বৈশালী মহান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৈশালী মহান্তি
Baisali Mohanty

ওডিছী নৃত্যৰ বিষয়ত অক্সফৰ্ড বিশ্ববিদ্যালয়ত মহান্তিয়ে এটি বক্তৃতা প্ৰদান কৰি আছে৷
জন্ম ০৫ আগষ্ট, ১৯৯৪ (২৯ বছৰ)
পুৰী, পুৰী জিলা, উৰিষ্যা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান অক্সফৰ্ড বিশ্ববিদ্যালয়, আমেৰিকা গণৰাজ্য লেডী শ্ৰীৰাম কলেজ ফ'ৰ ৱমেন, দিল্লী
পেচা নৃত্যশিল্পী, নৃত্য-পৰিচালক, স্তম্ভলেখক, বৈদেশিক নীতি আৰু কৌশল পৰিক্ৰমা বিশ্লেষক, লেখিকা

বৈশালী মহান্তি (ইংৰাজী: Baisali Mohanty, জন্ম-৫ আগষ্ট ১৯৯৪) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী৷ তেখেত একেধাৰে কৰিঅ'গ্ৰাফাৰ, লেখিকা, স্তম্ভলেখক, বৈদেশিক আৰু ৰাজহুৱা নীতিৰ বিশ্লেষক; বৈদেশিক নীতি তথা বহুকেইখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰকাশন গোষ্ঠীৰ কৌশল পৰিক্ৰমা আৰু বৈদেশিক নীতিৰ নিয়মীয়া অৱদানকাৰী৷ বিশ্বখ্যাত আলোচনী যেনে-ফৰ্বছ, দ্য হাফিংটন প'ষ্ট, দ্য ডিপ্ল'মেট আৰু লণ্ডনস্থিত অপেন ডেম'ক্ৰেচীৰ লগত তেখেত জড়িত হৈছে৷ [1][2][3][4][5] বৈশালী মহান্তি অক্সফৰ্ড ওডিছী কেন্দ্ৰৰ প্ৰতিষ্ঠাতা৷ এইটো কেন্দ্ৰৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুকেইখন শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত ওডিছী নৃত্যৰ প্ৰসাৰ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷[6][7]

২০১৫-১৬ চনৰ বাবে তেখেত এ.এল.চি.ৰ গোলকীয় সভ্য হিচাপে নিৰ্বাচিত হৈছিল; যি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত৷ [8]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৯৪ চনৰ ৫ আগষ্টত উৰিষ্যাপুৰীত বৈশালী মহান্তিৰ জন্ম হৈছিল৷ তেখেতৰ মাতৃ হৈছে প্ৰখ্যাত নাৰীবাদী লেখিকা আৰু কবি মানসী প্ৰধান৷ পিতৃ হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা বৈদ্যুতিক অভিযন্তা ৰাধা বিনোদ মহান্তি৷[9]

বৈশালী মহান্তিয়ে ব্লেছড ছেক্ৰামেণ্ট উচ্চ মাধ্যমিক পুৰী আৰু ভুৱনেশ্বৰস্থিত কেআইআইটি ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰে৷[10] দিল্লীত থকা লেডি শ্ৰীৰাম কলেজ ফ'ৰ ৱমেনত অধ্যয়ন কৰি তেখেতে পৰৱৰ্তী পৰ্যায়ত ৰাজনীতি আৰু আন্তৰ্জাতিক সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷[11]

অক্সফৰ্ড বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি তেখেতে নিউক্লিয়াৰ কূটনীতিত নিজৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷[5]

নৃত্যকৰ্ম[সম্পাদনা কৰক]

২০১০ চনৰ ২৪ নৱেম্বৰত ষোল্লতম আন্তৰ্জাতিক বিচ্চ মহোৎসৱত বৈশালী মহান্তি আৰু তেখেতৰ দলটোৱে নৃত্য প্ৰদৰ্শন কৰিছে৷

