সমললৈ যাওক

লোকেল কুং ফু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লোকেল কুংফু

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক কেনী দেউৰী বসুমতাৰী
ৰচনা কেনী দেউৰী বসুমতাৰী
প্ৰযোজক কেনী ডি বি ফিল্ম্‌ছ
অভিনয়ত কেনী দেউৰী বসুমতাৰী
সংগীত পৰিচালক টনী ডি বি
উৎকৰ্ষ ধ'টেকাৰ
মুক্তি
২৭ চেপ্টেম্বৰ, ২০১৩
দেশ  ভাৰত
ভাষাসমূহ অসমীয়া, হিন্দী
বাজেট ৯৫,০০০ টকা

লোকেল কুংফু (ইংৰাজী: Local Kung Fu) হৈছে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰা সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট অসমীয়া-হিন্দী ভাষাৰ একছন কমেডি৷। কেনী ডি বি ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা কেনী দেউৰী বসুমতাৰীৰ। সংগীত পৰিচালনা টনী ডি বি আৰু উৎকৰ্ষ ধ'টেকাৰৰ। ২০১২ চনৰ ২৯ জুলাইত অ'ছিয়ান্‌ছ চিনেফেন ফিল্ম ফেষ্টিভেলত চলচ্চিত্ৰখনৰ প্ৰীমিয়াৰ প্ৰদৰ্শিত হয়। মাত্ৰ ৯৫,০০০ টকাৰ বাজেটত কেনন ৫৫০ডি কেমেৰাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে দৰ্শকৰো ভাল সঁহাৰি লাভ কৰে।[1] বোলছবিখনৰ একছনৰ দৃশ্যসমূহত কোনোধৰণৰ VFX (স্পেচিয়েল এফেক্ট্‌ছ) বা কেব্‌লৰ (cable) ব্যৱহাৰ কৰা হোৱা নাই, বাস্তৱ কুংফু বিশাৰদ আৰু কুংফু শিকাৰুয়ে নিজে সমৰ কলাৰ এই ষ্টাণ্টবিলাক প্ৰদৰ্শন কৰিছে।[2] ২০১৭ চনত ছবিখনৰ চিকুৱেল লোকেল কুং ফু ২ মুক্তি পায়।

ছবিখনৰ কাহিনীটো গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা দুটা যুৱকৰ গোটৰ মাজত হোৱা কাজিয়াক লৈ কেন্দ্ৰীভূত। ছবিখনৰ পৰিচালক কেনী দেউৰী বসুমতাৰী নিজে ছবিখনৰ মূল চৰিত্ৰ চাৰ্লিৰ ৰূপত অভিনয় কৰিছে। আন এটা যুৱকৰ দলে এখন স্কুলৰ সন্মুখত এখন সুৰাৰ দোকান খুলিবলৈ আবকাৰী শুল্ক বিষয়া (Excise inspector) জনক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। এই আবকাৰী শুল্ক বিষয়া জন আছিল চাৰ্লিৰ প্ৰেমিকাৰ (সংগীতা নায়াৰৰ) খুড়াক। ছবিখনৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে ব’ঞ্জ’ – আণ্ডাৰ এইট্‌টিন ডন।[3]

চিত্ৰগ্ৰহণ

[সম্পাদনা কৰক]

ছবিখনৰ সম্পূৰ্ণ চিত্ৰগ্ৰহণ গুৱাহাটীৰ বিভিন্ন ঠাইত কৰা হৈছে। চিত্ৰগ্ৰহণৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নথকা ঠাই আৰু পৰিচালকৰ সম্পৰ্কীয় মানুহৰ ঘৰত ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে। ছবিখনৰ একশ্যন সমূহ কৰিঅ’গ্ৰাফ কৰি আখৰা কৰা হৈছিল যাতে চিত্ৰগ্ৰহণৰ সময়ত কোনো লোক আঘাতপ্ৰাপ্ত নহয়।[4] উল্লেখযোগ্য যে, একশ্যন দৃশ্যসমূহৰ চিত্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ কেব’লৰ সহায় লোৱা হোৱা নাছিল। সকলোবোৰ একশ্যন দৃশ্য অভিজ্ঞ সমৰ কলাবিদৰ সহায়ত কৰা হৈছিল। চাৰ্লি আৰু মাজত হোৱা এটা দৃশ্য ২৬ বাৰ চিত্ৰগ্ৰহণ কৰা হৈছিল। লগতে শেষৰ একশ্যন দৃশ্যসমূহ ২১ দিন ধৰি আবেলি সময়ত চিত্ৰগ্ৰহণ কৰা হৈছিল।[5]

