সমললৈ যাওক

বিশ্ব খাদ্য কাৰ্যসূচী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব খাদ্য কাৰ্যসূচী
World Food Programme
সংক্ষিপ্ত WFP
গঠন ১৯ ডিচেম্বৰ ১৯৬১; ৬৪ বছৰ আগত (1961-12-19)
প্ৰকাৰ আন্তঃচৰকাৰী সংস্থা, নিয়ামক গোট, উপদেষ্টা পৰিষদ
Legal status সক্ৰিয়
Headquarters ৰোম, ইটালী
Parent organization
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা
ৱেবছাইট wfp.org
[[File:Lua error in package.lua at line 80: module 'Module:Portal/images/p' not found.|class=noviewer|16x16px]] {{{2}}} চ'ৰা

বিশ্ব খাদ্য কাৰ্যসূচী (ইংৰাজী: World Food Programme, WFP) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য-সাহায্য শাখা আৰু বিশ্বৰ সৰ্ববৃহৎ মানৱহিতৈষী সংস্থা। এওঁলোকৰ মূল লক্ষ্য হৈছে ক্ষুধা-নিৰ্মূল আৰু খাদ্য সুৰক্ষা।[1] ১৯৬১ চনত স্থাপিত হোৱা এই বিশেষ সংস্থাটোৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। বিশ্বৰ ৮০খন দেশত তেওঁলোকৰ কাৰ্যালয় আছে। আনুষ্ঠানিক পৰিসংখ্যা অনুসৰি, বিশ্ব খাদ্য কাৰ্যসূচীয়ে গড় হিচাপত প্ৰতিবছৰে ৮৩খন দেশৰ প্ৰায় ৯১.৪ মিলিয়ন মানুহক খাদ্য-সাহায্য আগবঢ়ায়।[2] ২০১৯ চন পৰ্যন্ত, তেওঁলোকৰ সেৱাই ৮৮খন দেশৰ প্ৰায় ৯৭ মিলিয়ন মানুহক স্পৰ্শ কৰিছে।[3]তেওঁলোকৰ দুই-তৃতীয়াংশ কাৰ্যসূচী সংঘাতজৰ্জৰ ক্ষেত্ৰসমূহত ৰূপায়ণ কৰা হয়।[4]

জৰুৰীকালীন খাদ্য সাহায্যৰ লগতে বিশ্ব খাদ্য কাৰ্যসূচীয়ে সকাহ আৰু পুনৰসংস্থাপন, উন্নয়নমূলক সাহায্য, বিশেষ কাৰ্যনীতি যেনে- গোলকীয় উষ্ণতা আৰু ৰাজনৈতিক অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য ব্যৱস্থাটোক অধিক সক্ৰিয় তথা সহনশীল কৰাতো গুৰুত্ব প্ৰদান কৰি আহিছে।[5] ই হৈছে ৰাষ্ট্ৰসংঘ উন্নয়ন গোটৰ এক কাৰ্যবাহী সদস্য।[6] যিয়ে সামূহিকভাৱে ১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্য (Sustainable Development Goals) পূৰণ কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে আৰু ২০৩০ৰ আগে আগে বহনক্ষম উন্নয়নৰ দ্বিতীয়টো লক্ষ্য অৰ্থাৎ শূন্য ক্ষুধাক অতিক্ৰম কৰাত অগ্ৰাধিকাৰ দিছে।[7]

২০২০ চনত বিশ্ব খাদ্য কাৰ্যসূচীক শান্তিৰ ন'বেল বঁটাৰে সন্মানীত কৰা হয়। ক্ষুধাৰ বিৰুদ্ধে যুঁজ দিয়া, সংঘাত-জৰ্জৰ অঞ্চলত শান্তি স্থাপন কৰা, খাদ্যক যুদ্ধ আৰু সংঘাতৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এই কাৰ্যসূচীয়ে যিদৰে সক্ৰিয়তা প্ৰদৰ্শন কৰি আহিছে- তাৰ বাবে তেওঁলোকক উক্ত সন্মান আগবঢ়োৱা হয়।[8][9]

