সূত্ৰপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সূত্ৰপাত

সূত্ৰপাতৰ পোষ্টাৰ
পৰিচালক মৃদুল গুপ্তা
চিত্ৰনাট্য দেৱী প্ৰসাদ সিনহা
কাহিনী মৃদুল গুপ্তা, এহচান মজিদ
প্ৰযোজক মাণিক ৰহমান, বাবাতু আহমেদ, ইন্দৰপাল সিং চাহানী
অভিনয়ত তপন দাস
চিত্ৰগ্ৰহণকাৰী বিজয়ানন্দ চাব্ৰেৱাল
সম্পাদনা ইন্দৰপাল কাপুৰ
সংগীত পৰিচালক বিভূৰঞ্জন চৌধুৰী
মুক্তি
১১ ডিচেম্বৰ ১৯৮৭ (1987-12-11)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

সূত্ৰপাত (ইংৰাজী: Sutrapat) ১৯৮৭ত মুক্তি পোৱা, আই.পি. প্ৰডাকচন্সৰ বেনাৰত নিৰ্মিত আৰু মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিখনত বিদেশী বহিষ্কাৰ আন্দোলনৰ ৰ পৰিবেশ চিত্ৰিত হৈছে, যদিও ই বিদেশী বহিষ্কাৰ আন্দোলন বিষয়ক ছবি নহয়। মূল ভূমিকাত অভিনয় কৰিছে তপন দাসে। ছবিখনৰ এক বিশেষ চৰিত্ৰ কেমেৰামেন চোপ্ৰাৰ ভূমিকাত অভিনয় কৰিছে বলীউডৰ অভিনেতা চৈয়দ আখতাৰ মিৰ্জাই।[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

১৯৮২ চন। বিদেশী বহিষ্কাৰ আন্দোলন তেতিয়া তুঙ্গত। সাংস্কৃতিক ক্ষেত্ৰখনত এক থমথমীয়া পৰিবেশ। তেনে প্ৰতিকুলতাকো নেওচি দিগন্তহঁতে ‘চিৰাজ’ নাটখন মঞ্চস্থ কৰাৰ সিদ্ধান্ত কৰিলে আৰু নাটকৰ আখৰাত ব্যস্ত হৈ পৰিল। তেনেতে ঘোষণা কৰা হ’ল বিধানসভাৰ নিৰ্বাচন। চৌপাশে অশান্তিৰ জুই জ্বলি উঠিল। ঠায়েঠায়ে চলিল সাম্প্ৰদায়িক সংঘৰ্ষ।

চলচ্চিত্ৰ মাধ্যমটোৰ সামাজিক প্ৰভাৱৰ কথা বিবেচনা কৰি দিগন্তহঁতে সাম্প্ৰদায়িক সংহতিমূলক চুটিছবি এখন কৰাৰ পৰিকল্পনা কৰিলে। হতাশাগ্ৰস্থতাত ভুগা অভিজ্ঞ কেমেৰামেন চোপ্ৰাই চুটিছবিখনত কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে। প্ৰকৃততে কেমেৰামেন চোপ্ৰাৰ বাবেই দিগন্ত চলচ্চিত্ৰ মাধ্যমটোৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। আনোৱাৰ আৰু কিছুকিছু বন্ধুৰ সহযোগত কৰি ছবিৰ কাম শেষ হ’ল।

কিন্তু ছবি নিৰ্মাণৰ আৰম্ভণিৰ উচ্ছাস নাইকিয়া হৈ গ’ল, যেতিয়া পৰিবেশন আৰু ধাৰ-ঋণৰ সমস্যাই সিহঁতক আগুৰি ধৰিলে। চৰকাৰৰ দপ্তৰে দপ্তৰে সিহঁতে ঘূৰি ফুৰিলে। কিন্তু কাৰোপৰা সঁহাৰি নাপালে। লাহেলাহে দিগন্তৰ বন্ধু-বান্ধৱ এজন এজনকৈ আঁতৰি গ’ল। দিগন্তই ভালপোৱা মালবিকায়ো এদিন তাক অপদস্থ কৰিলে।

তথাপি দিগন্তই আশা এৰি দিব নুখুজি এবাৰ মন্ত্ৰীক লগ ধৰিলে। কিন্তু কোনো লাভ নহ’ল। সি ওলাই আহিল। কান্ধত ফিল্মৰ কেন। হঠাৎ চিটিবাছৰ পৰা মাত দিলে মালবিকাই। দিগন্তৰ বুকুলৈ ঘূৰি আহিল আস্থা। সন্ধিয়াৰ ৰাজপথৰ, হেজাৰজনৰ লগত সি ক্ৰমশঃ মিলি গ’ল।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

সঙ্গীত[সম্পাদনা কৰক]

ছবিৰ সঙ্গীত পৰিচালনা বিভূৰঞ্জন চৌধুৰীৰ। গীত ৰচনা কেশৱ মহন্তৰ।[1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "তোৰো খোপা সৰু ভনী মোৰো খোপা সৰু, চেংচুলিৰে খোঁচা মাৰি খোপা ডাঙৰ কৰো"  কেশৱ মহন্তবিভূৰঞ্জন চৌধুৰী  
2. "মুখেৰে থাকো তোৰে মিলিজুলি, পেটেপেটে হুল চাঁচো তোলোকৈ বুলি"  কেশৱ মহন্তবিভূৰঞ্জন চৌধুৰী, অসীম  
3. "কোমল কঠোৰ হাঁহিয়ে বেজাৰে আমাৰ এই জীৱন, একা-বেঁকা বাটে যাওঁ আগুৱাই পোহৰ আমাৰ পণ"  কেশৱ মহন্তবিভূৰঞ্জন চৌধুৰী  
4. "অ’ ভাই কোনে পাৰিলে পাত কোনে বাঢ়িলে ভাত, কোনে খাই টিপতে পলাই মাৰিলে ফাট"  কেশৱ মহন্তবিভূৰঞ্জন চৌধুৰী  
5. "শুনো কাৰ মোহন মুৰুলী মন যমুনাৰ বালি, ৰং চৰি ৰাংঢালী জাকি মাৰি পৰেহি উৰুলি"  কেশৱ মহন্তনীলিমা খাতুন  

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Das Arunlochan (2013). ৩১১ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 252.