মধুপুৰ সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মধুপুৰ সত্ৰ

মধুপুৰ সত্ৰ
মধুপুৰ সত্ৰ is located in West Bengal
মধুপুৰ সত্ৰ
ত মন্দিৰটোৰ অৱস্থান
ভূ-স্থানাংক: 26°N 89°E / 26°N 89°E / 26; 89
স্থান
দেশ:  ভাৰত
ৰাজ্য/অঞ্চল: অসম
জিলা: কোচবিহাৰ (পশ্চিমবঙ্গ)
বুৰঞ্জী
নিৰ্মাণকাল:
(বৰ্তমান গৃহ)
১৬০০ (আনুমানিক)
প্ৰতিস্থাপক: নৰনাৰায়ণ

মধুপুৰ সত্ৰ অসমীয়া জাতিৰ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি। বৰ্তমান পশ্চিমবঙ্গকোচবিহাৰ জিলামধুপুৰত অৱস্থিত এই এই স্থানত মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিল[1][2]। ইয়াৰ উপৰিও ইয়াত আন বহুতো ভকতৰো সমাধি আছে। জীৱনৰ অন্তিম সময়চোৱা শঙ্কৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কৃত্তিও ৰচনা কৰিছিল। এই মধুপুৰ সত্ৰক দহমুকুতৰ থান বুলিও কোৱা হয়। দহমুকুত (মুকুট = মুক্ত) মানে হ’ল শঙ্কৰদেৱৰ দহজন শিষ্যৰ ইয়াত থকা ভেটি।

নিৰ্মাণ[সম্পাদনা কৰক]

১৬ শতিকাৰ কোচৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত এই সত্ৰ নিৰ্মাণ কৰা হৈছিল।

ইতিহাস[সম্পাদনা কৰক]

মধুপুৰৰ আগৰ নাম আছিল চন্দনচৌৰা । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় ৯৭ বছৰ বয়সত প্ৰধান শিষ্য মাধৱদেৱ, নাৰায়ণ ঠাকুৰ, ৰামৰামগুৰু, ৰামৰায় সহিতে প্ৰায় ছয়কুৰি ভকত লৈ দ্বিতীয়বাৰ পুৰীৰ ফালে তীৰ্থযাত্ৰা কৰিলে। আনুমানিক ১৫৫০ খৃষ্টাব্দত গুৰু শঙ্কৰদেৱে পুৰী তীৰ্থৰ জগন্নাথ ক্ষেত্ৰৰ পৰা উভতি অহাৰ পথত বৰ্তমান কোচবিহাৰ চহৰৰ পশ্চিম দিশত প্ৰায় ৭ কিঃ মিঃ আঁতৰত এজোপা ‘পাৰলি বৃক্ষ’ (জৰিগছ)ৰ তলত ভক্তসকলক ভাগৱতৰ পৰা বৃন্দাবনশ্ৰীকৃষ্ণৰ লীলাৰ কথা ব্যাখ্যা কৰিছিল। এই সময়তে হেনো গুৰুজনা আঁউজি থকা গছজোপাত থকা মৌচাকৰ পৰা মৌৰস পাৰি তেওঁলোকে তৃপ্তিৰে খাইছিল। সেই পৰিৱেশ উপভোগ কৰি মাধৱদেৱে কোৱা "কি মধুময় পৰিৱেশ, কি পুণ্যভূমিখানি গুৰুমুখে হৰিকথা মধুপান গুৰুভক্তৰ"[উদ্ধৃতিৰ প্ৰয়োজন] কথাৰ আঁত ধৰি মহাপুৰুষ শঙ্কৰদেৱে সেই স্থানৰ নাম "মধুপুৰ থান" ৰাখে। ইয়াৰ পিছত শঙ্কৰগুৰু ভকতসকলৰ সৈতে পাটবাউসীলৈ যায়গৈ।

