বাণীকান্ত ৰচনাৱলী
বাণীকান্ত ৰচনাৱলী | |
---|---|
লেখক | সম্পাদনা : ড° মহেশ্বৰ নেওগ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | ৰচনাৱলী |
প্ৰকাশক | অসম প্ৰকাশন পৰিষদ |
প্ৰকাশ | চতুৰ্থ প্ৰকাশ : আগষ্ট ২০১০ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ৪৭২ |
বাণীকান্ত ৰচনাৱলী (ইংৰাজী: Banikanta Rachanavali) হৈছে ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাত লিখা ৰচনাসমূহৰ সংকলন।[1] ড° মহেশ্বৰ নেওগে এই ৰচনাৱলীখন সম্পাদনা কৰিছে আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। ৰচনাৱলীখনৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ হয় ১৯৯১ চনৰ নৱেম্বৰ মাহত। ২০১০ চনৰ আগষ্ট মাহত ইয়াৰ চতুৰ্থটি সংস্কৰণ প্ৰকাশ পায়।[2]
সম্পাদকৰ চমু পৰিচয়
[সম্পাদনা কৰক]মহেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ এগৰাকী ভাষাবিদ, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ, সম্পাদক তথা শিক্ষাবিদ।[3][4][5][6]পুৰণি শিলালিপিৰ পৰা আধুনিক কবিতালৈকে, শাস্ত্ৰীয় নৃত্য-গীতৰ পৰা লোকশিল্পলৈকে, প্ৰাচ্যতত্ত্বৰ পৰা নন্দন তত্ত্বলৈকে, ইতিহাসৰ পৰা দৰ্শন আৰু ধৰ্মলৈকে -বহল পৰিসৰত তেওঁ বিচৰণ কৰিছিল আৰু তথ্যৰ আসোঁৱাহ নথকাকৈ এই বিষয়সমূহ তেওঁৰ গৱেষণাৰ অন্তৰ্ভুক্ত কৰিছিল।[7]তেওঁক অসমত শংকৰদেৱ চৰ্চাৰ এক বৃহৎ প্ৰেক্ষাপট নিৰ্মাতা বুলি কোৱা হয়।[8]নেওগ ১৯৪৪ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবীত গঠিত হোৱা ট্ৰাষ্ট ব’ৰ্ডৰ সচিব আছিল।[9]১৯৪৮ চনত প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তেওঁ প্ৰথমগৰাকী প্ৰবক্তা আছিল।[7][9] ১৯৪৮ ৰ পৰা ১৯৭৮লৈ ত্ৰিশ বছৰ তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰত চৰকাৰে মহেশ্বৰ নেওগক পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰিছিল। অসম সাহিত্য সভাই সভাপতিৰ সন্মান যচাৰ উপৰিও তেওঁক ‘সদস্য মহীয়ান’ উপাধি যাচিছিল। অসম চৰকাৰে প্ৰদান কৰিছিল ‘শ্ৰীমন্ত শংকৰদেৱ বঁটা’। ইয়াৰ উপৰিও নেওগক গুৱাহাটী বিশ্ববিদ্যালয়ে ‘প্ৰফেছৰ এমেৰিটাছ’, ভাৰতীয় প্ৰত্নতত্ত্ব সমিতি আৰু ভাৰতীয় ইতিহাস আৰু সংস্কৃতি সমিতিয়ে তাম্ৰপত্ৰ আৰু সংগীত-নাটক অকাডেমিয়ে অকাডেমিৰ ফেল’শ্বিপ প্ৰদান কৰিছিল।[7][10]
বাণীকান্ত কাকতি
[সম্পাদনা কৰক]বাণীকান্ত কাকতি অসমৰ এগৰাকী গৱেষক, ভাষাবিদ, সম্পাদক আৰু বিশিষ্ট সমালোচক৷[11] অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত তেওঁ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। গৱেষণা গ্ৰন্থ ‘Assamese : Its Formation And Development’ কাকতিৰ সাহিত্যিক জীৱনৰ এক অমূল্য কৃতি। অসমীয়া আধুনিক সমালোচনা সাহিত্যৰ তেওঁ এগৰাকী বিশিষ্ট পণ্ডিত।