সমললৈ যাওক

বনশ্ৰী সেনগুপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বনশ্ৰী সেনগুপ্ত
জন্ম ১৯৪৬ (আনুমানিক)
হুগলী জিলা, পশ্চিমবঙ্গ
মৃত্যু ১৯ ফেব্ৰুৱাৰী ২০১৭
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা গায়ক
দাম্পত্যসঙ্গী শান্তি সেনগুপ্ত

বনশ্ৰী সেনগুপ্ত (ইংৰাজী: Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।[1][2][3][4][5][6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

সেনগুপ্তৰ জন্ম হুগলিৰ চুঁচুড়াত হৈছিল।[2][3][4] তেওঁ আনুমানিক জন্মবৰ্ষ ১৯৪৬।[1] তেওঁৰ দেউতাক শৈলেন্দ্ৰনাথ ৰায় এগৰাকী উচ্চাঙ্গ সঙ্গীত শিল্পী আছিল। বনশ্ৰী সেনগুপ্তই শান্তি সেনগুপ্তৰ সৈতে বিয়া হৈ কলকাতালৈ গুচি আহিছিল।[5]

সঙ্গীত জীৱন

[সম্পাদনা কৰক]

সেনগুপ্তই প্ৰথমে তেওঁৰ দেউতাকৰ পৰা সঙ্গীতৰ শিক্ষাগ্ৰহণ কৰে। পৰৱৰ্তী কালত সুধীন দাশগুপ্তৰ ওচৰত সুদীৰ্ঘ ২০ বছৰ তালিম লয়। তেওঁ সুধীন দাশগুপ্ত, প্ৰবীৰ মজুমদাৰ,নীনা সেন, সাগৰুদ্দিন খান, সন্তোষ সেনগুপ্ত, দীনেন্দ্ৰ চৌধুৰী আদি বিশিষ্ট সঙ্গীত শিল্পীৰ সৈতে কাম কৰিছে।[6]

১৯৬৬ চনত তেওঁ প্ৰথম কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ অসংখ্য গীত গাইছে। ষাঠি আৰু সত্তৰৰ দশকত তেওঁ বহুতো জনপ্ৰিয় গীত উপহাৰ দিছে। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কাম কৰিছে।[2][6]

সেনগুপ্তই গীত গোৱা কেইখনমান বঙালী আৰু হিন্দী ছবি হ'ল- ছুুুটি (১৯৬৭), নিমন্ত্ৰণ (১৯৭১), বিন্দুৰ ছেলে (১৯৭৩), প্ৰান্তৰেখা (১৯৭৪), ৰোঁ ভৰা বসন্ত (১৯৭৪), দুুুুলহন ৱহি জো পিয়া মন ভায়ে (১৯৭৭), সানাই (১৯৭৭), এক যে ছিল দেশ (১৯৭৭), ন্যায় অন্যায় (১৯৮১), আলোয় ফেৰা (১৯৮৫), বিদ্ৰোহী (১৯৮৭), অঞ্জলি (১৯৮৮), ছন্দনীড় (১৯৮৯), পথ ও প্ৰাসাদ (১৯৯১), নটী বিনোদিনী (১৯৯৪), বড় বৌ (১৯৯৭), ইত্যাদি।[6]

তেওঁ গোৱা কিছু বিখ্যাত গীত হ'ল – আজ বিকেলেৰ ডাকে তোমাৰ চিঠি পেলাম, আমাৰ অঙ্গে জ্বলে ৰংমশাল, ছি ছি ছি এ কী কাণ্ড কৰেছি, দূৰ আকাশে তোমাৰ সুৰ, আমাৰ আঁধাৰ ঘৰেৰ প্ৰদীপ, সুন্দৰ বনে সুন্দৰী গাছ, খুশিয়া হি খুশিয়া, ইত্যাদি। তেওঁ আকাশবাণী আৰু দূৰদৰ্শনৰ শিল্পী হিচাপেও কাম কৰিছে।[1][6]

কণ্ঠদান কৰা অসমীয়া ছবি

[সম্পাদনা কৰক]

বঁটা-বাহন

[সম্পাদনা কৰক]

বৰ্ণময় সঙ্গীত জীৱনৰ স্বীকৃতি স্বৰূপে তেওঁ উত্তম কুমাৰ বঁটা, মাদাৰ টেৰেচা বঁটা, মাইকেল মধুসূদন বঁটা, বিএফজেএ বঁটা, প্ৰমথেশ বৰুৱা বঁটা ইত্যাদি বহুতো বঁটা লাভ কৰিছে।[1][6]

২০১৭ চনৰ ১৯ ফেব্ৰুৱাৰীত ৭১ বছৰ বয়সত সেনগুপ্তৰ মৃত্যু হয়। কলকাতাৰ কেওৰাতলা মহাশ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁ হাওফাওৰ সংক্ৰমণৰ উপৰিও হৃদযন্ত্ৰ, যকৃৎ আৰু বৃক্কৰ ৰোগত ভুগিছিল।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Banashree Sengupta passes away dgtl - Ebela.in". ebela.in. https://ebela.in/amp/banashree-sengupta-passes-away-dgtl-1.566910 আহৰণ কৰা হৈছে: 2020-06-26.
  2. 1 2 3 "প্ৰয়াত বনশ্ৰী সেনগুপ্ত" (bn ভাষাত). anandabazar.com. 2017-02-19. https://www.anandabazar.com/amp/calcutta/banashree-sengupta-passes-away-dgtl-1.566923 আহৰণ কৰা হৈছে: 2020-06-26.
  3. 1 2 "প্ৰয়াত স্বৰ্ণযুগেৰ গায়িকা বনশ্ৰী সেনগুপ্ত | Singer Banashree Sengupta passed away - Bengali Oneindia" (bn ভাষাত). bengali.oneindia.com. 2017-02-19. https://bengali.oneindia.com/news/kolkata/singer-banashree-sengupta-passed-away-014483.html আহৰণ কৰা হৈছে: 2020-06-26.[সংযোগবিহীন উৎস]
  4. 1 2 "বিকেলেৰ ডাকে আৰ আসবে না চিঠি, প্ৰয়াত স্বৰ্ণযুগেৰ সঙ্গীতশিল্পী বনশ্ৰী সেনগুপ্ত". Zee24Ghanta.com. 2017-02-19. https://zeenews.india.com/bengali/entertainment/eminent-singer-of-golden-era-banashree-sengupta-passed-away_161110.html আহৰণ কৰা হৈছে: 2020-06-26.
  5. 1 2 "Singer Banasree Sengupta dies" (en ভাষাত). The Indian Express. 2017-02-20. https://indianexpress.com/article/entertainment/entertainment-others/singer-banasree-sengupta-dies-4533730/ আহৰণ কৰা হৈছে: 2020-06-26.
  6. 1 2 3 4 5 6 7 photonews24.com. "বনশ্ৰী সেনগুপ্ত আৰ নেই |". Archived from the original on 2020-06-29. https://web.archive.org/web/20200629165504/https://www.photonews24.com/bn/2017/02/19/%E0%A6%AC%E0%A6%A8%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%B8%E0%A7%87%E0%A6%A8%E0%A6%97%E0%A7%81%E0%A6%AA%E0%A7%8D%E0%A6%A4-%E0%A6%86%E0%A6%B0-%E0%A6%A8%E0%A7%87%E0%A6%87/ আহৰণ কৰা হৈছে: 2020-06-26.
  7. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]