এণ্ড্ৰিয়া এম. ঘেজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এণ্ড্ৰিয়া এম. ঘেজ
জন্ম ১৬ জুন, ১৯৬৫ (৫৮ বছৰ)
নিউয়ৰ্ক, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ জ্যোতিৰ্বিজ্ঞান
কৰ্মস্থান কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলেছ
শিক্ষানুষ্ঠান মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বি.এছ. পদাৰ্থ বিজ্ঞান, ১৯৮৭)
কেলিফোৰ্নিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (পিএইছডি, ১৯৯২)
জনা যায় গেলেক্টিক কেন্দ্ৰৰ অধ্যয়নত অভিযোজিত আলোকবিজ্ঞানৰ ব্যৱহাৰ[1]
উল্লেখনীয় বঁটা পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (২০২০)

এণ্ড্ৰিয়া মিয়া ঘেজ (ইংৰাজী: Andrea Mia Ghez; জন্ম: ১৬ জুন ১৯৬৫) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপক।[2] তেওঁক আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰৰ বিষয়ে কৰা অধ্যয়নৰ বাবে জনাজাত। ২০০৪ চনত 'ডিস্ক'ভাৰ' আলোচনীখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংশ্লিষ্ট ক্ষেত্ৰত উচ্চ মাত্ৰা বুজাবুজি দেখুৱা শীৰ্ষ ২০ গৰাকী বিজ্ঞানী হিচাপে তেওঁক তালিকাভুক্ত কৰিছিল।[2] ২০২০ চনত তেওঁ ৰেইনহাৰ্ড গেনজেলৰ সৈতে যুটীয়াভাবে "আমাৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা অতিভৰযুক্ত সংকোচন বস্তু আৱিষ্কাৰৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ লাভ কৰে।[3] নোবেল বঁটাৰ বাকী আধা অংশ ৰ'জাৰ পেনৰ'জে "কৃষ্ণগহ্বৰ গঠন আপেক্ষিকতাবাদৰ সাধাৰণ তত্ত্বৰ এক শক্তিশালী পূৰ্বানুমান" আৱিষ্কাৰৰ বাবে লাভ কৰে। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা এন্দ্ৰিয়া এম. ঘেজ চতুৰ্থ গৰাকী মহিলা[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৬৫ চনৰ ১৬ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰনিউয়ৰ্কত এন্দ্ৰিয়া মিয়া ঘেজৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গিলবাৰ্ট ঘেজ আৰু মাতৃ চুজেন (গায়টন)।[5][6] তেওঁৰ পিতৃৰ জন্ম ইটালীৰ ৰোমৰ ইহুদী পৰিয়ালত হৈছিল। তেওঁলোক মূলতঃ টুনিছিয়া আৰু জাৰ্মানীৰ ফ্ৰেংকফুৰ্টৰ পৰা আছিল।[7][8]তেওঁৰ মাতৃ মেছাচুচেটছৰ উত্তৰ এটলেবৰাফ আইৰিছ কেথোলিক পৰিয়ালৰ আছিল।[9]

