সমললৈ যাওক

জয়ন্ত নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ন্ত নাথ
পৃষ্ঠভূমি
জন্ম ২০ মে', ১৯৬৪
গোঁসাইগাঁও, অসম
সংগীতৰ ধৰণ আধুনিক গীত
পেচা গায়ক, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক
সক্ৰিয়তাৰ বছৰ ১৯৮৫ - বৰ্তমানলৈ
লেবেল টেলিস্ক'প ৰেকৰ্ডছ
জীৱন-সঙ্গী জুৰি ৰাণী নাথ
ৱেবছাইট jayantanath.in

জয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক[1]। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি[2] নামৰ দুখন বোলছবিও পৰিচালনা কৰে।[3][4][5][6][7]

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

১৯৬৪ চনৰ ২০ মে' তাৰিখে অসমৰ গোঁসাইগাঁৱত জয়ন্ত নাথৰ জন্ম হয়। জয়ন্ত নাথৰ পিতৃৰ নাম আছিল হেমকান্ত নাথ আৰু মাতৃৰ নাম আছিল হেমপ্ৰভা নাথ। দেউতাকৰ চাকৰিসূত্ৰে সঘনাই অসমৰ বিভিন্ন ঠাইত তেওঁলোক থাকিবলগীয়া হৈছিল। শেষত অসমৰ যোৰহাটত তেওঁলোক নিগাজীকৈ থাকিবলৈ লয় আৰু তাৰ পৰাই শিক্ষাজীৱন আৰম্ভ কৰে।[6]

যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জয়ন্ত নাথে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়। পিছলৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯৮ চনৰ ১৮ জুন তাৰিখে শিৱসাগৰৰ জুৰি ৰাণী নাথৰ লগত জয়ন্ত নাথ বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ দুই পুত্ৰৰ নাম হ'ল ক্ৰমে আকাশজ্যোতি নাথ আৰু অয়নজ্যোতি নাথ। ২০০৪ চনত তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰে আৰু ২০০৪ চনৰে ২৪ নৱেম্বৰত বৃক্ক সংৰোপণৰ জৰিয়তে তেওঁ আৰোগ্য হয়।[6]

জয়ন্ত নাথে শৈশৱৰে পৰাই সংগীত প্ৰতিভাৰ পৰিচয় দিছিল। ১৯৭৩ চনত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত যোৰহাটৰ বাহনাত অনুষ্ঠিত মইনা পাৰিজাতত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ স্বীকৃতি লাভ কৰে। "আকৌ যদি যাব লাগে শৰাইঘাটলৈ" নগেন বৰা ৰচিত, মৃদুল ভূঞাৰ সুৰাৰোপিত তথা সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই কণ্ঠদান কৰা ১৯৮৫ চনৰ সেই যাউতিযুগীয়া গীতটো জয়ন্ত নাথৰ পৰিচালিত শ্ৰব্য কেছেট ‘শৰাইঘাটৰে। তদুপৰি "বুকু ভৰি", ‘আই মোৰ অসমী", "শিল্পী তুমি", "হাঁহিৰে চকুলো ঢাকি" ইত্যাদি তেওঁৰ জনপ্ৰিয় গীত। ভূপেন হাজৰিকা, আশা ভোশলে, কুমাৰ চানু, চনু নিগম, বিনোদ ৰাথোড়, অভিজিত, মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ, পুলক বেনাৰ্জী, ৰিদীপ দত্ত, শান্তা উজীৰ আদিৰ দৰে জনপ্ৰিয় গায়কৰ লগতো তেওঁ বিভিন্ন কেচেটত সংগীত পৰিচালনা কৰিছে। বিভিন্ন বোলছবিত সংগীত পৰিচালনা কৰাৰ উপৰিও বহুতো ভি চি ডি ছবিতো তেওঁ সংগীত পৰিচালনা কৰে। ড॰ ভূপেন হাজৰিকাৰ প্ৰথম গীত "কুসুম্বৰ পুত্ৰ"ৰ বাণীবন্ধনো তেওঁ সম্পন্ন কৰে।[8] ২০১৮ চনত টেলিস্ক'প ৰেকৰ্ডছে জয়ন্ত নাথৰ গীতসমূহ ডিজিটেল মাধ্যমত প্ৰকাশৰ দায়িত্ব লয় আৰু এলবাম আকাৰে প্ৰকাশ কৰে।[6]

বৰ্ষ এলবাম গান দৈৰ্ঘ্য
২০১৮ বেষ্ট অৱ জয়ন্ত নাথ[9] হাঁহিৰে চকুলো ঢাকি ৩:৫৯
পলাশ বনত ৫:০৭
যদি মোৰ গানৰ সুৰে ৫:০৩
আই মোৰ অসমী ৫:১৭
সুধা কণ্ঠ ৫:৪৯
ঘন ঘোৰ ৫:৩৫
জনতাৰ ৪:২৫
মোৰ ই কণ্ঠ ৪:৩৬
পালেহি ৪:২২
মোৰ জীৱনেৰে ৪:১৭
২০১৯ বুকু ভৰি[10] বুকু ভৰি ৩:৫৬
অজানিতে মোক ৪:১১
জীৱন ভৰা ৫:১৬
প্ৰেম ৫:৩৮
তোমাৰ মৰমেৰে ৪:৩৩
মোৰ প্ৰেম ৫:০

