মৰমৰ দেউতা
| মৰমৰ দেউতা | |
|---|---|
| লেখক | ড° ভবেন্দ্ৰনাথ শইকীয়া |
| শিৰোনাম | অসমীয়া |
| প্ৰচ্ছদ শিল্পী | ৰবীন বৰুৱা |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | অসমীয়া উপন্যাস |
| প্ৰকাশক | নয়নতৰা প্ৰকাশন |
| প্ৰকাশ | নৱেম্বৰ, ১৯৯৮ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
| পৃষ্ঠা সংখ্যা | ৯৫ |
| আই.এচ.বি.এন. | ৮১-৮৫৯১১-৪৬-০ |
মৰমৰ দেউতা নামৰ উপন্যাসখন ড° ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ এখন শিশু-কিশোৰ উপযোগী উপন্যাস। এই উপন্যাসখন ১৯৮৯ আৰু ১৯৯০ চনৰ ভিতৰত সঁফুৰা নামৰ আলোচনীখনত প্ৰথমে প্ৰকাশ পাইছিল।[1] মাক দেউতাকে নিজ সন্তানক অতুলনীয় মৰম-স্নেহেৰে ডাঙৰ-দীঘল কৰে। সন্তান ভাল মানুহ হোৱাটোৱেই তেওঁলোকৰ কাম্য। কিন্তু মাক-দেউতাকৰ কষ্টৰ মোল নুবুজি সন্তান অবাটে গ'লে তেওঁলোকৰ আশাত চেঁচা পানী পৰে। অবাটে যোৱা সন্তানটিক সৎ পথত প্ৰত্যাৱৰ্তন কৰাবলৈ গ্ৰহণ কৰা পন্থাৰ ওপৰতেই লেখকে উপন্যাসখনৰ বিষয়বস্তু কেন্দ্ৰিত কৰিছে।
কাহিনী
[সম্পাদনা কৰক]উপন্যাসখনৰ মূল চৰিত্ৰ হৈছে বিপুল নামৰ ল'ৰা এজন। বিপুলক কেন্দ্ৰ কৰিয়ে কাহিনীটো আগবাঢ়িছে। কৰ্মসূত্ৰে বিপুলৰ দেউতাক ঘৰৰ পৰা তিনিশ কি.মি. দূৰৈৰ পৰ্বতীয়া নগৰ এখনত বাস কৰে। বিপুল ঘৰখনৰ ডাঙৰ ল'ৰা। কিন্তু ডাঙৰ হিচাপে তাৰ স্বভাৱ-চৰিত্ৰ মাক-দেউতাকে আশা কৰামতে নহ'ল। ভনীয়েক দুজনী ৰাণী আৰু ৰিণি লগতে সৰু ভায়েক মুকুল বৰ অমায়িক। ইহঁতৰ বিপৰীতে বিপুল বৰ অঘাইটং; যাৰ বাবে মাকৰ চিন্তাৰ ওৰ নাই। বিপুল উদণ্ড, আঁকোৰগোজ স্বভাৱৰ বাবে ভায়েক-ভনীয়েকহঁতৰো শান্তি নাই। দূৰৈত থকা দেউতাকৰো মন গহনত ঘৰখন তথা বিপুলৰ কথাই অগা-দেৱা কৰি থাকে। বিপুলক লৈ সদা চিন্তিত বাপেকে এদিন কথা প্ৰসংগত তেওঁৰ বন্ধু সদানন্দ দত্তক বিপুলৰ স্বভাৱ-চৰিত্ৰৰ কথা কৈ তাক কেনেদৰে সৎ পথলৈ ঘূৰাই আনিব পাৰি তাৰ পৰামৰ্শ বিচাৰিলে। বন্ধুজনে তেওঁক পলাশনী আইৰ কথা ক'লে, যাৰ পৰিপ্ৰেক্ষিতত পলাশনী আইৰ বিধিমতে পূজা এভাগ দিবলৈ বুলি বিপুলৰ দেউতাক তিনিদিনৰ ছুটী লৈ ঘৰলৈ আহিল। পূজা শেষ হোৱাৰ পিছত বিধিমতে বাকী থাকিল বিপুলৰ চুলি কটা কামটো। ৰাতিপুৱাতে দেউতাকে মাতি থৈ অহা ভৰত নাপিত ইতিমধ্যে চুলি কাটিবলৈ প্ৰস্তুত হৈ আছিল। প্ৰথমতে অমান্তি