অসমীয়া ভাষাৰ ব্যাকৰণ (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া ভাষাৰ ব্যাকৰণ  
লেখক উপেন্দ্ৰনাথ গোস্বামী
দেশ ভাৰত
ভাষা অসমীয়া
শৃংখলা
বিষয় অসমীয়া ব্যাকৰণ
প্ৰকাৰ ব্যাকৰণ
প্ৰকাশক মণি-মাণিক প্ৰকাশ
প্ৰকাশ ১৯৮১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৭০

অসমীয়া ভাষাৰ ব্যাকৰণ (ইংৰাজী: Asamiya bhashar Vyakaran) হৈছে ভাষাবিদ, গৱেষক, অধ্যাপক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ব্যাকৰণ। মণি-মাণিক প্ৰকাশনে ১৯৮১ চনত প্ৰকাশ কৰা এই ব্যাকৰণখন দুটা খণ্ডত বিভক্ত। প্ৰথম খণ্ডত অসমীয়া ভাষাৰ সুকীয়া গঢ়টোৰ বিশ্লেষণ আৰু সংস্কৃতীয় ৰূপটোৰ বিৱৰণ দ্বিতীয় খণ্ডত সন্নিৱিষ্ট কৰা হৈছে।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

উপেন্দ্ৰনাথ গোস্বামী (১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese.[2]

উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ নৱেম্বৰ মাহৰ ১৩ তাৰিখে নলবাৰী সত্ৰত। নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা ১৯৪২ চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। একে বছৰতে ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস। তাৰ পাছত ১৯৪৫ চনত কটন কলেজৰপৰা কলা শাখাত প্ৰথম বিভাগত আই.এ পৰীক্ষাত উত্তীৰ্ণ আৰু ১৯৪৭ চনত একেখন কলেজৰপৰাই কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন। তাৰ পাছত ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ ভাষা শাখাত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন।[3]

২০০০ চনত জন্ম দিৱসৰ দিনাখন নিজা বাসভৱনত মৃত্যু।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. গোস্বামী, ড॰ উপেন্দ্ৰনাথ (2013). অসমীয়া ভাষাৰ ব্যাকৰণ. মণি-মাণিক প্ৰকাশ. 
  2. কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  3. কথা বৰেণ্য, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  4. কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২