ঘেজে চিকাগোত শৈশৱকাল কটাইছিল আৰু চিকাগো লেব স্কুল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।[10] এপ'ল' প্ৰগ্ৰামৰ চন্দ্ৰ অভিযানে ঘেজক প্ৰথমতে মহাকাশচাৰী হ'বলৈ অনুপ্ৰাণিত কৰিছিল আৰু তেওঁৰ মাতৃয়ে তেওঁৰ লক্ষ্যৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।[11] তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰভাৱশালী মহিলা ৰল মডেল আছিল তেওঁৰ উচ্চ বিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ শিক্ষয়িত্ৰী।[12] তেওঁ গণিতক মুখ্য বিষয় হিচাপে লৈ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও পিছলৈ পদাৰ্থ বিজ্ঞানলৈ সলনি কৰি লৈছিল।[13] তেওঁ ১৯৮৭ চনত মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা পদাৰ্থ বিজ্ঞানৰ বিএছ আৰু ১৯৯২ চনত গেৰি নিউগেবাউৰৰ তত্ত্বাৱধানত কেলিফোৰ্নিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰিছিল।[14]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ বৰ্তমান উচ্চ মহাজাগতিক স্পষ্টতাযুক্ত প্ৰতিচ্ছবিকৰণ পদ্ধতিৰ ওপৰত গৱেষণাৰত। তেনে এক পদ্ধতি অভিযোজিত আলোকবিজ্ঞান তন্ত্ৰ অৱলম্বন কৰি কেক দুৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ কৰা হৈছে।[15] এই দুৰবীক্ষণ যন্ত্ৰৰে আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰত চাগিটেৰিয়াছ এ* নামৰ অতিভৰযুক্ত কৃষ্ণগহ্বৰৰ অধ্যয়নত ব্যৱহৃত হৈছিল।[16] তেওঁ এই অঞ্চলৰ অনুসন্ধানৰ বাবে হাতীপটিৰ কেন্দ্ৰৰ ওচৰৰ তৰাসমূহৰ গতিবিজ্ঞান প্ৰণালী ব্যৱহাৰ কৰিছিল।[17] কেক দুৰবীক্ষণ যন্ত্ৰ উচ্চ স্পষ্টতাৰ বাবে[18] ৰেইনহাৰ্ড গেনজেলৰ গোটৰ দ্বাৰা গেলেক্টিকে কেন্দ্ৰৰ গতিবিজ্ঞান অধ্যয়নত এক গুৰুত্বপূৰ্ণ উন্নতি প্ৰদান কৰিছিল।[19]

২০০৪ চনত ঘেজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীলৈ সভ্য[20]আৰু ২০১৯ চনত তেওঁ আমেৰিকান ভৌতিক সমাজৰ সভ্য হিচাপে নিৰ্বাচিত হয়।[21]

তেওঁক কেইবাটাও উল্লেখযোগ্য মিডিয়া প্ৰেজেণ্টেচনৰ লগত জড়িত। বিবিচি, ডিস্ক'ভাৰী চেনেল আৰু হিষ্ট্ৰি টিভিয়ে প্ৰযোজনা কৰা তথ্যচিত্ৰ এণ্ড্ৰিয়া ঘেজে উপস্থাপন কৰিছে। ২০০৯ চনৰ পিবিএছ টেলিভিছন ধাৰাবাহিক 'নভা'ত তেওঁক দেখা গৈছিল।[22] তেওঁ 'মাই হিৰ'প্ৰজেক্ট'ৰ দ্বাৰা বিজ্ঞান হিৰ' হিচাপে চিনাক্ত কৰা হৈছিল।[11] ২০০৪ চনত 'ডিস্ক'ভাৰ' আলোচনীখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংশ্লিষ্ট ক্ষেত্ৰত উচ্চ মাত্ৰা বুজাবুজি দেখুৱা শীৰ্ষ ২০ গৰাকী বিজ্ঞানী হিচাপে তেওঁক তালিকাভুক্ত কৰিছিল।[2]

গেলেক্টিক কেন্দ্ৰৰ কৃষ্ণগহ্বৰ[সম্পাদনা কৰক]

