সমললৈ যাওক

বাৰ্তা:বিষ্ণুপ্ৰসাদ ৰাভা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু প্ৰসাদ ৰাভা নে বিষ্ণু ৰাভা ?

[সম্পাদনা কৰক]

বিষ্ণু প্ৰসাদ ৰাভা নে বিষ্ণু ৰাভা ? নামটোৰ সঠিক বিচাৰৰ প্ৰয়োজন ।

বিষ্ণুপ্ৰসাদ ৰাভা শুদ্ধ৷ ইয়াক চমুকৈহে বিষ্ণু ৰাভা কয়৷ আৰু চাওক বিষ্ণুপ্ৰসাদ ৰাভা [1]

বিষ্ণু ৰাভাৰ কলিকতাৰ কলেজ আৰু কোচবিহাৰৰ কলেজ

[সম্পাদনা কৰক]

মোৰ হাতত এতিয়া এই তথ্যৰ সমল নাই, কিন্তু মোৰ মনত থকাত তেখেত কলিকতাত 'ৰিপন কলেজ'ত পঢ়িছিল আৰু কোচবিহাৰৰ 'ৰংপুৰ কলেজ'ত নাম লিখোৱাইছিল। এইখিনি কথাৰ কিবা সমল পালে, যথাস্থানত উল্লেখ কৰিব। উদ্দীপতালুকদাৰ ১৪:৪৯, ১৫ চেপ্তেম্বৰ ২০১১ (UTC)

দুটা ৱেবচাইটত কলিকতাৰ "ৰিপন কলেজ" আৰু কোচবিহাৰৰ "ভিক্টোৰিয়া কলেজ" বুলি পালোঁ। সেইমতে তথ্যসুত্ৰ উল্লেখ কৰি লিখি থৈছোঁ। Gitartha.bordoloi ১৭:৪২, ১৫ চেপ্তেম্বৰ ২০১১ (UTC)

উগ্ৰপন্থী গোটত যোগদান কৰা সম্পৰ্কে

[সম্পাদনা কৰক]

আগৰ প্ৰবন্ধত ৰাভাই কোচবিহাৰত থকা কালত উগ্ৰপন্থী গোটত যোগদান কৰে বুলি কোৱা আছিল। কিন্তু অকল উগ্ৰপন্থী গোট বুলিলে ভুল বুজাৰ স্থান আছে বাবে সদ্যহতে গুচাই দিছোঁ। সেই তথ্যৰ উৎসও উল্লেখ কৰা হোৱা নাছিল। উপযুক্ত উৎসৰপৰা জনাৰ পাছতহে সেই তথ্য উল্লেখ কৰা ভাল হ'ব।