১৯৬১ চনত বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰতিষ্ঠা কৰা হৈছিল।[10] সেয়া আছিল ১৯৬০ চনত খাদ্য আৰু কৃষি সংস্থা (FAO) সন্মিলনীৰ পৰৱৰ্তী ঘটনা- যেতিয়া আমেৰিকান খাদ্য আৰু শান্তি কাৰ্যসূচীৰ অধ্যক্ষ জৰ্জ মেকগভাৰ্ণে বহুপাক্ষিক খাদ্য সাহায্য কাৰ্যসূচী এখনৰ প্ৰস্তাৱ দিছিল। ১৯৬৩ চনত বিশ্ব খাদ্য কাৰ্যসূচীয়ে FAO আৰু ৰাষ্ট্ৰসংঘ সাধাৰণ সভাৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ প্ৰথম পৰ্যায়ৰ কৰ্মসূচীখন তিনিবছৰীয়া পৰীক্ষামূলক ভিত্তিত প্ৰস্তুত কৰিলে। কৰ্মসূচীয়ে ছুদানৰ ৱাডি হালফাস্থিত নুবিয়ান জনসমষ্ঠিক সাহায্য আগবঢ়ালে। ১৯৬৫ চনত কাৰ্যসূচীখনৰ সংবৰ্ধন ঘটিল।[11]

বিশ্ব খাদ্য কাৰ্যসূচীয়ে বহনক্ষম উন্নয়ন লক্ষ্যৰ (Sustainable Development Goals) এক বৃহৎ পৰিসৰত নিজৰ কৰ্ম সম্পাদন কৰে,[7] কাৰণ খাদ্য সুৰক্ষা, ক্ষুধা আৰু পুষ্টিহীনতাৰ ফলত স্বাস্থ্যৰ হানি হয় আৰু যিয়ে বহনক্ষম উন্নয়নৰ অন্যান্য দিশ যেনে শিক্ষা, নিয়োগ আৰু দৰিদ্ৰতাৰ (বহনক্ষম উন্নয়ন লক্ষ্য ৪, ৮ আৰু ১) ওপৰত প্ৰভাৱ পেলায়।[7]

ক'ভিড-১৯ অতিমাৰীৰ ফলত হোৱা লকডাউনে ২০২০ চনৰ কৃষি উৎপাদনত বিৰূপ প্ৰভাৱ পেলালে। যাৰ ফলত গোলকীয় ক্ষেত্ৰত বিতৰণৰ শৃংখল আৰু মূল্য হ্ৰাস হ'ল। পৰিণতিস্বৰূপে পুষ্টিহীনতা আৰু খাদ্য সংকটৰ নানানটা সমস্যায়েও গা কৰি উঠিল। দৰিদ্ৰ জনতা প্ৰবলভাৱে ক্ষতিগ্ৰস্ত হ'ল।[12] ইয়াৰ ফলত "১৩২ মিলিয়নতকৈও অধিক লোক ২০২০ চনত অপুষ্টিৰ চিকাৰ হ'ল। " .[13]

মূলতঃ পৃথিৱীৰ বিভিন্ন দেশৰ চৰকাৰে স্বেচ্ছামূলকভাৱে আগবঢ়োৱা বৰঙণিৰ দ্বাৰা বিশ্ব খাদ্য কাৰ্যসূচীৰ বিভিন্ন আঁচনিসমূহ কাৰ্যকৰী কৰা হয়। ইয়াৰ লগতে ব্যক্তিগত পৰ্যায়তো একাংশ লোকে বৰঙণি আগবঢ়ায়।[14]বিশ্ব খাদ্য কাৰ্যসূচীয়ে ২০১৮ চনত লাভ কৰা বৰঙণিৰ পৰিমাণ আছিল ৭.২ বিলিয়ন আমেৰিকান ডলাৰ। সৰ্বোচ্চ পৰিমাণৰ বৰঙণি আগবঢ়াইছিল আমেৰিকান চৰকাৰ (২.৫ বিলিয়ন) আৰু ইউৰোপীয়ান ইউনিয়নে (১.১ বিলিয়ন)। দাতাৰ বৰঙণিসমূহ প্ৰধানকৈ চৰম পৰ্যায়ৰ সংঘাতৰে জৰ্জড়িত ক্ষুধাসংকটৰ বাবে ব্যয় কৰা হয়। জৰুৰীকালীন তথা কৌশলগত কামৰ বাবে কমকৈ ব্যয় কৰা হয়।[15]

