সমললৈ যাওক

দেৱজিত চাংমাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱজিত চাংমাই

মুম্বাইত কৰ্মৰত অৱস্থাত দেৱজিত চাংমাই
জন্ম ৩ ছেপ্টেম্বৰ, ১৯৭৮ (৪৭ বছৰ)
বেতবাৰী, শিৱসাগৰ জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা শব্দযন্ত্ৰী
দাম্পত্যসঙ্গী বৰ্ণালী চাংমাই
সন্তান ৰিদ্ধিমান

দেৱজিত চাংমাই (ইংৰাজী: Debajit Changmai) অসমৰ এজন শব্দযন্ত্ৰী। তেওঁ বৰ্তমান মুম্বাইৰ বাসিন্দা আৰু ৰাজকমল কলামন্দিৰ (ফিউচাৰ ৱৰ্কছ) ষ্টুডিঅ'ত কৰ্মৰত।[1] দেৱজিতে ২০১১ চনত অভিষেক চৌবে পৰিচালিত ইস্কিয়া চলচ্চিত্ৰত কৰা শব্দ-সংযোজনৰ বাবে অ'ডিঅ'গ্ৰাফী শাখাত শ্ৰেষ্ঠ শব্দ-সংযোজনৰ ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2] তেওঁ অসমীয়া ভাষাজীৱন বাটৰ লগৰীকে আদি কৰি ভালেকেইখন হিন্দী, তামিল আৰু তেলুগু ভাষাৰ ছবিত শব্দ সংযোজন কৰিছে।[3] ২০১৩ চনত চাংমায়ে বৰফি বোলছবিত কৰা শব্দ-সংযোজনৰ বাবে শ্ৰেষ্ঠ শব্দ-সংযোজনৰ অপ্সৰা অৰ্থাৎ ষ্টাৰ গীল্ড বঁটা লাভ কৰে।[4]

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

১৯৭৪ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ বেতবাৰীত দেৱজিৎ চাংমাইৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপীনাথ চাংমাই আৰু মাতৃৰ নাম হিৰণ্য চাংমাই।

দেৱজিৎ চাংমায়ে শিৱসাগৰত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। ১৯৯৬ চনত তেওঁ পদাৰ্থ বিজ্ঞানক সন্মানীয় বিষয় হিচাপে লৈ যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা স্নাতক উপাধি গ্ৰহণ কৰে।[5] ইয়াৰ পিছত তেওঁ গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত ছাউণ্ড ৰেকৰ্ডিং আৰু ইঞ্জিনিয়াৰিয়াৰিংৰ তিনি বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।[1][3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৯ চনত জ্যোতি চিত্ৰবনৰ শিক্ষা শেষ হোৱাৰ লগে লগে অসমত ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰ থকা সীমিত সুবিধাই দেৱজিতলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনে। ২০০২ চনৰ মাৰ্চত শব্দযন্ত্ৰীৰ শিক্ষা সমাপ্ত কৰা আন এজন অমৃত প্ৰীতম দত্তৰ সৈতে তেওঁ ৰেলেৰ মুম্বাইলৈ ৰাওনা হয়। এই বিষয়ে তেওঁ কয়:

“মুম্বাইলৈ অহা দিনটোৰ কথা ভাবিলে আজিও মোৰ এয়া এক কল্পকাহিনী যেন লাগে। অমৃত আৰু মই কেনে দুঃসাহস কৰি মুম্বাইলৈ অহাৰ সিদ্ধান্ত লৈছিলো সেয়া অকল্পনীয়।”[1]

২০০১ চনত মুম্বাইৰ কৈলাস কমল ষ্টুডিঅ'ত ছিকন্দৰ ঘোষ আৰু অনুপ দেৰ তত্তাৱধানত চাংমায়ে শব্দযন্ত্ৰীৰ কাম আৰম্ভ কৰে। ২০০৬ চনৰ পৰা তেওঁ নিজাকৈ প্ৰকল্প গ্ৰহণ কৰিবলৈ লয়।[3]

প্যাৰ কা ছাইড এফেক্টছ বোলছবিত শব্দ-সংযোজনেৰে কেৰিয়াৰ আৰম্ভ কৰা[1] দেৱজিতে এতিয়ালৈকে ৬০ খনৰো অধিক বোলছবিত কাম কৰিছে।[4] ইয়াৰ ভিতৰত কমিনে, ডন ২, ৰীমা কাগতিৰ তলাশ্ব, চল' দিল্লী, হিৰ'ইন, আইশ্বা, প্ৰীতি জিণ্টাৰ ইস্ক ইন পেৰিছ, মীৰা নায়াৰৰ দ্য ৰিলাক্টেণ্ট ফাণ্ডামেণ্টেলিষ্ট, ৰোহন চিপ্পিৰ নৌটঙকী চালা, বিশাল ভৰদ্বাজৰ মাত্ৰো কি বিজলী কা মনডোলা, বৰ্ফি! আদি উল্লেখযোগ্য।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০৭ চনত ২৩ এপ্ৰিলত শিৱসাগৰৰে জীয়ৰী বৰ্ণালী চাংমাইৰ সৈতে দেৱজিতৰ বিয়া হয়। বৰ্তমান তেওঁলোকৰ এক পুত্ৰ সন্তানো (ৰিদ্ধিমান) আছে।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০২৪ চনত অসম চৰকাৰে তেওঁ ২০২৩ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা প্ৰদান কৰে।[6] তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটাসমূহ হৈছে:

