আম আদমি পাৰ্টী
|
আম আদমি পাৰ্টী
|
|
|---|---|
| নেতা | অৰবিন্দ কেজৰিৱাল |
| প্ৰতিষ্ঠা | ২৬ নৱেম্বৰ ২০১২ |
| মুখ্য কাৰ্যালয় | ২০৬,ৰাউজ এভিনিউ, দীন দয়াল উপাধ্যায় মাৰ্গ, আই টি অ', নতুন দিল্লী- ১১০০০২[1] |
| প্ৰকাশন | www |
| ছাত্ৰ শাখা | ছাত্ৰ যুৱ সংঘৰ্ষ সমিটি[2] |
| যুৱ শাখা | আপ ইয়ুথ উইং[3] |
| মহিলা শাখা | আপ মহিলা শক্তি[4] |
| শ্ৰমিক শাখা | শ্ৰমিক বিকাশ সংগঠন[5] |
| মতাদৰ্শ | স্বৰাজ দুৰ্নীতি বিৰোধীতা |
| নিৰ্বাচনী প্ৰতীক | |
|
[[File:ঝাড়ু|100px|frameless]] |
|
| ৱেবছাইট | |
আম আদমি পাৰ্টী (ইংৰাজী: Aam Aadmi Party; সংক্ষেপে আপ; অৰ্থ: সাধাৰণ লোকৰ দল) এক ভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ আনুষ্ঠানিক আৰম্ভ হয় ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে আৰু বৰ্তমানে ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আৰু পঞ্জাবৰ শাসকদল। ২০১১ চনৰ পৰা জন লোকপাল বিলৰ দাবীত ভাৰতত হোৱা যি দুৰ্নীতিৰ বিৰোধী আন্দোলন, তাক ৰাজনীতিকৰণ কৰিব লাগে নে নালাগে তাক লৈ নেতাকৰ্মী অৰবিন্দ কেজৰিৱাল আৰু আন্না হাজাৰেৰ মাজত হোৱা মতবিৰোধৰ পাছত এই দলটোৰ গঠন হয়। আন্না হাজাৰেই বিচাৰিছিল যে এই আন্দোলন অৰাজনৈতিক হোৱা উচিত, কিন্তু অৰবিন্দ কেজৰিৱালৰ অনুসৰি আন্দোলনৰ পথ ব্যৰ্থতাৰ বাবে সক্ৰীয়ভাবে ৰাজনীতিত জড়িত হোৱা প্ৰয়োজন।
দলটোৱে ২০১৩ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদন্দ্বীতা কৰে, য'ত ২৮খন সমষ্টিত বিজয়ী হৈ দ্বিতীয় বৃহত্তম দল হিচাবে আত্মপ্ৰকাশ কৰে। কোনো দলে পূৰ্ণ সংখ্যাগৰিষ্ঠতা নোপোৱাৰ ফলত আপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শৰ্তাধীন সমৰ্থনৰ বলত এক সংখ্যালঘু চৰকাৰ গঠন কৰে। দলটো কাৰ্যক্ৰমণিকাৰ এক উল্লেখযোগ্য অংশ আছিল ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীত জন লোকপাল বিলখন দ্ৰুততাৰে প্ৰচলন কৰা। নিৰ্বাচনৰ পাছত যেতিয়া স্পষ্ট হৈ পৰিল যে অন্য ডাঙৰ দলসমূহে এই বিলখনক সমৰ্থন নকৰে, তেতিয়া আপ চৰকাৰে ৪৯ দিনৰ ক্ষমতাৰ পাছত পদত্যাগ কৰে।
২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত, আম আদমি পাৰ্টীয়ে ৭০খন আসনৰ ভিতৰত ৬৭খনতে জয় লাভ কৰে। ভাৰতৰ দুটা মুখ্য ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিয়ে ৩খন বিজয় লাভ কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে কোনো আসনতে বিজয় লাভ নকৰিলে।[6]
সাংগঠনিক দিশ
[সম্পাদনা কৰক]নিম্নলিখিত সংস্থাৰে দলটোৰ নেতৃত্ব গঢ় লৈ উঠিছে:
ৰাষ্ট্ৰীয় আহ্বায়ক
[সম্পাদনা কৰক]অৰবিন্দ কেজৰিৱাল আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক। ৰাষ্ট্ৰীয় সম্পাদক: পংকজ গুপ্তা[7]
ৰাষ্ট্ৰীয় কোষাধ্যক্ষ: নাৰায়ণ দাস গুপ্তা
ৰাজনৈতিক পৰিক্ৰমা সমিতি (পিএচি)
[সম্পাদনা কৰক]ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৰ্তমানৰ সদস্য হৈছে অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’দিয়া, সঞ্জয় সিং, আতিশী, সাধু সিং, গোপাল ৰায় আৰু দুৰ্গেশ পাঠক। পংকজ কুমাৰ গুপ্তা (ৰাষ্ট্ৰীয় সম্পাদক) আৰু নাৰায়ণ দাস গুপ্তা (ৰাষ্ট্ৰীয় কোষাধ্যক্ষ) হৈছে পিএচিৰ পূৰ্বৰ সদস্য।[8]
ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতি
[সম্পাদনা কৰক]দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ২০২২ চনত ৩৪ জন সদস্য আছে।
ৰাজ্যিক নেতৃত্ব
[সম্পাদনা কৰক]দলটোৰ ৰাজ্যিক নেতৃত্বই ৰাজ্যিক শাখাসমূহ পৰিচালনা কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Party's Address on Website". http://aamaadmiparty.org/.
- ↑ Volunter, Aam. "CYSS". Archived from the original on 26 June 2014. https://web.archive.org/web/20140626192841/http://www.firstpost.com/politics/aaps-outing-in-du-north-campus-gets-tepid-response-1202799.html.
- ↑ Our Bureau. "AAP to launch youth wing on Sept 27". Business Line. http://www.thehindubusinessline.com/news/politics/aap-to-launch-youth-wing-on-sept-27/article6409885.ece.
- ↑ "Richa Pandey Mishra, President, AAP Mahila Shakti". Archived from the original on 2018-08-05. https://web.archive.org/web/20180805052455/http://aamaadmiparty.org/teams/richa-pandey-mishra/। আহৰণ কৰা হৈছে: 2020-05-30.
- ↑ "आप ने बनाई नई टीम मिला नया टास्क". 26 September 2017. https://www.bhaskar.com/news/CHH-RAI-HMU-MAT-latest-raipur-news-021503-135335-NOR.html। আহৰণ কৰা হৈছে: 22 December 2017.
- ↑ "EC cracks whip as Delhi goes to polls". The Hindu. 13 January 2015. http://www.thehindu.com/news/national/delhi-elections-on-february-7/article6781169.ece.
- ↑ "Aam aadmi party". https://aamaadmiparty.org/political-affairs-committee/। আহৰণ কৰা হৈছে: 7 মে' 2022.
- ↑ "Political affairs committee". https://aamaadmiparty.org/political-affairs-committee/। আহৰণ কৰা হৈছে: 7 মে' 2022.