তানপুৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


তানপুৰা এবিধ চাৰি (বা পাঁচ) ডাল তাঁৰযুক্ত বাদ্যযন্ত্ৰ। ছয়ডাল তাঁৰযুক্ত তানপুৰাও দেখা পোৱা যায়। ইয়াক প্ৰধানকৈ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগত সংগত কৰা হয়। তানপুৰাক তম্বুৰা বুলিও জনা যায়।

পাঁচডাল তাঁৰযুক্ত চেতাৰ বা সৰোদৰ লগত সংগত কৰা তানপুৰা

তানপুৰাৰ উদ্ভাৱক[সম্পাদনা কৰক]

জনশ্ৰুতিমতে তম্বৰু নামৰ এজন ঋষিয়ে চাৰিডাল তাঁৰযুক্ত কৰি তানপুৰা উদ্ভাৱন কৰিছিল। তম্বুৰ ঋষিৰ নামৰ পৰাই এই বাদ্যৰ নাম তম্বুৰা আৰু পাছলৈ তানপুৰা হয়। আন কিছুমানৰ মতে মধ্য-পূবৰ তানবুৰ নামৰ বাদ্যযন্ত্ৰৰ আৰ্হিতে তানপুৰা সঁজা হৈছে। ভাৰতীয় আৰু কৰ্ণাটকি শাস্ত্ৰীয় সংগীতৰ ৰাগ পৰিৱেশনৰ লগত তানপুৰাৰ ব্যৱহাৰ অপৰিহাৰ্য।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. বৰুৱা, শান্তনু কৌশিক (৩৫শ বছৰ). "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৪ৰ্থ সংখ্যা: ১৯.