অসম গৌৰৱ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম গৌৰৱৰ পৰা পুনঃনিৰ্দেশিত)
অসম গৌৰৱ
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী সাধাৰণ
বৰ্ণনা সন্মুখফাল: গায়ন-বায়নৰ চিত্ৰৰ লগত "অসম গৌৰৱ" অসমীয়া লিপিত খোদিত
পিছফাল: ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে 'অসম চৰকাৰ' খোদিত[1]
প্ৰতিষ্ঠা ২০২১[2]
অন্তিমবাৰ প্ৰদান ২০২৩
মুঠ প্ৰদানৰ সংখ্যা ৪৪
প্ৰদানকৰ্তা অসম চৰকাৰ
বঁটাৰ মৰ্যদা
অসম সৌৰভঅসম গৌৰৱনাই

অসম গৌৰৱ (ইংৰাজী: Assam Gaurav) অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰথমবাৰৰ বাবে ১৩ গৰাকী ব্যক্তিক নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়।[3] অসম গৌৰৱ বঁটাত আছে নগদ তিনি লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক। এই বঁটাৰ সন্মুখৰ ফালে গায়ন-বায়নৰ চিত্ৰৰ লগত "অসম গৌৰৱ" অসমীয়া লিপিত খোদিত কৰা আৰু পিছফালে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে 'অসম চৰকাৰ' খোদিত কৰা আছে।[4] ২০২৩ চনৰ ৪ জানুৱাৰীত অসম চৰকাৰে ১৫ গৰাকী ব্যক্তিক ২০২২ বৰ্ষৰ অসম গৌৰৱ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।[5] ২০২৪ চনৰ ১৬ জানুৱাৰী তাৰিখে অসম চৰকাৰে ১৬ গৰাকী ব্যক্তিক নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৩ বৰ্ষৰ অসম গৌৰৱ বঁটা প্ৰদান কৰে।[6]

বিৱৰণ[সম্পাদনা কৰক]

লোকসেৱাৰ হিতাৰ্থে আৰু মানৱিক প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰতেই সৰ্বোচ্চ ব্যৱস্থাৰ অসাধাৰণ সেৱা/কাৰ্যক্ষমতাক স্বীকৃতি প্ৰদানৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ আৰ্হিত অসম অসামৰিক সন্মান প্ৰদানৰ ব্যৱস্থা হাতত লয়। এই বঁটাসমূহ ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ চনৰ ২ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঅসম দিৱস উপলক্ষে আনুষ্ঠানিকভাৱে এই বঁটাসমূহ ঘোষণা কৰে।

সাধাৰণতে প্ৰতি বছৰে এজন ব্যক্তিক অসম বৈভৱ, তিনি গৰাকীক অসম সৌৰভ আৰু ১৫ গৰাকী ব্যক্তিক অসম গৌৰৱ সন্মানৰ বাবে বাছনি কৰা হয়। অৱশ্যে পুৰস্কাৰ সমিতিৰ সিদ্ধান্ত অনুযায়ী প্ৰত্যেক শাখাত প্ৰতি বছৰে বঁটাৰ সংখ্যা পৰিবৰ্তন হব পাৰে। ২০২১ বৰ্ষত ১৩ গৰাকী, ২০২২ বৰ্ষত ১৫ গৰাকী আৰু ২০২৩ বৰ্ষত ১৬ গৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। সাধাৰণতে ডিচেম্বৰ-জানুৱাৰী মাহত এই বঁটাসমূহ ঘোষণা কৰা হয়।

বঁটাপ্ৰাপ্ত সকলক প্ৰদান কৰিবলগীয়া পুৰস্কাৰসমূহ এনেধৰণৰ-

  • অসম বৈভৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান
  • অসম সৌৰভ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৪ লাখ টকাৰ এক আৰ্থিক অনুদান
  • অসম গৌৰৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৩ লাখ টকাৰ এক আৰ্থিক অনুদান

বঁটা প্ৰাপক সকলে লাভ কৰিবলগীয়া অন্যান্য সুবিধাসমূহ এনেধৰণৰ-

  • চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰে
  • তেওঁলোকক ৰাজ্য চৰকাৰৰ আৱৰ্ত ভৱন, অতিথি আৱাস আৰু অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হয়
  • তেওঁলোক সকলো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত কৰা হয়
  • অসম চৰকাৰে তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসালয়ৰ ব্যয়ৰ বাবে ২ লাখ টকা পৰ্য্যন্ত প্ৰদান কৰে
  • পুৰস্কৃত ধন আৰু নিৰ্দিষ্ট সুবিধাৰ ব্যৱস্থা থকাৰ উপৰিও বঁটাপ্ৰাপ্ত নাগৰিকসকলে এ.এছ.টি.চি বাছত বিনামূলীয়াকৈ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে যদিহে ভ্ৰমণৰ ২৪ ঘণ্টা পূৰ্বেই নিৰ্ধাৰিত তথ্য প্ৰদান কৰে।[7]

বঁটা বিজয়ীসকলৰ তালিকা[সম্পাদনা কৰক]

