ৰামধেনু
ৰামধেনু (ইংৰাজী: Rainbow) হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগ ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে। সূৰ্যৰ পোহৰ সাতটা ৰঙৰ সমষ্টি। সেইকেইটা হ'ল-
- বেঙুনীয়া
- ঘন নীলা
- নীলা
- সেউজীয়া
- হালধীয়া
- সুমথিৰা আৰু
- ৰঙা
[1] পানীৰ কণিকাৰ মাজেদি অহা পোহৰ ৰশ্মি এই সাতটা ৰঙলৈ বিচ্ছুৰিত হৈ ৰামধেনু হিচাপে দেখা দিয়ে।
তথ্যসূত্ৰ:[সম্পাদনা কৰক]
- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড