পাগলী (চলচ্চিত্ৰ)
| পাগলী | |
|---|---|
| পৰিচালক | ৰূপজ্যোতি বৰা |
| চিত্ৰনাট্য | ৰূপজ্যোতি বৰুৱা |
| প্ৰযোজক | প্ৰেমা দত্ত নিপ কোঁৱৰ বিশ্বেশ্বৰ দত্ত |
| অভিনয়ত | নয়ন নিৰ্বান বৰুৱা প্ৰস্তুতি পৰাশৰ |
| সম্পাদনা | অসীম গগৈ |
| সংগীত পৰিচালক | অৰূপ দত্ত |
প্ৰযোজনা কোম্পানী |
ৰিমজিম ফিল্মস্ |
| পৰিবেশক | ৰিমজিম ফিল্মস্ |
মুক্তি |
৪ নবেম্বৰ ২০১৬ |
| দেশ | |
| ভাষা | অসমীয়া |
পাগলী এখন একশ্বন, ৰোমাঞ্চ আৰু ট্ৰেজেডিধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰা, তেখেতে ছবিৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যৰ ৰচক। প্ৰযোজনা কৰিছে প্ৰেমা দত্ত, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে। সহ প্ৰযোজক বীৰেন্দ্ৰ কুমাৰ দাস আৰু উদয় গগৈ। আৱহ সংগীত অনুৰাগ শইকীয়াৰ, গীতাংশৰ সংগীত অৰূপ দত্তৰ। নেপথ্য গায়ক জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, প্ৰিয়ংকা ভৰালী আৰু ৰোহিত সোণাৰ। নৃত্য নিৰ্দেশনা অসীম বৈশ্য আৰু ৰূপজ্যোতি বৰাৰ।
কাহিনী
[সম্পাদনা কৰক]এগৰাকী সহজ-সৰল গাঁৱলীয়া ছোৱালীয়ে ঘটনাৰ পাকচক্ৰত সোমাই অদ্ভুত আচৰণ কৰিবলগীয়া হোৱাটোৱেই ছবিখনৰ কাহিনীৰ মূল ভাগ। ছবিখনত দুটা গেটআপত নায়িকাৰ অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰে। প্ৰস্তুতি পৰাশৰৰ বাহিৰেও অভিনয় কৰিছে নয়ন নিৰ্বাণ, পৱিত্ৰপ্ৰাণ বৰা, প্ৰদীপ নিশীথ, ৰমেন তামুলী, অসীম বৈশ্য, ধ্ৰুৱ, বিশাল, কবিতা দুৱৰা আৰু লিজা নন্দিনীয়ে।[1]
মুখ্য চৰিত্ৰত
[সম্পাদনা কৰক]- নয়ন নিৰ্বান বৰুৱা
- প্ৰস্তুতি পৰাশৰ
- অৰুণ হাজৰিকা
- সিদ্ধাৰ্থ কলিতা
- ৰমেন তামুলী
সংগীত
[সম্পাদনা কৰক]| পাগলী | |
|---|---|
| বোলছবি | |
| মুক্তি | ২০১৬ |
| শৈলী/ধৰণ | বোলছবি সংগীত |
| লেবেল | National Music Assamese |
| প্ৰযোজক | ৰিমজিম ফিল্মস্ |
বোলছবিখনৰ সংগীত পৰিচালনা 'অৰূপ দত্ত'ৰ। গীত লিখিছিল স্পন্দন, অনুপম শইকীয়া আৰু অজয় ফুকনে।
| নং | শিৰোনাম | কণ্ঠশিল্পী (ৰা) | দৈৰ্ঘ্য | |
|---|---|---|---|---|
| 1. | "তোমাৰ হিয়াত" | জুবিন গাৰ্গ, সুবাসনা দত্ত | ৫:৫৪ | |
| 2. | "লাজুকী লাজুকী খোজতে" | জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী | ৩:২৫ | |
| 3. | "পাগলী মই" | প্ৰিয়ংকা ভৰালী | ৪:১৫ |
তথ্য সমল
[সম্পাদনা কৰক]- ↑ চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ৬ মে, ২০১৫