সংখ্যা নাম চন ক্ষেত্ৰ চিত্ৰ
মুনীন্দ্ৰ নাথ ঙাটে ২০২১ লোকসেৱা আৰু টিকাকৰণ
বসন্ত হাজৰিকা স্বাস্থ্য আৰু কভিড ব্যৱস্থাপনা
আকাশ জ্যোতি গগৈ হাঁহ-কুকুৰা পালন
মনোজ কুমাৰ বসুমতাৰী গাহৰি পালন
খৰচিং তেৰাং ক্ৰীড়া আৰু পৰ্বতাৰোহণ
ববী হাজৰিকা মহিলা উদ্যোগী
হেমপ্ৰভা চুতীয়া বয়ন
নমিতা কলিতা স্বাস্থ্য আৰু লোকসেৱা
বাৰ্মিতা মমিন লোকসেৱা
১০ ধৰণীধৰ বড়ো বন্যপ্ৰাণী সংৰক্ষণ
১১ কৌশিক বৰুৱা কৃষি ৰপ্তানিকাৰক আৰু উদ্যোগী
১২ কল্পনা বড়ো লোকসেৱা
১৩ আছিফ ইকবাল স্বাস্থ্য আৰু চিকিৎসা
১৪ সৰ্বেশ্বৰ বসুমতাৰী ২০২২ কৃষি
১৫ মনথাং হমাৰ কৃষি
১৬ ধ্ৰুৱজ্যোতি শৰ্মা কৃষি
১৭ দয়াল গোস্বামী কলা আৰু সংস্কৃতি
১৮ চৈয়দ ইফটিকাৰ আহমেদ স্বাস্থ্য আৰু চিকিৎসা
১৯ ধৃতিমালা ডেকা সমাজসেৱা
২০ দেৱজিত বৰ্মন কৃষি
২১ ৰুস্তম বসুমতাৰী পৰ্যটন
২২ মাঞ্জে লা পৰ্যটন
২৩ বিনন্দ হাতীবৰুৱা পৰিৱেশ আৰু বন
২৪ অতুল চন্দ্ৰ বৰুৱা সমাজসেৱা
২৫ কল্যাণী ৰাজবংশী উদ্যোগী
২৬ শীলা গোৱালা আশা কৰ্মী
২৭ যোগেশ দেউৰী কৃষি
২৮ পংকজ লাল গগৈ উদ্যোগী
২৯ ৰঞ্জিত গগৈ ২০২৩ কলা আৰু সংস্কৃতি
৩০ পাৰ্বতী বৰুৱা পৰিৱেশ আৰু বন
৩১ দেৱজিত চাংমাই কলা আৰু সংস্কৃতি
৩২ দ্ৰোণ ভূঞা কলা আৰু সংস্কৃতি
৩৩ নীলম দত্ত কৃষি
৩৪ অনুপম ডেকা উদ্যোগী
৩৫ সৌমদ্বীপ দত্ত পৰিৱেশ আৰু বন
৩৬ বসন্ত চিৰিং ফুকন কৃষি
৩৭ মনেন্দ্ৰ ডেকা কাৰুকলা আৰু বাঁহ শিল্পী
৩৮ মিনাক্ষী চেতিয়া আশা কৰ্মী
৩৯ পখিলা লেকথেপী কলা আৰু সংস্কৃতি
৪০ টেনেজিং বদোচা পৰিৱেশ আৰু বন
৪১ নিৰ্মল দে উদ্যোগী
৪২ জেচিন কোম্বাও ফাও বয়ন
৪৩ মেৰী হাছা  অংগনবাদী কৰ্মী
৪৪ ৰাহুল গুপ্তা  কৃষি

তথ্য উৎস[সম্পাদনা কৰক]

  1. "এইবাৰ ‘অসম বৈভৱ’ বঁটা ৰতন টাটালৈ : অন্য কি বঁটা কোনে পালে চাওক". https://assamtimespost.com/?p=62976&amp। আহৰণ কৰা হৈছে: ৫ এপ্ৰিল ২০২৪. 
  2. "ৰতন টাটালৈ অসম বৈভৱ সন্মান, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ বাবে কোন কোন হ'ল নিৰ্বাচিত?". https://assam.news18.com/news/assam/cm-himanta-biswa-sarma-assam-government-announced-3-highest-civilian-awards-check-the-list-hb-175713.html। আহৰণ কৰা হৈছে: ৫ এপ্ৰিল ২০২৪. 
  3. "অসম অসামৰিক বঁটা- তিনিটা শিতানত প্ৰদান কৰা হ’ব এই বঁটা…লাভলীনালৈ অসম সৌৰভ বঁটা". Archived from the original on 2022-01-21. https://web.archive.org/web/20220121154519/https://as.time8.in/assam-civilian-award-announced/। আহৰণ কৰা হৈছে: ৪ এপ্ৰিল ২০২৪. 
  4. "২০২১ বৰ্ষৰ অসম বৈভৱ বঁটা ঘোষণা, ৰতন টাটালৈ প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা". https://assam.nenow.in/assam-baibhav-award-for-2021-announced-first-year-assam-baibhav-award-to-ratan-tata/। আহৰণ কৰা হৈছে: ৫ এপ্ৰিল ২০২৪. 
  5. Time, Pratidin (2023-01-04). "Dr Tapan Saikia To Receive Assam's Highest Civilian Award". www.pratidintime.com. https://www.pratidintime.com/amp/story/latest-assam-news-breaking-news-assam/dr-tapan-saikia-assams-highest-civilian-award। আহৰণ কৰা হৈছে: 4 April 2024. 
  6. Bureau, The Hindu (14 February 2024). "Former CJI Ranjan Gogoi receives Assam’s highest civilian award". www.thehindu.com. https://www.thehindu.com/news/national/other-states/former-cji-ranjan-gogoi-receives-assams-highest-civilian-award/article67842362.ece। আহৰণ কৰা হৈছে: 4 April 2024. 
  7. Award, Assam Civilian. "About the Assam Civilian Awards" (en ভাষাত). assamcivilianawards.assam.gov.in. https://assamcivilianawards.assam.gov.in/index.php/about। আহৰণ কৰা হৈছে: 4 February 2024.