জয়ললিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ললিতা
তামিলনাডুৰ ১০ম, ১২শ, ১৪শ, ১৬শ আৰু ১৮শ মুখ্যমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৩ মে, ২০১৫
ৰাজ্যপাল চি. বিদ্যাসাগৰ ৰাও
পূৰ্বসূৰী অ. পান্নীৰচেলভাম
উত্তৰসূৰী উমনি কাল
সমষ্টি ডঃ ৰাধাকৃষ্ণণ নগৰ
কাৰ্যকাল
১৬ মে, ২০১১ – ২৭ ছেপ্টেম্বৰ, ২০১৪
পূৰ্বসূৰী কৰুণানিধি
উত্তৰসূৰী অ. পান্নীৰচেলভাম[1]
সমষ্টি শ্ৰীৰংগম
কাৰ্যকাল
২ মাৰ্চ, ২০০২ – ২২ মে, ২০০৬
পূৰ্বসূৰী অ. পান্নীৰচেলভাম
উত্তৰসূৰী কৰুণানিধি
সমষ্টি আন্দিপট্টি
কাৰ্যকাল
১৪ মে, ২০০১ – ২১ ছেপ্টেম্বৰ, ২০০১
পূৰ্বসূৰী কৰুণানিধি
উত্তৰসূৰী অ. পান্নীৰচেলভাম
সমষ্টি প্ৰতিদ্বন্দিতা কৰা নাছিল
কাৰ্যকাল
২৪ জুন, ১৯৯১ – ২২ মে, ১৯৯৬
পূৰ্বসূৰী ৰাষ্ট্ৰপতি শাসন
উত্তৰসূৰী কৰুণানিধি
সমষ্টি বেৰগুৰ
ব্যক্তিগত তথ্য
জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৪৮[2]
মাণ্ডয়া, মহীশূৰ ৰাজ্য, ভাৰত
মৃত্যু ৫ ডিচেম্বৰ, ২০১৬ (৬৮ বছৰ)
এপল' হস্পিটেল, চেন্নাই
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেটা কাঝাগাম
বাসস্থান চেন্নাই, তামিলনাডু

জয়ললিতা জয়ৰাম (তামিল ভাষা: ஜெ. ஜெயலலிதா, কানাড়া ভাষা: ಜೆ. ಜಯಲಲಿತಾ, মালায়ালাম ভাষা: ജെ. ജയലളിത, ২৪ ফেব্ৰুৱাৰী ১৯৪৮ - ৫ ডিচেম্বৰ ২০১৬[3]) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ। তেওঁ তামিলনাডুৰ প্ৰাপ্তন মুখ্যমন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেটা কাঝাগাম পাৰ্টিৰ মহাসচিব আছিল। তেওঁ ১৯৯১, ১৯৯৬, ২০০১, ২০০২ চনৰ পৰা ২০০৬ আৰু ২০১১ চনৰ পৰা ২০১৪ চনলৈ তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল। ৰাজনীতি ক্ষেত্ৰখনলৈ অহাৰ আগতে তেওঁ এক প্ৰতিষ্ঠিত নায়িকা আছিল। তেওঁ কেইবাখনো তামিল, তেলেগু, কানাড়া, এখন হিন্দী আৰু এখন ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰিছিল।[4]

তেওঁ স্কুলত পঢ়ি থকা কালছোৱাত "এপিছল" নামৰ ইংৰাজী বোলছবি এখনত অভিনয় কৰে। তেওঁ ১৫ বছৰ বয়সতে কানাড়া ছবি এখনত মুখ্যচৰিত্ৰত অভিনয় কৰে। তাৰ পিছত তেওঁ তামিল বোলছবি জগতত প্ৰৱেশ কৰে। ১৯৬৫ ৰ পৰা ১৯৭২ চনলৈ তেওঁ মাৰুদুৰ গোপালন ৰামচন্দ্ৰনৰ লগত কেইবাখনো সফল বোলছবিত অভিনয় কৰে।[5]

