সমললৈ যাওক

অন্তৰীপ (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অন্তৰীপৰ পৰা পুনঃনিৰ্দেশিত)
অন্তৰীপ  
লেখক ভবেন্দ্ৰ নাথ শইকীয়া
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাশক খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱ

অন্তৰীপ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ১৯৭৯ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন ৰামধেনু নামৰ আলোচনীত তিনিটা সংখ্যাত তিনিছোৱা প্ৰকাশ পোৱাৰ পাছত লিখাৰ কাম বন্ধ হয়। প্ৰান্তিক নামৰ আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ সংখ্যাৰ পৰা সেই তিনিছোৱা আকৌ প্ৰকাশ হয়। তাৰপাছত লিখা কাম আৰম্ভ হয়। প্ৰান্তিকৰ ধাৰাবাহিকভাৱে প্ৰকাশ হৈ থাকে আৰু ১৯৮৪ চনৰ ১ জানুৱাৰীৰ সংখ্যাত শেষছোৱা প্ৰকাশ হয়।

চৰিত্ৰসমূহ

[সম্পাদনা কৰক]
  • মহীকান্ত
  • মেনকা
  • মদন চোৰ
  • যোগেশ্বৰী
  • ঘনকান্ত
  • ৰত্নকান্ত
  • ভদ্ৰকান্ত
  • ইন্দ্ৰ
  • চিত্ৰা
  • দীন

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

উপন্যাসখনৰ আধাৰত ভবেন্দ্ৰনাথ শইকীয়া ই ১৯৮৫ চনত অগ্নিস্নান নামৰ চলচ্চিত্ৰখন পৰিচালিত কৰিছিল। ভবেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]