নৱনীতা দেৱ সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নৱনীতা দেৱ সেন
নৱনীতা দেৱ সেন
নৱনীতা দেৱ সেন, কলকাতা, ৩ ফেব্ৰুৱাৰী ২০১৩
জন্ম ১৩ জানুৱাৰী, ১৯৩৮
কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ৭ নৱেম্বৰ, ২০১৯ (৮১ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
পেছা উপন্যাসিক, শিশু সাহিত্যিক, কবি, শিক্ষাবিদ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী (২০০০),
বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা (১৯৯৯),
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (২০০৪)
দাম্পত্যসংগী অমৰ্ত্য সেন (বি. ১৯৫৮; বিবি. ১৯৭৬)
সন্তান অন্তৰা দেৱ সেন (জীয়ৰী),
নন্দনা সেন (জীয়েক)

নৱনীতা দেৱ সেন (ইংৰাজী: Nabaneeta Dev Sen; ১৩ জানুৱাৰী ১৯৩৮ – ৭ নবেম্বৰ ২০১৯) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখক আছিল। কলা আৰু তুলনামূলক সাহিত্য অধ্যয়ন কৰাৰ পিছত অধিক অধ্যয়নৰ বাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে। তেওঁ বহু কেইখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে বহু কেইটা সাহিত্য বিষয়ক সংস্থাৰ বিভিন্ন বিষয়-বাবত থাকে। তেওঁ উপন্যাস, শিশু সাহিত্য, নাটক, চুটিগল্প আদি বিভিন্ন বিষয়ত ৮০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে।[1][2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

নৱনীতা দেৱ সেন দক্ষিণ কলকাতাৰ হিন্দুস্তান পাৰ্কত তেওঁৰ জন্মগ্ৰহণ কৰে। দেউতাক নৰেন্দ্ৰ দেৱ আৰু মাক ৰাধাৰাণী দেৱী বিশিষ্ট কবি দম্পতী। শৈশৱৰে পৰা এক বিশিষ্ট সাংস্কৃতিক পৰিবেশত তেওঁ ডাঙৰ-দীঘল হৈছিল। বঙালী আৰু ইংৰাজীৰ বাদেও তেওঁ হিন্দী, অসমীয়া, ওড়িয়া, ফৰাচী, জাৰ্মান, সংস্কৃত আৰু হিব্ৰু ভাষা পঢ়িব পাৰিছিল। গোখলে মেমোৰিয়েল গাৰ্লছ্ স্কুল, লেডী ব্ৰেবোৰ্ণ কলেজ, প্ৰেচিডেঞ্চি কলেজ, যাদৱপুৰ বিশ্ববিদ্যালয়, হাভাৰ্ড বিশ্ববিদ্যালয়, ইণ্ডিয়ানা বিশ্ববিদ্যালয় (ব্লুমিংটন) আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ পঢ়া-শুনা আৰু গৱেষণা কৰিছিল। ১৯৭৫ চনৰ পৰা ২০০২ চনলৈ তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ তুলনামূলক সাহিত্যৰ অধ্যাপক আৰু বেছ কিছুদিন বিভাগীয় প্ৰধান আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ কোনো কোনো বিশ্ববিদ্যালয়ত তেওঁ ভিজিটিং অধ্যাপক হিচাপেও কাম কৰিছিল। যাদৱপুৰত তেওঁকবি বুদ্ধদেৱ বসু আৰু সুধীন্দ্ৰনাথ দত্তৰ স্নেহধন্য ছাত্ৰী আছিল।[1][2]

১৯৫৯ চনত তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ প্ৰথম প্ৰত্যয় আৰু ১৯৭৬ চনত প্ৰথম উপন্যাস আমি অনুপম প্ৰকাশিত হয়। কবিত, প্ৰবন্ধ, ৰম্যৰচনা, ভ্ৰমণ কাহিনী, উপন্যাস আদিকে ধৰি তেওংৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৮০খন।[1][2]

