অমৃতা শ্বেৰগিল
অমৃতা শ্বেৰগিল | |
---|---|
জন্ম | ৩০ জানুৱাৰী, ১৯১৩ বুদাপেষ্ট, হাংগেৰী ৰাজ্য |
মৃত্যু | ৫ ডিচেম্বৰ, ১৯৪১ (২৮ বছৰ) লাহোৰ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান) |
দেশ | হাংগেৰীয়ান, ব্ৰিটিছ ভাৰতীয় |
পেচা | চিত্ৰকলা |
প্ৰশিক্ষণ | গ্ৰাণ্ডে চৌমিয়াৰ ইকল ডেছ বিআস্ক আৰ্টছ (১৯৩০–৩৪) |
অমৃতা শ্বেৰগিল (৩০ জানুৱাৰী ১৯১৩ – ৫ ডিচেম্বৰ ১৯৪১) এগৰাকী বিখ্যাত হাংগেৰীয়ান ভাৰতীয় চিত্ৰশিল্পী আছিল। তেওঁক "বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ মহিলা চিত্ৰশিল্পী" আৰু "ভাৰতীয় শিল্পৰ অগ্ৰগামী" বুলি অভিহিত কৰা হয়।[1] সৰু কালৰ পৰায়ে তেওঁৰ চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈছিল।৮ বছৰ বয়সতে তেওঁ আনুষ্ঠানিক ভাৱে চিত্ৰশিল্পৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ১৯ বছৰত তেওঁৰ "ইয়ং গাৰ্লছ" (১৯৩২) নামৰ তৈলচিত্ৰ খনৰ বাবে বিখ্যাত হৈ পৰিছিল।
অমৃতায়ে বিশ্বৰ দেশ যেনে তুৰ্কী, ফ্ৰান্স আৰু ভাৰত ভ্ৰমণ কৰিছিল। ভ্ৰমণ কৰা দেশৰ স্থানীয় শিল্প আৰু সংস্কৃতিৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিল। তেওঁক বিংশ শতিকাৰ এগৰাকী গুৰুত্বপূৰ্ণ চিত্ৰশিল্পী হিচাপে গণ্য কৰা হয় আৰু তেওঁৰ উত্তৰাধিকাৰ বংগ নৱজাগৰণৰৰ অগ্ৰগামী সকলৰ সমপৰ্যায়ৰ বুলি ধৰা হয়।[2][3] তেওঁ এগৰাকী উদাসীন পাঠক আৰু পিয়ান'বাদক আছিল। বৰ্তমান তেওঁৰ ছবি সমূহ ভাৰতীয় মহিলা চিত্ৰশিল্পী সকলৰ ভিতৰত সবাতোকৈ বেছি চৰ্চিত আৰু ব্যয়বহুল।[4][5] তেওঁক ভাৰতৰ ফ্ৰিদা কাল' বুলি কোৱা হয়।
চমু জীৱনী
[সম্পাদনা কৰক]১৯১৩ চনৰ ৩০ জানুৱাৰী তাৰিখে হাংগেৰীৰ বুদাপেষ্টত অমৃতা শ্বেৰগিলৰ জন্ম হৈছিল।[6][7] তেওঁৰ পিতৃ জাট শিখ সম্প্ৰদায়ৰ উমৰাও সিং শ্বেৰগিল সংস্কৃত আৰু পাৰ্চী ভাষাৰ পণ্ডিত আৰু মাতৃ হাংগেৰীৰ ইহুদী সম্প্ৰদায়ৰ মেৰী এণ্টনীয়েট গোটছমেন এগৰাকী অপেৰা গায়িকা আছিল।[8][1] তেওঁৰ মাক দেউতাক ১৯২১ চনত প্ৰথমবাৰৰ বাবে লাহোৰত লগ পাইছিল।[8] তেওঁৰ মাতৃ মহাৰাজ ৰঞ্জিত সিঙৰ নাতিনী ৰাজকুমাৰী বাম্বা সুদাৰলেণ্ডৰ সৈতে আহিছিল।[9][10] অমৃতা তেওঁলোকৰ প্ৰথম সন্তান। তেওঁৰ সৰু ভগ্নী ইন্দিৰা সুন্দৰমৰ ১৯১৪ চনৰ মাৰ্চ মাহত জন্ম হৈছিল। অমৃতায়ে বাল্যকালৰ বেছিভাগ সময় বুদাপেষ্টত অতিবাহিত কৰে।[8] তেওঁ বিখ্যাত দক্ষিণ এছিয়াৰ বিশেষজ্ঞ আৰৱিন বাকটেৰ ভতিজী আছিল। ১৯২৬ চনত আৰৱিন বাকটে চিমলালৈ আহোঁতে অমৃতাৰ কলাত্মক প্ৰতিভাৰ উমান পায় আৰু তেওঁ অমৃতাক কলা শিক্ষাৰ বাবে প্ৰেৰণা যোগায়।[1] সৰুতে তেওঁ প্ৰথমে নিজৰ ঘৰৰ লগুৱা সকলৰ ছবি আঁকিবলৈ লয় আৰু তেওঁলোকক ছবিৰ মাধ্যম হিচাপে গ্ৰহণ কৰে।[11] এই স্মৃতি সমূহৰ বাবেই তেওঁ ভাৰতলৈ ঘূৰি আহিছিল।[12]