প্ৰডাকশ্যন

[সম্পাদনা কৰক]

ছবিখনৰ সম্পাদনাৰ কামত পুৰণি ছফ্টৱেৰ ব্যৱহাৰ আৰু নিজ ভাতৃ টনি বসুমতাৰীয়ে সংগীতৰ লগতে আৱাহ সংগীত দিছিল। এনেদৰেই ছবিখন নিৰ্মাণ কৰোঁতে খৰচৰ পৰিমাণ কমোৱা হৈছিল। মুঠ ৯৫,০০০ বাজেটৰ ছবিখনত ৫৮,০০০ টকা কেমেৰাৰ বাবত, ৫ হাজাৰ টকা মাইকৰ বাবত, ১৩-১৫ হাজাৰ টকা অভিনেতা সকলৰ বাবত আৰু বাকী সমূহ খোৱা-বোৱাৰ বাবত খৰচ কৰিছিল।[4]

চিত্ৰনাট্য

[সম্পাদনা কৰক]

ছবিখনৰ চিত্ৰনাট্য পৰিচালকে নিজেই ৰচনা কৰিছিল। কলা-কুশলীয়ে দিয়া নতুন নতুন মতামতৰ ভিত্তিত পৰিস্থিতি সাপেক্ষে পৰিচালকে চিত্ৰনাট্য সলনি কৰিছিল। ছবিখনত প্ৰথমতে “আণ্ডাৰ এইট্‌টিন ডন”ৰ গীতটো সংযোজন কৰা হোৱা নাছিল। এদিন অভিনেতাজনে গানটো ৰচনা-সুৰ কৰি পৰিচালকক গাই শুনাইছিল। তাৰ পাছত এই চৰিত্ৰটোৰ বাবে পৰিচালকে চিত্ৰনাট্য সাল-সলনি কৰিছিল।[6] চিত্ৰনাট্যত একশ্যন দৃশ্যসমূহ বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল।[6]

পৰিচালকে অ’ডিশ্যনৰ যোগেদি নিজৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজৰ পৰা ছবিখনৰ অভিনেতা সকলক নিৰ্বাচন কৰিছিল। ছবিখনৰ হাস্যৰসৰ দৃশ্যসমূহৰ বাবে Comic timingৰ প্ৰয়োজন আছিল। সেয়ে অভিনেতাসকলে বহু সময় ধৰি আখৰা কৰিছিল। ছবিখনত অভিনয় কৰিছে:

  • কেনী দেউৰী বসুমতাৰী (চাৰ্লি)
  • সংগীতা নায়াৰ
  • উৎকল হাজোৱাৰী
  • বনী দেউৰী
  • বিভাস সিংহ
  • ৰণী দেউৰী
  • জনী দেউৰী
  • এ এছ দেউৰী

কলা-কুশলী

[সম্পাদনা কৰক]
  • পৰিচালনা/কাহিনী:- কেনী দেউৰী বসুমতাৰী
  • প'ষ্ট প্ৰডাক্‌ছন:- গগন জাজ
  • সংগীত:- টনী ডি বি, উৎকৰ্ষ ধ'টেকাৰ

চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন

[সম্পাদনা কৰক]
  • অ'ছিয়ান্‌ছ চিনেফেন ফিল্ম ফেষ্টিভেল, ২৯ জুলাই, ২০১২[7]
  • ইণ্টাৰনেচনেল ডিজিটেল ফিল্ম ফেষ্টিভেল, মুম্বাই[7]