চলচ্চিত্ৰ জীৱনৰ পিছত তেওঁ এম.জি. ৰামচন্দ্ৰনৰ লগত ২৯৮২ চনত ৰাজনৈতিক জীৱন আৰম্ভ কৰে। ১৯৮৪ৰ পৰা ১৯৮৯ চনলৈ তেওঁ ৰাজ্যসভাত তামিলনাডুক প্ৰতিনিধিত্ব কৰিছিল। ১৯৮৭ চনত ৰামচন্দ্ৰনৰ মৃত্যুয়ে পিছত তেওঁ নিজকে ৰামচন্দ্ৰন উত্তৰাধিকাৰী বুলি ঘোষণা কৰে। তেওঁ ১৯৯১ চনৰ ২৪ জুনৰ পৰা ১২ মে ১৯৯৬ চনলৈ তামিলনাডুৰ কণিষ্ঠতম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তামিলনাডুত তেওঁক তেওঁৰ সমৰ্থনকাৰী সকলে "আম্মা"(মা) আৰু "পুৰাতচি তলাইৱি"(ক্ৰান্তিকাৰী নেতা) নামেৰে সম্বোধন কৰে।[6] মুখ্যমন্ত্ৰী কালছোৱাত তেওঁ আয়ত কৈ বেছি সম্পত্তি ৰখা গোচৰত অভিযুক্ত হৈ তেওঁ দুবাৰ মুখ্যমন্ত্ৰীত্ব এৰিব লগীয়া হৈছিল। তাৰ বাবে তেওঁ কাৰাবাস খাটিব লগীয়াও হৈছিল। পিছত উচ্চতম ন্যায়ালয়ে তেওঁক দোষমুক্ত বুলি ৰায় দিয়ে। ২০১৫ চনৰ মে মাহত তেওঁ পুনৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী হয়। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ হঠাৎ অসুস্থ হৈ পৰে। প্ৰায় ৭৫ দিন চিকিৎসাধীন হোৱাৰ পিছত তেওঁ ২০১৬ চনৰ ৫ ডিচেম্বৰ তাৰিখে ৰাতি ১১ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Panneerselvam sworn in as Tamil Nadu chief minister". The Times of India. http://timesofindia.indiatimes.com/india/Panneerselvam-sworn-in-as-Tamil-Nadu-chief-minister/articleshow/43796560.cms। আহৰণ কৰা হৈছে: 7 October 2014. 
  2. "Jayalalitha Daughter, Shobana, Wiki, Age, Family, House & Facts". StarsFact.com. https://starsfact.com/jayalalitha-daughter-shobana-wiki/। আহৰণ কৰা হৈছে: 2016-10-13. 
  3. http://www.wsj.com/articles/jayalalithaa-charismatic-indian-politician-and-mother-of-tamil-nadu-dies-1480995237
  4. "Jayalalitha to debut in Hindi for campaigns [जयललिता का पहली बार हिन्दी में अभियान]" (अंग्रेजी ভাষাত). आई॰ ए॰ एन॰ एस॰. दि एकोनोमिक्स टाइम्स. 8 अप्रैल 2007. Archived from the original on 2013-06-29. https://archive.ph/20130629122520/http://economictimes.indiatimes.com/articleshow/1872517.cms। আহৰণ কৰা হৈছে: 12 अगस्त 2014. 
  5. "जयललिता : प्रोफाइल". वेबदुनिया हिन्दी. http://hindi.webdunia.com/news-profile/%E0%A4%9C%E0%A4%AF%E0%A4%B2%E0%A4%B2%E0%A4%BF%E0%A4%A4%E0%A4%BE-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%AB%E0%A4%BE%E0%A4%87%E0%A4%B2-1130122057_1.htm। আহৰণ কৰা হৈছে: 12 अगस्त 2014. 
  6. "अभिनेत्री से अम्मा तक जयललिता का सफर". डचे वेले हिन्दी. http://www.dw.de/%E0%A4%85%E0%A4%AD%E0%A4%BF%E0%A4%A8%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%80-%E0%A4%B8%E0%A5%87-%E0%A4%85%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A4%BE-%E0%A4%A4%E0%A4%95-%E0%A4%9C%E0%A4%AF%E0%A4%B2%E0%A4%B2%E0%A4%BF%E0%A4%A4%E0%A4%BE-%E0%A4%95%E0%A4%BE-%E0%A4%B8%E0%A4%AB%E0%A4%B0/a-15075596। আহৰণ কৰা হৈছে: 12 अगस्त 2014.