সেই সময়ত বেহাৰ বা কোচৰাজ্যৰ ৰজা আছিল নৰনাৰায়ণ। এই ৰাজ্য বৰ্ত্তমান পশ্চিমবঙ্গৰ কোচবিহাৰলৈকে বিস্তৃত আছিল। পাটবাউসীত আহি শঙ্কৰদেৱে দেখিলে যে ব্ৰাহ্মণসকলে তেওঁৰ বিৰুদ্ধে নানা অপপ্ৰচাৰ কৰিবলৈ ধৰিছে আৰু ৰজা নৰনাৰায়ণৰ ওচৰত গোচৰ দিছে – “শঙ্কৰে আপোনাৰ সমষ্ট ৰাজ্যক নষ্ট কৰিলে,জাত-পাতৰ কোনো বিচাৰ নাই।” বেহাৰ ৰাজ্যৰ ব্ৰাহ্মণ পণ্ডিত সকল ৰজাৰ প্ৰিয়পাত্ৰ আছিল। অভিযোগ পাই ৰজা মহা ক্ৰোধান্বিত হ’ল আৰু “মোৰ দেশত শঙ্কৰে এনে কৰে”-“হাড়ে পুৱাইবো জুই ছালে ডামা সীম। শৰীৰৰ মাংস তাৰ কুকুৰক দিম।” -বুলি শঙ্কৰদেৱক ৰাজধানীলৈ ধৰি আনিবলৈ দহজন গড়মলি (চিপাহী) পাটবাউসীলৈ পঠিয়াই দিলে। ইতিমধ্যে নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে শঙ্কৰদেৱৰ সম্বন্ধীয়া ভাতৃ ৰামৰায়ৰ কন্যা ভুৱনেশ্বৰী বা কমলাপ্ৰিয়াক বিয়া কৰায় আৰু পত্নীৰ মুখত শঙ্কৰদেৱৰ গুণৰাজিৰ কথা জানিব পাৰি তেওঁৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ ওচৰত শৰণ লৈছিল। বিপদৰ আশংকা দেখি শঙ্কৰগুৰুক ধৰাৰ আগতেই চিলাৰায়ে গোপনে আনি ফুলবাৰীত ৰাখিলে। পিছত গুৰুজনাক নিজ আশ্ৰয়ত ৰাখি চিলাৰায়ে শঙ্কৰদেৱৰ মাহাত্ম্যৰ কথা ককায়েক নৰনাৰায়ণক কয়গৈ। ৰজাৰ ইচ্ছাৰ কথা জানিবলৈ পাই আৰু চিলাৰায়ে আশ্বস্ত কৰিলত শঙ্কৰদেৱ বেহাৰলৈ যায় আৰু নৰনাৰায়ণৰ ৰাজপ্ৰাসাদৰ সিংহদ্বাৰত উপস্থিত হ’ল। হাতত তুলসী মালা।

“দেখিতে সুন্দৰ গৌড়বৰ্ণ কলেবৰ। কৰন্ত প্ৰকাশ আতি সূৰ্য সমসৰ।।”

(দৈত্যাৰি)

দূৰৰ পৰাই গুৰুজনাৰ এই ৰূপ দেখা পাই ৰজা মোহিত হ’ল। ৰজাই অভিবাদন জনাই শঙ্কৰদেৱক ওচৰলৈ আহি আসন গ্ৰহণ কৰিবলৈ ক’লে। শঙ্কৰদেৱে প্ৰতি অভিবাদন জনাই সাতখলপা ভেটিৰ ওপৰত থকা সিংহাসনৰ ফালে অগ্ৰসৰ হ’ল। প্ৰত্যেক থাকতে উঠি শঙ্কৰদেৱে নিজৰ ৰচিত ‘মধু দানৱ দাৰণ দেৱ বৰং। বৰ ৱাৰিজ লোচন চক্ৰ ধৰম।।’ – এই তোটয়টি গাই যাবলৈ ধৰিলে। ৰজাই তেওঁক সসন্মানে বহিবলৈ দিয়াত তেওঁ গাইছিল – ‘নাৰায়ণ কাহে ভকতি কৰু তেৰা’- ধনশ্ৰী ৰাগৰ এই গীতটি ; লগতে এটি ৰাজ ভটিমা –