বৈশালী মহান্তিয়ে ওডিছী নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে প্ৰখ্যাত ওডিছী নৃত্যগুৰু পদ্মশ্ৰীপ্ৰাপক গংগাধৰ প্ৰধানৰ পৰা৷ অইন এগৰাকী প্ৰখ্যাত ওডিছী শিক্ষক আৰু পদ্মশ্ৰী প্ৰাপক ইলিয়ানা চিটাৰিষ্টীৰ পৰা তেখেতে নৃত্য-পৰিচালনা বা কৰিঅ'গ্ৰাফীৰ উচ্চতৰ শিক্ষা গ্ৰহণ কৰে৷ ওডিছী নৃত্যত তেখেতৰ ডিষ্টিংছনসহ বিশাৰদ ডিগ্ৰী আছে৷[12]

"বৈশালী মহান্তি এণ্ড ট্ৰুপ" নামৰ নিজা নৃত্যগোষ্ঠীৰ জৰিয়তে তেখেতে একক আৰু দলীয় নৃত্য পৰিৱেশন কৰে৷ এই দলটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় পোন্ধৰ বছৰৰো অধিক কাল নৃত্য পৰিৱেশন কৰি আহিছে৷ [13][14]

অক্সফৰ্ড ওডিছী কেন্দ্ৰ[সম্পাদনা কৰক]

২০১৫ চনত বৈশালী মহান্তিয়ে অক্সফৰ্ড বিশ্ববিদ্যালয়ত "অক্সফৰ্ড ওডিছী কেন্দ্ৰ" স্থাপন কৰে৷ এই কেন্দ্ৰটোৰ জৰিয়তে তেখেতে বিশ্ববিদ্যালয়খনত ভাৰতীয় ধ্ৰুপদী নৃত্যৰ প্ৰসাৰৰ ব্যৱস্থাৱলী হাতত লয়৷[15][16][17] অক্সফৰ্ড বিশ্ববিদ্যালয়ত নিয়মীয়াকৈ ওডিছী নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ উপৰি বৈশালী মহান্তিয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়, লণ্ডন স্কুল অৱ ইক'নমিকছ্, কিংগছ কলেজ লণ্ডন, মানচেষ্টাৰ বিশ্ববিদ্যালয়, এডিনবাৰ্গ বিশ্ববিদ্যালয়তো ওডিছী নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰিছে৷[18][19]

"অক্সফৰ্ড ওডিছী মহোৎসৱ"ৰো বৈশালী মহান্তি প্ৰতিষ্ঠাপক৷ অক্সফৰ্ড ওডিছী কেন্দ্ৰৰ নেতৃত্বত আয়োজিত হোৱা এই মহোৎসৱটো বিশ্ববিদ্যালয়খনত এনেধৰণে বাৰ্ষিকভাৱে উদযাপিত হোৱা প্ৰথমটো ভাৰতীয় ধ্ৰুপদী নৃত্য৷ [20][21][22][23][24]


বঁটা[সম্পাদনা কৰক]

২০১৫ চনৰ ৯ এপ্ৰিলত নতুন দিল্লীস্থ ইণ্ডিয়া হেবিটেত কেন্দ্ৰত অনুষ্ঠিত হোৱা নিৰ্ভয়া সমাৰোহত বৈশালী মহান্তিয়ে আবৃত্তি প্ৰদান কৰিছে৷

২০১৩ চনত নতুন দিল্লীআন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ক্ষণটিত "নাৰীৰ ৰাষ্ট্ৰীয় আয়োগ"ৰ দ্বাৰা বৈশালী মহান্তি সম্বৰ্ধিত হয়৷ অসাধাৰণ বিশিষ্টতাৰ বাবে বৈশালী মহান্তিক উক্ত সন্মান প্ৰদান কৰা হয়৷[25] একেটা বৰ্ষতে বৈশালী মহান্তিয়ে ২০১২ চনৰ দিল্লীৰ ধৰ্ষণ কাণ্ডত বলি হোৱা যুৱতীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচি এটি নৃত্য সংৰচনা কৰে৷ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতাৰ সকলো শিতানতে উক্ত সংৰচনাটিয়ে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়৷[26]

