ৰেইনহাৰ্ড গেনজেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৰেইনহাৰ্ড গেনজেল

জন্ম ২৪ মাৰ্চ, ১৯৫২ (৬৯ বছৰ)
বেড হমবাৰ্গ ভৰ ডেৰ হহে, পশ্চিম জাৰ্মানী (বৰ্তমান জাৰ্মানী)
ক্ষেত্ৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞান
কৰ্মস্থান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান
কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
শিক্ষানুষ্ঠান
  • ফ্ৰেইবাৰ্গ বিশ্ববিদ্যালয় (বিএছচি)
  • বন বিশ্ববিদ্যালয় (এমএছচি, ডিফিল)
জনা যায় অতিলোহিত জ্যোতিৰ্বিজ্ঞান
উপমিলিমিটাৰ জ্যোতিৰ্বিজ্ঞান
উল্লেখনীয় বঁটা
  • অট' হেন পদক (১৯৮০)
  • বালযান পুৰস্কাৰ (২০০৩)
  • শ্বাৱ পুৰস্কাৰ (২০০৮)
  • ক্ৰাফুৰ্ড পুৰস্কাৰ (২০১২)
  • টাইক' ব্ৰাহে পুৰস্কাৰ (২০১২)
  • হাৰ্ভি বঁটা (২০১৪)
  • পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (২০২০)

ৰেইনহাৰ্ড গেনজেল (ইংৰাজী: Reinhard Genzel;[1] জন্ম: ২৪ মাৰ্চ ১৯৫২) এগৰাকী জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক। ইয়াৰ লগতে তেওঁ মিউনিক লুডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ এমিৰিটাছ অধ্যাপক। ২০২০ চনত তেওঁ এণ্ড্ৰিয়া এম. ঘেজৰ সৈতে যুটীয়াভাবে "আমাৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা অতিভৰযুক্ত সংকোচনশীল বস্তু আৱিষ্কাৰৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ লাভ কৰে।[2][3] নোবেল বঁটাৰ বাকী আধা অংশ ৰ'জাৰ পেনৰ'জে "কৃষ্ণগহ্বৰ গঠন আপেক্ষিকতাবাদৰ সাধাৰণ তত্ত্বৰ এক শক্তিশালী পূৰ্বানুমান" আৱিষ্কাৰৰ বাবে লাভ কৰে।

জীৱনী[সম্পাদনা কৰক]

১৯৫২ চনৰ ২৪ মাৰ্চ তাৰিখে পশ্চিম জাৰ্মানীৰ বেড হমবাৰ্গ ভৰ ডেৰ হহেত ৰেইনহাৰ্ড গেনজেলৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লুডৱিগ গেনজেল কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল। তেওঁ ফ্ৰেইবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক আৰু বন বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰৰ লগতে ১৯৭৮ চনত পিএইচডি কৰিছিল।[4][4] তাৰ পিছত তেওঁ কেমব্ৰিজ, মেছাচুচেটছৰ হাৰ্ভাৰ্ড-স্মিথচনিয়ান পদাৰ্থজ্যোতিৰ্বিজ্ঞান কেন্দ্ৰত কাম কৰে। তেওঁ ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈ মিলাৰ ফেল' আৰু ১৯৮১ চনৰ পৰা কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী আৰু সম্পূৰ্ণ অধ্যাপক আছিল। তেওঁ ১৯৮৬ চনত মেক্সপ্লেংক গেছেলস্কাফ্টৰ বৈজ্ঞানিক সদস্যপদ লাভ কৰে। তেওঁ মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক আৰু ১৯৮৮ চনৰ পৰা মিউনিক লুডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক।[4] ১৯৯৯ চনৰ পৰা তেওঁ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত সম্পূৰ্ণ অধ্যাপক হিচাপে যুটীয়া নিযুক্তি লাভ কৰিছে।[4] তদুপৰি তেওঁ জ্যোতিৰ্বিজ্ঞানৰ শ্বাৱ পুৰস্কাৰৰ নিৰ্বাচন সমিতিৰ সদস্য।[5]

কৰ্মৰাজি[সম্পাদনা কৰক]

ৰেইনহাৰ্ড গেনজেলে অৱলোহিত আৰু উপমিলিমিটাৰ জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰে। তেওঁ আৰু তেওঁৰ দলে জ্যোতিৰ্বিজ্ঞানৰ ভূমি আৰু মহাকাশ ভিত্তিক সঁজুলি বিকাশত সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেওঁলোকে হাতীপটিৰ কেন্দ্ৰত তৰাসমূহৰ গতি অনুসৰণ কৰিবলৈ এইবোৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ তেওঁলোকে দেখুৱায় যে চাগিটেৰিয়াছ এ*ৰ নামৰ এটা অতিভৰযুক্ত বস্তুৰ চাৰিওফালে এই তৰা সমূহে গতি কৰে। ইয়াক এতিয়া কৃষ্ণগহ্বৰ বুলি জনা যায়।[6] তেওঁ বৰ্তমান তাৰকাৰাজ্যসমূহৰ গঠন আৰু বিৱৰ্তনৰ ওপৰত গৱেষণাৰত।[7]