২০১৩ চনৰ ২৭ ছেপ্তেম্বৰ তাৰিখে অসমৰ চিনেমা হ’লৰ লগতে দিল্লী, মুম্বাই, বাংগালোৰকে ধৰি ভাৰতৰ সাতখন মহানগৰত লোকেল কুংফুৰ মুক্তি দিয়া হয়।[8] এই কথাছবিখনত ইংৰাজী চাব-টাইটেলৰ ব্যৱস্থা কৰি মুক্তি দিয়া হৈছিল। দুৰ্লভ বৰুৱাৰ কুঁহিপাত কমিউনিকেশ্যন-এ বোলছবিখনৰ বিতৰণ কৰাৰ দায়িত্ব লয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. KK. "IIT dropout's Local Kung Fu". Deccan Herald. http://www.deccanherald.com/content/268306/iit-dropouts-local-kung-fu.html আহৰণ কৰা হৈছে: ২ অক্টোবৰ, ২০১৩.
  2. Utpal Borpujari (২৮ জুলাই, ২০১২). "Osian’s Cinefan 2012 Review: Kenny Basumatary’s “Local Kung Fu”". Dear Cinema. http://dearcinema.com/review/osians-cinefan-2012-review-local-kung-fu/0336 আহৰণ কৰা হৈছে: ২ অক্টোবৰ, ২০১৩.
  3. NAMRATA JOSHI (OCT 07, 2013). "Local Kung Fu (Assamese)". outlookindia.com. http://www.outlookindia.com/article.aspx?287942 আহৰণ কৰা হৈছে: 15 জানুৱাৰী 2014.
  4. 1 2 Nitish Kapoor (Thu, 26 Sep 2013). "Kenny D Basumatary's Local Kung Fu wows Anurag Kashyap and Dibakar Banerjee". pardaphash.com. Archived from the original on 1 October 2013. https://web.archive.org/web/20131001004100/http://www.pardaphash.com/news/kenny-d-basumatarys-local-kung-fu-wows-anurag-kashyap-and-dibakar-banerjee/722545.html#.Uk135awS4vI আহৰণ কৰা হৈছে: 15 জানুৱাৰী 2014.
  5. 1 2 "'Local Kung Fu' impresses Anurag Kashyap and Dibakar Banerjee". ApunKaChoice.com. Sep 27, 2013. http://www.apunkachoice.com/content/article/sid100016594-local_kung_fu_impresses_anurag_kashyap_and_dibakar_banerjee/ আহৰণ কৰা হৈছে: 15 জানুৱাৰী 2014.
  6. 1 2 Sanjukta Sharma (Mon, Sep 23 2013.). "Kenny Basumatary". ivemint.com. http://www.livemint.com/Leisure/RhLJ05sEZCgiljV0XeIruI/Kenny-Basumatary--Everybody-loves-kung-fu-fighting.html আহৰণ কৰা হৈছে: 15 জানুৱাৰী 2014.
  7. 1 2 BHUMIKA K. (২৫ চেপ্টেম্বৰ, ২০১৩). "There’s Kung Fu in the air". The Hindu. http://www.thehindu.com/features/cinema/theres-kung-fu-in-the-air/article5167612.ece আহৰণ কৰা হৈছে: ২ অক্টোবৰ, ২০১৩.
  8. PARAG MANIAR, TNN (Sep 21, 2013). "Indian martial arts flick gears up for release". THE TIMES OF INDIA. Archived from the original on 2013-09-29. https://archive.today/20130929152737/http://articles.timesofindia.indiatimes.com/2013-09-21/news-interviews/42272380_1_assamese-film-indian-cinema-kenny-basumatary আহৰণ কৰা হৈছে: 15 জানুৱাৰী 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত লোকেল কুং ফু সম্পৰ্কীয় বা-বাতৰি