২০১৭ চনত, বৈশালী মহান্তিয়ে সন্মানীয় আৰ্য্যা বঁটা লাভ কৰে৷ ভাৰতীয় লোকনৃত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতলৈ উক্ত সন্মান আগবঢ়োৱা হয়৷ ২০১৪ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থীয়ে তেখেতক এই সন্মানটি প্ৰদান কৰে৷[27][28]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Orissa POST E-Paper". http://www.orissapost.com/epaper/200515/p14.htm। আহৰণ কৰা হৈছে: 14 April 2016. 
  2. Flows, Capital. "Has Modi's Mantra Of 'Reform, Perform And Transform' Failed Desperately?". Forbes. https://www.forbes.com/sites/realspin/2016/10/04/has-modis-mantra-of-reform-perform-and-transform-failed-desperately/. 
  3. "Can the Nuclear Deal With Japan Get India Into the Nuclear Suppliers Group?". thediplomat.com. https://thediplomat.com/2016/11/can-the-nuclear-deal-with-japan-get-india-into-the-nuclear-suppliers-group/. 
  4. "Archived copy". Archived from the original on 23 June 2016. https://web.archive.org/web/20160623184828/http://www.theuniversitiesofasia.ga/2016/05/eminent-graduated-class-of-delhi.html। আহৰণ কৰা হৈছে: 7 June 2016. 
  5. 5.0 5.1 "Puri girl Baisali makes it to Oxford Varsity". http://www.dailypioneer.com/state-editions/bhubaneswar/puri-girl-baisali-makes-it-to-oxford-varsity.html। আহৰণ কৰা হৈছে: 14 April 2016. 
  6. "Odissi beats to resonate at Oxford University". The Telegraph. http://www.telegraphindia.com/1160113/jsp/odisha/story_63528.jsp। আহৰণ কৰা হৈছে: 14 April 2016. 
  7. "আৰ্কাইভ কপি". Archived from the original on 2016-12-24. https://web.archive.org/web/20161224070802/http://www.sakaaltimes.com/NewsDetails.aspx?NewsId=5580040700377590794&SectionId=5131376722999570563&SectionName=Features&NewsTitle=From%20temple%20to%20the%20Oxford%20varsity/। আহৰণ কৰা হৈছে: 2021-02-03. 
  8. "Oxford India Society - About". Archived from the original on 26 April 2016. https://web.archive.org/web/20160426071934/http://www.oxfordindiasociety.org.uk/about। আহৰণ কৰা হৈছে: 14 April 2016. 
  9. "Odisha: Odia girl Baisali Mohanty in class of Aung San Suu Kyi, Oriya Success Orbit, Odisha Latest Headlines". Archived from the original on 8 May 2016. https://web.archive.org/web/20160508225751/http://orissadiary.com/ShowOriyaOrbit.asp?id=35028। আহৰণ কৰা হৈছে: 16 April 2016. 
  10. "The Pioneer". http://www.dailypioneer.com/print.php?printFOR=storydetail&story_url_key=odishi-centre-to-open-at-oxford-in-january&section_url_key=state-editions। আহৰণ কৰা হৈছে: 14 April 2016. 
  11. "Odisha: Odia girl Baisali Mohanty in class of Aung San Suu Kyi, Oriya Success Orbit, Odisha Latest Headlines". Archived from the original on 8 May 2016. https://web.archive.org/web/20160508225751/http://orissadiary.com/ShowOriyaOrbit.asp?id=35028। আহৰণ কৰা হৈছে: 14 April 2016. 
  12. "Odisha girl Baisali selected for Master's Degree at Oxford University, Oriya Success Orbit, Odisha Latest Headlines". Archived from the original on 8 May 2016. https://web.archive.org/web/20160508231402/http://orissadiary.com/showoriyaorbit.asp?id=59250। আহৰণ কৰা হৈছে: 14 April 2016. 
