সমললৈ যাওক

বিষ্ণু ৰাভা দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ইউনাইটেড্ কেকুৰী আদৰ্শ হাইস্কুলত বিষ্ণুৰাভা দিৱস উদযাপন।

বিষ্ণু ৰাভা দিৱস বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো অসমত ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰা হয়।[1] প্ৰত্যেক বছৰৰ ২০ জুন তাৰিখে এই দিনটো চৰকাৰী কাৰ্যসূচী হিচাপে শিক্ষানুষ্ঠানসমূহৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে উলহ-মালহেৰে পালন কৰি আহিছে।[2]

১৯৬৯ চনৰ ২০ জুনত বিষ্ণুপ্ৰসাদ ৰাভাৰ তেজপুৰ জিলাত দেহাৱসান ঘটে৷ তেখেতৰ সামাজিক-সাংস্কৃতিক অৱদান আৰু উত্তৰাধিকাৰে নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। জন্ম বাৰ্ষিকীত পালন কৰা বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত অসমৰ সাংস্কৃতিক আৰু সামাজিক তন্ত্ৰলৈ তেখেতৰ অপৰিসীম অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয় আৰু তেখেতৰ গুণানুকীৰ্তন কৰা হয়। এই দিনটোত তেখেতৰ জীৱন উদযাপন আৰু তেখেতৰ কৃতিত্বক সন্মান জনাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সংগীত পৰিবেশন, আলোচনা চক্ৰৰ আয়োজন কৰা হয়। তেখেতৰ দৃষ্টিভংগী, নিষ্ঠা, অসমীয়া সংস্কৃতি আৰু সমাজত চিৰস্থায়ী প্ৰভাৱ স্মৰণ কৰাৰ এক অনুষ্ঠান হিচাপে অসমত এই দিৱসটো প্ৰতিবছৰে উদযাপন কৰা হৈ আহিছে৷[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

অসমীয়া প্ৰতিদিনৰ বাতৰি[সংযোগবিহীন উৎস]