“জয় জয় মল্ল নৃপতি ৰসবান। যাকেৰি গুণগান নাহিকে সমান।।”...ইত্যাদি।

ইয়াৰ পিছত শঙ্কৰদেৱে ৰজাক আশীৰ্বাদ কৰিলে। ৰজাই শঙ্কৰদেৱৰ পাণ্ডিত্য,ধীৰগম্ভীৰ মনোমুগ্ধকাৰী সুন্দৰ প্ৰশস্ত ৰূপ দেখি মুগ্ধ হ’ল আৰু তেওঁৰ বিৰুদ্ধে তৰা গোচৰ পৰীক্ষা কৰি চাবৰ মনেৰে ৰজাই ব্ৰাহ্মণ পণ্ডিত সকলক মাতি শঙ্কৰদেৱৰ লগত বাদ কৰিবলৈ লগাই দিয়ে। বাদত পণ্ডিত সকল পৰাস্ত হয়। গুৰুজনাৰ মধুৰ তত্ত্ব কথা শুনি নৰনাৰায়ণ ৰজা মুগ্ধ হৈ গুৰুজনাক স-সন্মানে বিদায় দিলে আৰু তেওঁক প্ৰতিদিনে ৰাজসভালৈ আহিবলৈ অনুৰোধ কৰিলে।

ইয়াৰ পিছত গুৰুজনাই পূৰ্বে মধুপান কৰা ঠাইতে সত্ৰ পাতি থাকিবলৈ লয়। চিলাৰায়ে সেই ঠাইত গৃহাদি নিৰ্মাণ কৰি দিয়ে আৰু পাছত তাৰ পৰাই শঙ্কৰদেৱে ৰাজসভালৈ অহাযোৱা কৰিবলৈ লয়। নৰনাৰায়ণৰ ৰাজসভাত শঙ্কৰদেৱে ব্ৰাহ্মণ পণ্ডিত সকলৰ লগত কেইবাবাৰো তৰ্কবাদত লিপ্ত হ’ব লগা হৈছিল। এবাৰ ৰজাই ৰাজসভাত পণ্ডিত সকলক দুই দণ্ডৰ ভিতৰতে গাই শুনাব পৰাকৈ ভাগৱতৰ সাৰ কথা এদিনৰ ভিতৰতে ৰচি আনিব পাৰিবনে বুলি প্ৰশ্ন কৰে। উপস্থিত সকলো পণ্ডিতে ক’লে – ‘মহাৰাজ,ই হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে ; অসম্ভৱ। বাৰস্কন্ধ ভাগৱত বাৰ মাহত শুনা কঠিন,ঈশ্বৰ শক্তি হ’লেহে পাৰে এদিনত। মানুহৰ শক্তি নাই।’ তেতিয়া ৰজাই শঙ্কৰ গুৰুৰ ফালে চাই সেই কাম পাৰিবনে বুলি সোধাত ক’লে – “মহাৰাজ যদি ভগৱন্তৰ কৃপা হয় আমি কাইলৈ পৰা যাব।” এইবুলি ৰাজসভাৰ পৰা বিদায় লৈ সত্ৰ পাই কীৰ্ত্তন ঘৰত প্ৰৱেশ কৰি নিশাৰ ভিতৰতে বাৰস্কন্ধ ভাগৱত সাৰ কৰি ‘গুণমালা’ শাস্ত্ৰ ৰচনা কৰিলে। পিছদিনা গা -পা ধুই সেইখন হাতীমূৰ্তি অঙ্কিত ভুৰুকা এটাত ভৰাই ৰজাৰ হাতত অৰ্পন কৰে। শঙ্কৰদেৱৰ বুদ্ধি আৰু প্ৰতিভা দেখি নৰনাৰায়ণ বিস্ময়াবিভূত হয়।

এইদৰে নৰনাৰায়ণ ৰজাৰ লগত শঙ্কৰদেৱৰ ঘনিষ্ঠতা ক্ৰমে বৃদ্ধি পাবলৈ ধৰে। ৰজাই তেওঁক শ্ৰদ্ধা ভক্তি কৰিছিল আৰু তেৱোঁ ৰজাৰ গুণমুগ্ধ আছিল। এবাৰ নৰনাৰায়ণ ৰজাই বৃন্দাবনত শ্ৰীকৃষ্ণৰ লীলা-খেলা বস্ত্ৰত তুলি দেখুৱাবলৈ তেওঁক অনুৰোধ জনায়। শঙ্কৰদেৱে এই কথাত সন্মতি জনায় আৰু পাতবাউসীলৈ আহি তাঁতীকুছিৰ (বৰ্ত্তমান বৰপেটা) তাঁতী সকলৰ হতুৱাই ‘বৃন্দাৱনী বস্ত্ৰ’ তৈয়াৰ কৰি ৰজাৰ হাতত অৰ্পণ কৰে।