প্ৰখ্য়াত চলচ্চিত্ৰ নিৰ্মাতা দাৰা আহমেদৰ তত্ত্বাৱধানত তেওঁ বোলছবিত কাম কৰিবলৈ অৰম্ভ কৰে। সহ-পৰিচালক হিচাপে ১২খন আৰু সংগীত পৰিচালক হিচাপে ৩খন অসমীয়া বোলছবিত তেওঁ কাম কৰে।[6]

বৰ্ষ বোলছবি ভূমিকা
১৯৮৯ ধ্ৰুৱতৰা নেপথ্য গায়ক
১৯৯০ অগ্নিগড় নেপথ্য গায়ক
১৯৮৭ প্ৰতিদান সহ - পৰিচালক
১৯৮৯ বৰদৈচিলা সহ - পৰিচালক
১৯৯১ যখিনী সহ - পৰিচালক
১৯৯৩ ৰিস্কাৱালা[11] সহ - পৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক
১৯৯৫ উৰ্বশী সহ - পৰিচালক, নেপথ্য গায়ক
১৯৮৮ সংঘাত সহ - পৰিচালক
১৯৯৫ দিল কে দাগ (অসম্পূৰ্ণ) সংগীত পৰিচালক, নেপথ্য গায়ক
২০০৪ হৃদয় কঁপোৱা গান[12] পৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক
২০১৩ কৰমা কে ৰাতি[13] পৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক
  • সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা[14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sabha corrects state song". Telegraph India. https://www.telegraphindia.com/states/north-east/sabha-corrects-state-song/cid/1394772 আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯.
  2. "Bihu attraction social message on celluloid karma ke rati a film on tea community is packed with action and romance". Telegraph India. https://www.telegraphindia.com/states/north-east/bihu-attraction-social-message-on-celluloid-karma-ke-rati-a-film-on-tea-community-is-packed-with-action-and-romance/cid/326096 আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯.
  3. "Asomiya Pratidin". https://epaper.asomiyapratidin.in/m/71388/5cede491825c2 আহৰণ কৰা হৈছে: ২৯ মে' ২০১৯.
  4. "The Dainik Janambhumi". http://dainikjanambhumi.co.in/29052019/details.php?date=14-05-2014&page=3-10&article=14.jpg&cid=28664 আহৰণ কৰা হৈছে: ২৯ মে' ২০১৯.[সংযোগবিহীন উৎস]
  5. "Amar Asom". http://amarasom.glpublications.in//imageview_11407_13036189_4_1_29-05-2019_i_1_sf.html আহৰণ কৰা হৈছে: ২৯ মে' ২০১৯.[সংযোগবিহীন উৎস]
  6. 1 2 3 4 5 6 বিৰাজ বৰুৱা (১১ ডিচেম্বৰ ২০১৮). "আই মোক সজাই দে ৰণলৈ...". আমাৰ অসম: ১৬ পৃষ্ঠা.
  7. "Jayanta Nath". https://www.imdb.com/name/nm10576189/ আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯.
  8. "ভূপেন হাজৰিকাকে ধৰি আশা ভোশলে, চনু নিগমৰ সংগীত পৰিচালক জয়ন্ত নাথ". Rupaliparda. https://rupaliparda.com/archives/10156 আহৰণ কৰা হৈছে: ২ এপ্ৰিল ২০২০.
  9. "Release "Best of Jayanta Nath" by Jayanta Nath - MusicBrainz". MusicBrainz. https://musicbrainz.org/release/de735863-4e60-49e6-b35e-54719706eca5 আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯.
  10. "Release "Buku Bhori" by Jayanta Nath - MusicBrainz". MusicBrainz. https://musicbrainz.org/release/da6879be-e589-49a1-95f2-c4b24d4dfe86 আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯.
  11. "Rickshawala (1993)". IMdb. https://www.imdb.com/title/tt10118494/?ref_=nv_sr_3?ref_=nv_sr_3 আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯.
  12. "Hriday Kapowa Gaan". IMDb. https://www.imdb.com/title/tt10087210/?ref_=nm_knf_i1 আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯.
  13. "Karma Ke Rati". IMDb. https://www.imdb.com/title/tt10107250/?ref_=nm_knf_i2 আহৰণ কৰা হৈছে: ১৮ মে' ২০১৯.
  14. "জয়ন্ত নাথলৈ সুধাকণ্ঠ বঁটা". NEFocus. Archived from the original on 2019-11-06. https://web.archive.org/web/20191106211109/http://www.nefocus.com/%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%A8%E0%A6%BE%E0%A6%A5%E0%A6%B2%E0%A7%88-%E0%A6%B8%E0%A7%81%E0%A6%A7%E0%A6%BE%E0%A6%95%E0%A6%A3%E0%A7%8D%E0%A6%A0-%E0%A6%AC%E0%A6%81%E0%A6%9F/ আহৰণ কৰা হৈছে: ২৩ অক্টোবৰ ২০১৯.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]