১৯৬০ চনত অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ সৈতে বিয়া হয়। ১৯৭৬ চনত বিবাহ-বিচ্ছেদৰ পিছত তেওঁ কলকাতালৈ উভতি আহে। তেওঁলোকৰ দুজনী কন্যা সন্তান আছে। ডাঙৰ জীয়ৰী অন্তৰা এগৰাকী সাংবাদিক আৰু সৰু জীয়ৰী নন্দনা এগৰাকী অভিনেত্ৰী আৰু সমাজকৰ্মী।[3]

২০১৯ চনৰ ৭ নবেম্বৰত কলকাতাকৰ্কট ৰোগত তেওঁৰ মৃত্যু হয়।[4][5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

১৯৯৯ চনত তেওঁ আত্মজীৱনীমূলক ৰম্যৰচনা ‘নটী নৱনীতা’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ প্ৰসাদ পুৰস্কাৰ (১৯৯৯) লাভ কৰে। ইয়াৰোপৰি তেওঁ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে; যাৰ ভিতৰত আছে- গৌৰী দেৱী সোঁৱৰণী বঁটা, মহাদেৱী বৰ্মা বঁটা(১৯৯২), ৰকফেলাৰ ফাউণ্ডেচনৰ চেলি বঁটা, বিহাৰৰ ভাগলপুৰ বিশ্ববিদ্যালয়ৰ শৰৎ বঁটা, ৰবীন্দ্ৰ বঁটা, কবীৰ সন্মান, সংস্কৃতি বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (২০০৪), মিষ্টিক কলিঙ্গ লিটাৰেৰী এৱাৰ্ড (২০১৭) আদি।[6][7] ২০০০ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰীৰে সন্মানীত কৰে।[8]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "বিনোদন সংস্কৃতি বঙালী সাহিত্যে ইন্দ্ৰপতন, চলে গেলেন নবনীতা দেবসেন". Sanbad Protidin. 8-11-19. https://www.sangbadpratidin.in/entertainment/event/literate-nabanita-deb-sen-passed-away-at-81-years-of-age/। আহৰণ কৰা হৈছে: 20 February 2021. 
  2. 2.0 2.1 2.2 "Nabaneeta Dev Sen". https://www.loc.gov/. https://www.loc.gov/acq/ovop/delhi/salrp/nabaneetadevsen.html। আহৰণ কৰা হৈছে: 20 February 2021. 
  3. Mukherjee, P Jhimli (8 July 2017). "Old writers learn new tricks". https://timesofindia.indiatimes.com/city/kolkata/old-writers-learn-new-tricks/articleshow/59496997.cms. 
  4. "Poet and novelist Nabaneeta Dev Sen dies in Kolkata at 81" (en-US ভাষাত). Scroll.in. https://scroll.in/latest/943004/poet-and-novelist-nabaneeta-dev-sen-dies-in-kolkata-at-81. 
  5. Chakraborty, Ajanta (7 November 2019). "Padma Shri awardee writer Nabaneeta Dev Sen passes away". The Times of India. https://timesofindia.indiatimes.com/india/padamshree-awardee-writer-nabaneeta-dev-sen-passes-away/articleshow/71959875.cms. 
  6. "Arundhathi Subramaniam, Nabaneeta Sen, Soubhagya Mishra honoured with first Mystic Kalinga Literary Awards". প্ৰকাশক Bhubaneswar: Times of India. 23 December 2017. https://timesofindia.indiatimes.com/life-style/books/features/arundhathi-subramaniam-nabaneeta-sen-soubhagya-mishra-honoured-with-first-mystic-kalinga-literary-awards/articleshow/62219009.cms. 
  7. Sarma, Dibyajyoti (23 November 2017). "Our grandchildren refuse to read in their mother tongue". Sakal Times. https://www.sakaltimes.com/art-culture/%E2%80%98our-grandchildren-refuse-read-their-mother-tongue%E2%80%99-9192. 
  8. "Padma Shri Awards from West Bengal". Sensonmedia.net. http://www.sensonmedia.net/information/padmashri_awards_west_bengal.htm. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]