ঝুলন গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ঝুলন নিশিত গোস্বামীৰ পৰা পুনঃনিৰ্দেশিত)
ঝুলন গোস্বামী
{{{imagealt}}}
গোস্বামী,২০০৯ চনত
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম ঝুলন লিশিত গোস্বামী
জন্ম ২৫ নৱেম্বৰ, ১৯৮২ (৪১ বছৰ)
চকদহা, পশ্চিম বংগ, ভাৰত
উপনাম বাবুল, চকদা এক্সপ্ৰেছৃ
উচ্চতা 5 ফুট 11 ইঞ্চি (1.8 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী ৰাইট আৰ্ম মিডিয়াম ফাষ্ট
ভূমিকা বলাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
টেষ্ট অভিষেক (মুঠ খেল ৫২) ১৪ জানুৱাৰী ২০০২ বনাম ইংলেণ্ড
অন্তিম টেষ্ট ৩০ ছেপ্তেম্বৰ ২০২১ বনাম অষ্ট্ৰেলিয়া
ODI অভিষেক (cap ৬১) ৬ জানুৱাৰী ২০০২ বনাম ইংলেণ্ড
শেষ ODI ২৪ ছেপ্তেম্বৰ ২০২২ v ইংলেণ্ড
ODI shirt no. ২৫
T20I debut (cap ) ৫ আগষ্ট ২০০৬ v ইংলেণ্ড
Last T20I ১০ জুন ২০১৮ বনাম বাংলাদেশ
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৯৯/০০ বংগ
২০০০/০১-২০০৫/০৬ এয়াৰ ইণ্ডিয়া
২০০৭/২০০৮- বৰ্তমানলৈ বংগ
২০১৮-২০২০ ট্ৰেইলব্লেজাৰছ্
উৎস: CricketArchive, 27 September 2022 {{{year}}}

ঝুলন নিশিত গোস্বামী (ইংৰাজী: Jhulan Goswami ; জন্ম: ২৫ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ।[1] ২০০২ চনৰ পৰা ২০২২ চনলৈকে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিছিল।[2]

তেওঁ ৰাইট আৰ্ম মিডিয়াম ফাষ্ট বলাৰ আৰু ৰাইট হেণ্ড বেটছমেন হিচাপে খেলিছিল। তেওঁ এগৰাকী অন্যতম মহিলা ফাষ্ট বলাৰ আৰু তেওঁক সৰ্বকালৰ অন্যতম ‘শ্ৰেষ্ঠ’ বলাৰ বুলি গণ্য কৰা হয়।[3][4] ২০২২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পূৰ্বে ২০৪ খন এদিনীয়া মেচ খেলিছিল। তেওঁ ২৫৫ টা উইকেট দখল কৰি মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা অভিলেখৰ গৰাকী হৈছে।[5]

গোস্বামীয়ে ২০০৭ চনত আই.চি.চি. মহিলা খেলুৱৈ বঁটা আৰু ২০১১ চনত শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ এম.এ. চিদাম্বৰম ট্ৰফী লাভ কৰে।[1] ২০১৬ চনৰ জানুৱাৰী মাহত তেওঁ আইচিচি মহিলা এদিনীয়া বলিং ৰেংকিঙত প্ৰথম স্থানলৈ উন্নীত হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতি প্ৰতিভা পাতিলে ঝুলন গোস্বামীক পদ্মশ্ৰী আগবঢ়াইছে, ২২ মাৰ্চ ২০১২

১৯৮২ চনৰ ২৫ নৱেম্বৰত পশ্চিম বংগৰ নদিয়া জিলাৰ চকদহা চহৰৰ এটা মধ্যবিত্ত পৰিয়ালত গোস্বামীৰ জন্ম হয়। ১৫ বছৰ বয়সত তেওঁ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে।[6] ইয়াৰ পূৰ্বে তেওঁ ফুটবলৰহে অনুৰাগী আছিল। ১৯৯২ চনৰ বিশ্বকাপ ক্ৰিকেট টিভিত চাই গোস্বামীয়ে ক্ৰিকেটৰ প্ৰতি আগ্ৰহী হ’বলৈ আৰম্ভ কৰে। ১৯৯৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বেটছমেন বেলিণ্ডা ক্লাৰ্কৰ খেল চাই তেওঁ এই খেলবিধৰ প্ৰতি অধিক আগ্ৰহী হয়। যিহেতু সেই সময়ত চকদহাত ক্ৰিকেটৰ কোনো সুবিধা নাছিল, সেয়েহে গোস্বামীয়ে ক্ৰিকেট খেলিবলৈ কলকাতালৈ যায়।[7]