অৱলোহিত তৰংগদৈৰ্ঘ্যৰ প্ৰতিচ্ছবিকৰণ প্ৰক্ৰিয়াৰে ঘেজ আৰু তেওঁৰ সহকৰ্মীসকলে প্ৰবল ধূলিৰ মাজেৰে মহাজাগতিক গেলেক্টিক কেন্দ্ৰৰ দৃশ্যায়ন সক্ষম হৈছে। হাতীপটিৰ কেন্দ্ৰত থকা ধূলিৰ ডাৱৰে দৃশ্যমান পোহৰ অবৰুদ্ধ কৰা সত্ত্বেও তেওঁলোকে কেন্দ্ৰৰ আলোকচিত্ৰ লবলৈ সক্ষম হৈছিল। ১০ মিটাৰ ব্যাসাৰ্ধযুক্ত কেক দুৰবীক্ষণ যন্ত্ৰৰ অভিযোজিত আলোকবিজ্ঞান ব্যৱহাৰৰ সহায়ত বায়ুমণ্ডলীয় অস্পষ্টতা ন্যূনতম কৰি গেলেক্টিক কেন্দ্ৰসমূহৰ উচ্চ মহাজাগতিক স্পষ্টতাৰে প্ৰতিচ্ছবিকৰণৰ ফলত কৃষ্ণগহ্বৰৰ চাৰিওফালে তাৰকাসকলৰ কক্ষপথ অনুসৰণ কৰা সম্ভৱ হৈ উঠিছে। হাতীপটিৰ কেন্দ্ৰত অৱস্থিত এই বিশালকায় কৃষ্ণগহ্বৰটোক চাগিটেৰিয়াছ এ* বোলে। এই কেন্দ্ৰৰ প্ৰদক্ষিণ কৰা কেইবাটাও তৰাৰ আংশিক কক্ষপথ নিৰীক্ষণ কৰা হৈছে। ১৯৯৫ চনৰ পৰা নিৰীক্ষণ কৰা এটা তৰা এছ২য়ে বৰ্তমানলৈকে নিজৰ উপবৃত্তাকাৰ কক্ষপথ সম্পূৰ্ণ কৰিছে। এই গোটেই নক্ষত্ৰ সমূহৰ কক্ষপথৰ তথ্য সংগ্ৰহ কৰিবলৈ কেইবাদশকৰ প্ৰয়োজন হব আৰু এই তথ্য সমূহে আপেক্ষিকতাবাদৰ সাধাৰণ সূত্ৰক পৰীক্ষণত সহায়ক হব। ২০১২ চনৰ অক্টোবৰ মাহত আন এটি তৰা এছ০-১০২য়ে গেলেক্টিক কেন্দ্ৰত উপনীত হোৱা চিনাক্ত কৰা হৈছে।[23] কেপলাৰৰ তৃতীয় সূত্ৰ অৱলম্বন কৰে ঘেজ আৰু তেওঁৰ দলে চাগিটেৰিয়াছ এ*ৰ ভৰ ৪.১±০.৬ মিলিয়ন সৌৰ ভৰ হিচাপে নিৰ্ণয় কৰিছে।[24] এই গেলেক্টিক কেন্দ্ৰ এণ্ড্ৰমিডা তাৰকাৰাজ্যৰ কেন্দ্ৰত অৱস্থিত এম৩১ কৃষ্ণগহ্বৰৰ তুলনামূলকভাৱে ওচৰত অৱস্থিত।[25] ই এতিয়া অতিবিশাল কৃষ্ণগহ্বৰৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ঘটনাবোৰৰ এটা।[26][27]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ঘেজ টম লাটুৰেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁ এগৰাকী ভূবিজ্ঞানী আৰু আৰএএণ্ডডি নিগমৰ গৱেষণা বিজ্ঞানী। তেওঁলোকৰ দুগৰাকী সন্তান আছে।[28] ঘেজ মাষ্টাৰ চুইম ক্লাৱৰ এগৰাকী সক্ৰিয় সাঁতোৰবিদ।[29]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • জ্যোতিৰ্বিজ্ঞানৰ এনি জে. কেনন বঁটা (১৯৯৪)[30]
  • পেকাৰ্ড ফেল'শ্বিপ বঁটা (১৯৯৬)[31]
  • আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজৰ নিউটন লেচি পিয়াৰ্চ বঁটা (১৯৯৮)[30]
  • আমেৰিকান ভৌতিক সমাজৰ মাৰীয়া জিঅ'পাৰ্ট মায়েৰ বঁটা (১৯৯৯)[32]
  • চেকলাৰ বঁটা (২০০৪)[33]
  • শৈক্ষিক উৎকৰ্ষৰ বাবে গোল্ড শ্বিল্ড ফেকাল্টি পুৰস্কাৰ (২০০৪)[34]
  • মাৰ্ক আৰনচন মেমৰীয়েল লেক্সাৰশ্বিপ (২০০৭)
  • মেকআৰ্থাৰ ফেল'শ্বিপ (২০০৮)[35]
  • জ্যোতিৰ্বিজ্ঞানৰ ক্ৰাফুৰ্ড বঁটা (২০১২)[36]
  • ৰয়েল চুইডিছ একাডেমী অফ চায়েন্স (২০১২)[37]
  • ৰয়েল ছ'চাইটি বেকাৰীয়ান পদক (২০১৫)[38]
  • অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় বিজ্ঞানৰ ডক্টৰেট (২০১৯)[39]
  • আমেৰিকান ভৌতিক সমাজৰ নিৰ্বাচিত সভ্য (২০১৯)[21]
  • আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজৰ নিৰ্বাচিত সভ্য (২০২০)[40]
  • পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (২০২০)[3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "High-res images of galactic center". W. M. Keck Observatory. Archived from the original on 2010-09-29. https://web.archive.org/web/20100929145247/http://keckobservatory.org/news/high_res_images_of_galactic_center/। আহৰণ কৰা হৈছে: 2009-04-20. 
  2. 2.0 2.1 2.2 "20 Young Scientists to Watch". Discover Magazine. http://discovermagazine.com/2000/oct/featwatch। আহৰণ কৰা হৈছে: 2008-03-06. 
  3. 3.0 3.1 "Press release: The Nobel Prize in Physics 2020". Nobel Foundation. https://www.nobelprize.org/prizes/physics/2020/press-release/। আহৰণ কৰা হৈছে: 6 October 2020. 
  4. "Facts on the Nobel Prize in Physics". Nobel Foundation. https://www.nobelprize.org/prizes/facts/facts-on-the-nobel-prize-in-physics/। আহৰণ কৰা হৈছে: 6 October 2020. 
  5. Yasuda, Anita (August 17, 2015). Astronomy: Cool Women in Space. Nomad Press. ISBN 9781619303270. https://books.google.com/books?id=2FBzCgAAQBAJ&q=Andrea+Mia+Ghez&pg=PA74. 
  6. Who's who in the West. Marquis-Who's Who.. October 6, 2004. ISBN 9780837909356. https://books.google.com/books?id=ZZxmAAAAMAAJ&q=Susanne+Gayton+Ghez. 
  7. "Gilbert Ghez (1938 - 2015) - Obituary". www.legacy.com. https://www.legacy.com/amp/obituaries/chicagotribune/175961762. 
  8. http://www.mevakshederekh.info/Portals/0/Il_tempo_e_idea/HAZMAN%20VEHARAION%20-%20IL%20TEMPO%20E%20L_IDEA%20Vol%20XXV%202019%20(web).pdf
  9. "Oral history interview with Susanne Ghez, 2011 Jan. 25-26". www.aaa.si.edu. https://www.aaa.si.edu/collections/interviews/oral-history-interview-susanne-ghez-15916. 
  10. "Alumni Award Winners Announced". University of Chicago. 2013-05-16. https://www.ucls.uchicago.edu/e-news-detail/~news-id/10488. 
  11. 11.0 11.1 Jennifer Lauren Lee. "Science Hero:Andrea Mia Ghez". The My Hero Project. Archived from the original on 2010-01-05. https://web.archive.org/web/20100105233709/http://www.myhero.com/myhero/hero.asp?hero=A_M_Ghez_06। আহৰণ কৰা হৈছে: 2009-09-23. 