[1] ১৯১৮ চনৰ ১৬ নবেম্বৰত কাকতিদেৱে ইংৰাজীৰ অধ্যাপক হিচাপে কটন কলেজত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। [12] কটন কলেজত অধ্যাপকৰ পদ পোৱা প্ৰথমগৰাকী অসমীয়া আছিল ড° সূৰ্য্যকুমাৰ ভূঞা আৰু দ্বিতীয়গৰাকী আছিল বাণীকান্ত কাকতি৷[13] ইয়াৰ মাজতে তেওঁ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইণ্ডিয়ান হিষ্টৰিকেল ৰেকৰ্ডছ্ কমিছনৰ পেছোৱাত অনুষ্ঠিত দ্বাবিংশতিতম অধিৱেশনত যোগদান কৰে আৰু প্ৰায় এবছৰ এই কমিছনৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰে ৷ ১৯৪৭ চনত তেখেত কটন কলেজৰ অধ্যক্ষ ৰূপে পদোন্নতি লাভ কৰে[14]আৰু ১৯৪৯ চনৰ জানুৱাৰী মাহলৈকে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।৷[15] সেই বছৰতে তেওঁ নতুনকৈ স্থাপিত হোৱা অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰাধ্যাপক হিচাপে পুনৰ কামত যোগদান কৰে আৰু মৃত্যুৰ সময়লৈকে সেই পদতে থাকি সেৱা আগবঢ়ায়।[16] কাকতি অসমীয়া বিভাগৰ প্ৰথমগৰাকী ‘কলাগুৰু’ (Dean, Faculty Of Arts) ৰূপে নিৰ্বাচিত হৈছিল ৷ তেওঁ বিশ্ববিদ্যালয়ৰ ক’ৰ্ট সভাৰো সদস্য আছিল৷ ৷[17]
গ্ৰন্থখনৰ বিষয়বস্তু
[সম্পাদনা কৰক]১৯১৬ চনৰ ১৫ ডিচেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত অসমীয়া ছাত্ৰ সন্মিলনৰ অধিৱেশনত পঠিত ‘সাহিত্যত কৰুণৰস’-এই হ’ল বাণীকান্ত কাকতিৰ প্ৰথমটো প্ৰৱন্ধ।[2] কলেজীয়া ছাত্ৰ অৱস্থাতে তেওঁ এই প্ৰৱন্ধটি লিখিছিল। আধুনিক সাহিত্য সমালোচকৰ দৃষ্টিৰে তেওঁ বৈষ্ণৱ সাহিত্যৰ পুৰণি পুথিসমূহৰ সমালোচনা আগবঢ়াইছিল। আকৌ নতুন অসমীয়া সাহিত্যৰ লেখাসমূহে কাকতিৰ আধুনিক সাহিত্য সম্পৰ্কীয় বিচাৰবোধ আৰু দৃষ্টিভংগীৰ পৰিচয় দিয়ে। ড° মহেশ্বৰ নেওগে সম্পাদনা কৰা ‘বাণীকান্ত ৰচনাৱলী’ত বাণীকান্ত কাকতিৰ অসমীয়া ভাষাত লিখা ৰচনাসমূহ সন্নিবিষ্ট হৈছে। ৰচনাসমূহ ‘পুৰণি অসমীয়া সাহিত্য’, ‘সাহিত্য আৰু প্ৰেম’, ‘কলিতা জাতিৰ ইতিবৃত্ত’, ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’, ‘পখিলা’, ‘নতুন অসমীয়া সাহিত্য’, ‘বিধিবদ্ধ প্ৰৱন্ধ’ আৰু ‘বিজুলী’ - এই আঠটা ভাগত ভগোৱা হৈছে। ইয়াত কলিতা জাতিৰ ইতিবৃত্ত আৰু পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা হ’ল বাণীকান্তৰ অসমীয়া ভাষাত ভাৰততত্ত্ব চৰ্চাৰ উদাহৰণ। সাহিত্য আৰু প্ৰেম তেওঁৰ অধ্যয়ন বৈচিত্ৰ্য়ৰ প্ৰমাণ। পখিলা শিশুগ্ৰন্থ আৰু বিজুলী হৈছে ভবানন্দ পাঠক ছদ্মনামেৰে বাঁহী আলোচনীত লিখা প্ৰৱন্ধলানি। কাকতিৰ মৃত্যুৰ দুকুৰি বছৰৰ পাছত প্ৰকাশ হ’লেও বাণীকান্ত ৰচনাৱলী অসমীয়া জাতীয় জীৱনৰ এক অমূল্য সম্পদ।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 মুখ্য সম্পাদক : ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী (অক্টোবৰ-নৱেম্বৰ ২০০৭). "বাণীকান্ত ৰচনাৱলী". কথা গুৱাহাটী খণ্ড চতুৰ্থ বছৰ (প্ৰথম সংখ্যা): ২৭.
- ↑ 2.0 2.1 সম্পাদনা : মহেশ্বৰ নেওগ (আগষ্ট ২০১০ (চতুৰ্থ প্ৰকাশ)). বাণীকান্ত ৰচনাৱলী. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ.
- ↑ Mukunda Madhava Sharma; Satyanarayana Ratha (1974). Dr. Maheswar Neog: A Profile and a Short Bibliography. Lawyer's Book Stall. https://books.google.com/books?id=ovUpmzQjmRAC.
- ↑ "Professor Maheswar Neog". Assaminfo.com. http://www.assaminfo.com/famous-people/56/dr-maheswar-neog.htm। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ Bipuljyoti Saikia (7 September 1915). "Bipuljyoti Saikia's Homepage : Authors & Poets – Maheswar Neog". Bipuljyoti.in. Archived from the original on 2 July 2014. https://web.archive.org/web/20140702035119/http://bipuljyoti.in/authors/maheswarneog.html। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ "DU VC delivers Maheswar Neog lecture". The Assam Tribune Online. 14 September 2011. Archived from the original on 22 February 2014. https://web.archive.org/web/20140222022637/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1411/city07। আহৰণ কৰা হৈছে: 10 February 2014.
- ↑ 7.0 7.1 7.2 ড° নগেন শইকীয়া (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ৭৯-৮১. ISBN 81-89148-14-1.
- ↑ উমেশ ডেকা (এপ্ৰিল-মে’-জুন ২০১৫). "সম্পাদনাৰ প্ৰেক্ষাপটত". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ৯-১২.
- ↑ 9.0 9.1 ড° বিনীতা বৰা দেৱ চৌধুৰী (এপ্ৰিল-মে’-জুন ২০১৫). "‘ৰামধেনু’ৰ পাতত মহেশ্বৰ নেওগ". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ১০৬-১০৯.
- ↑ শান্তনু কৌশিক বৰুৱা. ড° মহেশ্বৰ নেওগৰ ব্যক্তিত্ব আৰু প্ৰতিভা. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ১১০-১১৮.
- ↑ বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-পাতনি
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ২১০, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ ড° বাণীকান্ত কাকতি, অতুলচন্দ্ৰ বৰুৱা, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ২১০, অসম প্ৰকাশন পৰিষদ, ২০০৩
- ↑ "The birthplace of literary masterpieces lives on Heritage - House of Banikanta Kakati". https://www.telegraphindia.com/north-east/the-birthplace-of-literary-masterpieces-lives-on-heritage-house-of-banikanta-kakati/cid/1560838। আহৰণ কৰা হৈছে: ২২ জুন ২০২২.
- ↑ বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-৩০
- ↑ এম. আব্দুল মজিদ খান. জিলিকালে লুইতৰ পাৰ. বনলতা প্ৰকাশন, নতুন বজাৰ, ডিব্ৰুগড়-১. পৃষ্ঠা. ১৯–২৫. ISBN নাই.
- ↑ বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-৩০