ৰবীশ কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবীশ কুমাৰ

২০১৭ চনত ৰাম নাথ গোয়েংকা বঁটা প্ৰদান অনুষ্ঠানত ৰবীশ কুমাৰ
জন্ম ৰবীশ কুমাৰ পাণ্ডে
৫ ডিচেম্বৰ, ১৯৭৪ (৪৯ বছৰ)
মতিহাৰী, বিহাৰ, ভাৰত
শিক্ষানুষ্ঠান দেশবন্ধু মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান
পেচা সাংবাদিক, টিভি এংকৰ
সক্ৰিয় হৈ থকা সময় ১৯৯৬ – বৰ্তমানলৈ
দাম্পত্যসঙ্গী নয়না দাসগুপ্ত
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰাম নাথ গোয়েংকা উৎকৃষ্ট সাংবাদিকতা বঁটা, ২০১৩ আৰু ২০১৭
শ্ৰেষ্ঠ সাংবাদিকতাৰ ৰেড ইংক বঁটা, ২০১৬
ৰমন মেগছেছে বঁটা, ২০১৯
ৱেবছাইট
www.naisadak.org

ৰবীশ কুমাৰ (জন্ম: ৰবীশ কুমাৰ পাণ্ডে, ৫ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় টিভি এংকৰ,[1][2] সাংবাদিক, লেখক আৰু মিডিয়া ব্যক্তিত্ব। তেওঁ ঘাইকৈ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক জীৱনৰ ওপৰত নিৰপেক্ষ বাতৰি প্ৰকাশৰ বাবে বিখ্যাত। তেওঁ হিন্দী ভাষাত বাতৰি সম্প্ৰসাৰণ কৰা টিভি চেনেল এনডিটিভি ইণ্ডিয়াৰ প্ৰৱন্ধ সম্পাদক।[3] এই টিভি চেনেল এনডিটিভি ইউজ নেটৱৰ্কৰ ভগ্নী চেনেল। তেওঁক এনডিটিভি ইণ্ডিয়াৰ বহুতো ধ্বজাবাহী প্ৰগ্ৰেম যেনে সাপ্তাহিক অনুষ্ঠান "প্ৰাইম টাইম", "হম লগ"[4] আৰু "ৰবীশ কি ৰিপোৰ্ট"ৰ সূত্ৰধাৰ হিচাপে দেখা যায়।[5] তেওঁ "দা ফ্ৰী ভয়চ - অন ডেম'ক্ৰেছী, কালচাৰ এণ্ড দা নেচন" (অসমীয়া: মুক্ত অভিব্যক্তি - গণতন্ত্ৰ, সংস্কৃতি আৰু ৰাষ্ট্ৰৰ বিষয়ে) গ্ৰন্থখন ৰচনা কৰিছিল।[6][7][8]
তেওঁ ২০১৩ আৰু ২০১৭ চনত দুবাৰকৈ ৰাম নাথ গোয়েংকা উৎকৃষ্ট সাংবাদিকতা বঁটা লাভ কৰিছে। ২০১৬ চনত তেওঁ মুম্বাই প্ৰেছ ক্লাৱৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ ৰেড ইংক বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁ হিন্দী ভাষাত সাংবাদিকতাৰ জৰিয়তে "অভিব্যক্তিহীন সকলক অভিব্যক্তিৰ অধিকাৰ প্ৰদান কৰা"ৰ বাবে ৰমন মেগছেছে বঁটা লাভ কৰে।[9][10]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৭৪ চনৰ ৫ ডিচেম্বৰ তাৰিখে বিহাৰৰ মতিহাৰীত ৰবীশ কুমাৰৰ জন্ম হৈছিল। তেওঁ পাটনাৰ লয়লা হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষা লাভৰ বাবে দিল্লীলৈ যায়। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত দেশবন্ধু মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ৰবীশ কুমাৰে নয়না দাসগুপ্তৰ লগত বিবাহপাশত আবদ্ধ হয়। নয়না দাসগুপ্ত দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ ইতিহাস বিভাগৰ অধ্যাপিকা।[11]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ ২০১০ বৰ্ষৰ বাবে হিন্দী ভাষাৰ সাংবাদিকতা আৰু সৃষ্টিশীল সাহিত্যৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা লাভ কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৪ চনত তেওঁক এই বঁটা প্ৰদান কৰিছিল।[12] তেওঁ ২০১৩ চনত বৰ্ষশ্ৰেষ্ঠ সাংবাদিক আৰু ২০১৭ চনত শ্ৰেষ্ঠ হিন্দী সম্প্ৰসাৰণৰ শাখাত দুবাৰকৈ ৰাম নাথ গোয়েংকা উৎকৃষ্ট সাংবাদিকতা বঁটা লাভ কৰিছে।[13] ২০১৬ চনত প্ৰকাশিত হোৱা "ইণ্ডিয়ান এক্সপ্ৰেছ"ৰ ২০১৬ চনৰ আটাইতকৈ বেছি প্ৰভাৱশালী ১০০ জন ভাৰতীয়ৰ তালিকাত ৰবীশ কুমাৰ অন্তৰ্ভুক্ত হৈছিল।[14] ২০১৬ চনত তেওঁ মুম্বাই প্ৰেছ ক্লাৱৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ ৰেড ইংক বঁটা লাভ কৰিছিল। ২০১৭ চনৰ মাৰ্চ মাহত সাংবাদিকতাৰ জগতত আগবঢ়োৱা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ৰবীশ কুমাৰে প্ৰথম কুলদ্বীপ নায়াৰ সাংবাদিকতা বঁটা লাভ কৰিছিল।[15]২০১৯ চনত তেওঁ হিন্দী ভাষাত সাংবাদিকতাৰ জৰিয়তে "অভিব্যক্তিহীন সকলক অভিব্যক্তিৰ অধিকাৰ প্ৰদান কৰা"ৰ বাবে ৰমন মেগছেছে বঁটা লাভ কৰে।[16][17]

