সমললৈ যাওক

মহো-হো গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মহো-হো গীত বা ম'হখেদা গীত হ'ল এবিধ অসমীয়া লোকগীত। নামনি অসমৰ কলিতা জনগোষ্ঠীৰ লোকসকলে পালন কৰা মহো-হো উৎসৱত এই গীতসমূহ ব্যৱহাৰ হয়। লোক-বিশ্বাস বা প্ৰচলিত পৰম্পৰাৰ ভেটিতে অসমৰ লোক-সাহিত্য ৰচিত হৈছে। পৰম্পৰাগত ভাৱে পৌৰাণিক দিনৰেপৰা কৃষিভূমিৰ ধান বা মাহ নষ্ট কৰিবলৈ অহা বনৰীয়া বা খুঁটিৰ ম'হ খেদিবলৈ যাওঁতে মুখে মুখে ওলোৱা চিঞৰ সমূহৰ পৰাই কালক্ৰমত পৰম্পৰাৰ আলমত মহো-হো গীতবোৰ ৰচিত হৈছে।[1] নামনি অসমৰ গাঁওসমূহত ম'হ খেদিবলৈ বুলি গাঁৱৰ ৰাইজ একত্ৰিত হৈ টাঙোন লৈ মহো-হো গীত গায়। “অ' হৰি মহোহো/ মহ খেইদবা টোকান লো।”[1] - আঘোণ মাহৰ পূৰ্ণিমা তিথিত[1] নামনি অসমৰ কলিতা গাওঁসমূহত মহখেদা গীত গাই চোতালে চোতালে আশীৰ্বাদ দি ফুৰে। এইদৰে কৰিলে ম'হ আঁতৰি যায় বুলি বিশ্বাস আছে। মহো-হো গীতৰ বিষয়বস্তু কৃষিভিত্তিক আৰু বেছি অংশই কৌতুকপূৰ্ণ।[2] মহো-হো গীত লৌকিক ঋতুকালীন উৎসৱ মহো-হো উৎসৱৰ অংশবিশেষ। নামনি অসমৰ অভিভক্ত কামৰূপ জিলা, গোৱালপাৰা জিলা আৰু দৰং জিলাত এই উৎসৱ পালন কৰা হয়। যিহেতু বনৰীয়া ম'হ খেদিবলৈ পুৰুষসকল একত্ৰিত হৈ কৃষিপথাৰলৈ গৈছিল সেইবাবেই পুৰুষসকলেই চোতালে চোতালে মহোহো গীত গাই। এই উৎসৱ সম্পূৰ্ণ কৃষিভিত্তিক আৰু শস্য ৰক্ষা কৰা।

গীত পৰিৱেশনৰ ৰীতি

[সম্পাদনা কৰক]

মহো-হো গীত গোৱা দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহো-হো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই যায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে । তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়।[3] গীত গাই সংগ্ৰহ কৰা ধনেৰে তেওঁলোকে ভোজ-ভাত খায় । গীত গাঁওতে এজনে কলৰ চোঁচনি গাত আঁৰি ভালুক হয়। তেওঁ অনুষ্ঠানৰ মূল নৰ্তক[2] আৰু তেওঁ গীত গোৱা জুমটোৰ মাজত সোমাই নাচে। বাকীবোৰে তেওঁক আৱৰি লৈ একোটা বৃত্ত বনায় আৰু বৃত্তাকাৰে নাচি-নাচি গীত পৰিৱেশন কৰে। ভালুক আৰু মহৰ মাজত কিবা সম্বন্ধ বিচাৰি পাই বাবে মহো-হো গীতত ভালুকৰ অৱতাৰণা কৰা বুলি কোৱা হৈছে।[1]সাধাৰণতে মহো-হো গীত পৰিৱেশনত বিশেষ সাজ-পাৰৰ একো ভূমিকা নাই। গৰখীয়া ল'ৰাহঁতে ঘৰত পিন্ধা সাজপাৰেৰে এই গীত পৰিৱেশন কৰে। গীতৰ সাহিত্যিক সৌন্দৰ্যত একো গুৰুত্ব আৰোপ কৰা নহয়। পৰিৱেশকে গৃহস্থৰ পৰিৱেশ পৰিস্থিতি লক্ষ্য কৰি গীতত থাউকতে নতুন পংক্তি কিছুমান সংযোজন কৰে। [2]মহো-হো গীতত নৃত্যৰ প্ৰাধান্য কম।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 ড॰ লীলা গগৈ (জানুৱাৰী, ২০০৭). অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ১১২-১১৪. ISBN ৮১-৭৩৩৩৯-৩২৭-৩.
  2. 1 2 3 ড° কবিতা ডেকা (২০১৮). অসমৰ লোক পৰিৱেশ্য কলা (প্ৰথম খণ্ড). পূৰ্বায়ণ প্ৰকাশন. পৃষ্ঠা. ২৬৪-২৭১. ISBN ৯৭৮-৯৩-৮৮৫৯৩-১৭-৫.
  3. ভৰালী, বিভা. "মহোহো বা মহখেদা উৎসৱ". বিকাশপেডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ae9b99b9-9ac9be-9ae9b99969c79a69be-9899ce9b89f1 আহৰণ কৰা হৈছে: 29 September 2020.