সমললৈ যাওক

প্ৰদীপ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰদীপ বৰুৱা
জন্ম ০৩ ছেপ্টেম্বৰ, ১৯৩৮
আমোলাপট্টি,ডিব্ৰুগড়
মৃত্যু ১৪ জানুৱাৰী, ২০২৬ (৮৭ বছৰ)
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা লেখক, সম্পাদক, সাংবাদিক
জনা যায় প্ৰান্তিক
বঁটা, সন্মান, পুৰস্কাৰ আদি জীৱনজোৰা সাধনা বঁটা (২০২৪),অসমীয়া প্ৰতিদিনৰ সাদিন সাহিত্য-সাংবাদিকতা বঁটা (২০২১)

প্ৰদীপ বৰুৱা (ইংৰাজী: Pradip Baruah) (৩ ছেপ্টেম্বৰ, ১৯৩৮—১৪ জানুৱাৰী, ২০২৬) অসম,ভাৰতৰ এগৰাকী লেখক, সাংবাদিক, পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক। চাৰি দশকৰো অধিক সময় তেওঁ অসমৰ ভাষা-সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। প্ৰদীপ বৰুৱা অসমৰ সিংহপুৰুষ আৰু দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্ঠাপক ৰাধাগোবিন্দ বৰুৱাৰ তৃতীয় আৰু কনিষ্ঠ পুত্ৰ। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই তেওঁ পিতৃয়ে প্ৰতিষ্ঠা কৰা ইংৰাজী কাকতখনত যোগদান কৰে। সংগীতৰ প্ৰতিও বিশেষ অনুৰাগ থকা বৰুৱাই ১৯৬৪ চনত কেইগৰাকীমান বন্ধু-সতীৰ্থৰ লগ লাগি 'মধুচয়নিকা' নামৰ সাংস্কৃতিক দল গঠন কৰিছিল।

১৯৮১ চনৰ ১ ডিচেম্বৰত পষেকীয়া আলোচনী প্ৰান্তিক ৰ জন্ম দিয়া বৰুৱাই ১৯৯৭ চনৰপৰা আমৃত্যু পৰ্যন্ত আলোচনীখনৰ সম্পাদক আৰু প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াঅসমীয়া প্ৰতিদিন গোষ্ঠীৰ সাদিন সাহিত্য-সাংবাদিকতা বঁটা[1][2], কমল কুমাৰী বঁটাকে ধৰি একাধিক উল্লেখযোগ্য সন্মান আৰু স্বীকৃতি তেওঁ লাভ কৰিছে। ‘স্বগতোক্তি’ হৈছে ২০১৮ চনত প্ৰকাশ পোৱা তেখেতৰ আত্মজীৱনী। [3]

জন্ম, শিক্ষা আৰু পৰিয়াল

[সম্পাদনা কৰক]

১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত প্ৰদীপ বৰুৱাই জন্মলাভ কৰিছিল। প্ৰদীপ বৰুৱাৰ পিতৃ ৰাধাগোবিন্দ বৰুৱা আৰু মাতৃ লিলি বৰুৱা। ৰাধাগোবিন্দ বৰুৱা (১৯০০ – ১৯৭৭) এগৰাকী সুপৰিচিত অসমীয়া ব্যৱসায়ী, সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা আছিল। [4]তেওঁ 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা। ইয়াৰ লগতে তেওঁ 'দৈনিক অসম' (১৯৬৫) আৰু সাপ্তাহিক 'অসম বাণী' কাকতো প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম তেওঁৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। প্ৰদীপ বৰুৱাৰ জ্যেষ্ঠ ভ্ৰাতৃ হৈছে তুলসী গোবিন্দ বৰুৱা, প্ৰফুল্ল গোবিন্দ বৰুৱাপ্ৰফুল্ল গোবিন্দ বৰুৱা (১৯৩২ – ২০২৫) এজন সাংবাদিক আৰু দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল। একেদৰে বৰভ্ৰাতৃ তুলসী গোবিন্দ বৰুৱা (১৯২৫-২০১২)ও আছাম ট্ৰিবিউনৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল। আনহাতে প্ৰদীপ বৰুৱাৰ বাই-ভনী চাৰিগৰাকী। [5]

