সমললৈ যাওক

লখিন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লখিন্দৰ

পাল (ভেল)ত মৃত অৱস্থাত লখিন্দৰ বেউলাৰ সৈতে; (মনসা মংগল)
সম্পৰ্ক বেউলা (পত্নী), চান্দ সদাগৰ (পিতৃ), সনেকা (মাতৃ)
নিবাস ভাৰতীয়
গ্ৰহ পৃথিৱী
সঙ্গী বেউলা (পত্নী)
পিতৃ-মাতৃ চান্দ সদাগৰ (পিতৃ) আৰু সনেকা (মাতৃ)

লখিন্দৰ (ইংৰাজী: Lakshindar) হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ চান্দ সদাগৰৰ পুত্ৰ আৰু বেউলাৰ পতি। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধুনী তথা ক্ষমতাশালী বণিকৰ পুত্ৰ আছিল।[1] চান্দ সদাগৰ, বেউলা-লখিন্দৰৰ উপাখ্যানৰ লগত সৰ্পদেৱী মনসাৰ কাহিনীও জড়িত হৈ আছে।

কিংবদন্তি

[সম্পাদনা কৰক]

চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তেওঁৰ সতীৰ্থ বণিক সাহাৰ কন্যা বেউলাৰ সমসাময়িক কালত জন্ম হয়। দুই শিশোৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে। লখিন্দৰৰ পিতৃ চন্দ্ৰবণিক বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী। তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে। ইপিনে শিৱৰ কন্যা মনসা দেৱী আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল।[2]

তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক (পৃথিৱী)ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ। তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে।[3]

শিৱৰ উপাসক চান্দ সদাগৰে মনসা দেৱীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰে। তেতিয়া ক্ৰোধান্বিতা হৈ মনসাই চান্দ সদাগৰক শাপ দিয়ে যে, তেওঁ চান্দ সদাগৰৰ প্ৰতিটো সন্তাননকে বিনাশ কৰিব। মনসা দেৱীৰ এই শাপৰ কাৰণে চান্দ সদাগৰৰ এজন এজনকৈ প্ৰত্যেকটো সন্তানৰে সৰ্প দংশনত মৃত্যু হয়।

লখিন্দৰৰ বিবাহৰ সময়ত চান্দ সদাগৰে অধিক সতৰ্কতা অৱলম্বন কৰে। তেওঁ সাপে ছিদ্ৰ কৰিব নোৱাৰাকৈ বিশ্বকৰ্মাৰ দ্বাৰা এটি ঘৰ সজাইছিল যদিও মনসা দেৱীয়ে তেওঁৰ উদ্দেশ্য বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হয় আৰু লখিন্দৰক দংশন কৰে।

প্ৰচলিত প্ৰথা অনুসৰি, যাক সাপে দংশন কৰে তেওঁৰ মৃতদেহ ভেলত নদীত ভাহাই দিয়া হয়, যাতে কোনো অলৌকিক শক্তিৰ দ্বাৰা পুন জীৱিত হয়। বেউলাই সকলোৰে বাধা অগ্ৰাহ্য কৰি তেওঁৰ স্বামীৰ লগত ভেলত যায়।

এসময়ত ভেলখন মনসাৰ পালনকৰ্তা মাতা নিতাৰ কাষলৈ যায়। তেনেতে ঐশ্বৰিক ক্ষমতাৰ বলত তেওঁ মৃত স্বামীৰ সৈতে স্বৰ্গত যাবলৈ সক্ষম হয়। মনসা দেৱীয়ে লখিন্দৰক পুন জীৱন দিয়ে যদিও বেউলাৰ শহুৰ চান্দ সদাগৰক মনসা দেৱীৰ পূজা কৰিবলৈ কয়। অৱশেষত চান্দ সদাগৰে মনসা দেৱীৰ পূজা কৰে।

বংশ পৰিচয়

[সম্পাদনা কৰক]

চান্দ সদাগৰৰ পত্নীৰ নাম আছিল সনেকা। লখিন্দৰ তেওঁৰ পুত্ৰ আছিল আৰু সাহাৰ জীয়াৰী বেউলা আছিল চান্দ সদাগৰৰ বোৱাৰী তথা লখিন্দৰৰ পত্নী। পূৰ্বজন্মত বেউলা বাণাসুৰৰ জীয়েক ঊষা আৰু লখিন্দৰ প্ৰদ্যুম্নৰ পুত্ৰ তথা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ আছিল বুলি জনা যায়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]