তেওঁলোকৰ পৰিয়ালে হাংগেৰীত অৰ্থনৈতিক অভাৱত ভুগিছিল। ১৯২১ চনত তেওঁলোক চিমলাৰ চামাৰ হিললৈ ঘূৰি আহে। তেওঁ তাত পিয়ান' আৰু বেহেলা শিকিবলৈ লয়। [11] ন বছৰ বয়সলৈ তেওঁ আৰু তেওঁৰ ভগ্নী চিমলাৰ গেইটি থিয়েটাৰত নাটক আদিত অভিনয় কৰিবলৈ লয়।[13] পাঁচ বছৰ বয়সৰ পৰায়ে তেওঁ ছবি আঁকি আহিছিল যদিও চিত্ৰকলাৰ আনুষ্ঠানিক শিক্ষা তেওঁ আঠ বছৰ বয়সত আৰম্ভ কৰিলে।[13] প্ৰথমে তেওঁ চিত্ৰবিদ মেজৰ হুইটমাৰ্চৰ পৰা চিত্ৰবিদ্যা শিকিছিল আৰু পিছলৈ তেওঁ বেভেন পিটাৰমেনৰ পৰা শিক্ষা লাভ কৰে।[8] শিশু অৱস্থাত নিজকে নাস্তিক বুলি কোৱাৰ বাবে তেওঁক কনভেণ্ট স্কুলৰ পৰা বৰ্খাস্ত কৰা হৈছিল।[8]
১৯২৩ চনত তেওঁৰ মাতৃ মেৰীয়ে চিমলাত বাস কৰা এজন ইটালীয়ান ভাস্কৰ্যবিদৰ কথা গম পায়। ১৯২৪ চনত ভাস্কৰ্যবিদ জনে অমৃতাক লগত লৈ ইটালীলৈ ঘূৰি যায়। তেওঁ তাত ছাণ্টা অন্নুজাইটা নামৰ ইটালীৰ ফ্লোৰেন্সত অৱস্থিত কলা বিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু তাত তেওঁ বেছিদিন নাথাকিল আৰু একেবছৰে ভাৰতলৈ ঘূৰি আহে।[14]
ষোল্লবছৰ বয়সত তেওঁ মাতৃৰ সৈতে ইউৰোপলৈ যায়। তাৰ পিছত তেওঁ পেৰিছত গ্ৰাণ্ডে চৌমিয়াৰ আৰু ইকল ডেছ বিআস্ক আৰ্টছত চিত্ৰবিদ্যাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।[15][16][17][1]
১৯৩১ চনত তেওঁ ইউচুফ আলি খানক আঙঠি পিন্ধায় যদিও পিছলৈ তেওঁ নিজৰ সম্পৰ্কীয় ভাই ভিক্টৰ এগানৰ লগত বিবাহপাশত আবদ্ধ হয়।[18] তেওঁৰ চিঠি সমূহৰ পৰা তেওঁ সমকামী আছিল বুলিও গম পোৱা যায়।[19] দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ১৯৪১ চনৰ ৫ ডিচেম্বৰ তাৰিখে মাত্ৰ ২৮ বছৰ বয়সতে তেওঁ মৃত্যু বৰণ কৰে। তেওঁক ৭ ডিচেম্বৰত লাহোৰত সমাধিস্থ কৰা হয়।
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]-
আত্ম-প্ৰতিচ্ছবি, ১৯৩০
-
আত্ম-প্ৰতিচ্ছবি, ১৯৩২
-
ক্লাৰা চজেপিছি, ১৯৩২
-
হাংগেৰীয়ান জীপচি গাৰ্ল, ১৯৩২
-
গ্ৰুপ অফ থ্ৰী গাৰ্লছ, ১৯৩৫
-
ব্ৰাইডছ টায়লেট, ১৯৩৭
-
ভিলেজ চিন, ১৯৩৮
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Revolution personified | Christie's’" (en ভাষাত). http://www.christies.com/features/Amrita-Sher-Gil-6132-1.aspx.