শঙ্কৰদেৱে কেইবাবাৰো বেহাৰলৈ অহাযোৱা কৰি প্ৰায় আঢ়ৈ বছৰ কাল বেহাৰত কটাইছিল। এই কালছোৱাতে শেষ বয়সত গুৰুজনাই ৰাজভাতৃ চিলাৰায়ৰ অনুৰোধক্ৰমে ‘ৰাম বিজয়’ নাট ৰচনা কৰে। এদিন শঙ্কৰদেৱে ৰাজসভাত বহি ঈশ্বৰৰ গুণাণুকীৰ্ত্তন কৰি থাকোতে ৰজাই শঙ্কৰদেৱৰ মস্তকৰ পৰা পদ-পঙ্কজলৈ ভালকৈ নিৰীক্ষণ কৰি তেওঁৰ গাতে ঈশ্বৰ পুৰুষৰ সকলো লক্ষণ দেখা পাই দণ্ডৱতে প্ৰণাম কৰিলে আৰু শঙ্কৰদেৱৰ ওচৰত শৰণ প্ৰাৰ্থনা কৰিলে। কিন্ত্ত শঙ্কৰদেৱে ৰজাক শৰণ দিবলৈ অনিচ্ছা প্ৰকাশ কৰে। ৰজাই বহুবাৰ অনুৰোধ কৰিলত গুৰুৱে ক’লে – ‘বাৰু কাইলৈ উপবাসে থাকক,ঈশ্বৰে কৰিলে পৰহিলৈ শৰণ দিবলৈ অহা হ’ব।’

এইবুলি শঙ্কৰদেৱে ৰজাৰ পৰা বিদায় লৈ বাহালৈ গ’ল। বাহাত ভক্তসকলক মাতি ক’লে, -“মোৰ দেহা ভাল নহয়,পৃথিৱীত আৰু নাথাকো” ভকতসকলে হৰিকীৰ্ত্তন কৰিব ধৰিলে। বৰপুত্ৰ ৰমানন্দই জানিব পাৰি পিতৃৰ চৰণত পৰি ক’লে, “পিতৃদেৱ,মই একো নাপালোঁ।” তেতিয়া গুৰুজনে ক’লে “বাপু ৰমানন্দ ; সোণ,ৰূপ, কাঁহ আদি সকলো সম্পদ পাটবাউসীত তোমাৰ মাৱৰ পাশতে আছে, তাতে পাবা।” তেতিয়া ৰমানন্দই ক’লে – “পিতৃ আমি পাৰ্থিৱ বস্ত্ত বিচৰা নাই,পৰকালৰ বৈকুণ্ঠৰ বস্ত্তহে প্ৰাৰ্থনা কৰা হৈছে।” এই কথা শুনি শঙ্কৰদেৱে ক’লে – “আজিহে আচল পিতা-পুত্ৰৰ সম্বন্ধ ঘটিল। যিহওক, এতিয়া মোৰ অন্তিম সময়। মোৰ শক্তি-ভক্তি,বল-বীৰ্য্য,পৰাক্ৰম সকলো ‘বঢ়াৰ পো’ৰ হাতত থৈ আহিছোঁ, মাধৱক গুৰু বোধে সকলো বুজি ল’বা।” এই বুলি পুতেকক বুজাই আৰু ভকত সকলক যথাসাধ্য উপদেশ-পৰামৰ্শ দি মহাপুৰুষ শঙ্কৰদেৱে ১৪৯০ শকৰ (১৫৬৮ খ্ৰীষ্টাব্দ) ভাদ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথি, বৃহস্পতি বাৰে দিনৰ ডেৰ প্ৰহৰত নশ্বৰদেহ ত্যাগ কৰি মধুপুৰতে বৈকুণ্ঠগামী হয়।