  12. Susan Lewis (2006-10-31). "Galactic Explorer Andrea Ghez". NOVA. https://www.pbs.org/wgbh/nova/article/andrea-ghez/. 
  13. Linda Copman. "Zeroing in on Black Holes". W. M. Keck Observatory. http://cosmicmatters.keckobservatory.org/2007/dec/07dec_1.htm। আহৰণ কৰা হৈছে: 2009-09-23. 
  14. "Changing Faces of Astronomy". Science (journal). Archived from the original on March 16, 2008. https://web.archive.org/web/20080316033904/http://sciencecareers.sciencemag.org/career_development/previous_issues/articles/2006_01_20/changing_faces_of_astronomy। আহৰণ কৰা হৈছে: 2008-03-20. 
  15. "Supermassive Black Holes". BBC. http://www.bbc.co.uk/science/horizon/2000/massivebholes_transcript.shtml। আহৰণ কৰা হৈছে: 2008-03-20. 
  16. "Milky Way Monster Stars in Cosmic Reality Show". Harvard-Smithsonian Center for Astrophysics. Archived from the original on March 17, 2008. https://web.archive.org/web/20080317061809/http://chandra.harvard.edu/photo/2003/0203long/। আহৰণ কৰা হৈছে: 2008-03-20. 
  17. "CELT Science Working Group Meeting". celt.ucolick.org. Archived from the original on August 20, 2007. https://web.archive.org/web/20070820095347/http://celt.ucolick.org/minutes/SWG_27mar00_minutes.doc। আহৰণ কৰা হৈছে: 2008-03-20. 
  18. @sciencemusicart.com, Liz Jensen. "UCLA Galactic Center Group". www.astro.ucla.edu. http://www.astro.ucla.edu/~ghezgroup/gc. 
  19. Eckart, A.; Genzel, R. (1996). "Observations of stellar proper motions near the Galactic Centre". Nature খণ্ড 383 (6599): 415–417. doi:10.1038/383415a0. 
  20. "Andrea Ghez Elected to National Academy of Sciences". NASA. Archived from the original on November 1, 2004. https://web.archive.org/web/20041101143941/http://nai.nasa.gov/newsletter/04302004/index.html#6। আহৰণ কৰা হৈছে: 2004-03-20. 
  21. 21.0 21.1 "APS Fellow Archive". https://www.aps.org/programs/honors/fellowships/archive-all.cfm?initial=&year=2019&unit_id=&institution=University+of+California%2C+Los+Angeles। আহৰণ কৰা হৈছে: September 24, 2019. 
  22. "Andrea M. Ghez". UCLA. http://www.astro.ucla.edu/~ghez/Ghez_cv_long.07aug.pdf। আহৰণ কৰা হৈছে: 2008-03-20. 
  23. Wolpert, Stuart. "UCLA astronomers discover star racing around black hole at center of our galaxy". UCLA Newsroom. http://newsroom.ucla.edu/portal/ucla/ucla-astronomers-discover-star-239172.aspx। আহৰণ কৰা হৈছে: October 6, 2012. 
  24. Ghez, A. M.; Salim, S.; Weinberg, N. N.; Lu, J. R.; Do, T.; Dunn, J. K.; Matthews, K.; Morris, M. et al. (December 20, 2008). "Measuring Distance and Properties of the Milky Way's Central Supermassive Black Hole with Stellar Orbits". The Astrophysical Journal খণ্ড 689 (2): 1044–1062. doi:10.1086/592738. 
  25. Eckart, Andreas; Schödel, Rainer; Meyer, Leonhard (September 2006). "The Galactic Centre: The Flare Activity of SgrA* and High-Resolution Explorations of Dusty Stars". The Messenger (European Southern Observatory) খণ্ড 125: 2–5. https://www.eso.org/sci/publications/messenger/archive/no.125-sep06/messenger-no125-2-5.pdf. 
