p. 374; Service 2000, p. 355; White 2001, p. 159; Read 2005, p. 219.
  8. Fischer 1964, p. 249; Pipes 1990, p. 514; Service 2000, p. 321
  9. Shub 1966, p. 310; Leggett 1981, pp. 5–6, 8, 306; Pipes 1990, pp. 521–522; Service 2000, pp. 317–318; White 2001, p. 153; Read 2005, pp. 235–236
  10. Fischer 1964, pp. 252–253; Pipes 1990, p. 499; Volkogonov 1994, p. 341; Service 2000, pp. 316–317; White 2001, p. 149; Read 2005, pp. 194–195.
  11. Fischer 1964, p. 525; Shub 1966, p. 390; Rice 1990, p. 174; Volkogonov 1994, p. 390; Service 2000, p. 386; White 2001, p. 160; Read 2005, p. 225.