পুৰী
পুৰী ପୁରୀ |
|
---|---|
Puri Montage1.pngপুৰীৰ মনোমোহা দৃশ্যাংশ | |
ভৌগোলিক স্থানাংক: 19°48′38″N 85°49′53″E / 19.81056°N 85.83139°Eস্থানাংক: 19°48′38″N 85°49′53″E / 19.81056°N 85.83139°E | |
দেশ | ![]() |
ৰাজ্য | উৰিষ্যা |
জিলা | পুৰী |
চৰকাৰ | |
- পৰিষদ | পুৰী পৌৰসভা |
মাটিকালি | |
- মুঠ | ১৬.৩২৬৮ কি.মি.২ (৬.৩ বৰ্গ মাইল) |
উচ্চতা | ০ মিটাৰ (০.০০ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,০১,০২৬ জন |
- জনঘনত্ব | ১২,৩১২.৬ প্ৰতি বৰ্গ কি.মি. (৩১,৮৮৯.৬ প্ৰতি বৰ্গ মাইল) |
স্থানীয় ভাষা | |
- চৰকাৰী ভাষা | ঊড়ীয়া |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
যানবাহনৰ নম্বৰ | OD-13 |
পুৰী( listen (সহায়·তথ্য)) হৈছে ভাৰতৰ উৰিষ্যাৰ এখন লেখতলবলগীয়া চহৰ । ই পুৰী জিলাৰ সদৰ ঠাই । বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত । ১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায় । হিন্দু সকলৰ পুণ্য তীৰ্থৰ চাৰি ধামৰ অন্যতম হৈছে পুৰী; বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম । হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি ।
ৰেল সংযোগ[সম্পাদনা কৰক]
অসমৰ পৰা পুৰীলৈ পোনপতীয়া ৰেলসেৱা[সম্পাদনা কৰক]
- গুৱাহাটী-পুৰী এক্সপ্ৰেছ/ পুৰী-গুৱাহাটী এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪০) গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ পৰা প্ৰত্যেক দেওবাৰে ৬.৩৫ত ৰাওনা হৈ মঙলবাৰে পুৱা পুৰীত গৈ উপস্থিত হয় ।[1] মঙলবাৰে দুপৰীয়া ২ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৩৯) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে নিশা ১০.২০ত আহি গুৱাহাটীত উপস্থিত হয় ।[2] উক্ত ট্ৰেইন খন ৰঙিয়া, কোচবেহাৰ, দুৰ্গাপুৰ, আছানছল, বালাচ'ৰ হৈ পুৰীলৈ যায় ।
- কামাখ্যা-পুৰী এক্সপ্ৰেছ/ পুৰী-কামাখ্যা এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪৪) গুৱাহাটীৰ মালিগাঁওস্থিত কামাখ্যা ষ্টেচনৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে নিশা ১১.৪৫ত ৰাওনা হৈ শনিবাৰে পুৱা ৭.৪০ত পুৰীত গৈ উপস্থিত হয় ।[3] শনিবাৰে নিশা ১০.১৫ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৪৩) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি সোমবাৰে সন্ধ্যা ৬.১০ত আহি কামাখ্যাত উপস্থিত হয় ।[4] উক্ত ট্ৰেইন খন গোৱালপাৰা, শিলিগুৰি, হাওড়া, খড়গপুৰ হৈ পুৰীলৈ যায় ।
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ http://indiarailinfo.com/train/guwahati-puri-express-15640-ghy-to-puri/1294/546/217
- ↑ http://indiarailinfo.com/train/puri-guwahati-express-15639-puri-to-ghy/585/217/546
- ↑ http://indiarailinfo.com/train/puri-kamakhya-weekly-express-15643-puri-to-kyq/7985/217/547
- ↑ http://indiarailinfo.com/train/kamakhya-puri-weekly-express-15644-kyq-to-puri/7984/547/217