  26. "The Supermassive Black Hole at the Galactic Center". www.astro.ucla.edu. http://www.astro.ucla.edu/~ghezgroup/gc/journey/smbh.html। আহৰণ কৰা হৈছে: 2020-10-06. 
  27. Boen, Brooke (2015-05-20). "Supermassive Black Hole Sagittarius A*". NASA. http://www.nasa.gov/mission_pages/chandra/multimedia/black-hole-SagittariusA.html। আহৰণ কৰা হৈছে: 2020-10-06. 
  28. Stuart Wolpert (September 23, 2008). "UCLA astronomer Andrea Ghez named MacArthur Fellow". UCLA. http://www.newsroom.ucla.edu/portal/ucla/ghez-64006.aspx। আহৰণ কৰা হৈছে: April 16, 2011. 
  29. "Poster Project, Biographies". www.math.sunysb.edu. http://www.math.sunysb.edu/posterproject/biographies/ghez.html. 
  30. 30.0 30.1 "Annie J. Cannon Award in Astronomy". American Astronomical Society. Archived from the original on February 28, 2008. https://web.archive.org/web/20080228125049/http://www.aas.org/grants/awards.php। আহৰণ কৰা হৈছে: March 20, 2008. 
  31. "Packard Fellows – Sorted by Award Year: 1996". University of Virginia. Archived from the original on November 3, 2007. https://web.archive.org/web/20071103125039/http://www.cs.virginia.edu/packard/directory/1996.html। আহৰণ কৰা হৈছে: March 20, 2008. 
  32. "Maria Goeppert Mayer Award". www.aps.org. http://www.aps.org/programs/honors/awards/goeppert-mayer.cfm. 
  33. "Honors and Awards received by IGPP/UCLA Faculty and Research Staff". UCLA. Archived from the original on February 4, 2008. https://web.archive.org/web/20080204221841/http://www.igpp.ucla.edu/awards.php। আহৰণ কৰা হৈছে: March 20, 2008. 
  34. "Astronomer Andrea Ghez awarded Gold Shield prize". University of California, Santa Cruz. Archived from the original on July 9, 2008. https://web.archive.org/web/20080709054904/http://www.universityofcalifornia.edu/news/article/6442। আহৰণ কৰা হৈছে: March 20, 2008. 
  35. "UCLA astronomer Andrea Ghez named a 2008 MacArthur Fellow". UCLA. Archived from the original on September 24, 2008. https://web.archive.org/web/20080924202919/http://newsroom.ucla.edu/portal/ucla/ghez-64006.aspx। আহৰণ কৰা হৈছে: September 23, 2008. 
  36. "The Crafoord Prize in Mathematics 2012 and The Crafoord Prize in Astronomy 2012". Crafoord Prize. Archived from the original on December 27, 2012. https://web.archive.org/web/20121227011055/http://www.crafoordprize.se/press/arkivpressreleases/thecrafoordprizeinmathematics2012andthecrafoordprizeinastronomy2012.5.6018c17913483dc064280001363.html। আহৰণ কৰা হৈছে: January 19, 2012. 
  37. "Newsroom". http://newsroom.ucla.edu/stories/ucla-professors-andrea-ghez-terence-222440। আহৰণ কৰা হৈছে: October 8, 2018. 
  38. "Andrea Ghez to receive Royal Society's Bakerian Medal". http://newsroom.ucla.edu/releases/andrea-ghez-to-receive-royal-societys-bakerian-medal. 
  39. "Honorary degree recipients for 2019 announced". The University of Oxford. http://www.ox.ac.uk/news/2019-03-25-honorary-degree-recipients-2019-announced। আহৰণ কৰা হৈছে: June 26, 2019. 
  40. "AAS Fellows". AAS. https://aas.org/grants-and-prizes/aas-fellows। আহৰণ কৰা হৈছে: September 28, 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]