সমললৈ যাওক

চান্দ সদাগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চান্দ সদাগৰ

চান্দ সদাগৰ
জন্ম চন্দ্ৰধৰ
২০০–৩০০ খ্ৰীষ্টাব্দ
চম্পক নগৰ, ছয়গাঁও, কামৰূপ
পেচা বণিক
জনা যায় লোকসাহিত্যৰ চৰিত্ৰ
দাম্পত্যসঙ্গী সনেকা
সন্তান লখিন্দৰ
আত্মীয়-স্বজন বেউলা (বোৱাৰী)
ছয়গাঁৱৰ মঠপাৰা গাঁৱত অৱস্থিত মেৰঘৰৰ ধ্বংসাৱশেষ।[টোকা 1]

চান্দ সদাগৰ (ইংৰাজী: Chand Sadagar) হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ লখিন্দৰৰ পিতৃ আৰু বেউলাৰ শহুৰ। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধনী তথা ক্ষমতাশালী বণিক আছিল।[1] চান্দ সদাগৰৰ উপাখ্যানৰ লগত সৰ্পদেৱী মনসাৰ কাহিনীও জড়িত হৈ আছে। বৰ্তমানৰ দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁৱত চান্দ সদাগৰ নিৰ্মিত মেৰঘৰৰ ধ্বংসাৱশেষ পোৱা যায়। তদুপৰি লোকগীতসমূহত বেউলা-লক্ষিন্দাৰৰ বিভিন্ন কাহিনীৰ উল্লেখে চান্দ সদাগৰৰ গুৰুত্ব বহন কৰে।

চান্দ সদাগৰৰ পত্নীৰ নাম আছিল সনেকালখিন্দৰ তেওঁৰ পুত্ৰ আছিল আৰু সাহেই ৰাজ্যৰ জীয়াৰী বেউলা আছিল চান্দ সদাগৰৰ বোৱাৰী তথা লখিন্দৰৰ পত্নী। পূৰ্বজন্মত বেউলা বাণাসুৰৰ জীয়েক ঊষা আৰু লখিন্দৰ প্ৰদ্যুম্নৰ পুত্ৰ তথা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ আছিল বুলি জনা যায়।[2]

  1. হাতত লৈ থকা সেই লাঠি আকৃতিৰ দণ্ডদালে শিৱ প্ৰদত্ত হেমটাঙোনকে নিৰ্দেশ কৰিছে। গতিকে চান্দ সদাগৰক বহু ক্ষেত্ৰত ঐতিসাহিক চৰিত্ৰ বুলি কোৱাৰ থল আছে বুলি ভালেমান যুক্তি পোৱা যায়। [উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • ঠাকুৰীয়া, সুৰেণ, "চম্পকৰ ঐতিহ্য"

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]