- ↑ First Lady of the Modern Canvas Indian Express, 17 October 1999.
- ↑ Women painters at 21stcenturyindianart.com Archived 20 December 2007 at the Wayback Machine
- ↑ Most expensive Indian artists. Us.rediff.com.
- ↑ Dalmia, Yashodhara (2014). Amrita Sher-Gil: Art & Life: A Reader. প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 5. ISBN 978-0-19-809886-7.
- ↑ Great Minds, The Tribune, 12 March 2000.
- ↑ "Budapest Diary". Outlook. 20 September 2010. http://www.outlookindia.com/article.aspx?267032। আহৰণ কৰা হৈছে: 5 February 2013.
- ↑ 8.0 8.1 8.2 8.3 8.4 "The Indian Frida Kahlo" (en ভাষাত). Telegraph.co.uk. https://www.telegraph.co.uk/culture/10087130/The-Indian-Frida-Kahlo.html.
- ↑ Kang, Kanwarjit Singh (20 September 2009). "The Princess who died unknown". The Sunday Tribune. http://www.tribuneindia.com/2009/20090920/spectrum/main3.htm। আহৰণ কৰা হৈছে: 13 March 2010.
- ↑ Singh, Khushwant (27 March 2006). "Hamari Amrita". Outlook. http://www.outlookindia.com/article.aspx?230674। আহৰণ কৰা হৈছে: 5 February 2013.
- ↑ 11.0 11.1 "Google's Doodle Honours Amrita Sher-Gil. Here Are 5 Things You Should Know about Her" (en-US ভাষাত). The Better India. 2016-01-30. http://www.thebetterindia.com/44577/googles-doodle-indian-painter-amrita-shergil/.
- ↑ On Amrita Sher-Gil: Claiming a Radiant Legacy By Nilima Sheikh
- ↑ 13.0 13.1 Amrita Shergill at sikh-heritage. Sikh-heritage.co.uk (30 January 1913).
- ↑ Amrita Shergill Biography at. Iloveindia.com (6 December 1941).
- ↑ Archives 'Amrita Shergil' project Archived 7 January 2009 at the Wayback Machine www.hausderkunst.de.
- ↑ Amrita Sher-Gil profile at. Indianartcircle.com.
- ↑ Amrita Sher-Gil Exhibition at tate.org
- ↑ Singh, Rani. "Undiscovered Amrita Sher-Gil Self-Portrait And Rare Indian Emerald Bangles Up For Auction". Forbes. https://www.forbes.com/sites/ranisingh/2015/05/01/undiscovered-amrita-sher-gil-self-portrait-and-rare-indian-emerald-bangles-for-auction/#3a29fbb9b4bb.
- ↑ (Some names have been changed to protect their identities). "A life not so gay". Telegraphindia.com. https://www.telegraphindia.com/1131215/jsp/7days/17682751.jsp। আহৰণ কৰা হৈছে: 2018-06-23.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত অমৃতা শ্বেৰগিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |