সমললৈ যাওক

ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী
জন্ম ২১ ছেপ্টেম্বৰ, ১৯৫১
নগাঁৱ, অসম
বাসগৃহ জালুকবাৰী, গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
পেচা লেখক, সমালোচক, অধ্যাপক
নিয়োগকৰ্তা গুৱাহাটী বিশ্ববিদ্যালয়
তেজপুৰ বিশ্ববিদ্যালয়
জনা যায় সমালোচক
গৃহস্থান নগাঁৱ
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী আৰাধনা পটংগীয়া গোস্বামী

ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী (ইংৰাজী: Ranjit Kumar Dev Goswami; জন্ম :২১ ছেপ্টেম্বৰ, ১৯৫১ চন) অসমৰ এগৰাকী লেখক, সমালোচক, অধ্যাপক আৰু প্ৰাৱন্ধিক।[1] সত্তৰৰ দশকত শংকৰদেৱৰ হৰমোহনৰ আলোচনাৰে তেওঁ বিদ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পিছত অসমৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰেক্ষাপটত তেওঁ যথেষ্ট আলোচনা আৰু সমালোচনা আগবঢ়াইছে।[1] দেৱ গোস্বামীৰ দুখন গ্ৰন্থ ‘বাণীকান্ত কাকতি আৰু অসমৰ বৌদ্ধিক ইতিহাস’ আৰু ‘ৰিডিং শংকৰদেৱ : মাৰজিনেলিটি এণ্ড ইণ্ডিয়াননেছ’ ক্ৰমে ১৯৯৫ আৰু ২০০৫ চনত প্ৰকাশ পায়। তেওঁৰ ৰচনা সমগ্ৰ ‘প্ৰবন্ধ’ (২০১৫) অসমীয়া সাহিত্যক্ষেত্ৰলৈ এক উল্লেখযোগ্য অৱদান। ৰচনা সমগ্ৰখনৰ পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ ২০১৯ চনত প্ৰকাশ পায়। গোস্বামী আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱ চৰ্চাৰ অন্যতম প্ৰতিষ্ঠান ‘শংকৰদেৱ অধ্যয়ন ক্ষেত্ৰৰ’ সভাপতি। সাহিত্য আলোচনী ‘কথা’ আৰু ‘কথা গুৱাহাটী’ৰ তেওঁ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আছিল[1]আৰু এই বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালৰ গ্ৰন্থাগাৰিক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ আসন অলংকৃত কৰিছিল।[2][3] সমকালীন অসমৰ অন্যতম শ্ৰেষ্ঠ বক্তা দেৱ গোস্বামী সম্প্ৰতি শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসন (অনাৱাসিক)ৰ অধ্যাপক৷

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯৫১ চনৰ ২১ ছেপ্টেম্বৰ তাৰিখে নগাঁৱত ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল মহেশ চন্দ্ৰ দেৱগোস্বামী আৰু মাতৃ জ্যোতিৰ্ময়ী দেৱী। মহেশ চন্দ্ৰ দেৱগোস্বামী এগৰাকী কৃতি শিক্ষক আছিল। ১৯৬৮ চনত গোস্বামীয়ে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত হাইস্কুল শেহান্ত পৰীক্ষাত উৰ্ত্তীণ হৈছিল। কিন্তু পাছত তেওঁ কলা শাখালৈ আহে আৰু ১৯৭১ চনত কটন কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক আৰু ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৪ চনত তেওঁ কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ৰূপে কৰ্মজীৱনৰ পাতনি মেলে আৰু ১৯৮২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰে আৰু এসময়ত বিভাগটোৰ মুৰব্বী অধ্যাপক হয়।[1]

দেৱ গোস্বামীৰ প্ৰকাশিত গ্ৰন্থ কেইখন হ’ল; ‘বাণীকান্ত কাকতি আৰু অসমৰ বৌদ্ধিক ইতিহাস’ (১৯৯৫) আৰু ‘ৰিডিং শংকৰদেৱ : মাৰজিনেলিটি এণ্ড ইণ্ডিয়াননেছ’ (২০০৫)। তেওঁ সম্পাদনা কৰা গ্ৰন্থসমূহ ক্ৰমে, ‘বাণীকান্ত কাকতি : দ্য মেন এণ্ড হিজ ৱৰ্কচ্‌’ (১৯৮৮), যুটীয়াভাৱে টাবু টাইডৰ সৈতে সম্পাদিত ‘সৌৰভ কুমাৰ চলিহা আৰু অন্যান্য প্ৰৱন্ধ’ (১৯৯৫), ‘মুনীন বৰকটকী মিচেলেনী’ (১৯৯৫), ‘এচেছ অন শংকৰদেৱ’ (১৯৯৬)। তেওঁৰ সমূহ ৰচনাৰাজি ‘প্ৰৱন্ধ’ শীৰ্ষকেৰে ২০১৫ চনত গ্ৰন্থ ৰূপত প্ৰকাশ পায়।[3]

গোস্বামীৰ সহধৰ্মিনী আৰাধনা পটংগীয়া গোস্বামীও এগৰাকী বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক।[4] তেওঁ গুৱাহাটী পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা। বিবাহসূত্ৰে গোস্বামী দম্পত্তি দুটি সন্তানৰ পিতৃ-মাতৃ।

সাহিত্যকৃতি

[সম্পাদনা কৰক]

ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ প্ৰৱন্ধসমূহ বিষয়বস্তুৰ ফালৰ পৰা ব্যাপক। গোস্বামী অসমত উত্তৰ-আধুনিক তত্ত্ব-চৰ্চাৰ অন্যতম বাটকটীয়া।[3] গোস্বামীৰ উল্লেখযোগ্য সাহিত্যকৃতিসমূহৰ ভিতৰত Banikanta Kakati : The Man And His Works (১৯৮৮, সম্পাঃ, ডঃ টাবু টাইদৰ সৈতে যুটীয়াভাৱে), বাণীকান্ত কাকতি আৰু অসমৰ বৌদ্ধিক ইতিহাস (১৯৯৫], সৌৰভ কুমাৰ চলিহা আৰু অন্যান্য প্ৰবন্ধ (১৯৯৫), Essays on Sankardeva (১৯৯৬, Ed.), Munin Barkotoki Miscellany (১৯৯৮, Ed.), Reading Sankaradeva : Marginality and Indianness (২০০৫), অনুনাদ : শ্ৰীমন্ত শংকৰদেৱ আৰু অসমীয়া সংস্কৃতি (২০১২, সম্পাঃ)], অসমীয়া সাহিত্যৰ বুৰঞ্জী (পঞ্চম খণ্ড, ২০১৫, সম্পাঃ) ইত্যাদি৷ ‘প্ৰবন্ধ’ শীৰ্ষক গ্ৰন্থখন (২০১৫) দেৱ গোস্বামীৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থ৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 সম্পাদক : শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ২৭৪. ISBN 81-89148-14-1.
  2. "তেজপুৰ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফ’ৰ আচামিজ ষ্টাডিজ’ৰ ৱেবচাইট". http://www.tezu.ernet.in/casms/head.php আহৰণ কৰা হৈছে: 7 July 2022.
  3. 1 2 3 ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী (২০১৫). প্ৰৱন্ধ. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল.
  4. আৰাধনা পটংগীয়া গোস্বামী (জুলাই, ২০২১). দুৰ্গী উপন্যাসৰ লেখক পৰিচিতি. জ্যোতি প্ৰকাশন. ISBN ৯৭৮-৮১-৯৫০১৮৪-৫-১.