| অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন। |
প্ৰদীপ বৰুৱা হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু সাংবাদিক। প্ৰান্তিক আলোচনীৰ সৈতে তেওঁ জন্মলগ্নৰে পৰা জড়িত হৈ আছে আৰু বৰ্তমান এই আলোচনীখনৰে সম্পাদক আৰু প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ‘স্বগতোক্তি’ তেখেতৰ আত্মজীৱনী৷
১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাৰ পিতৃ হৈছে ৰাধাগোবিন্দ বৰুৱা। শৈশৱকাল ডিব্ৰুগড়তে অতিবাহিত কৰা বৰুৱাই ১৯৪৮ চনত গুৱাহাটীলৈ আহে। গুৱাহাটীৰ ডনবস্ক' বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰা বৰুৱাই কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[1]
- ↑ বৰুৱা, প্ৰদীপ. স্বগতোক্তি. সঞ্জীৱন প্ৰকাশন.