সমললৈ যাওক

পুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুৰী
ପୁରୀ
পুৰীৰ মনোমোহা দৃশ্যাংশ
পুৰীৰ মনোমোহা দৃশ্যাংশ
Map
দেশ  ভাৰত
ৰাজ্য উৰিষ্যা
জিলা পুৰী
চৰকাৰ
  পৰিচালনা পুৰী পৌৰসভা
কালি
  মুঠ
১৬.৩২৬৮ বৰ্গকিমি (৬.৩০৩৮ বৰ্গমাইল)
উচ্চতা
 মিটাৰ (০ ফুট)
জনসংখ্যা
 (2011)
  মুঠ
২,০১,০২৬
  ঘনত্ব ১২,০০০/বৰ্গকিমি (৩২,০০০/বৰ্গমাইল)

পুৰী(listen) হৈছে ভাৰতৰ উৰিষ্যাৰ এখন লেখতলবলগীয়া চহৰ । ই পুৰী জিলাৰ সদৰ ঠাই । বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত । ১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায় । হিন্দু সকলৰ পুণ্য তীৰ্থৰ চাৰি ধামৰ অন্যতম হৈছে পুৰী; বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম । হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি ।

ৰেল সংযোগ

[সম্পাদনা কৰক]

অসমৰ পৰা পুৰীলৈ পোনপতীয়া ৰেলসেৱা

[সম্পাদনা কৰক]
  • গুৱাহাটী-পুৰী এক্সপ্ৰেছ/ পুৰী-গুৱাহাটী এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪০) গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ পৰা প্ৰত্যেক দেওবাৰে ৬.৩৫ত ৰাওনা হৈ মঙলবাৰে পুৱা পুৰীত গৈ উপস্থিত হয় ।[1] মঙলবাৰে দুপৰীয়া ২ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৩৯) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে নিশা ১০.২০ত আহি গুৱাহাটীত উপস্থিত হয় ।[2] উক্ত ট্ৰেইন খন ৰঙিয়া, কোচবেহাৰ, দুৰ্গাপুৰ, আছানছল, বালাচ'ৰ হৈ পুৰীলৈ যায় ।
  • কামাখ্যা-পুৰী এক্সপ্ৰেছ/ পুৰী-কামাখ্যা এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪৪) গুৱাহাটীৰ মালিগাঁওস্থিত কামাখ্যা ষ্টেচনৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে নিশা ১১.৪৫ত ৰাওনা হৈ শনিবাৰে পুৱা ৭.৪০ত পুৰীত গৈ উপস্থিত হয় ।[3] শনিবাৰে নিশা ১০.১৫ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৪৩) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি সোমবাৰে সন্ধ্যা ৬.১০ত আহি কামাখ্যাত উপস্থিত হয় ।[4] উক্ত ট্ৰেইন খন গোৱালপাৰা, শিলিগুৰি, হাওড়া, খড়গপুৰ হৈ পুৰীলৈ যায় ।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]