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

  • ই‌ষ্ক মে চহৰ হনা
  • দেখতে ৰহীয়ে
  • ৰবীশপন্থী
  • দা ফ্ৰী ভয়চ - অন ডেম'ক্ৰেছী, কালচাৰ এণ্ড দা নেচন

তথ্য উৎস[সম্পাদনা কৰক]

  1. "an open letter by ravish to modi". https://www.ndtv.com/blog/open-letter-to-pm-modi-by-ravish-kumar-1756628?pfrom=home-lateststories. 
  2. "Ravish Kumar, NDTV Social". ndtv.com. http://social.ndtv.com/ravishkumar/info#tab. 
  3. "NDTV - The Company". NDTV. http://www.ndtv.com/convergence/ndtv/corporatepage/ndtv_india.aspx। আহৰণ কৰা হৈছে: 28 August 2016. 
  4. "NDTV.com". www.ndtv.com. http://www.ndtv.com/video/list/shows/hum-log। আহৰণ কৰা হৈছে: 28 August 2016. 
  5. ৰবীশ কি ৰিপোৰ্ট
  6. "Book review - "The Free Voice"". The Hindu. 24 May 2018. http://www.thehindu.com/books/books-reviews/the-free-voice-on-democracy-culture-and-the-nation-review-looking-through-glass/article23465517.ece। আহৰণ কৰা হৈছে: 8 June 2018. 
  7. "Book preview - The free voice - on democracy, culture and the nation". www.amazon.in. https://www.amazon.in/Free-Voice-Democracy-Culture-Nation-ebook/dp/B07B3J9D4M। আহৰণ কৰা হৈছে: 8 June 2018. 
  8. Ray, Prakash (5 April 2018). "Review: Democracy and Debate in the Time of 'IT Cell'". The Wire. https://thewire.in/books/ravish-kumar-book। আহৰণ কৰা হৈছে: 8 June 2018. 
  9. "Kumar, Ravish - The Ramon Magsaysay Award Foundation - Honoring greatness of spirit and transformative leadership in Asia". https://www.rmaward.asia/awardees/kumar-ravish/. 
  10. "Journalist Ravish Kumar named 2019 Ramon Magsaysay winner" (en-IN ভাষাত). The Indian Express. 2019-08-02. https://indianexpress.com/article/india/ramon-magsaysay-award-ravish-kumar-ndtv-5871449/। আহৰণ কৰা হৈছে: 2019-08-02. 
  11. Joshi, Namrata (12 October 2015). "The Peace Maker". Outlook. https://www.outlookindia.com/magazine/story/the-peace-maker/295483. 
  12. release - President of India presents Hindi Sevi Samman
  13. "Ramnath Goenka Excellence in Journalism Awards: The Winners". .indianexpress.com. http://archive.indianexpress.com/news/ramnath-goenka-excellence-in-journalism-awards-the-winners/1145960/. 
  14. "#ie100: Narendra Modi to Ravish Kumar, the most powerful Indians". The Indian Express. http://indianexpress.com/photo-news/india/indian-express-power-list-2016-narendra-modi-amit-shah-sania-mirza-salman-khan-sri-sri-ravi-shankar/। আহৰণ কৰা হৈছে: 2016-02-27. 
  15. Ravish, Kumar. "‘News Anchors Have Become the Biggest Goons of Our Time’". The Quintwww.thequint.com. https://www.thequint.com/videos/2017/03/20/ravish-kumar-getting-kuldip-nayar-award-news-anchors-have-become-biggest-goons-of-our-time। আহৰণ কৰা হৈছে: 21 March 2017. 
  16. "Kumar, Ravish - The Ramon Magsaysay Award Foundation - Honoring greatness of spirit and transformative leadership in Asia". https://www.rmaward.asia/awardees/kumar-ravish/. 
  17. "Journalist Ravish Kumar named 2019 Ramon Magsaysay winner" (en-IN ভাষাত). The Indian Express. 2019-08-02. https://indianexpress.com/article/india/ramon-magsaysay-award-ravish-kumar-ndtv-5871449/। আহৰণ কৰা হৈছে: 2019-08-02. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]