হেমেন দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমেন দাস

৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কেটেলগত প্ৰকাশিত দাসৰ আলোকচিত্ৰ
জন্ম ০১ নৱেম্বৰ, ১৯৪৬
আহঁতগুৰি, মৰিগাঁও
মৃত্যু ১৭ নৱেম্বৰ, ২০২৩ (৭৭ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, লেখক
উল্লেখযোগ্য কৰ্ম যুঁজ
ধৰ্ম হিন্দু ধৰ্ম
বঁটা, সন্মান, পুৰস্কাৰ আদি শিল্পী পেনচন
অসম চৰকাৰৰ সাহিত্যিক বঁটা
ড॰ আম্বেদকাৰ ফেলোশ্বিপ বঁটা

হেমেন দাস (ইংৰাজী: Hemen Das) অসমৰ এজন শীৰ্ষস্থানীয় মঞ্চ আৰু চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু লেখক। তেওঁ অসম সচিবালয়ত কাৰ্যনিৰ্বাহ কৰিছিল, য’ৰ পৰা তেওঁ ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে।[1] তেওঁ পৰিচালনা কৰা প্ৰথম ছবি যুঁজ-এ (১৯৯০) ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত-কমল লাভ কৰিছিল।[2]

চলচ্চিত্ৰ জগতলৈ অৱদান[সম্পাদনা কৰক]

দুলাল ৰয়আশ্ৰয় ছবিৰ যোগেদি চলচ্চিত্ৰ জগত প্ৰবেশ কৰা হেমেন দাসে নিজাববীয়াকৈ তিনিখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি পৰিচালনা কৰিছে-

অসমীয়া সংস্কৃতিৰ নিখুঁত উপস্থাপন তেওঁৰ প্ৰথম ছবি যুঁজ-এ ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ দ্বিতীয় ছবি গৰখীয়া এখন শিশুছবি; য’ত প্ৰকৃতিৰ পৰা জ্ঞান আৰু শিক্ষা আহৰণ কৰা এজন গৰখীয়াৰ কাহিনী চিত্ৰায়ণ কৰা হৈছে। পূৰ্ণদৈৰ্ঘ্য ছবি পৰিচালনাত হাত দিয়া সুদীৰ্ঘ ২২বছৰ পিছত ২০১৭ চনত তেওঁৰ জীৱনৰ তৃতীয় আৰু শেষ ছবি পৰিচালিত ছবি মৃগনাভি মুক্তি পায়। এই ছবিখনে বহুকেইটা চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[1]

ইয়াৰ উপৰিও আন কেইখনমান ছবিও তেওঁ পৰিচালনা কৰিছে-

  • আঘোণৰ নতুন বাট (১৯৯৫) (টেলিফিল্ম)
  • Marriage Ritual of the Tribes of Arunachal Pradesh (তথ্যচিত্ৰ)
  • Dr. Saran’s e-HRD Model (ভিডিঅ’ ফিল্ম)[1]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]