সমললৈ যাওক

মৃগনাভি (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৃগনাভি
Musk

মৃগনাভিৰ পোষ্টাৰ
পৰিচালক হেমেন দাস
ৰচনা অৰূপা পটংগীয়া কলিতা
চিত্ৰনাট্য হেমেন দাস
প্ৰযোজক বিষ্ণু ডেকা
অভিনয়ত
সম্পাদনা অনেন্দ্ৰ প্ৰসাদ শৰ্মা
সংগীত পৰিচালক তৰালি শৰ্মা
মুক্তি
৩ মাৰ্চ, ২০১৭
দৈৰ্ঘ্য
২ ঘণ্টা ১০ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

মৃগনাভি (ইংৰাজী: Mriganabhi) হ'ল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট পৰিচালক হেমেন দাসৰ দ্বাৰা পৰিচালিত আৰু বিষ্ণু ডেকাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত।[1]

এফালে এক নৈতিক আৰু প্ৰমূল্যবোধৰ জীৱনৰ প্ৰতি আকুলতা আৰু আনফালে এখন স্খলিত সমাজ- এই দুই বিচাৰধাৰাৰ সংঘাটত কেনেকৈ এক সুকোমল মন ছিন্ন-ভিন্ন হৈ পৰে, মৃগনাভি তাৰ এক উজ্জ্বল উদাহৰণ।[2]ছবিখনত সোণতৰা নামৰ এগৰাকী মহিলাৰ জীৱনৰ সংঘৰ্ষৰ কথা দেখুওৱা হৈছে। এজন ধনবান কিন্তু নষ্ট চৰিত্ৰৰ চাহ ব্যৱসায়ীৰ লগত বিয়া হোৱাৰ পিছত সোনতৰাই উপলব্ধি কৰে যে তাইৰ ব্যক্তি স্বাধীনতা বুলিবলৈ একো নাই। কিন্তু শেষত সোণতৰাই এগৰাকী নাৰীয়ে সন্মুখীন হোৱা বাধা-বিঘিণিবোৰ অতিক্ৰম কৰি নিজৰ পক্ষে থিয় দিছে। সোণতৰাই বন্দীত্বৰ সঁজা ভাঙি পেলাবলৈ সক্ষম হৈছে।[3]

অভিনয়ত

[সম্পাদনা কৰক]

নিৰ্মাণ

[সম্পাদনা কৰক]

মৃগনাভি ছবিখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত। পৰিচালক হেমেন দাসে ১৯ বছৰ আগতে পঢ়ি উঠা এই উপন্যাসখনৰ চিত্ৰৰূপ দিয়াৰ কথা আগতেই চিন্তা কৰিছিল। অৰূপা পটংগীয়া কলিতাই ছবিখনৰ বাবে কাহিনী আৰু হেমেন দাসে চিত্ৰনাট্য ৰচনা কৰে। তৰালি শৰ্মাই সংগীত পৰিচালনা কৰা ছবিখনৰ মুখ্য সহযোগী পৰিচালক নাৰায়ণ শীল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
বৰ্ষবঁটাশিতানশিল্পীফলাফল
২০১৩ দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ শ্ৰেষ্ঠ পৰিচালক হেমেন দাস মনোনীত
শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ বিজয়ী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. অনুভাৱ পৰাশৰ (১৭ ফেব্ৰুৱাৰী, ২০১৭). "হেমেন দাসৰ ছবি আৰু মৃগনাভি". দৈনিক অসম. http://www.assamtribune.com/scripts/spd.asp?id=2017/feb1717/BigPage16.jpg আহৰণ কৰা হৈছে: 21 May 2020.[সংযোগবিহীন উৎস]
  2. "Mriganabhi (Musk) (2016)". IMDb. https://www.imdb.com/title/tt5815532/ আহৰণ কৰা হৈছে: 3 June 2020.
  3. "New Assamese film ‘Mriganabhi’ to Release on March 3". February 21, 2017. http://www.kothasobi.com/2017/02/new-assamese-film-mriganabhi.html আহৰণ কৰা হৈছে: 21 May 2020.[সংযোগবিহীন উৎস]
  4. "mriganabhi". https://www.moviebuff.com/mriganabhi আহৰণ কৰা হৈছে: 21 May 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ফেছবুকত ছবিখনৰ বিষয়ে তথ্য