ৰজাৰ শৰণ লোৱা নহ’ল। মহাৰাজ নৰনাৰায়ণ আৰু ভক্ত চিলাৰায়ে গুৰুজনাৰ মহাপ্ৰয়াণৰ বাতৰি পাই শোকত ভাগি পৰিল। পাছত ৰাজভঁৰালৰ পৰা ঘিউ,চন্দন কাঠ আদি পঠিয়াই দিলে। তোৰষা (টোৰোচা ?) নদীৰ কাকটকুটা ঘাটত ভক্ত সকলে গুৰুজনাৰ পবিত্ৰ দেহৰ অন্তিম সংস্কাৰ কৰিলে। সেই সময়ত দেৱগণে পুষ্পবৃষ্টি কৰে আৰু গোটেই নদী পুষ্পময় হৈ পৰে। সেয়ে ঘাটৰ নাম হয় ‘পুষ্পকান্তি’। কালৰ গতিত অৱশ্যে সেই ঘাটৰ চিন-চাব আজি নাই। পাছত মহাৰাজ নৰনাৰায়ণে শঙ্কৰদেৱক ঈশ্বৰ জ্ঞান কৰি সত্ৰৰ নামত দুশ বিঘা মাটি ব্ৰহ্মোত্তৰ হিচাপে প্ৰদান কৰে।

শঙ্কৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। দুয়োজন অভিন্ন, এই কথা শঙ্কৰদেৱৰ নিজৰ মুখৰ পৰাই প্ৰকাশ পাইছে। দুয়ো ৰাম-কৃষ্ণ ৰূপে ভগৱান অৱতাৰ হৈছে। বেহাৰত থকা কালত শঙ্কৰদেৱ মধুপুৰত আছিল আৰু মাধৱদেৱ ভেলা সত্ৰত আছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ পাছত মাধৱদেৱে গুৰুভাৰ পাই ১৫৬৮ চনত ধৰ্মাচাৰ্য্য হিচাপে পাটবাউসী,গণককুছি,বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত থাকি ধৰ্ম প্ৰচাৰ কৰে। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত পুত্ৰ লক্ষ্মীনাৰায়ণ বেহাৰ ৰাজ্যৰ ৰজা হয়। তেওঁৰ ৰাজত্ব কালত ১৫৯৬ খ্ৰীষ্টাব্দত ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথিত ভেলা সত্ৰতে মহাপুৰুষ মাধৱদেৱ বৈকুণ্ঠগামী হয়। পাছত ক্ৰমে অচ্যুৎ গুৰু, শ্ৰীৰাম আতা, বিষ্ণু আতা আদি সত্ৰৰ অধিকাৰ হয়। বিষ্ণু আতাৰ মৃত্যুৰ পিছত কিছুদিন সত্ৰ চলোৱাৰ ভাৰ ‘সমূহ’ৰ ওপৰত পৰে। সমূহ হ’ল এই অঞ্চলৰ সত্ৰশাল,মাধৱপুৰ, বৈকুণ্ঠপুৰ আদি গাঁৱৰ সমূহ ভক্তবৃন্দ। পিছত বুঢ়ীৰ-পো গোবিন্দ আতৈ ভেলা সত্ৰৰ অধিকাৰ হয়। এই সময়তে ভেলাসত্ৰ তোৰষা নদীৰ গৰাখহনীয়াত পৰে। তেতিয়া বেহাৰৰ ৰজা আছিল বীৰ নাৰায়ণ। ভেলাসত্ৰৰ দুৰ্গতিৰ কথা ৰজাক জনোৱাত ৰজাই পিতৃ লক্ষ্মীনীৰায়ণৰ কথা স্মৰণ কৰি সেই মাটি সহ সত্ৰৰ সমস্ত বস্ত্ত নাৱেৰে নি গুৰুগৃহ, কীৰ্ত্তনঘৰ, হাটী নিৰ্মাণ কৰি মধুপুৰত পুনঃ সত্ৰ স্থাপন কৰে আৰু তেতিয়াৰ পৰা দুয়োখন সত্ৰ লগ লাগি নাম হয় ভেলা মধুপুৰ সত্ৰ

সত্ৰাধিকাৰসকল[সম্পাদনা কৰক]