১৯৫৬ চনত গুৱাহাটীৰ ডনবস্ক' বিদ্যালয়ত প্ৰদীপ বৰুৱাই শিক্ষা জীৱন আৰম্ভ কৰে। সেইখন শিক্ষানুষ্ঠানৰপৰাই তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে। আইএছচিৰ প্ৰথম বাৰ্ষিকতে প্ৰদীপ বৰুৱাই ছাত্ৰ একতা সভাৰ নিৰ্বাচনত লঘু ক্ৰীড়া বিভাগৰ[3] সম্পাদক পদত নিৰ্বাচিত হয়। ১৯৫৮ চনত আইএছচিত উত্তীৰ্ণ হৈ তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু আন্দোলনকে ধৰি একাধিক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে তেওঁ অসমলৈ ঘূৰি আহে। তেওঁ আহি পুনৰ কটন কলেজত নামভৰ্তি কৰে আৰু ১৯৬০ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পিতৃয়ে আৰম্ভ কৰা সংবাদ গোষ্ঠী 'দ্য আছাম ট্ৰিবিউন'ত বৰুৱাই যোগদান কৰে। [3]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

আছাম ট্ৰিবিউনত

[সম্পাদনা কৰক]

১৯৬০ চনত প্ৰদীপ বৰুৱাই পিতৃ ৰাধাগোবিন্দ বৰুৱাই আৰম্ভ কৰা সংবাদ প্ৰতিষ্ঠান 'দ্য আছাম ট্ৰিবিউন'ৰ কৰ্মদলত যোগদান কৰে। ১৯৬৭-৬৮ চনত উন্নত ছপা প্ৰযুক্তিৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁ মানচেষ্টাৰ আৰু ছ'ভিয়েট সংঘ ভ্ৰমণ কৰে। সেইবোৰ দেশত তেওঁ একাধিক সংবাদ প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। ১৯৮১ চনত বৰুৱাই ট্ৰিবিউনৰপৰা অব্যাহতি লয়। [3]

নিজাববীয়া ছপাশাল

[সম্পাদনা কৰক]

মানচেষ্টাৰ, ছোভিয়েট ভ্ৰমণ কৰি আহি ১৯৭৭ চনত প্ৰদীপ বৰুৱাই ট্ৰিবিউনৰ ছপাশালৰ পুৰণি কিছুমান সামগ্ৰীৰ জৰিয়তে এটা ছপাশাল আৰম্ভ কৰিলে। এই ছপাশাল কাৰ্যক্ষম কৰি তেওঁ ভবেন্দ্ৰ নাথ শইকীয়াৰ 'গহ্বৰ' আৰু নিৰোদ চৌধুৰীৰ 'চাইকেডিলিক ঢেঁকীয়া' আৰু 'বীজাণু' পুথি ছপা কৰে। [3]

প্ৰান্তিক

[সম্পাদনা কৰক]
প্ৰান্তিকৰ ল'গ'

১৯৮১ চনৰ ১ ডিচেম্বৰত প্ৰদীপ বৰুৱাই পষেকীয়া আলোচনী প্ৰান্তিক প্ৰতিষ্ঠা কৰে। প্ৰতিষ্থাপক সম্পাদক আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াপ্ৰান্তিকত বিভিন্ন বিষয়ৰ একাধিক নিয়মীয়া শিতান অথবা নিত্য-নতুন প্ৰবন্ধ সন্নিৱিষ্ট হয়। [6][7]অসমৰ সাহিত্যৰ কেইবাজনো প্ৰতিষ্ঠিত লেখক আৰু সাংবাদিক যেনে-ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰী, পৰাগ কুমাৰ দাস, হিৰণ্য কাশ্যপ, সৌৰভ শইকীয়া আদিসকলে প্ৰান্তিকৰ পৃষ্ঠাতে লেখক-জীৱন আৰম্ভ কৰিছিল। ১৯৯৭ চনত ড° ভবেন্দ্ৰ নাথ শইকীয়াই স্বাস্থ্যজনিত কাৰণত সম্পাদকৰ পদৰপৰা অব্যাহতি লোৱাৰ পাছত প্ৰদীপ বৰুৱা সেই স্থানত অধিষ্ঠিত হয় আৰু আমৃত্যু পৰ্যন্ত তেওঁ আলোচনীখনৰ সম্পাদক হৈ থাকে।

অন্যান্য

[সম্পাদনা কৰক]

১৯৬৪ চনত প্ৰদীপ বৰুৱাই বলেন হাজৰিকা (ভূপেন হাজৰিকাৰ ভ্ৰাতৃ), অপূৰ্ব কুমাৰ দাস, কল্যাণ বৰা, খগেন্দ্ৰ নাথ দত্ত বৰুৱা, অনিল বৰুৱা,ৰত্ন ওজা, নিৰোদ চৌধুৰী, অখিল ডেকা আদি সতীৰ্থৰ লগ হৈ 'মধুচয়নিকা' নামৰ এটি সাংস্কৃতিক দল গঠন কৰিছিল।[3] বৰুৱা সংগীতৰ অনুৰাগী আছিল।

১৯৬৫ চনত প্ৰদীপ বৰুৱা নাৰেংগী লায়ন্স ক্লাৱৰ সদস্য হয়।[3]