কলকাতাত প্ৰশিক্ষণ শেষ কৰাৰ পিছত কম দিনৰ ভিতৰত গোস্বামীক বংগৰ মহিলা ক্ৰিকেট দললৈ আমন্ত্ৰণ হয়। ১৯ বছৰ বয়সত ২০০২ চনত চেন্নাইইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁj আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম প্ৰবেশ ঘটে। ২০০২ চনৰ ১৪ জানুৱাৰীত লক্ষ্ণৌত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ টেষ্টত অভিষেক ঘটে।[8]

মিতালী ৰাজৰ সৈতে গোস্বামীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলক ২০০৬–০৭ ছিজনত ইংলেণ্ডত প্ৰথম টেষ্ট শৃংখলা জয়ৰ দিশত আগুৱাই লৈ যায়।[9] একেটা ছিজনতে লেইষ্টাৰত অনুষ্ঠিত প্ৰথমখন টেষ্টত নাইটৱাচমেন হিচাপে গোস্বামীয়ে ফিফটি আৰ্জন কৰি ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰথমটো জয় লাভ কৰাত সহায় কৰে। ২০০৭ চনত গোস্বামীয়ে ভাৰতত অনুষ্ঠিত হোৱা এফ্ৰো-এছিয়া প্ৰতিযোগিতাত এছীয় দলৰ সদস্য আছিল আৰু আই.চি.চি.ৰ বছৰৰ মহিলা ক্ৰিকেটাৰৰ সন্মানো লাভ কৰিছিল (যেতিয়া কোনো ভাৰতীয় পুৰুষ ক্ৰিকেটাৰে ব্যক্তিগত বঁটা লাভ কৰা নাছিল)।[10]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০০৭ –আই.চি.চি. বছৰৰ মহিলা ক্ৰিকেটাৰ
  • ২০০৮-২০১১ মহিলা ক্ৰিকেট দলৰ কেপ্টেইন
  • ফাষ্ট বলাৰ
  • ২০১০ অৰ্জুন বঁটা
  • ২০১২– পদ্ম শ্ৰী[11]
  • শীৰ্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় উইকেট লওঁতা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Making Giant Strides". The Hindu. 14 December 2011. http://www.thehindu.com/life-and-style/metroplus/article2714263.ece। আহৰণ কৰা হৈছে: 31 January 2013. 
  2. "Jhulan Goswami reveals 'one regret' as she confirms international retirement". ICC. 2022-09-23. https://www.icc-cricket.com/news/2800461. 
  3. "The end of an era: Revisiting the best bowling performances of Jhulan Goswami" (en ভাষাত). www.icc-cricket.com. https://www.icc-cricket.com/news/2799789। আহৰণ কৰা হৈছে: 2022-12-12. 
  4. "How Jhulan became the world's fastest bowler". www.rediff.com. https://www.rediff.com/cricket/2006/sep/30jhulan.htm। আহৰণ কৰা হৈছে: 2020-02-29. 
  5. "WODI career records". ESPNCricinfo. https://stats.espncricinfo.com/ci/content/records/283976.html। আহৰণ কৰা হৈছে: 2022-09-25. 
  6. Kumar, Abhishek (25 November 2015). "Jhulan Goswami: 10 interesting facts about India’s fastest woman bowler" (en-us ভাষাত). Cricket Country. http://www.cricketcountry.com/articles/jhulan-goswami-10-interesting-facts-about-indias-fastest-woman-bowler-510335. 
  7. "Jhulan Goswami becomes the leading wicket-taker in Women’s ODIs – Times of India". The Times of India. http://timesofindia.indiatimes.com/sports/cricket/news/jhulan-goswami-becomes-the-leading-wicket-taker-in-womens-odis/articleshow/58594182.cms. 
  8. Balachandran, Kanishkaa. "The lowdown on Jhulan Goswami" (en ভাষাত). The Hindu. http://www.thehindu.com/sport/cricket/who-is-jhulan-goswami/article18419326.ece. 
  9. "Jhulan Goswami, ex-India cricket captain, becomes leading wicket-taker in ODIs" (en ভাষাত). Hindustan Times. 9 May 2017. http://www.hindustantimes.com/cricket/jhulan-goswami-ex-india-captain-becomes-leading-wicket-taker-in-women-s-odis/story-V2JRDv1SrW14vKcCnbwMZK.html. 
  10. "Jhulan Goswami". Cricinfo. http://www.espncricinfo.com/india/content/player/53932.html। আহৰণ কৰা হৈছে: 13 May 2017. 
  11. "Padma Awards". pib. 25 January 2012. http://www.pib.nic.in/newsite/erelease.aspx?relid=79881। আহৰণ কৰা হৈছে: 31 January 2013.