হ'লেও পিছত দেউতাকৰ বুজনিত সি চুলি কাটিবলৈ সন্মত হয়। কিন্তু চুলি কটা শেষ হোৱাৰ পিছত আইনাখনত বিপুলে যেতিয়া নিজক চালে তেতিয়া সি খঙত অগ্নিশৰ্মা হৈ চুলি কটা কেচিখন ভৰতৰ গালৈ মাৰি দিয়াত ভৰতে ভৰিত আঘাত পায় আৰু তেজ ওলাবলৈ ধৰে। এই অনাহুত পৰিস্থিতিৰ পিছৰ পৰাই কাহিনীয়ে দ্ৰুতগতি লাভ কৰে। এই ঘটনাটো ঘটাৰ পিছত এদিনাখন ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ বিপুলক বাটতে কোনোবাই ভৰিত জোৰকৈ মাৰিলে। এই ঘটনাটোৱে বিপুলক হাস্পতালৰ পৰা পুলিচৰ ওচৰ পোৱালেগৈ। বিপুলে কোব খোৱাৰ কিছু সময় আগতে দোকানী গণেশৰ সৈতে হোৱা কাজিয়াৰ পম খেদি প্ৰথমে গণেশক দোষী সাব্যস্ত কৰা হয়। তাৰ পিছত পুলিচে বুদ্ধি কৰি বিপুলৰ বন্ধু ময়িদুলক দোষী বুলি ভুৱা প্ৰচাৰ চলায়। অৱশেষত বিপুলৰ দেউতাকক জেৰা কৰাত ঘটনাৰ ৰহস্য উদ্ঘাটিত হয়। ঘৰখনৰ অবাধ্য হৈ পৰা বিপুলক দেউতাকেই প্ৰচণ্ড জোৰেৰে কোবাই হাস্পাতাল পোৱাইছিল, যাতে তাৰ স্বভাৱ-চৰিত্ৰ তথা আচৰণৰ পৰিৱৰ্তন সাধন হয়। শেষত দেউতাকে বিপুলক কৰা ব্যৱহাৰৰ বাবে অনুতপ্ত হয়। সকলো গম পোৱাৰ পিছত বিপুলেও নিজৰ ভুল বুজি অনুশোচনাত ভোগে।
চৰিত্ৰসমূহ
[সম্পাদনা কৰক]
|
|
|
|
° ভৰত
লেখক পৰিচিতি
[সম্পাদনা কৰক]ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয় নগাঁৱত। মেট্ৰিক পৰীক্ষাত ষ্টাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি.এইছ.ডি.ডিগ্ৰী লাভ কৰে। শিক্ষা সাং কৰি তেখেতে শিৱসাগৰ কলেজত পদাৰ্থ বিজ্ঞানৰ শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ ৰীডাৰ আৰু আঞ্চলিক ভাষাত পাঠ্যপুথি প্ৰণয়নৰ সমন্বয়ৰক্ষী সমিতিৰ সচিব হয়। তেখেতে গুৱাহাটী ৰেল বিভাগৰ সেৱা আয়োগৰ অধ্যক্ষ আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰে।[2]
অনুবাদ
[সম্পাদনা কৰক]অশোক ভাগৱতীয়ে ইংৰাজীলৈ অনুবাদ কৰা এই উপন্যাসখন ১৯৯৮ চনত নতুন দিল্লীৰ নেচনেল বুক ট্ৰাষ্টে ডিয়াৰ ফাদাৰ নামেৰে প্ৰকাশ কৰিছিল।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ মৰমৰ দেউতা - ড° ভবেন্দ্ৰনাথ শইকীয়া; পুনৰ্মুদ্ৰণ: নৱেম্বৰ,২০২১
- ↑ নৱম শ্ৰেণীৰ পাঠ্যপুথি-সাহিত্য সুবাস (পৃষ্ঠা ১১১-১২); পঞ্চম প্ৰকাশ:২০১৭চন
- ↑ Dear Father at WorldCat – আই.এচ.বি.এন. 9788123723419