  13. "A Beautiful Fusion of Classical Dances". Telangana Today. https://telanganatoday.com/beautiful-fusion-classical-dances. 
  14. "Archived copy". http://www.prameyanews7.com/en/dec2015/odisha/9845/Odissi-Dance-Centre-to-open-at-Oxford-University.htm#। আহৰণ কৰা হৈছে: 14 April 2016. 
  15. "আৰ্কাইভ কপি". Archived from the original on 2017-08-19. https://web.archive.org/web/20170819190919/https://www.telegraphindia.com/1160504/jsp/odisha/story_83592.jsp। আহৰণ কৰা হৈছে: 2021-02-03. 
  16. "Archived copy". Archived from the original on 2016-05-06. https://web.archive.org/web/20160506163458/http://orissadiary.com/CurrentNews.asp?id=67003। আহৰণ কৰা হৈছে: 2016-06-07. 
  17. "Archived copy". http://www.prameyanews7.com/en/may2016/odisha/24350/3-day-Odissi-fest-at-Oxford-University-from-today-Odissi-fest-at-Oxford-UniversityOdisha.htm#। আহৰণ কৰা হৈছে: 7 June 2016. 
  18. "আৰ্কাইভ কপি". Archived from the original on 2016-04-23. https://web.archive.org/web/20160423234054/http://www.telegraphindia.com/1160113/jsp/odisha/story_63528.jsp। আহৰণ কৰা হৈছে: 2021-02-03. 
  19. "Archived copy". http://odishasuntimes.com/2016/05/31/odissi-festival-gets-rousing-reception-oxford-university/। আহৰণ কৰা হৈছে: 7 June 2016. 
  20. "Archived copy". Archived from the original on 15 August 2016. https://web.archive.org/web/20160815224843/http://www.southasia.ox.ac.uk/oxford-odissi-festival। আহৰণ কৰা হৈছে: 7 June 2016. 
  21. "Odishi fest at Oxford Varsity from today". www.dailypioneer.com. 27 May 2016. http://www.dailypioneer.com/state-editions/bhubaneswar/odishi-fest-at-oxford-varsity-from-today.html। আহৰণ কৰা হৈছে: 2021-01-01. 
  22. "Archived copy". http://odishasuntimes.com/2016/05/05/applause-odissi-dance-festival-makes-it-to-oxford-university/। আহৰণ কৰা হৈছে: 7 June 2016. 
  23. "citynewsline.co.uk". www.citynewsline.co.uk. Archived from the original on 2021-02-08. https://web.archive.org/web/20210208042415/http://www.citynewsline.co.uk/news/odissi-festival-to-be-held-at-oxford-university-on-may-27%7B%7Bdead+link%7Cdate=February+2018+%7Cbot=InternetArchiveBot+%7Cfix-attempted=yes+%7D%7D। আহৰণ কৰা হৈছে: 2021-02-03. 
  24. "Odishi at Oxford enthrals foreigners". www.dailypioneer.com. 1 June 2016. http://www.dailypioneer.com/state-editions/bhubaneswar/odishi-at-oxford-enthrals-foreigners.html। আহৰণ কৰা হৈছে: 2021-01-01. 
  25. "Odissi Centre to open at Oxford University from 2016". Archived from the original on 12 May 2016. https://web.archive.org/web/20160512171144/http://orissadiary.com/CurrentNews.asp?id=63707। আহৰণ কৰা হৈছে: 16 April 2016. 
  26. "Baisali Mohanty wins DU dance competition". http://www.dailypioneer.com/state-editions/bhubaneswar/baisali-mohanty-wins-du-dance-competition.html। আহৰণ কৰা হৈছে: 14 April 2016. 
  27. "12 women achievers get Arya Award". The Pioneer. http://www.dailypioneer.com/print.php?printFOR=storydetail&story_url_key=12-women-achievers-get-aarya-awards&section_url_key=state-editions. 
  28. "12 women achievers awarded by Kailash Satyarthi". Pragativadi. http://pragativadi.com/12-odia-women-achievers-awarded-kalilash-satyarthi/.