প'ল আৰ. মিলগ্ৰম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প'ল মিলগ্ৰম

জন্ম ২০ এপ্ৰিল, ১৯৪৮ (৭৫ বছৰ)
ডেট্ৰইট, মিছিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ অৰ্থনীতিবিদ
কৰ্মস্থান ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয় (১৯৮৭-বৰ্তমানলৈ)
য়েল বিশ্ববিদ্যালয় (১৯৮২-৮৭)
নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয় (১৯৭৯-৮৩)
শিক্ষানুষ্ঠান মিছিগান বিশ্ববিদ্যালয়, বি.এ
ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়, এম.এছ. (পৰিসংখ্যা বিজ্ঞান), ১৯৭৮
পিএইছডি (ব্যৱসায়), ১৯৭৯
ডক্তৰেল পৰামৰ্শদাতা ৰবাৰ্ট বি. ৱিলচন‎
জনা যায় নিলাম তত্ত্ব
ইনচেণ্টিভ তত্ত্ব
বজাৰ ডিজাইন
উল্লেখনীয় বঁটা অৰ্থনীতিৰ আৰউইন প্লেনিন নেমাৰ্চ বঁটা (২০০৮)
গোল্ডেন গুছ বঁটা (২০১৪
চিএমই-এমএছআৰআই প্ৰাইজ ইন ইন'ভেটিভ কোৱাণ্টিটেটিভ এপ্লিকেচনছ (২০১৭)[1]
অৰ্থনীতিৰ নোবেল বঁটা (২০২০)
দাম্পত্যসঙ্গী ইভা মেয়েৰ্ছচন মিলগ্ৰম

প'ল ৰবাৰ্ট মিলগ্ৰম (ইংৰাজী: Paul Robert Milgrom; জন্ম: ২০ এপ্ৰিল ১৯৪৮) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ১৯৮৭ চনৰ পৰা ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ মানৱতা আৰু বিজ্ঞান বিভাগৰ শ্বিৰলী আৰু লিওনাৰ্ড এলি আসনৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। তেওঁ অৰ্থনীতিৰ ক্ৰীড়া তত্ত্বৰ বিশেষজ্ঞ। ক্ৰীড়া তত্ত্বৰ অন্তৰ্গত নিলাম তত্ত্ব আৰু মূল্য নিৰ্ধাৰণৰ ৰণনীতিৰ বাবে তেওঁ বিশেষভাৱে জনা যায়। ২০২০ চনত তেওঁ ৰবাৰ্ট বি. ৱিলচন‎ৰ সৈতে যুটীয়াভাৱে "নিলাম তত্ত্বৰ উন্নয়ন আৰু নতুন নিলাম সজ্জাৰ উদ্ভাৱন"ৰ বাবে অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে।[2]

তেওঁ নেন্সী ষ্টকীৰ সৈতে অ-বাণিজ্য উপপাদ্য উলিয়াইছিল। তেওঁ কেইবাটাও কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক। ইয়াৰে ভিতৰত আটাইতকৈ শেহতীয়া কোম্পানী হৈছে অক্সনমিক্স।[3] ই জটিল বাণিজ্যিক নিলাম আৰু বিনিময়ৰ দক্ষ বজাৰৰ সৃষ্টিৰ বাবে ছফ্টৱেৰ আৰু সেৱা আগবঢ়ায়।

প'ল আৰ. মিলগ্ৰম আৰু তেওঁৰ ডক্তৰেল পৰামৰ্শদাতা ৰবাৰ্ট বি. ৱিলচন‎ৰ সৈতে কোনটো ফোন কোম্পানীয়ে কোনটো চেলুলাৰ কম্পনাংক লাভ কৰিব নিৰ্ধাৰণ কৰিবলৈ এফচিচিয়ে ব্যৱহাৰ কৰা নিলাম প্ৰট'কল সাজি উলিয়াইছিল। ২০১৬-১৭ চনত মিলগ্ৰমে টিভি সম্প্ৰচাৰৰ পৰা ৱায়াৰলেচ ব্ৰডবেণ্ড ব্যৱহাৰলৈ ৰেডিঅ' কম্পনাংক পুনৰ আবণ্টন কৰাৰ বাবে এক দুই-প্ৰান্তীয় ইনচেণ্টিভ নিলাম ব্যৱস্থাৰ প্ৰস্তুতকৰ্তা দলক নেতৃত্ব প্ৰদান কৰিছিল।[4]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]