নেতৃত্ব আৰু কৰ্মদল

[সম্পাদনা কৰক]
ডেভিড বিছলি
বিশ্ব খাদ্য কাৰ্যসূচীৰ কাৰ্যবাহী অধ্যক্ষ

বিশ্ব খাদ্য কাৰ্যসূচী এখন কাৰ্যবাদী পৰিষদৰ দ্বাৰা পৰিচালিত হয়। এই পৰিষদখনৰ লগত ৩৬খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল জড়িত হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেৰোলিনাৰ পূৰ্বৰ গৱৰ্ণৰ ডেভিড বিছলিক ২০১৭ চনত কাৰ্যবাহী অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়। তেওঁক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আৰু খাদ্য আৰু কৃষি সংস্থাৰ (FAO) ডাইৰেক্টৰ-জেনেৰেলে পাঁচবছৰীয়া কাৰ্যকালৰ বাবে নিয়োগ কৰে। ডেভিড বিছলিয়ে বিশ্ব খাদ্য কাৰ্যসূচীৰ সচিবালয়ক নেতৃত্ব দিয়ে। ইয়াৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। ইউৰোপীয়ান ইউনিয়ন হৈছে বিশ্ব খাদ্য কাৰ্যসূচীৰ স্থায়ী পৰ্যবেক্ষক আৰু এক মূল্যৱান দাতা হোৱা হেতুকে ইউৰোপীয়ান ইউনিয়নে কাৰ্যবাদী পৰিষদৰ কাৰ্যবোৰতো অংশগ্ৰহণ কৰে।[16]

২০১৮ চনত বিশ্ব খাদ্য কাৰ্যসূচীৰ মুঠ কৰ্মচাৰীৰ সংখ্যা আছিল ১৭,০০০।[17]

কাৰ্যসূচী

[সম্পাদনা কৰক]
ৰাষ্ট্ৰসংঘৰ চি-১৩০ হাৰকিউলিছে দক্ষিণ ছুদানৰ ৰুমবেক ক্ষেত্ৰলৈ খাদ্য কঢ়িয়াই নিছে, ২০০৪ চনত।
২০০৩ চনত মন'ৰ'ভা ফ্ৰিপৰ্টত জইণ্ট টাস্ক ফৰ্চ লাইবেৰীয়াৰ সময়ত বিশ্ব খাদ্য কাৰ্যসূচীয়ে মানৱতাবাদী সাহায্য মুকলি কৰিছে।

২০০৮ চনত বিশ্ব খাদ্য কাৰ্যসূচীয়ে প্ৰগতিৰ বাবে ক্ৰয় (Purchase for Progress, P4P) নামৰ পাঁচবছৰীয়া আঁচনিখন এক পাইলট প্ৰকল্প হিচাপে আৰম্ভ কৰে। প্ৰধানকৈ কৃষকভিত্তিক এই আঁচনিখনে আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাৰ বিশখন দেশক সামৰি লয় আৰু ৮,০০,০০০ কৃষকক কৃষিভিত্তিক উৎপাদনৰ বাবে প্ৰশিক্ষণ দিয়ে। এই প্ৰকল্পৰ ফলত ৩,৬৬,০০০ মেট্ৰিক টন খাদ্য উৎপাদন হয় আৰু কৃষকসকলৰ বাবে ১৪৮ মিলিয়ন ডলাৰতকৈও অধিক উপাৰ্জন সৃষ্টি কৰে।[18]

২০১০ চনত হাইটিৰ ভূইকঁপৰ সময়ত বিশ্ব খাদ্য কাৰ্যসূচীয়ে কেৱল মহিলাসকললৈ খাদ্য সাহায্য বিতৰণ কৰে। কাৰণ বিগত পাঁচটা দশকৰ জৰুৰীকালীন সংকটৰ সময়ৰ অভিজ্ঞতাৰ পৰা উপলব্ধি হৈছিল যে কেৱল মহিলাগৰাকীৰ হাতত খাদ্য দিলেহে পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই তাৰ ভাগ পায়।[19]

২০১৭ চনত বিশ্ব খাদ্য কাৰ্যসূচীয়ে বিল্ডিং ব্লক কাৰ্যসূচী আৰম্ভ কৰে। জৰ্ডানত থকা ছিৰিয়ান শৰণাৰ্থীসকলক এই কাৰ্যসূচীৰ খাদ্যৰ-বাবে-ধনৰ আধাৰত সাহায্য আগবঢ়োৱাৰ প্ৰয়াস কৰা হয়।[20]

