ভবানন্দ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভবানন্দ দত্ত
জন্ম ১৯১৮
যোৰহাট অসম
মৃত্যু ১৯৫৯
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

ভবানন্দ দত্ত (ইংৰাজী: Bhabanonda Dutta) অসমৰ এগৰাকী বাস্তৱবাদী কবি আছিল। তেখেতৰ ছদ্মনাম নচিকেতা।[1]

জন্ম[সম্পাদনা কৰক]

ভবানন্দ দত্তৰ জন্ম হয় ১৯১৮ চনৰ যোৰহাটত। [2]

শিক্ষা[সম্পাদনা কৰক]

তেওঁৰ শিক্ষা জীৱন আৰম্ভ হয় কামৰূপৰ ৰতনপুৰ গাঁৱৰ চৌখুটি ছাত্ৰ বৃত্তি স্কুলত। কটন মহাবিদ্যালয়ৰ পৰা আই এ আৰু দৰ্শন বিষয়ত প্ৰথম শ্ৰেণীসহ বি এড পৰীক্ষাত তেখেতে উত্তীৰ্ণ হয়। ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন[সম্পাদনা কৰক]

তেওঁ নলবাৰী মহাবিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে সেৱা আগবঢ়ায়।[3]

সাহিত্যৰাজি[সম্পাদনা কৰক]

ভবানন্দ দত্তৰ দ্বাৰা ৰচিত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল

  • Philosophy and Indian
  • দৃষ্টি আৰু দৰ্শন
  • অসমীয়া কবিতাৰ কাহিনী
  • অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন
  • ৰবীন্দ্ৰ প্ৰতিভা (মৰণোত্তৰভাৱে প্ৰকাশিত)

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

ভবানন্দ দত্তই মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতি পদ অলংকৃত কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

দত্তই ১৯৫৯ চনত ইহলীলা সম্বৰণ কৰে।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. কবিতা মুকুৰ, বিভা দত্ত নেওগ ( সম্পাদক)। সপ্তম সংস্কৰণ, ২০১৯, পৃষ্ঠা নং ৯৫
  2. কবিতা মুকুৰ, বিভা দত্ত নেওগ ( সম্পাদক)। সপ্তম সংস্কৰণ, ২০১৯, পৃষ্ঠা নং ৯৫
  3. সাহিত্য সৌৰভ, ৰমেশ পাঠক ( সম্পাদক), চতুৰ্থ সংস্কৰণ,২০১৩, পৃষ্ঠা নং, ১৯০ আৰু ১৯১
  4. সাহিত্য সৌৰভ, ৰমেশ পাঠক ( সম্পাদক), চতুৰ্থ সংস্কৰণ,২০১৩, পৃষ্ঠা নং, ১৯০ আৰু ১৯১