আত্মজীৱনী

[সম্পাদনা কৰক]

প্ৰদীপ বৰুৱাৰ আত্মজীৱনী হৈছে 'স্বগতোক্তি'। গ্ৰন্থখন ২০১৮ চনত প্ৰকাশিত হয়।[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬৪ চনত[3] যোৰহাটৰ মায়া বৰুৱাৰ সৈতে প্ৰদীপ বৰুৱাই বৈবাহিক জীৱন আৰম্ভ কৰে। তেওঁলোকৰ কন্যা ৰশ্মি বৰুৱা।

বঁটা-বাহন আৰু স্বীকৃতি

[সম্পাদনা কৰক]

বাৰ্দ্ধক্যজনিত ৰোগত ভুগি থকা প্ৰদীপ বৰুৱাক ২০২৫ চনৰ ২৯ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ ডাউন টাউন[9] হস্পিতালত ভৰ্তি কৰা হয়। ৩০ ডিচেম্বৰত তেওঁৰ ক্ষুদ্ৰান্ত্ৰত হোৱা হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। ক্ৰমাৎ তেওঁ আৰোগ্যৰ দিশে আগবাঢ়িছিল যদিও পৰৱৰ্তী পৰ্যায়ত সংক্ৰমণত আক্ৰান্ত হোৱাত তেওঁ শ্বাসক্ৰিয়া কষ্টদায়ক হৈ উঠে আৰু কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা কৰা হয়। ১৪ জানুৱাৰী, ২০২৬ তাৰিখে বুধবাৰৰ পুৱাৰেপৰা তেওঁৰ ৰক্তচাপ ক্ৰমে হ্ৰাস পায় আৰু সন্ধিয়া হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁ শেষ-নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময় আছিল সন্ধ্যা ৭ বাজি ২৭ মিনিট। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। [3]

১৫ জানুৱাৰী তাৰিখে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত প্ৰদীপ বৰুৱাৰ শেষকৃত্য সম্পন্ন হয়৷ [10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Achiever Awards 2021". Pratidin Media. https://pratidinmedia.com/achievers-awards/ আহৰণ কৰা হৈছে: 16 January 2026.
  2. "বিশিষ্ট লেখক, সাংবাদিক প্ৰদীপ বৰুৱা আৰু নাই". অসমীয়া প্ৰতিদিন. 14 Jan 2026 20:27 IST. https://www.asomiyapratidin.in/homepage/pradip-baruah-passes-away-10998819 আহৰণ কৰা হৈছে: 16 January 2026.
  3. 1 2 3 4 5 6 7 8 9 10 "চাৰি দশকৰো অধিক কাল সাহিত্যৰ সুৱাস বিলাই অজান দেশলৈ গুচি গ'ল 'প্ৰান্তিক'ৰ জন্মদাতা প্ৰদীপ বৰুৱা". দৈনিক অসম. দৈনিক অসম (গুৱাহাটী): পৃষ্ঠা ১,২. ১৬ জানুৱাৰী ২০২৬.
  4. (Phukan 2004)
  5. বৰুৱা, প্ৰদীপ. স্বগতোক্তি. সঞ্জীৱন প্ৰকাশন.
  6. "Prantik: Leading Magazine of Assam". Assam Spider. 20 February 2010. http://www.assamspider.com/resources/2442-Prantik-Leading-Magazine-Assam.aspx আহৰণ কৰা হৈছে: 17 April 2017.
  7. "Popular Assamese magazines:Prantik". Onlinesivasagar. Archived from the original on 25 July 2010. https://web.archive.org/web/20100725063649/http://onlinesivasagar.com/media/assamese-magazines.html আহৰণ কৰা হৈছে: 31 January 2010.
  8. 1 2 "প্ৰথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান". https://www.newsonair.gov.in/as/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A5%E0%A6%BF%E0%A6%A4%E0%A6%AF%E0%A6%B6%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%BF%E0%A6%95-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BF/ আহৰণ কৰা হৈছে: 16 January 2026.
  9. "Veteran journalist and ‘Prantik’ editor Pradip Baruah passes away at 88". indiatodayne. indiatoday. Jan 14, 2026, Updated Jan 14, 2026, 9:41 PM IST. https://www.indiatodayne.in/assam/story/veteran-journalist-and-prantik-editor-pradip-baruah-passes-away-1331354-2026-01-14 আহৰণ কৰা হৈছে: 16 January 2026.
  10. https://nenow.in/north-east-news/assam/assam-prantik-editor-pradip-baruah-cremated-in-guwahati.html

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • Phukan, Mitra (2004), R G Baruah: the architect of modern Assam, Sahitya prakash, Guwahati