বৰ্ষচলচ্চিত্ৰবঁটাশাখা
২০১১ইস্কিয়াৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ শব্দ সংযোজন
২০১২ধ্বনি বঁটা[4]
২০১৩বৰ্ফি! অস্পৰা (ষ্টাৰ গীল্ড বঁটা)শ্ৰেষ্ঠ শব্দ-সংযোজন
২০১৫হাইদৰআইফা (ইণ্টাৰনেচনেল ইণ্ডিয়ান ফিল্ম একাডেমী) বঁটাশ্ৰেষ্ঠ শব্দ-মিশ্ৰণ

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰপৰিচালকবিভাগভাষাতথ্য
২০০৬ৰংগ দে বসন্তিৰাকেশ ওমপ্ৰকাশ মেহৰাৰি-ৰেকৰ্ডিষ্টহিন্দী[7]
২০০৬প্যাৰ কা চাইড ইফেক্টছসকেত চৌধাৰীঅডিও'গ্ৰাফাৰহিন্দী[7]
২০০৯জীৱন বাটৰ লগৰীতিম'থী দাস হান্সেশব্দ সংযোজনঅসমীয়া
২০১১ইস্কিয়াঅভিষেক চৌবেশব্দ সংযোজনহিন্দী[7]
২০১২বান্ধোন (চলচ্চিত্ৰ)জাহ্নু বৰুৱাশব্দ সংযোজনঅসমীয়া
২০১৩বৰ্ফি! অনুৰাগ বসুশব্দ সংযোজনহিন্দী
২০১৭মাজ ৰাতি কেতেকীসান্ত্বনা বৰদলৈশব্দ সংযোজনঅসমীয়া
২০১৭অন্তৰীণমঞ্জুল বৰুৱাশব্দ সংযোজনঅসমীয়া
২০১৮ভগা খিৰিকীজাহ্নু বৰুৱাশব্দ সংযোজনঅসমীয়া
২০১৯কানীনমঞ্জুল বৰুৱাশব্দ সংযোজনঅসমীয়া
২০১৯ৰত্নাকৰযতীন বৰাশব্দ সংযোজনঅসমীয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "তাৰ পাছত...? ট্ৰেইনৰ শ্লীপাৰ ক্লাছত উঠি আহিছিলো মুম্বাইলৈ". অসমীয়া খবৰ. 19 May 2011.
  2. "National Film Awards 2011: Winners' List". MSN India. 19 May 2011. Archived from the original on 22 May 2011. https://web.archive.org/web/20110522203755/http://entertainment.in.msn.com/bollywood/article.aspx?cp-documentid=5163592 আহৰণ কৰা হৈছে: 21 February 2013.
  3. 1 2 3 4 "Sound Copletes The Visuals - Debajit Changmai". Pandolin. 25 October 2012. Archived from the original on 24 June 2013. https://web.archive.org/web/20130624030858/http://pandolin.com/sound-completes-the-visuals-debajit-changmai/ আহৰণ কৰা হৈছে: 21 February 2013.
  4. 1 2 3 "দেৱজিতৰ সাফল্যত শিৱসাগৰতো আনন্দ". দৈনিক জনমভূমি. 20 February 2013.
  5. "Debajit Changmai thanks people of Assam for support". The Assam Tribune. 7 June 2011. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304124938/http://www.assamtribune.com/scripts/detailsnew.asp?id=jun0811/state06 আহৰণ কৰা হৈছে: 29 April 2013.
  6. "Assam CM Announces Names of Recipients for State's Highest Civilian Awards". pratidintime.com. 16 January 2024. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/assam-cm-announces-names-of-recipients-for-states-highest-civilian-awards আহৰণ কৰা হৈছে: 18 February 2024.
  7. 1 2 3 "Filmography of Debajit Changmai". Gomolo.. Gomolo.com. Archived from the original on March 10, 2012. https://web.archive.org/web/20120310044052/http://www.gomolo.com/debajit-changmai-movies-list-filmography/21728 আহৰণ কৰা হৈছে: February 22, 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]