ইমানুৱেল চাৰ্পেণ্টিয়ে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইমানুৱেল চাৰ্পেণ্টিয়ে

জন্ম ইমানুৱেল মাৰি চাৰ্পেণ্টিয়ে
১১ ডিচেম্বৰ, ১৯৬৮ (৫৫ বছৰ)
জুভিচি চুৰ অৰেজ, ফ্ৰান্স
ক্ষেত্ৰ
কৰ্মস্থান হুমবল্ডট বিশ্ববিদ্যালয়
উমিয়া বিশ্ববিদ্যালয়
মেক্স প্লেংক ছ'চাইটি
শিক্ষানুষ্ঠান পীয়েৰ আৰু মেৰী কুৰী বিশ্ববিদ্যালয় (বিএছচি, এমএছচি, ডিফিল)
পেষ্ট'ৰ প্ৰতিষ্ঠান (পিএইছডি প্ৰশিক্ষণ)
ডক্তৰেল পৰামৰ্শদাতা Patrice Courvalin
জনা যায় ক্ৰিস্পাৰ[1]
উল্লেখনীয় বঁটা
  • জীৱবিজ্ঞানৰ ব্ৰেকথ্ৰো বঁটা (২০১৫)
  • কানাডা গেইৰ্ডনাৰ আন্তৰ্জাতিক বঁটা (২০১৬)
  • লেইবিনিজ বঁটা (২০১৬)
  • পৌৰ লে মেৰিটে (২০১৭)
  • জাপান বঁটা (২০১৭)
  • নেন'বিজ্ঞানৰ কালভি বঁটা (২০১৮)
  • চিকিৎসা বিজ্ঞানৰ ৱল্ফ বঁটা (২০২০)
  • ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (2020)

ইমানুৱেল মাৰি চাৰ্পেণ্টিয়ে (ইংৰাজী: Emmanuelle Marie Charpentier; জন্ম: ১১ ডিচেম্বৰ ১৯৬৮) এগৰাকী ফৰাচী অণুজীৱবিদ, বংশগতিবিদ আৰু জৈৱ ৰসায়নবিদ।[1] ২০১৫ চনৰ পৰা তেওঁ বাৰ্লিনৰ মেক্স প্লেংক সংক্ৰামক জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক পদত অধিষ্ঠিত। ২০১৮ চনত তেওঁ বীজাণুবিজ্ঞানৰ বাবে এক স্বতন্ত্ৰ গৱেষণা প্ৰতিষ্ঠান মেক্স প্লেংক একক স্থাপন কৰিছিল।[2] ২০২০ চনত তেওঁ আৰু জেনিফাৰ ডাউডনাক "জিনম সম্পাদনাৰ বাবে এটা পদ্ধতিৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।[3][4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Abbott, Alison (2016). "The quiet revolutionary: How the co-discovery of CRISPR explosively changed Emmanuelle Charpentier's life". Nature খণ্ড 532 (7600): 432–434. doi:10.1038/532432a. PMID 27121823. 
  2. "CRISPR discoverer gets own research institute". 19 April 2017. https://biooekonomie.de/en/nachrichten/crispr-discoverer-gets-own-research-institute। আহৰণ কৰা হৈছে: 14 December 2018. 
  3. "Press release: The Nobel Prize in Chemistry 2020". Nobel Foundation. https://www.nobelprize.org/prizes/chemistry/2020/press-release/। আহৰণ কৰা হৈছে: 7 October 2020. 
  4. Wu, Katherine J.; Peltier, Elian (7 October 2020). "Nobel Prize in Chemistry Awarded to 2 Scientists for Work on Genome Editing – Emmanuelle Charpentier and Jennifer A. Doudna developed the Crispr tool, which can alter the DNA of animals, plants and microorganisms with high precision.". The New York Times. https://www.nytimes.com/2020/10/07/science/nobel-prize-chemistry-crispr.html। আহৰণ কৰা হৈছে: 7 October 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]