বুঢ়ীৰ-পো গোবিন্দ আতৈ শ্ৰীশ্ৰীভেলা মধুপুৰ সত্ৰৰ প্ৰথম অধিকাৰ হৈ ছয়কুৰি ভকত সমন্বিতে সত্ৰত অক্ষয় প্ৰদীপ প্ৰজ্জ্বলিত কৰি নাম-কীৰ্ত্তন কৰি থাকে। গোবিন্দ আতৈৰ পিছত ক্ৰমে নিৰঞ্জণ আতৈ, গোপীনাথ আতৈ আদিয়ে সত্ৰৰ দায়িত্ব লয়। পৰৱৰ্ত্তী কালত যিসকল সত্ৰীয়া আতৈ বুঢ়া ভকতে মধুপুৰ সত্ৰ পৰিচালনা কৰে সেই সকল হ’ল ক্ৰমে – কৃষ্ণ বাপু সত্ৰীয়া, ৰামনাথ বাপু সত্ৰীয়া, গোপীনাথ বাপু সত্ৰীয়া, গঙ্গাৰাম ভৰালী, পচাৰাম ভৰালী আতৈ, কিনাৰাম আতৈ, নিৰন আতৈ, তোলন আতৈ, লক্ষ্মীকান্ত আতৈ বুঢ়াভকত, ফটিক চন্দ্ৰ দেৱ গোস্বামী। যোৱা ইং ১৮ এপ্ৰিল ২০১২ চনত পূৰ্বৰ সত্ৰাধিকাৰ ফটিক চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যুৰ পিছত পূৰ্বৰ ডেকা সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তক সত্ৰাধিকাৰ হিচাপে অভিষেক কৰা হয়।

মধুপুৰ সত্ৰ সমিতি[সম্পাদনা কৰক]

তোলন আতৈৰ দিনত মধুপুৰ সত্ৰৰ অৱস্থা অতি শোচনীয় হৈ পৰে। কোচবিহাৰৰ ভক্তপ্ৰাণ স্বৰ্গীয় হৰমোহন পোদ্দাৰ আৰু তেওঁৰ পিছৰ পুত্ৰ-পৌত্ৰ সকলে মধুপুৰ সত্ৰৰ সংৰক্ষণ আৰু উন্নতিৰ হকে আহোপুৰুষাৰ্থ কৰিছিল। সত্ৰাধিকাৰ লক্ষ্মীকান্ত আতৈৰ দিনত মধুপুৰ সত্ৰৰ পুনঃনিৰ্মাণৰ কথা চিন্তা কৰি ‘মধুপুৰ সত্ৰ সমিতি’ নামে এখন সত্ৰ সমিতি গঠন কৰা হয়। এই সমিতিৰ জৰিয়তে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় মহেন্দ্ৰ মোহন চৌধুৰীৰ ঐকান্তিক প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগত বৰ্ত্তমান সত্ৰৰ পকাৰ মন্দিৰ, পকা নামঘৰ, প্ৰাচীৰ, ৰাস্তা আদি নিৰ্মাণ কৰা হয়। ১৯৬৮ চনৰ জানুৱাৰী মাহত শঙ্কৰদেৱৰ সমাধি মন্দিৰৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হয়।

সমল আদি[সম্পাদনা কৰক]

মধুপুৰ সত্ৰত প্ৰধানকৈ গুৰুজনাৰ সমাধি মন্দিৰ, কীৰ্ত্তনঘৰ আৰু মণিকূট আছে। গুৰু মন্দিৰৰ কাষে কাষে পাঁচটা আতাগৃহ বা ভকতৰ বাহা আছে। সত্ৰাধিকাৰৰ উপৰিও সত্ৰত উদাসীন আৰু কেৱলীয়া ভকত অনেক কেইজন আছে। সত্ৰৰ কাষতে যাত্ৰী সকল আহিলে থাকিব পৰাকৈ সকলো সা-সুবিধাৰে প্ৰায় তিনিশজন মানুহৰ বাবে এটা যাত্ৰীগৃহ আছে। সত্ৰৰ লগতে অসম চৰকাৰৰ এটা সাংস্কৃতিক কেন্দ্ৰ আছে। মূল সমাধি মন্দিৰত গুৰুজনাৰ দিনৰে কিছুমান সেৱাৰ বস্ত্ত সংৰক্ষিত হৈ আছে। সেইবোৰ হ’ল – গুৰুজনাৰ বহা কঠ, তেওঁৰ খৰম, ৰজাই দিয়া লাখুটি, গুৰুজনাৰ হাতৰ জাপ্যমালা, গুৰুজনাই নিজ হাতে লিখা সাঁচিপাতগুণমালা পুথি, তেওঁৰ বৃন্দাৱনী বস্ত্ৰৰ অংশবিশেষ, গুৰুজনাই গুৱা-পাণ গ্ৰহণ কৰা টেমী-কটাৰী সহ সঁফুৰা, গুণমালা পুথিখন লিখা কাপ-মৈলাম ইত্যাদি। ইয়াৰ বাহিৰেও মাধৱদেৱে স্বহস্তে লিখা ঘোষাৰ পুথিখন, তেওঁ জলপান কৰা লোটা আৰু দুজনা গুৰুৰ শৰীৰৰ অংশ অস্থি আদিক সেৱাৰ বস্ত্ত হিচাপে পৰম্পৰাগতভাৱে ৰক্ষা কৰি অহা হৈছে।