২০১৮ চনৰ জুলাই মাহত ৰেইনহাৰ্ড গেনজেলে প্ৰকাশ কৰে যে তৰা এছ২য়ে চাগিটেৰিয়াছ এ*ক কেন্দ্ৰ কৰি ৭,৬৫০ কিঃমিঃ/ছেকেণ্ড বা পোহৰৰ গতিৰ ২.৫৫% বেগেৰে ২০১৮ চনৰ মে মাহত ইয়াৰ পৰিকেন্দ্ৰ ১২০ মহাজাগতিক একক বা ১৪০০ স্কাৰজচাইল্ড ব্যাসাৰ্ধৰ কাষ চাপিছিল। ই তেওঁলোকক সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰৰ সহায়ত আপেক্ষিক বেগৰ দ্বাৰা ৰেডশ্বিফ্টৰ পূৰ্বানুমানত সহায়ক হৈছিল। লগতে ইয়াৰ ফলত আপেক্ষিকতাবাদ তত্ত্বটোৰ অতিৰিক্ত নিশ্চিতকৰণ বিচাৰি পোৱা গ'ল।[8][9]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

২০১৮ চনত ৰেইনহাৰ্ড গেনজেল
  • ষ্টুডিয়েনষ্টিফেটুং ডেছ ডিউটচেন ভলকেছ, ১৯৭৩-১৯৭৫[10]
  • মিলাৰ গৱেষণা ফেল'শ্বিপ, ১৯৮০-১৯৮২[11]
  • অট' হান পদক, মেক্সপ্লেংক গেছেলস্কাফ্ট, ১৯৮০[11]
  • ৰাষ্ট্ৰপতিৰ যুৱ অনুসন্ধানকাৰী বঁটা, ৰাষ্ট্ৰীয় বিজ্ঞান ফাউণ্ডেচন, ১৯৮৪[11]
  • নিউটন লেচি পিয়াৰ্ছ বঁটা, আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজ, ১৯৮৬[11]
  • গটফ্ৰেইড ৱিলহেম লেইবিনিজ বঁটা, ১৯৯০[11]
  • ডে ভেকুঅ'লাৰছ পদক, টেক্সাচ বিশ্ববিদ্যালয়, ২০০০[11]
  • প্ৰিস্ক জুলছ জানচিন, ফ্ৰান্স জ্যোতিৰ্বিজ্ঞান সমাজ, ২০০০[11]
  • প্ৰয়োগিক পদাৰ্থ বিজ্ঞানৰ ষ্টাৰ্ণ গাৰলেক পদক, ২০০৩[11]
  • অৱলোহিত জ্যোতিৰ্বিজ্ঞানৰ বালজান পুৰস্কাৰ, ২০০৩[11]
  • এলবাৰ্ট আইনষ্টাইন পদক, ২০০৭[12]
  • শ্বাৱ পুৰস্কাৰ, ২০০৮[13]
  • "গেলেলিও ২০০০" বঁটা, ২০০৯[11]
  • কাৰ্ল স্কৱাৰজচাইল্ড পদক, ২০১১[14]
  • ক্ৰাফুৰ্ড বঁটা, ৰয়েল চুইডিছ একাডেমী, ২০১২[15]
  • টাইক' ব্ৰাহে পুৰস্কাৰ, ইউৰোপীয়ান জ্যোতিৰ্বিজ্ঞান সমাজ, ২০১২[16]
  • পৌৰ লে মেৰিটে, ২০১৩[17]
  • হাৰ্ভি বঁটা, টেকনিয়ন প্ৰতিষ্ঠান, ইজৰাইল, ২০১৪[18]
  • হাৰস্কেল পদক, ২০১৪[19]
  • পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা, ২০২০[2]

বৈজ্ঞানিক সমাজৰ সদস্যতা[সম্পাদনা কৰক]