২০২০ চনত বিশ্ব খাদ্য কাৰ্যসূচীয়ে য়েমেনৰ ১২ মিলিয়নতকৈও অধিক লোকক প্ৰতিমাহে খাদ্যসেৱা আগবঢ়ায়। তেওঁলোকৰ ভিতৰত ৮০% লোকেই হাউথি বাহিনীৰ নিয়ন্ত্ৰণাধীন অঞ্চলত আছিল।[21]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. WFP. "Mission Statement". WFP. http://www.wfp.org/about/mission-statement আহৰণ কৰা হৈছে: 2 November 2013.
  2. Overview Archived 16 November 2018 at the Wayback Machine. WFP.org. Retrieved 19 November 2018
  3. "Overview" (en ভাষাত). www.wfp.org. https://www.wfp.org/overview আহৰণ কৰা হৈছে: 2020-10-10.
  4. Picheta, Rob. "World Food Programme was created as an experiment. It sent food to 97  million last year". CNN. https://www.cnn.com/2020/10/09/europe/world-food-programme-nobel-profile-intl/index.html আহৰণ কৰা হৈছে: 2020-10-09.
  5. "Country Capacity Strengthening | World Food Programme". www.wfp.org. https://www.wfp.org/country-capacity-strengthening আহৰণ কৰা হৈছে: 2020-10-10.
  6. The organization has been awarded the Nobel Peace Prize 2020 for its efforts to combat hunger, for its contribution to bettering conditions for peace in conflict-affected areas and for acting as a driving force in efforts to prevent the use of hunger as a weapon of war and conflict Executive Committee Archived 11 May 2011 at the Wayback Machine. Undg.org. Retrieved on 15 January 2012
  7. 1 2 3 "Zero Hunger". World Food Program. https://www.wfp.org/zero-hunger আহৰণ কৰা হৈছে: 10 October 2020.
  8. Peace Prize, Nobel. "The Nobel Peace Prize 2020". The Nobel Prize. https://www.nobelprize.org/prizes/peace/2020/press-release/ আহৰণ কৰা হৈছে: 9 October 2020.
  9. "UN's World Food Programme wins Nobel peace prize". the Guardian. 9 October 2020. http://www.theguardian.com/world/2020/oct/09/uns-world-food-programme-wins-nobel-peace-prize.
  10. "UN Food Programme – History". World Food Program. https://www.wfp.org/history আহৰণ কৰা হৈছে: 9 October 2020.
  11. Elga Zalite. "World Food Programme – An Overview". Stanford University Library. https://library.stanford.edu/sites/default/files/widget/file/zalite_wfp_unday2013_0.pdf আহৰণ কৰা হৈছে: 9 October 2020.
  12. Gulseven, Osman; Al Harmoodi, Fatima; Al Falasi, Majid; ALshomali, Ibrahim (2020). "How the COVID-19 Pandemic Will Affect the UN Sustainable Development Goals?" (en ভাষাত). SSRN Electronic Journal. doi:10.2139/ssrn.3592933. ISSN 1556-5068. https://www.ssrn.com/abstract=3592933 আহৰণ কৰা হৈছে: 9 October 2020.
  13. "UN/DESA Policy Brief #81: Impact of COVID-19 on SDG progress: a statistical perspective | Department of Economic and Social Affairs" (en-US ভাষাত). www.un.org. 2020-08-27. https://www.un.org/development/desa/dpad/publication/un-desa-policy-brief-81-impact-of-covid-19-on-sdg-progress-a-statistical-perspective/ আহৰণ কৰা হৈছে: 2020-09-24.
  14. "Funding and donors". www.wfp.org. https://www.wfp.org/funding-and-donors আহৰণ কৰা হৈছে: 9 October 2020.
  15. "WFP – Year in review 2018". publications.wfp.org. https://publications.wfp.org/2018/en/annual-report/funding.html#Funding আহৰণ কৰা হৈছে: 9 October 2020.
  16. "European Union". http://eeas.europa.eu/delegations/rome/eu_united_nations/work_with_3_un_agencies_rome/index_en.htm আহৰণ কৰা হৈছে: 17 May 2016.
  17. "WFP – Year in review 2018". publications.wfp.org. https://publications.wfp.org/2018/en/annual-report/home.html#slide-1 আহৰণ কৰা হৈছে: 9 October 2020.
  18. Purchase for Progress: Reflections on the pilot, February 2015 Archived 11 March 2016 at the Wayback Machine. WFP.org. Retrieved 8 April 2015.
  19. "Contributions to WFP: Comparative Figures and Five-Year Aggregate Ranking". United Nations World Food Programme. 19 April 2020. https://docs.wfp.org/api/documents/3f66543adf5c482a95810d57a2b1518b/download/?_ga=2.212632660.1762357695.1495937773-1834641711.1495319110 আহৰণ কৰা হৈছে: 21 April 2020.
  20. Juskalian, Russ. "Inside the Jordan refugee camp that runs on blockchain" (en-US ভাষাত). MIT Technology Review. https://www.technologyreview.com/s/610806/inside-the-jordan-refugee-camp-that-runs-on-blockchain/ আহৰণ কৰা হৈছে: 7 October 2019.
  21. 'Yemen: World Food Programme to cut aid by half in Houthi-controlled areas', BBC, https://www.bbc.co.uk/news/world-middle-east-52239645 Archived 23 April 2020 at the Wayback Machine