বিভিন্ন উত্‍সৱ / অনুষ্ঠাসমূহ[সম্পাদনা কৰক]

সত্ৰত চৈধ্য প্ৰসঙ্গ সম্পূৰ্ণৰূপে চলি থাকে। পুৱাবেলা পুৱাগীত প্ৰসঙ্গ হয়, দুপৰীয়াৰ পৰা আবেলিলৈ ভাগৱত পাঠ, ভাটিবেলা প্ৰসঙ্গ আৰু আই সকলৰ নাম আৰু সন্ধিয়া নাম-কীৰ্ত্তন কৰা হয়। ইয়াত বছৰেকীয়া উৎসৱ হিচাপে আহিন মাহত শঙ্কৰদেৱৰ জন্মোৎসৱ, আৰু কাতি- আঘোণ মাহত ৰাসোৎসৱ পালন কৰা হয়। ফাগুনত ফাকুৱা বা দৌলোৎসৱ, ভাদ মাহত গুৰু দুজনাৰ কীৰ্ত্তন মহোৎসৱ আৰু ব’হাগত ব’হাগ বিহু আদি পালন কৰা হয়[1]। মাঘত প্ৰথমজন সত্ৰাধিকাৰ গোবিন্দ আতাৰ মৃত্যু তিথি মহা পয়োভৰেৰে পালন কৰা হয়।

বৰ্তমান অৱস্থা[সম্পাদনা কৰক]

গুৰুজনাৰ স্মৃতি বিজড়িত এই মহাতীৰ্থভূমি আজি চৰম সংকটত। পূৰ্বতে ৰজাই দান কৰা মাটিৰ বহুখিনিত বেদখল হৈ আৰু বহু মাটি পশ্চিমবঙ্গ চৰকাৰে অধিগ্ৰহণ কৰাৰ ফলত বৰ্ত্তমান সত্ৰৰ নামত ৬০ বিঘামান মাটিহে আছেগৈ। ইয়াৰ ১৯ বিঘা মাটিৰ ওপৰত সত্ৰখন আছে আৰু সত্ৰৰ বাহিৰত ৪১ বিঘা খেতিৰ মাটি আছে। ইয়াৰ পৰা হোৱা কিঞ্চিৎ আয় আৰু সত্ৰলৈ অহা তীৰ্থযাত্ৰী সকলৰ অনুদানেৰে সত্ৰখন চলি আছে।

সহায়ক গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ – লিখক: লক্ষ্মীনাথ বেজবৰুৱা
  • শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ যুগৰ বৈষ্ণৱাতাৰ্যসকল – ড° শিৱনাথ বৰ্মন
  • মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ চমু পৰিচয় আৰু বৈকুণ্ঠ প্ৰয়াণৰ স্থান শ্ৰীশ্ৰীমধুপুৰ (ধাম) সত্ৰৰ ইতিবিত্ত – পীতাম্বৰ ৰায় ভকত (কোচবিহাৰ)।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Madhupur Satra in India". India9.com. 2005-10-04. http://www.india9.com/i9show/Madhupur-Satra-68204.htm। আহৰণ কৰা হৈছে: 2013-03-16. 
  2. "Road & Electricity". Cic.nic.in. http://www.cic.nic.in/cicwebpages/Assam/agomani/rrsatra.html। আহৰণ কৰা হৈছে: 2013-03-16. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

মধুপুৰ সত্ৰ ইউটিউবত