  • আমেৰিকান ভৌতিক সমাজৰ সভ্য, ১৯৮৫[17]
  • আকাদেমি ডেছ চায়েন্স (ইণ্টিচিটিষ্ট ডি ফ্ৰান্স)ৰ বিদেশী সদস্য, ১৯৯৮[17]
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞান একাডেমীৰ বিদেশী সভ্য, ২০০০[20]
  • ডয়েচে অকাডেমি ডেৰ নেচাৰ্ফোৰ্চেৰ লিওপ'ল্ডিনাৰ সদস্য, ২০০২[21]
  • বেইৰিচে অকাডেমি ডেৰ ৱিচেন্সচাফেটেনৰ জ্যেষ্ঠ সদস্য, ২০০৩[22]
  • ৰয়েল স্পেনিছ বিজ্ঞান একাডেমীৰ বিদেশী সদস্য, ২০১১[11]
  • ৰয়েল ছ'চাইটি লণ্ডনৰ বিদেশী সদস্য, ২০১২[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 http://royalsociety.org/people/reinhard-genzel/ Professor Reinhard Genzel ForMemRS
  2. 2.0 2.1 "Press release: The Nobel Prize in Physics 2020". Nobel Foundation. https://www.nobelprize.org/prizes/physics/2020/press-release/। আহৰণ কৰা হৈছে: 6 October 2020. 
  3. Overbye, Dennis; Taylor, Derrick Bryson (6 October 2020). "Nobel Prize in Physics Awarded to 3 Scientists for Work on Black Holes – The prize was awarded half to Roger Penrose for showing how black holes could form and half to Reinhard Genzel and Andrea Ghez for discovering a supermassive object at the Milky Way’s center.". The New York Times. https://www.nytimes.com/2020/10/06/science/nobel-prize-physics.html। আহৰণ কৰা হৈছে: 6 October 2020. 
  4. 4.0 4.1 4.2 4.3 Curriculum-vitae Archived 5 October 2009 at the Wayback Machine, website of the Max-Planck-Institut für extraterrestrische Physik
  5. "Selection Committees 2020 – 2021" (en ভাষাত). https://www.shawprize.org/organization#astronomy-year2। আহৰণ কৰা হৈছে: 6 October 2020. 
  6. Eckart, A.; Genzel, R. (1996). "Observations of stellar proper motions near the Galactic Centre". Nature খণ্ড 383 (6599): 415. doi:10.1038/383415a0. 
  7. "Reinhard Genzel (E)". https://physics.berkeley.edu/people/faculty/reinhard-genzel. 
  8. Abuter, R.; Amorim, A. (2018). "Detection of the gravitational redshift in the orbit of the star S2 near the Galactic centre massive black hole". Astronomy & Astrophysics খণ্ড 615: L15. doi:10.1051/0004-6361/201833718. Archived from the original on 6 October 2020. https://archive.today/ic0O4। আহৰণ কৰা হৈছে: 6 October 2020. 
  9. Star spotted speeding near black hole at centre of Milky Way – Chile’s Very Large Telescope tracks S2 star as it reaches mind-boggling speeds by supermassive black hole, The Guardian, 26 July 2017
  10. "Studienstiftung gratuliert ihrem Alumnus Reinhard Genzel zum Nobelpreis für Physik". https://www.studienstiftung.de/aktuelles/artikel/studienstiftung-gratuliert-ihrem-alumnus-reinhard-genzel-zum-nobelpreis-fuer-physik/। আহৰণ কৰা হৈছে: 8 October 2020.  জাৰ্মান ভাষাত
  11. 11.00 11.01 11.02 11.03 11.04 11.05 11.06 11.07 11.08 11.09 11.10 "Profesor Reinhard Genzel". https://rac.es/sobre-nosotros/miembros/academicos/correspondiente-internacional/933/। আহৰণ কৰা হৈছে: 6 October 2020. 
  12. The Awarding of the Einstein Medal: Albert Einstein Medal Laureates at Albert Einstein Medal website
  13. "The Shaw Prize". 28 April 2020. http://www.shawprize.org/laureates/astronomy/2008. 
  14. "Reinhard Genzel receives Karl Schwarzschild Medal 2011". 13 July 2011. http://www2011.mpe.mpg.de/News/PR20110713/text.html. 
  15. "Crafoord Prize for Reinhard Genzel". 22 July 2020. https://www.mpg.de/4996987/reinhard_genzel_crafoord-prize. 
  16. "Tycho Brahe-Preis für Reinhard Genzel" (de ভাষাত). 25 February 2020. https://www.mpe.mpg.de/474146/News_20120601. 
  17. 17.0 17.1 17.2 "Pour le Mérite: Reinhard Genzel". www.orden-pourlemerite.de. 2013. http://www.orden-pourlemerite.de/sites/default/files/vita/genzel-vita_0.pdf. 
  18. Harvey Prize 2014 Archived 2 July 2015 at the Wayback Machine
  19. "Awards, Medals and Prizes – Herschel Medal". Royal Astronomical Society. https://ras.ac.uk/awards-and-grants/awards/herschel-medal। আহৰণ কৰা হৈছে: 20 December 2014. 
  20. "Reinhard Genzel". 18 June 2020. http://www.nasonline.org/member-directory/members/3009940.html. 
  21. "Leopoldina-Präsident Gerald Haug gratuliert Leopoldina-Mitglied Reinhard Genzel zum Nobelpreis für Physik" (de ভাষাত). https://idw-online.de/en/news755391. 
  22. "Neue Mitglieder der Bayerischen Akademie der Wissenschaften" (de ভাষাত). https://idw-online.de/de/news62176.